Monday, 25 March 2013

ডাক্তৰখানাত অলপ দিন.........






প্ৰায় এমাহ জোৰা ব্যস্ততা । সম্পৰ্কৰ ফালে চাবলৈ গলে চন্দনৰ ঘৰৰ ফালৰ পৰাই গৃহস্থৰ ঘৰৰ সৈতে আমাৰ এক মিতিৰৰ সম্পৰ্ক আছিল । সেই আহোমৰ দীঘলীয়া সম্বন্ধৰ জৰী ডাল । চন্দন হল মোৰ মাজু খুৰীদেউৰ দদায়েকৰ পুতেকৰ পুতেক । অৰ্থাত মামাৰ লৰাআনহাতে গৃহস্থৰ ফালেদি চন্দন হল তেওঁৰ পেহীয়েকৰ পুতেকৰ পুতেক । অৰ্থাত ককায়েকৰ লৰা ( বয়সত ডাঙৰ বাবে ককাইদেউ বুলি কয় )  পিছে মোমাইদেৱে দিল্লীত ভৰি থৈয়ে কলে নতুন সম্বন্ধ লবলৈ নাই দেই । যি যেনেকৈ আছে তেনেকৈয়ে থাকক । গতিকে চন্দনে মোক বাই আৰু গৃহস্থক দদাইদেউ বুলিয়েই মাতি থাকিল !
চন্দনৰ বয়স ১৪ বছৰ । পিছে দেখাত সি একদম সৰু হৈ আছে । প্ৰায় দুমাহৰ আগত টনচিলৰ অসুখৰ বাবে শিৱসাগৰৰ এজন ডাক্তৰ দেখুৱাত তেওঁ দুবিধ মান ঔষধ দিলে যি কেইটাৰ তিনিটামান খাওঁতেই চন্দনৰ প্ৰস্ৰাৱৰ লগত তেজো যাবলৈ ধৰিলে । লগে লগে মোমাইদেউহঁতে শিৱসাগৰৰ বেলেগ এজন ডাক্তৰক দেখুৱাত তেওঁ কিছুমান পৰীক্ষা কৰিবলৈ দিলে । পৰীক্ষা বোৰৰ ৰিপৰ্ট চাই ডাক্তৰে তেওঁলোকক অসম মেডিকেল কলেজলৈ যাবলৈ কলে । তাত তেওঁলোকে Nephrology ডাক্তৰ এজন দেখুৱাত তেওঁ কিছুমান পৰীক্ষা কৰিবলৈ দিলে । এইবাৰৰ পৰীক্ষাত  Hemoglobin, Albumin, total protein ,Platelet count    প্ৰস্ৰাৱত Protein  আদিবোৰ অস্বাভাৱিক ৰূপত অহাত ডাক্তৰৰ কপালৰ গাঁঠি কোঁচ খালে । তেওঁ Kidney Biopsy ৰ বিষয়ে পৰিয়ালক অৱগত কৰিলে । লগতে বিশেষ ৰোগৰ আকাংখা কৰি চন্দনক গুৱাহাটী মেডিকেল কলেজৰ এজন ডাক্তৰক দেখাবলৈ কলে । গুৱাহাটীলৈ গল । পিছে তাত কৰা পৰীক্ষাবোৰৰ কাগজবোৰত Albumin ৰ বাহিৰে কতো বিশেষ একো অস্বাভাৱিক নোলোৱাত তাৰ ডাক্তৰজনে কলে –মেডিকেল কলেজত কৰা পৰীক্ষাবোৰৰ বিষয়ে মই নিশ্চিত হব নোৱাৰো । আপোনালোক হেমটজীৰ আমুক (!) ডাক্তৰ গৰাকীক লগ কৰকচোন ।
ডাক্তৰে দুবিধ মান ঔষধ দিলে
ইতিমধ্যে চন্দনৰ চেহেৰা পাতি দেখি মোমাইদেউহঁতৰ মন টেঙাইছিল । তাতে ডাক্তৰে যিটোহে সন্দেহ কৰিছে তেওঁলোক লগা-লগ দিল্লীলৈ বুলি টিকট কাটিলে ।
এই গোটেই কথাবোৰ মই পাছতহে গম পাইছিলোঁ । মই যেতিয়া মোমাইদেউ,নিচাদেউ আৰু চন্দনক ষ্টেচনৰ পৰা আনিবলৈ গৈছিলোঁ তেতিয়া মোমাইদেউক দেখি আচৰিত হৈছিলোঁ । সেয়া যেন জীৱিত শৰীৰ নহয় তেনে ভংগীৰেই মোমাইদেউ ৰৈ আছিল । আমাৰ ঘৰলৈ আহি ভাত পানী খাই মিটিং আৰম্ভ হল –কৰ ডাক্তৰক দেখুৱা যায় । ইতি পূৰ্বে অনুপমা বায়ে মোক থৈছিল যে গংগাৰামত বিৰাট ভাল । অলপ টকা খৰচ হব পাৰে কিন্তু ভাল চিকিৎসা পাই ।   গৃহস্থ তেতিয়াও অফিচত গতিকে ময়ে লিড লৈ নেটত ডাক্তৰ খুচৰিবলৈ ধৰিলোঁ । শেষত এজন ডাক্তৰ ঠিক কৰিলোঁ – Dr Manish Malik মোমাইদেউৰ শুভাকাংক্ষী সকলে আক তেওঁক এইমছলৈ যাবলৈ বাৰে বাৰে ফোনাই আছিল । কিন্তু শেষত আমাৰটোৱেই ৰজিল । মনিষ মালিকক দেখুৱাবলৈ । প্ৰথম দিনা আগৰ ৰিপটবোৰ চাই এসোপা পৰীক্ষা কৰিবলৈ দিলে । লগতে কিবা ঔষধ খাই থাকিলে সকলোবোৰ বন্ধ কৰি দিবলৈ কলে । তিনি দিনৰ পাছত অলপ ৰিপট লৈ তেওঁৰ কাষলৈ গলো । ৰিপট চাই তেওঁৰো কপাল কোঁচ খাই গল । গোটেইবোৰ অস্বাভাৱিক । তেতিয়াও এটা ৰিপট আহিবলৈ বাকী আছিল । মনিষ মালিকে এইবাৰ কলে-Kidney Biopsy কৰি লওঁ । যদি সেইটোৰো এনেকুৱা কিবাই আহে তেতিয়া চিকিৎসা কৰিও লাভ নাই । একেবাৰে হিন্দী ,ইংৰাজী বুজি নোপোৱা চন্দন,অলপ অলপ কৈ হিন্দী বুজি পোৱা মোমাইদেৱে ডাক্তৰৰ কথা একোৱেই বুজি নাপালে । মাথো কিবা এটা যে বেয়া ওলাইছে এই কথাটো হয়তো মোমাইদেউৰ মনে ধৰিছিল । কাৰণ তাৰ অলপ পাছতে প্ৰস্ৰাৱগাৰলৈ বুলি যাওঁ বুলি কৈ চিনাকী প্ৰস্ৰাৱগাৰটোৰ একেবাৰে সমুখতে কণা গৰু ঘুৰা দি মোমাইদেৱে ঘুৰি থাকিল । মই বাটটো পোনাই দিয়াতহে সোমাই গল ।
মোমাইদেৱে অলপ বয়সত বিয়া পাতিছিল । চন্দন মোমাইদেউহঁতৰ একমাত্ৰ সন্তান । এই সন্তানটোৱেই যদি নাথাকে তেওঁলোক কেনেকৈ থাকিব ! মানসিক ভাৱে আমাৰ ঘৰখনৰ ওপৰতো চাপ পৰিবলৈ ধৰিলে । বায়পচিৰ বাবে চন্দনক হস্পিটেলত ভৰ্তি কৰিব লাগে । গংগাৰামত চিট পোৱাৰ সম্ভাৱনা নথকাৰ বাবে মনিষ মালিকে গংগাৰামৰেই অংশ চিটি হস্পিটেললৈ লিখি দিলে । তাতো সেই একেই । চিট নাপাওঁ হে নাপাওঁ । ডাক্তৰৰ ফোন,আমাৰ হস্পিটেলত দিনৰ দিনটো,এদিন ৰাতিও খাপ পিটি ৰৈ থকাৰ পাছত তিনি দিনৰ মূৰত এটা চিট পালোঁ । তাকো জোখতকৈ অলপ বেছি দামী চিট । যাওঁক টকানো কি, এই যায় এই আহিব । তাৰ পাছৰ ডাঙৰ সমস্যাটো হল ঘৰত থকা মামীদেৱেক চন্দনৰ বিষয়ে কি কোৱা যায় ! বা মামাকে কি কম ??  কাৰণ মোমাইদেউ,মামীদেউহঁতে একো বুজি পোৱা নাই । লগত থকা নিচাদেউৰ সৈতে মোৰ আলোচনা হল । (মোৰ গৃহস্থই নিজৰ অফিচৰ কামত একোকে সহায় কৰিব পৰা নাছিল । তাতে মই সকলোবোৰ চম্ভালি লোৱাত তেওঁৰ বৰ ডাঙৰ সকাহ পাইছিল ) আমাৰ কথা হল যদি বাইয়পচি কৰাৰ পাছত চন্দনৰ বেমাৰটো বেছি হৈ যায় তেতিয়া ! যদি অসমৰ ডাক্তৰে আকাংখা কৰাটোৱেই ওলাই তেতিয়া ! তাতে যি পৰিমাণে প্ৰটিন গৈ আছে ,হিমগ্লবিন কমি গৈছে সেইবোৰেও আমাক চিন্তা পেলালে । আৰু টকা পইচাৰ কথাটো আছেই । গতিকে সাতে পাচে ভাবি আমি মানে নিচাদেউ আৰু মই এদিন আবেলি এটাত মোমাইদেউক কথাখিনি বুজাই কলো । আমাৰ কথা শুনি মোমাইদেৱে সৰু লৰা এটাৰ দৰে হুক্-হুকাই  কান্দি দিলে । বৰ অসহায় লাগিছিল সেই সময়ত । ৰাতিলৈ কঁপা কঁপা মাতেৰে মামীৰ ফোন । আহ ! মই বুজাব নোৱাৰো সেই সময়ত কেনে লাগিছিল । ফোনটো গৃহস্থৰ হাতলৈ দি দিলোঁ । তেওঁ মামীক ভৰসা দি কিবা কিবি কলে ।
এইখিনিতে এটা কথা মই কবই লাগিব যে গংগাৰামৰ ডাক্তৰ ব্যৱহাৰৰ অতুলনীয় আছিল । প্ৰতিজন ডাক্তৰেই ৰোগীসকলৰ লগতে আশে পাশে থকা সকলোকে  ইমান সুন্দৰ ব্যৱহাৰ কৰিছিল যে মই আচৰিত হৈ গৈছিলোঁ । চন্দনৰ বাবে মই চাৰিজন ভিন্ন বিভাগৰ Consultant ৰ লগত সমানে যোগাযোগ ৰাখি গৈছিলোঁ আৰু গোটেইকেইজনৰ কাষত মই তেওঁলোকৰ জীয়েকৰ দৰেই ব্যৱহাৰ পাইছিলোঁ । এইয়া কেৱল মোকে কৰিছিল যে তেনে নহয় প্ৰায় প্ৰতিজন ৰোগীকেই তেওঁলোকে তেনে ব্যৱহাৰ কৰে । এদিন দেখিলোঁ জোনৰ বয়সীয়া Consultant জন ৰোগী চোৱা কোঠাৰ ফালে আহিছে । তেওঁলৈ বুলি অপেক্ষা কৰি থকা ৰোগী সকলৰ মাজৰে এজনৰ ৰোগীৰ ছয় বছৰীয়ামানৰ কণমানীটোৱে তেওঁক দেখি দৌৰি গৈ  তেওঁৰ পেণ্টটো খামোচি ধৰি মাকৰ ফালে চাই চিঞৰি কৈছে-মাম্মী আংকল আ গয়া । মাকে কণমানীটোক ধৰিবলৈ নাপালেই সি ডাক্তৰজনৰ পেণ্টটোত খামোচি ধৰিয়েই জঁপিয়াই জঁপিয়াই তেওঁৰ লগতে তেওঁৰ কোঠালৈ সোমাই গল ।
এদিন মনিষ মালিকৰ কোঠাত বহি থাকোঁতেই তেওঁলৈ ফোন এটা আহিছিল ,সিফালৰ পৰা ৰোগীজনে চাগৈ তেওঁৰ নাম কৈছিল পিছে মনিষ মালিকে তেওঁক চিনিব নোৱাৰি কেইবাৰো নামটো সুধিলে আৰু তাৰ পাছত তেওঁ পি.এ গৰাকীৰ কাষত গৈ নামটো সুধি আহি কৈছে-মই আপোনাৰ নামটো পাহৰি গৈছিলোঁ । I m extremely  sorry  !!
Extremely Sorry !!!!!
ময়ো কেইবাবাৰো তেওঁলোকলৈ ফোন কৰিছোঁ ,প্ৰতিবাৰে তেওঁলোকে ফোন ধৰিছে । আনকি কেইবাবাৰো এনে হৈছে যে ৰিপট পোৱা নাই তেওঁ নিজে লেবলৈ ফোন কৰি ৰিপটৰ আগজাননী আগতীয়াকৈ লৈ থৈছে ।
যিকিনহওঁক চিটি হস্পিটেলত ভৰ্তি কৰাৰ দিনা ৰাতি ৮ মান বজাত চন্দনক তেজ দিয়াৰ পাল পৰিল । পেকচেল । গৃহস্থ তেতিয়াও এৰাব নোৱাৰা কামত ব্যস্ত ,গতিকে নিচাদেউৰ সৈতে ময়ে গংগাৰামলৈ গৈ তেজৰ বাবে কৈ আহিলোঁ । পাছত গৃহস্থৰ সৈতে তেজ আনি,ইটো সিটো কৰি থাকোঁতে ৰাতি ১২ বজাত হে ঘৰত সোমাবলৈ পালোঁ ।
পিচদিনা পুৱা ৭ টাৰ পৰা খাপ পিতি  পিতি অৱশেষত ৪ বজাত চন্দনক বায়পচি কৰিবলৈ বুলি নিয়া হল । মনিষ মালিক,এজন এচিষ্টেট ডাক্তৰ,দুগৰাকী সহায়িকাৰ সৈতে মই । মোক লগত লোৱা হল এইবাবেই যে চন্দনে হিন্দী, ইংৰাজী বুজি নাপায় । গতিকে মই দো-ভাষী । কিডনী বায়পচি কৰা সেই সময়কণত মনিষ মালিকে খুব জমালে ।
বায়পচি হোৱাৰ পাছত তেওঁ মোক দহাই দহাই কৈ গল যে ৰাতি যদি কিবা অসুবিধা হয়,প্ৰস্ৰাৱত কেনেবাকৈ তেজ যায় তেওঁলৈ যেন ফোন কৰোঁ । তেওঁ যদি কেনেবাকৈ ফোন নধৰে তেতিয়া এচএমএচ এটা হলেও কৰিবলৈ কৈ গল । পিছে ৰাতি একো নহ ডাক্তৰে পুৱাই চন্দনক ৰিলিজ দিলে । প্ৰয়োজনতকৈ এটা টকাও যাতে আমি খৰচ কৰিব লগা নহয় সেইটো মনিষ মালিকে বিৰাট গুৰুত্ব দিছিল ।
ইতিমধ্যে এটা গুৰুত্ব পূৰ্ণ ৰিপট আহি পাইছিল । আচলতে মোৰ লেখাটো সেই ৰিপটটোৰ বাবেই । ৰিপটটো লৈ যাওঁতে মনিষ মালিকে কলে-মোৰ হাতত তাৰ কপি আহি পৰিছে । ইয়াৰ (Homozygous state ) Hb E/E আছে যিটো নৰ্থ ইষ্টৰ মানুহৰ গাত বিশেষকৈ দেখা পোৱা যায় । (বিশেষকৈ আমাৰ আহোম সকলৰ গাত ।) কিডনীত যদি একো হোৱা নাই তেতিয়াহলে বিশেষ একো চিন্তা কৰিব নালাগে । তেতিয়াই তেওঁৰ পৰামৰ্শতে মতে Medicine Consultant -Air Vice Marshal(Retd.) Dr.R.K Ganjoo লগ কৰিলোঁ । তেওঁ আমাক অসমৰ বুলি জানি কলে অসম বৰ ধুনীয়া ঠাই । মই যোৰহাটলৈ গৈছোঁ নহয় ।
Dr Ganjoo ৱে আমাক চিন্তা নকৰিবলৈ কলে । বায়পচি ৰিপট অহাৰ পাছত তেওঁৰ ওচৰলৈ যাবলৈ কলে ।
ডাক্তৰ সকলৰ মাজত পুৰা যোগাযোগ হৈ আছিল । বায়পচি ৰিপটত প্ৰথমে একো নোপোৱাত মানে মনিষ মালিকে ফোন কৰোঁতে একো পোৱা নাই বুলি কোৱাত আকৌ ভালকৈ কৰিবলৈ কলে । পিছে সেইবাৰো বিশেষ একো নাপালে । মই যেতিয়া ৰিপটটো লৈ মনিষ মালিকৰ কাষলৈ গৈছিলোঁ তেতিয়া তেওঁ আৰু এজন বিশেষজ্ঞক ফোন কৰি মাতি আনি কৈছিল –কি ইন্টাৰেষ্টিং কেচ চাওঁকচোন ।
তাৰপাছত তেওঁ চন্দনলৈ বুলি ঔষধ লিখিলে । লগতে আৰু দুটা টেষ্ট কৰিবলৈ দিলে যি কেইটা কেৱল এইমছতহে হয় বুলি কলে ।
এইবাৰ এইমছৰ সৈতে যুদ্ধ । যুদ্ধ বুলিয়েই কব লাগি কিয়নো তিনিদিন পুৱা ৬ টাতে উঠি এমাইল মান দীঘল কীউত ৰৈ কাৰ্ড বনাই,আকৌ দেখুৱাবলৈ বুলি কীউ পাতি মই আৰু মোমাইদেউ ভাগৰি গৈছিলোঁ । ইতি পূৰ্বে লগত অহা নিচাদেউ চাকৰি ঝেমেলাৰ বাবে গুছি গৈছিল । ইফালে এইমছত আজি এটা ,কালি এটালৈ ৰেফাৰ কৰোঁতে আৰু তাৰ বাবে পুৱাই কীউত ৰওঁতে মোৰ মূৰ গৰম হৈ গৈছিল । শেষত তাৰ ডেকা ঈশ্বৰ এজনক পালোঁগৈ । একেটা কেবিনতে দুজন ঈশ্বৰ । বাহিৰত কনমানী কোঠা এটিত জোখতকৈ বহুত বেছি মানুহ । তাৰে দুজন অসমৰ । ২৫ বছৰীয়া দেওৰেকৰ দুয়োটা কিডনী বেয়া হৈ যোৱাত প্ৰায় মোৰ বয়সীয়া বৌয়েকেই নিজৰ কিডনী দান কৰিবলৈ আহিছে । তাৰ বাবে প্ৰয়োজনীয় পৰীক্ষাৰ বাবে বহি আছে । ঈশ্বৰৰ সৈতে সোনকালেই মানে প্ৰায় ৩ ঘণ্টামান পৰ দিয়াৰ পাছত সাক্ষাৎকাৰ পালোঁ । মোৰ ৰিপট চাওঁক সলনি দুয়োজনে কথাতহে মচগুল । কাষতে আৰু এগৰাকী ৰোগী ভেবা লাগি বহি আছে । ৫ মিনিটমান কথা পতাৰ পাছত মোলৈ চালে । মই পৰীক্ষা দুটাৰ কথাহে কলোহে ঈশ্বৰ জনাই কলে এইটো পৰীক্ষা ইয়াতো নকৰে । কেতিয়াবা ৰিচাৰ্চৰ বাবে কোনোবাই মন গলে কৰে । তুমি আমুক তামুকত সুধি চোৱা ।
বচ সিমানেই ! আমাৰ তিনিদিনৰ শ্ৰমক পানী কৰি ঈশ্বৰে সিমানেই কৈ আকৌ কথা পতাত লাগিল । আনকি আমাৰ বাকী ৰিপটবোৰত ভুমুকি মাৰিও নাচালে ।
এইমছৰ পৰা ওলায়ে দীঘল দি নপৰাকৈয়ে মই সেৱা এটা কৰি আহিলোঁ যাতে জনমত এই খনৰ মুখীয়া হব নালাগে ।
আকৌ গংগাৰাম । মনিষ মালিকক কথাবোৰ জনালোঁ । তেওঁ কলে-হব দিয়া । মুঠতে এমাহৰ পাছত চেক-আপৰ বাবে আহিবা । ই খুব সোনকালে ভাল হৈ যাব ।
তাৰ মাজতে তেওঁলোকৰ পৰামৰ্শমতে আৰু এজন ডাক্তৰ Child Specialist Dr.V.K Khanna ৰ সৈতে  Hb E/E ৰ বাবে কথা পাতিলোঁ । তেওঁ চন্দনৰ পিঠিত ঢকা এটা মাৰি কলে-ইয়াৰ বিয়াখন ময়ে পাতি দিম দেই ।
তাৰ পাছতহে আমাক Hb E/E ৰ বিষয়ে বুজালে যে ইয়াৰ Hb E /E আছে  Hb E/β –thalassemia নাই । গতিকে চিন্তা কৰিব নালাগে । কিন্তু ইয়াৰ বিয়াৰ সময়ত মোৰ ওচৰলৈ আহিব দেই ( মোৰ দৌতিৰ বয়সৰ ডাক্তৰ জনৰ কথা শুনি মই হাঁহিলোঁ ) ইয়াৰ কইনাৰ সেইটো পৰীক্ষা কৰিব লাগিব । যদিহে তাইৰো Hb E/....(মই অলপ অলপ পাহৰিছোঁ )থাকে তেতিয়া সিহঁতৰ লৰা ছোৱালীলৈ বিপদ হব । এতিয়া প্ৰথম কাম হল চন্দনৰ মাক দেউতাক দুয়োজনেই এই পৰীক্ষাটো কৰক ।
Dr. V.K Khanna ই আমাক একেবাৰে মুকলি কৰি পঠালে ।
এই বেমাৰটোৰ বিষয়ে মই অলপ অলপ হে শুনিছিলোঁ ,এতিয়া অলপ ভালকৈ জানিলোঁ যেতিয়া নিজৰ পৰিয়ালৰ বাকী সকলকো কথাবোৰ জনাইছোঁ ।
অৱশেষত আজি পুৱা এটা মুকলি মন লৈ মোমাইদেউ আৰু চন্দন অসমলৈ বুলি উভতিল । তেওঁলোক ৰেলত তুলিয়েই মই গংগাৰামলৈ পোনালোঁ । কাৰণ Dr.R.K.Ganjoo ৱে মোক বাৰে বাৰে কৈছিল মোক আকৌ এবাৰ লগ কৰি যাবা । তেওঁক লগ কৰিলোঁ । সেই একেই আন্তৰিকতাৰে কোনো ফীজ নোলোৱাকৈয়ে তেওঁ মোক কলে-সি খুব সোনকালে ভাল হৈ উঠিব ।
চন্দন খুব সোনকালেই ভাল হৈ উঠক ময়ো তাকেই কামনা কৰোঁ ।


No comments:

Post a Comment