Saturday, 27 April 2013

আই মোৰ চেনেহী আই !











ফাগুন মাহ । পুখুৰী কাষৰ গছবোৰ বতাহত হালি জালি নাচি আছে । এনেকুৱা সময়ত এনেও সিহঁতৰ মনবোৰ ৰোমাণ্টিক হৈ থাকে । তাতে এই হেন দুপৰীয়া সময়কণ যদি নিজৰ প্ৰেয়সী সকলৰ সৈতে পুখুৰীত সাঁতোৰি থাকিবলৈ পাই কাৰ নো ভাল নালাগিব । পুখুৰীটোত বাৰিষাৰ সমান পানী নাই । তথাপি সিহঁতৰ বাবে অসুবিধা হোৱা নাই । মনৰ উলাহতে ইটোৱে সিটোৰ গাত গা ঘঁহাই পানীত ডুব মাৰি দিছে । ভেটুৱে তাৰ নতুন প্ৰেয়সী থুপুকিলৈ কেঁৰাকৈ চালে । লাজ লাজ কৈ তায়ো তাৰ ফালে চালে । আয়ৈ দেহী ইমান মৰম লগা জনী হৈ পৰিছে ! তাতে তাই মাক হবলৈও ওলাইছে । আঁতৰৰ পৰাই তাইলৈ চুমা এটা দি পঠালে । তাইও চুমাটো লবলৈ লৈছিল হে...
-শনাহী ,তই আজি মোৰ কুকুৰাজনীৰ কণীহে ভাজিবলৈ পালি নে ?  এতিয়াই তোৰ হাঁহজনীৰ কণী ভাজি নাখাওঁ যদি চাবি ।
-তোৰ কুকুৰাজনী জনী উমনি লোৱা নাই নহয় সেইবাবেই আনিলোঁ । আৰু কণী ভাজি কিবা মই অকলে খাম নে ?
-মই সেইবোৰ নাজানো । মোক নুখুজাকৈ তই মোৰ কুকুৰাৰ কণী কিয় ভাজিবি ? তোৰ হাঁহৰ কণী সোপাই আজি ভাজি খাম চাবি ।
আঁতৰৰ ঘৰখনৰ পৰা ভাহি অহা কাজিয়াৰ বাক্যবোৰ শুনি ভেটুৰ মন মৰহি গল । সেমেকা চকুৰে থুপুকিও তাৰ কাষ চাপি আহিল । বেচেৰিয়ে যোৱা কেইদিনমান কণী পাৰিছিল । আগতেও দুবাৰ মান কণী পাৰিও উমনিত বহিবলৈ নাপালে । এইবাৰ ইমান আশা কৰিছিল উমনিত বহি পোৱালি উলিয়াব বুলি ,পিছে এই ৰাক্ষসীদুজনীৰ পৰা সকলো সপোন থান বান হৈ পৰিল । দুখতে ভেটুৱে থুপুকিক আঁকোৱালি ধৰো বুলি ভাবোঁতেই কৰবাৰ পৰা খৰি এডাল আহি পুখুৰীত পৰিলহি । টাঁত টাঁত কৰি সিহঁতি তাৰ পৰা পলাই পতং দিলে ।
  -হাঁহৰ কণী লুকুৱাই থলে কি হব আজি তোৰ হাঁহকে বধিম ।
তৰাই আৰু এডাল খৰি পুখুৰীত চৰি থকা হাঁহবোৰলৈ লক্ষ্য কৰি দলিয়াই কলে । পিছে এই ডাল খৰি হাঁহবোৰৰ গাত লাগক চাৰি গছ এজোপাত লাগি তাইৰ ফালেহে ঘুৰি আহি তাইৰ ভৰিতে লাগিল । উহ-উহাই দুখ পোৱা ভৰিটো মোহাৰি মোহাৰি তাই পুখুৰী পাৰৰ পৰা আঁতৰি আহিল ।


আচলতে কাজিয়াখন হৈছিল তৰা আৰু তাইৰ মাহীমাক কেতেকীৰ মাজত । এনেকুৱা কাজিয়া সিহঁতৰ ঘৰখনৰ দৈনন্দিন জীৱনৰ এটা অংগৰ দৰে হৈ পৰিছে । তৰাৰ ককাকৰ দিনৰ পৰা সিহঁতৰ ঘৰত খেতি পথাৰ চাবলৈ থকা দূৰ্গেদাইতিৰ বাবেও এইয়া তেনেই সাধাৰণ কথা হৈ পৰিছে । মাহী মাক নহাৰ আগতেও কাজিয়া হৈছিল । সেইবোৰ কাজিয়াৰ হৈছিল তৰাৰ মাক আৰু বাপেকৰ মাজত । আৰু তেতিয়া কাজিয়াত সদায় মাকেই জিকিছিল । ধনে ধানে উভৈনদী ঘৰখনত যেতিয়া লৰা ছোৱালী বুলিবলৈ কেৱল তৰা হে আছিল তেতিয়া বহুতেই তৰাৰ বাপেক মুহেশ্বৰক আন এজনী বিয়া পাতিবলৈ পৰামৰ্শ দিছিল । কিন্তু তৰাৰ মাকৰ ভয়ত মুহেশ্বৰে বিয়া পতাৰ কথা ভাবিবলৈকে ভয় কৰিছিল । পিছে ঈশ্বৰে মুহেশ্বৰক চকু মেলি চালে । তৰাৰ পোন্ধৰ বছৰ বয়স মানত সামান্য জ্বৰ এটাতেই মাকজনী সিফলীয়া হল । দহা কাজ পাতি তিনি মাহ মান যোৱাৰ পাছতে মুহেশ্বৰে  সখা কেইজনৰ মানৰ কথা মতে দূৰৈৰ গাঁও এখনৰ দুখীয়া পৰিয়ালৰ কেতেকীক আনি ঘৰ সোমোৱালেহি । কেতেকীৰ বয়স সেই সময়ত তৰাতকৈ দুবছৰ মান হে বেছি আছিল চাগৈ । নিজৰ সমবয়সীয়া মাহী মাকক পাই তৰা বিদ্ৰোহী হৈ পৰিল । বাপেককতো গালি বৰ্ষণেৰে থকা সৰকা কৰেই কেতেকীকো চল উলিয়াই বিহু দেখুৱাই দিয়ে । প্ৰথম এটা বছৰ কেতেকীয়ে তলমূৰ কৰিয়েই তৰাৰ গালি শপনিবোৰ শুনি গৈছিল । সেইখিনি সময়তে তাইৰ কোলালৈ কেঁচুৱা এটাও আহিল । এইফালে কেঁচুৱাই কলকলাবলৈ ধৰিলে সিফালে মদ খাই খাই দেহা শেষ কৰা মুহেশ্বৰ বিচনাত পৰিল । লৰাই খোজ কাঢ়িবলৈ নাপালেই মুহেশ্বৰো সিফলীয়া হল । মুহেশ্বৰ ঢুকুৱাৰ পাছত তৰাৰ উৎপাত বেছিহে বাঢ়িবলৈ ধৰিলে । এই কথাই কথা নহয় বুলি এদিন কেতেকীয়েও তাইৰ বিৰুদ্ধে কঁকালত টঙালি বান্ধি ললে । গুটি ধানৰ ভঁৰালটো আৰু পাকঘৰটো বাহিৰে ঘৰৰ সকলো বস্তু দুজনীয়ে নিজৰ মাজত ভাগ কৰি ললে । এজনীয়েও যদি আনজনীৰ কিবা এটা নুখুজাকৈ লয় সেইদিনা ঘৰত কুৰুক্ষেত্ৰ যুদ্ধ হয় । এই যুঁজত দুটি প্ৰাণীৰ গাতহে একো আঘাত লগাৰ সম্ভাৱনা নাথাকে । এটা কেতেকীৰ লৰাটো । তাক তৰাইও বহুত মৰম কৰে । অনবৰতে লগত লৈ ফুৰে । আনটি হল দুৰ্গেদাইতি । আধি দিয়া খেতিৰ পৰা গোহালি, বাৰী তামোল পান চাবলৈ দুৰ্গেদাইতি কৈ ভাল মানুহ কোনো নাই সেয়া দুইজনীয়ে ভাল কৈ জানে । তাতে দুৰ্গেদাইতি এতিয়া ঘৰৰ মানুহৰ দৰেই হৈ পৰিছে । গতিকে এতিয়া এই ভু-ভাৰস্তত তৰা আৰু কেতেকীয়ে যদি কাৰোবাক অলপ সমীহ কৰে সেইয়া হল দুৰ্গেদাইতি ।

-কেৰকনৰ পুতেকৰ সৈতে লিং লাং কৰি ঘৰত সোমাইছ হি ! বাপেৰে জীয়াই থকা হলে কাটি দুচেও কৰিলেহেঁতেন ।
তৰাই হাঁহৰ গঁৰালৰ পৰা কেতেকীৰ থুপুকি হাঁহজনীৰ কণী দুটা আনি ভাজিবলৈ লওঁতে বাহিৰৰ পৰা কেতেকীয়ে বেলেগ এটা লেচু উলিয়াই তাইক গালি পাৰিবলৈ ধৰিলে । জুহালৰ জ্বলি থকা খৰিকেইডাল গাৰ জোৰেৰে ছাইৰ মাজলৈ ঠেলি দি নুমুৱাই তৰাৰ ফোঁ-ফোঁৱাই কেতেকীক খেদি আহিল ।
-কি কলি  হাইজাত মৰাজনী,মোক তোৰ দৰে বুলি ভাবিছ । বদনামী কৰবাৰ । মোৰ পিতাই ননা হলে তোক আন কোনোবাই নিলেহেঁতেন ? তই মোৰ পিতাই দৰে অজলা এটাক ভুলাই আহিব পাৰ । মই তোৰ দৰে নহয় বুজিছ । কেৰকনৰ পুতেকক মই ভালপাওঁ বেয়া পাওঁ তাত মাত মাতিবলৈ তই কোন হা ?
-ছিঃ ছিঃ তৰা , ইয়াতকৈ বেয়া কিবা গালি আছে । যিমান হলেও সেয়া তোৰ মাৰাই ।
দূৰ্গেদাইতি কৰবাৰ পৰা আহি কাজিয়াৰ মাজত সোমালহি । কাজিয়া একেবাৰে অধইচ পৰ্যায় পালেগৈ এনেকৈ দূৰ্গেদাইতিয়ে এষাৰ দুষাৰ মাত দিয়ে ।
-এইজনী কেতিয়াও মোৰ মা হব নোৱাৰে দদাই । তাই মোক কেনেকৈ কৈছে শুনচোন ।
-ময়ো তোৰ মাৰে হবলৈ আশা পালি থকা নাই । আৰু যি সঁচা তাকেই কৈছোঁ । নহলে জানো গাত লাগে ।
তৰাৰ কথা শুনি কেতেকী আকৌ জক-জকাই উঠিল ।
-বোৱাৰী,তুমিও মনে মনে থাকাহে । এনেকৈ ঘৰতে কাজিয়া লাগি শতৰুক চল দিয়া কেলৈ । আৰু এনেকুৱা কাজিয়া হৈ থাকিলে মই হলে কোনোবা তীৰ্থলৈ যামগৈ কৈ দিছোঁ ।
বচ । দূৰ্গেদাইতিৰ শেষ বাণ পাতেই কাজিয়াখনত চেঁচা পানী ঢালি দিলে । তৰাই মুখ বেঁকা কৰি কণী ভাজিবলৈ বুলি পাকঘৰত সোমাল গৈ । কেতেকীও তাঁতৰ পাতত বহিল গৈ । অলপ সময়ৰ বাবে ঘৰৰ মৰিশালিৰ দৰে শান্ত হৈ পৰিল ।

কণী খোৱা কাজিয়াখনৰ পাছত কেইবাদিনো ঘৰখনত ডাঙৰ কাজিয়া নহল । ঘৰৰ হাঁহ,কুকুৰা ,মেকুৰী কুকুৰ বোৰে সেইকেইদিন অলপ শান্তি পালে । পিছে বৰ ধুমুহা জাক আহবলৈ বেছি দিন নললে । তৰাই সেইদিনা কাপোৰ ধুবলৈ ঘৰৰ পৰা অলপ আঁতৰতে থকা ৰাজহুৱা পুখুৰীটোলৈ বুলি ওলাল । সেই হেন ভৰদুপৰীয়া সেই নিজম পুখুৰীটোলৈ অকলে কাপোৰ ধুবলৈ যাব নালাগে বুলি কম বুলি ভাবিও কেতেকীয়ে নকলে ,কিজান তাই তাকে লৈ তাইৰ সৈতে কাজিয়া লাগে । কিজান তাই কেৰকেনৰ পুতেককে লগ ধৰিবলৈ কোনে জানে ?! গতিকে তৰা অকলেই লচপচকৈ ওলাই গল । আধা ঘণ্টামান হৈছিলহে । কেতেকীয়ে তাঁতৰ পাতত মাকো চলাই আছিল । বাৰীৰ পাছফালৰ পৰা তিতাই তিয়নীৰে ,জলৌ-জপৌকৈ তৰা দৌৰি দৌৰি আহি ঘৰত সোমাল হি । কেতেকীৰ ফালে তাই নাচালেই । কেতেকীৰ হাতৰ মাকো হাততে ওলমি ৰল । অজান আকাংখাত তাইৰ বুকুখন কঁপি উঠিল । বাহিৰৰ পৰাই তাই স্পষ্টভাৱে শুনিলে তৰাই কান্দিছে ! বাপেক মৰাৰ সময়তো এটোপাল চকুপানী নুটুকা তৰাই কান্দিছে ! কেতেকী লাহে লাহে তাঁতৰ পাতৰ পৰা উঠি আহিল । তৰাৰ কোঠালীৰ ফালে ভুমুকি মাৰি চালে, তাই বিচনাত পেট পেলাই পৰি আছে । মাজে মাজে উচুপনিত গাটো জোকাৰ খাই উঠিছে । তাইৰ কাষলৈ যাব খুজিও কেতেকী ৰৈ গল । কিবা এটা ভাবি ৰাজহুৱা পুখুৰীটো ফালে গল । পুখুৰীৰ পাৰ পাই দেখিলে কাপোৰ বোৰ খেলি মেলি  হৈ পৰি আছে । কাপোৰবোৰ চপাই কুচাই লৈ তাই ঘৰলৈ উভতিল । ঘৰত সোমাই দেখে তৰা অলপ শান্ত হৈ বিচনাত পৰি আছে । একো যেন হোৱা নাই তেনে ভাবত তাই ঘৰৰ কামবোৰ কৰি গল ।
সন্ধিয়া লাগিল । ঘৰখন নিজম পৰি আছে । দূৰ্গেদাইতিয়ে লৰাটোক লৈ ওচৰে কোনোবা এঘৰত পতা সকাম এটি খাবলৈ গল । তৰা তেতিয়া বিচনাৰ পৰা উঠি মুখ হাত ধুই জুহালতে বহিছে । কাষতে বহি কেতেকীয়ে চাহৰ কেটলীটো জুইত বহাই দিছে । কাৰো মুখত মাত নাই ।
-কি হৈছিল ?
কেতেকীয়েই কথাৰ গুৰি ধৰিলে ।
-পেটেলা বুঢ়াই পুখুৰী পাৰত মোক অকলে পাই সাবটি ধৰিছিল । সি হেনো মোক ভালপাই । মোক হেনো বিয়া পাতিব খুজে ! কোনো মতেহে তাৰ পৰা সাৰি আহিলো । নহলে আজি মোক শেষেই কৰিলেহেঁতেন ।
তৰাই ঘৰৰ মূধচলৈ চাই ঘটনাটো কলে । তাইৰ চকুদুটা আকৌ চলচলীয়া হৈ পৰিল ।
পেটেলা বুঢ়া !! কেতেকী আচৰিত হৈ গল । তৰাৰ বাপেকৰ প্ৰায় সমবয়সৰ সেই মানুহটোৱে তেনে কৰিছিল ! গাঁৱৰ বিয়া নপতাকৈ থকা সকলৰ ভিতৰত পেটেলা বুঢ়াই সকলোতকৈ বয়সীয়াল । মানুহটোৰ টকা পইচা ধেৰ আছে । ডেকা কালত দেখাতো বেয়া নাছিল বোলে । পিছে কিয় আজিলৈকে বিয়া বাৰু নকৰালে সেয়া ভগৱানে হে জানে । গাঁৱৰ ছোৱালী বোৱাৰীবোৰে তাৰ পৰা অলপ আঁতৰিয়েই ফুৰে । মানুহটোৰ চৰিত্ৰ হেনো ভাল নহয় । এৰা ভাল হলে জানো আজি সি তৰাক তেনেকৈ ধৰে । কেতেকীয়ে দাঁত কৰচি কিবা এটা কব খুজিছিল হে তেনেহে বাহিৰত কাৰোবাৰ মাত শুনি মুখ বন্ধ কৰি চাকিটো লৈ ওলাই আহিল ।
পেটেলা বুঢ়া !!
দৰজাৰ সমুখত পেটেলা বুঢ়া  ৰৈ আছিল । কেতেকী থতমত খাই গল ।
-ভিতৰলৈ নামাত নেকি ?
-অআহক ।
হাতখন মোহাৰি মোহাৰি পেটেলা বুঢ়া ভিতৰত সোমাই আহিল । কেতেকীয়ে তীক্ষ্ণ দৃষ্টিৰে বুঢ়া লৈ চাই থাকিল ।
-কি অ  ভেবা লাগি চাই আছ যে,ঘৰলৈ অহা আলহীক তামোল এখনো নিদিয় নেকি ?
-অআনো ৰব ।
কেতেকীয়ে ভিতৰলৈ গৈ দৰক লাগি থকা তৰাৰ কাষতে থকা তামোল পানৰ বটাটো লৈ আহিল । কিছু সময় পুনৰ মৌনতা । এইবাৰ পেটেলা বুঢ়াই ইটো সিটো কথা কেতেকীক সুধি থাকিল । কেতেকীয়ে যিমান পাৰে চমুকৈ উত্তৰ বোৰ দিলে । তাই মাথো বাট চাই আছে বুঢ়াই কেতিয়া আচল কথালৈ আহে । বেছি সময় নহল বুঢ়াই নিজৰ আচল উদ্দেশ্য অৱগত কৰিলে –
-হেৰি নহয় তৰাৰ মাক,এই তৰাজনী বৰ জনীয়েই হলচোন ।
-অ
-তাই বিয়া বাৰু কথা ভবা নাই নে ?
-নাই একো ভবাই নাই । কিয় ?  তাইক আপোনাৰ মনে খাইছে নেকি ?
কেতেকীৰ  কথাষাৰ শুনি পেটেলা বুঢ়াৰ লুভীয়া চকুহাল জিকমিকাই উঠিল । সিফালে বেৰত কাণ পাতি সিহঁতৰ কথা শুনি থকা তৰাই খঙত ৰব নোৱাৰি খিলাঙৰ পৰা নগা দাখন উলিয়াই আনিলে গৈ । আৰু কিবা এষাৰ পাতিলেই দা লৈ উলাই যাম বুলি তাই সাজু হৈ থাকিল ।
পেটেলা বুঢ়াই মাতত যিমান পাৰে সিমান কোমলতা আনি কলে –চা তৰাৰ মাক ,জীয়ৰী ছোৱালী এজনী এনেকৈ ঘৰত ৰাখি থোৱাতো সিমান ভালৰ কথা নহয় । হওঁতে তাইলৈ মোৰ মন নথকা নহয় । আজি তাকে তাই পুখুৰী পাৰত কবলৈ চেষ্টা কৰোঁতে তাই যেনেকুৱাহে কৰিলে বেলেগে দেখা হলে কথা বেয়াই হলহেঁতেন । এতিয়া কেনেবাকৈ দেখিছে যদি হল আৰু , দুইটাই ফচিম । মইতো ভাই মতা মানুহ মোৰ একো হানি নহয় কিন্তু তাইতো ছোৱালী ...ছোৱালীৰ বদনাম ওলালে বিয়া দিবলৈকে বৰ কঠিন হৈ পৰে ।
-সেইবাবে তাইক আপোনালৈ বিয়া দিব লাগে ?
কেতেকীয়ে আকৌ বুঢ়াক সুধিলে ।
-মই তহঁতক জোৰ কৰা নাই । তহঁতৰ ভালৰটো হে চিন্তা কৰি কৈছোঁ । মই তাইক ৰাজৰাণীৰ দৰে ৰাখিম । লাগিলে তোক আৰু তোৰ লৰাটোকো চাম । আৰু তাইতো তোৰ পেটৰ পোৱালি নহয় নহয় । তাই দেখোন সদায় তোক কাটো মাৰো কৈয়ে থাকে । তাইক বিয়া দি দিলে তোৰো শান্তি হব । তইও অকলেই এইখন ঘৰৰ ৰাজপাট খাব পাৰিবি । আন কাৰোবালৈ গলে বাপেকৰ সম্পতিৰ ভাগও বিচাৰিবতো পাৰে ।
পেটেলা বুঢ়াৰ কথা শুনি তৰাৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ । তাই দাখলৈ এই কাটো কাটো কৈ দৰজা মুখত ৰৈ থাকিল । মাথো এই শেষ উত্তৰটো কেতেকীয়ে কি বুলি দিয়ে শুনিবলৈ । তাৰপাছত তাই দুইটাকে কাটিব ।
কেতেকীয়ে উত্তৰ দিবলৈ  লৈ অলপ সময় কিবা এটা ভাবিলে । তাৰ পাছত লাহে লাহে কলে-তৰাৰ বাপেকে যেতিয়া মোক চাবলৈ গৈছিল,নিজৰ দৰা দেখি মই হিয়ালি-জিয়ালিকৈ কান্দিছিলোঁ । আই বোপাইক কাবৌ কৰিছিলোঁ বিয়া নিদিবলৈ । আই বোপায়ে ধনৰ লোভত ,ধনী জোঁৱায়েকৰ লোভত নিজৰ পেটৰ পোৱালি মনলৈ গুৰুত্ব নিদিলে । মন শৰীৰ সকলোবোৰ মাৰি এটা শ ৰ দৰে মই এইখন ঘৰৰ বোৱাৰী হৈ আহিছিলোঁ । নিজে তেনে এটা জীৱন পোৱাৰ পাছত আপুনি কেনেকৈ ভাবিব পাৰিলে মই তৰাকো তেনে এটা জীৱনলৈ ঠেলি দিম ? হওঁক তাই মোৰ সতিনীৰ ছোৱালী । হওঁক তাই মোৰ কাজিয়াৰ লগৰী তথাপি তাই মোৰ আপোন হয় । মই মৰি গলেও তাইৰ তেনে অমংগল হবলৈ নিদিওঁ ।
কেতেকীৰ উত্তৰ শুনি পেটেলা বুঢ়া আৰু তৰা থৰ হৈ গল । কেতেকীয়ে তেনেকুৱা এটা উত্তৰ দিব বুলি সিহঁতে কল্পনাও কৰা নাছিল । পেটেলা বুঢ়াই তথাপি শেষ চেষ্টা এটা কৰি চালে-বোৱাৰী ,তুমি অলপ বেছিকৈ ভাবিছা হে । মুহেশ্বৰ কাই আছিল বিয়া পতা মানুহ । মইতো এখনো পতা নাই । তাতে আজি পুখুৰী পাৰত যিবোৰ হল সিমান খিনি হোৱাৰ পাছতো...
-কটা নিধক ! ভালকৈ কলে নুবুজ । পুখুৰী পাৰত কি হল হা ? কি হ? তোৰ নষ্ট চৰিত্ৰৰ কথা দহো ৰাইজে জানে । তাইৰ গাত তোৰ ফাপৰে খোৱা হাতখন লগাৰ বাবেই যদি তাইক কোনোবাই নিনিয়ে ,নালাগে নিব ,ঘৰতে থাকিব । সেইবুলি তোৰ দৰে এটালৈ এইঘৰৰ ছোৱালী নিদিওঁ । ভালে ভালে ঘৰৰ পৰা উলাই যা । আৰু খবৰদাৰ, কোনো দিনে তৰালৈ চকু নিদিবি । তাইৰ মাক এতিয়াও জীয়াই আছে । উলাই যা বুলিছোঁ নহয় ...ঐ তৰা দাখন লৈ আহচোন । ই নাযায় যদি কাটিয়েই থওঁ ।
কেতেকীৰ জঁক দেখি পেটেলা বুঢ়া হুৰমুৰকৈ  ঘৰলৈ বুলি লৰ দিলে । তৰাইও দাখন লুকুৱাই হে বাহিৰলৈ ওলাই আহিল । সঁচাই দা লৈ খেদি যায় যদি ! তাই লাহেকৈ নিজৰ হাত এখন কেতেকীৰ কান্ধত থলে । কেতেকী তেতিয়াও খঙত কঁপি আছিল । দুইজনীয়ে ইজনীয়ে সিজনীৰ চকুলৈ চালে । লাহে লাহে কেতেকী শান্ত হৈ আহিল ।
-কেৰকনৰ পুতেকৰ নামটো কি আছিল ?
এই সময়ত কেতেকীৰ মুখত কেৰকনৰ পুতেকৰ কথা শুনি তৰা অলপ আচৰিতো হল । তথাপি কলে
-ৰমেন ।
-অতাক লগ পালে কবি সিহঁতৰ ঘৰত তহঁতৰ বিয়াৰ কথা উলিয়াবলৈ । সি যদি অসুবিধা পাই ময়ে বাৰু কথা পাতিম গৈ ।
তৰাৰ মুখত লাজৰ আভা এটা বিয়পি পৰিল । এই প্ৰথম বাৰৰ বাবে কেতেকীক তাইৰ খুব আপোনা কোনোবা এজন লাগিল ।
সকামৰ পৰা উভতি আহি পদুলি মুখৰ পৰা গোটেই কাণ্ডটো উপভোগ কৰি থকা দূৰ্গে দাইতিৰ মুখত বহুদিনৰ মূৰত সুখৰ হাঁহি এটা বিয়পি পৰিল । এই সুন্দৰ সমাপ্তিয়ে আৰু এঠাইত সুখৰ নিজৰা বোৱাই দিলে । সেইয়া হল ইমানপৰে কাজিয়া খন শুনি জীউটো বুকুত বান্ধি লৈ ফুৰা কেতেকীহঁতৰ হাঁহ কুকুৰা গঁৰালটো ! ভেটুৱে থুপুকিক কাণে কাণে কলে-এইবাৰ তুমি এপাল পোৱালীৰ মাক হবাই চাবা ।। 



(লেখাটো জুলাই সংখ্যাৰ সুধা নামৰ আলোচনী খনত প্ৰকাশ হৈছে)
 





No comments:

Post a Comment