Monday, 25 March 2013

বায়ু





অৱ না টু
ৰখনা টু
মেৰে দিল কা য়ে
চৌটা মৌটা হক মাৰ কে
গলতি চে
গলতি কী
কভি পিচ্চে পিচ্চে আয়া তেৰে
ঝক মাৰ কে

ঠিক দেশী বয়জ নামৰ চিনেমাখনৰ জন আব্ৰাহমৰ দৰেই নাচি নাচি দিপুৱে তাইৰ ফালে গানটো গাই আগবাঢ়ি আহিল । শিখাই দিপুক দিপিকা পাডুকনৰ দৰেই পাত্তা  নিদি বিপৰীত ফালে চকু ঘুৰালে । কিয় পাত্তা দিব তাক ! যোৱাকালি সি কমখন কৰিলে নে আহিম বুলিও টিউচনলৈ তাইক লগ কৰিবলৈ নাহিল । বেয়া পাইছে তাক । বহুত বেয়া পাইছে । দিপিকাৰ দৰেই তাই গাই উঠিল-

তুঝপে না এটবাৰ মুঝে
ফিকা লাগে তেৰা প্যাৰ মুঝে
মেইন না বানাও দিলবৰ তুঝে
চাৰে স্বপ্নে টে ঝুঠে
অৱ তক প্যাৰ কে

ফুউউছছছ......
দিপুৱে বাকীখিনি গাবলৈ নাপালেই কৰবাৰ পৰা গেলা কণী গেলা কণী গোন্ধ এটা আহি শিখাৰ নাকত সোপা মাৰি ধৰিলেহি । মিছাইলৰ দৰেই দিপু,দেছি বয়জৰ গান সকলোবোৰ তাইৰ আগৰ পৰা আঁতৰি গল । খকমকাই সাৰ পাই তাই কাপোৰৰ তলৰ পৰা মুখখন উলিয়াই বিচনাৰ কাষতে থকা টেবুলখনত জুইশলা বাহটো বিচাৰিলে । বাহটো হাতত লৈয়ে দুটামান কাঠী জ্বলাই হে উশাহটো ললে । তেতিয়ালৈ টোপনিৰ জাল শেষ । কাষতে তনু তেতিয়াও ঘোৰ্ঘোৰাই শুই আছে । তাইক কাপোৰৰ তলৰেই গোৰ এটা শোধালে ।
-কটা তোৰ পৰা ৰাতি সপোনও দেখিব নোৱাৰোঁহজম কৰিব নোৱাৰ যদি খাৱ কেলৈ হা ?
শিখাৰ গোৰ খাই সাৰ পোৱা তনুৱে একো বুজিব নোৱাৰি তাইলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে ।
-তই কালিলৈ বিচনা আঁতৰাবি । মোৰ লগত শুৱ নোৱাৰ । ইমান লেতেৰা পাদ ।
-হেহ ! মই নাই পদা পাই । অনুৱে পাদিব পাই ।
অলপ আঁতৰত শুই থকা অনুসূয়া নামৰ ৰুমমেট জনীলৈ আঙুলিয়াই তনুৱে আত্মৰক্ষাৰ চেষ্টা এটা চলালে ।
-কথা নকবি এই গেলা কণী যেন পাদটো তোৰ বাহিৰে আৰু কোনেও মাৰিব নোৱাৰে । যোৱা দুটা বছৰে এই পাদটোৰ সৈতে মোৰ ভাল চিনাকী হৈ গৈছে । মুঠতে বিচনা সলাবি ।
হুহ ! কালিলৈ দেখা যাব –বুলি কৈ তনু আগৰ দৰেই শুই পৰিল । তাইলৈ খঙেৰে চাই শিখাও শুই পৰিল । কালিলৈ বিচনা সলাবই , দিপুৰ সৈতে ইমান ধুনীয়া সপোন এটা দেখিছিল ,জহনীজাতিয়ে পিঠা কৰি পেলালে । ভাগ্যই পাদৰ গোন্ধ নোহোৱা কৰিবলৈ জুই শলাৰ কাঠী জ্বলাব লাগে বুলি লগৰবোৰৰ পৰা শিকিলে বুলিহে । নহলে ইমান দিনে এই হোষ্টেলতে তাই মৰিলেহেঁতেন

পিছে বিচনা সলোৱা নহসেইদিনা কিয় যোৱা তিনিটা বছৰীয়া হোষ্টেলৰ জীৱনৰ  দুটা বছৰ তনু আৰু শিখা একেটা ৰুমতে আছে ।প্ৰায়েই শিখাৰ সৈতে তনুৰ কাজিয়া হয় ।  বিচনা সলোৱা, ৰুম সলোৱা কথা ওলাই, পিছে সময়ত একো নহয়গৈতনু আৰু শিখাৰ দুয়োখন বিচনা লগ-লাগি এখনেই হৈ থাকে । যি দৰে সিহঁতৰ মনটো ।
ব্ৰাছ কৰি কৰিয়েই শিখাই ৰুটিনখনত কেইটাত ক্লাছ আছে চালে ,১০-৪৫ৰ পৰা মেজৰ ক্লাছ আছে । গতিকে দেৰিকৈ গা ধুলেও হব । অনু আৰু তনু গা পা ধুই সাজো । দুইজনীৰে পুৱাই মেজৰৰ ক্লাছ আছে । অনু স্নাতক প্ৰথম বাৰ্ষিকৰ ,তনু আৰু শিখা তৃতীয় বাৰ্ষিকৰ । পিছে তনু কলা শাখাৰ ,শিখা বিজ্ঞান শাখাৰ ছাত্ৰী ।
-ঐ ,শিখা আমাৰ ৰাজকুমাৰীৰ বিৰাট জ্বৰ অ ,ডাক্তৰৰ ওচৰলৈ নিব লাগে ।
 পল্লবী বোলা সিটো পাৰ্টৰ লগৰ এজনীয়ে দৌৰি আহি শিখাক খবৰটো দিলেহি । শিখাই মুখখন বিকটাই পেলালে । আজি ইমান দৰকাৰী ক্লাছ এটা আছিল ,উপায় নাই । হোষ্টেলৰ এই ফাষ্ট ফ্লৰ তাই মিনিটৰ হয় । খবৰ এটা লবই লাগিব । পাৰিলে ডাক্তৰৰ ওচৰলৈও নিব লাগিব । ব্ৰাছডাল মুখতে লৈ তাই বেমাৰৰ খবৰ লবলৈ গল ।
প্ৰায় ১৫ মিনিট মানৰ পাছত কলেজৰ সাজেৰে ডাইনিং হলত ভাত খাই থাক তনুৰ কাষলৈ শিখা আহিল । তাইৰ মুখত তেতিয়াও ব্ৰাছ ডাল আছে ।
-বুইছ তনু..
-ধেত তেৰি ভাত খাই থাকোঁতে সেই ব্ৰাছ ডাল কিয় লৈ আহ ? তাতে আজি দাংবডি খাইছোঁখাবই পৰা নাই । যি কৱ মুখখন ধুই আহি কবি যা ।
তনুৱে শিখাক ভেকাহি মৰাত তাই ডাইনিং হলৰ কাষৰ টেপ কেইটাৰ ফালে আগবাঢ়িলতনুৱে তেতিয়াও ভাতৰ পাতৰ দাংবডি ভাজিখিনিলৈ খঙৰে চাই আছিল ।  
-অ শুন আক..
মুখখন ধুই আহি শিখাই তাইৰ কাষত থিয় হলহি ।
-ক
-ৰাজকুমাৰীৰ ৰুমত এজনীহে আছে । তাইও বোলে আজি কলেজলৈ যাবই লাগে । ইফালে সেইজনীৰ জ্বৰে মূৰত ধৰিছে । পেহীয়ে মোক কাৰোবাৰ লগত তাইক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ কৈছে । জ্বৰ কমিলে তাইক ঘৰত থৈ আহিবলৈ কৈছে । তইয়ে বল না
পেহী মানে হোষ্টেলৰ চুপাৰ বাইদেউ । হোষ্টেলৰ ছোৱালীবোৰে তেওঁক মন গলে পেহী, মাহী, এনাই বিভিন্ন সম্বন্ধৰে মাতে । পিছে সেয়া সমুখত নহয় । তনুৱে শিখালৈ ঘোপাকৈ চালে ।
-তোক আজি বাৰ্গাৰ খুৱাম বল না
-পেহীয়ে পাৰ্মিচন দিলে যদি তাইক একেবাৰে ঘৰত থৈ আহিম । তাইৰ বোলে ককায়েক এটা আছে ।
তনুৱে বাৰ্গাৰৰ কথা শুনি উৎসাহত কলে ।
-পাপীৰ মন সদায় পিঠাত । বল বল ।

ডাক্তৰে ৰাজকুমাৰীক ভালকৈ চালে । বিশেষ একো চিন্তাৰ কাৰণ নাই বুলি কলে । অট এখন ভাড়া কৰি ৰাজকুমাৰীক দুয়োজনীৰ মাজত বহুৱাই  চহৰৰ পৰা অলপমান দূৰৈত থকা ৰাজকুমাৰীৰ ঘৰলৈ ওলাল ।
-ঐ মৌমিতা ,তহঁতৰ মাক আমাক ভালকৈ এসাঁজ খুৱাবলৈ কবি আক দেখা নাই তোৰ বাবে আজি ভাত খাবলৈকে নাপালোঁ
তনুৱে ৰাজকুমাৰী ওৰফে মৌমিতাক আদেশ দি কলে । ৰাজকুমাৰী নামটো সিহঁতেহে দি লৈছে । মৌমিতাই হোষ্টেলত দেশৰ প্ৰধান মন্ত্ৰীৰ জীয়েকৰ দৰে থাকে । তাই কথা বতৰাবোৰতো এটা অহংকাৰ থাকে বাবে হোষ্টেলৰ সৰহভাগেই তাইক বেয়া পাই । মাথো তনু আৰু শিখাৰ দৰে কেইজনীমান ছোৱালীহে তাইক হজম কৰি থাকে ।
ভাত খাই অহা তনুৱে আকৌ ভাতৰ অৰ্ডাৰ দেখি শিখাৰ চিন্তাই লাগিল ।ৰাতি বা এই কি ৰূপ দেখাই !

প্ৰায় এক ৪৫ মিনিট মানৰ পাছত সিহঁতি আহি মৌমিতাৰ ঘৰৰ পালেহি । মৌমিতাই বাটৰ পিচিঅ এটাৰ পৰাই ঘৰলৈ ফোন এটা কৰিছিল । গতিকে মাক,বাপেক সকলোৱে গেটৰ মুখতে সিহঁতলৈ বাট চাই আছিল । তেতিয়াও এশ মিটাৰ মান দৌৰত ভাগ লব পৰাকৈ শক্তিশালী হৈ থকা মৌমিতাই মাকৰ গাত ধৰিহে ঘৰৰ ভিতৰলৈ সোমাই গল । তাকে দেখি তনু আৰু শিখাই চকুৱে চকুৱে চাই হাঁহিলে । প্ৰায় দহমিনিট মান মৌমিতাৰ  লগতেই মাক বাপেক হাল ব্যস্ত থাকিল । তাৰ পাছতহে তনুহঁতলৈ চালে ।
-মাজনী, তোমালোক মৌৰ লগৰেই নহয় জানো ।
-হয় খুৰা ।
মৌমিতাৰ দেউতাকে সিহঁতৰ সমুখত বহি সুধিলে ।
-হেৰা চাহ কৰা হে । দিপালীক ভাতৰ যোগাৰ কৰিবলৈ কোৱা ।
মৌমিতাৰ দেউতাকে পত্নী আৰু বনকৰা ছোৱালী দীপালী দুয়োকে একেগলেই অৰ্ডাৰ দিলে । তেওঁৰ ব্যৱহাৰত তনু আৰু শিখা তুষ্ট হৈ গল । বাপেকজনচোন জীয়েকৰ সম্পূৰ্ণ বিপৰীত !
-মই বুজিছা তাইৰ ফোন পাইয়ে গাড়ী লৈ আনো গৈ বুলি ওলালোঁআজি তাতে অফিচো যোৱা নাছিলোঁতাই হে কলে বোলে তোমালোকৰ লগত তাই আহি আছে ।  এইবিলাক জানা হোষ্টেলৰ খোৱা বোৱা দোষৰ পৰা...

বতৰৰ বেমাৰ যেন লগা বেমাৰটোৰ বাবে হোষ্টেলৰ খাদ্যৰ পৰা আৰম্ভ কৰি নগৰৰ আবৰ্জনালৈকে জগৰীয়া কৰি মৌমিতাৰ দেউতাকে বক্তৃতা দি গল । কিছু সময়ৰ পাছত তেওঁৰ বক্তৃতাই এইবাৰ জীয়েকৰ বেমাৰ পৰা তেওঁলোকৰ ঐশ্বৰ্য বিভূতিৰ পালেহি । কত কত কেতিয়া তেওঁ ঘৰ সাজিলে, অসমৰ বাহিৰত পঢ়াই থকা পুতেকৰ নামত মাহে কিমান খৰচ হয় ,তেওঁৰ কাৰ্যালয়টো তেওঁৰ কিমান প্ৰতিপত্তি এফালৰ পৰা গাই গল । তেওঁ কথাবোৰ অসমীয়াত যিমান কৈছে ইংৰাজীত তাতকৈ বেছিকৈহে কৈছে । শিখা আৰু তনুৱে ইজনীয়ে সিজনীলৈ চালে । ঠিক ,ঠিক মৌমিতাৰ দৰে জীয়েকৰ বাপেক এজন এনেকুৱাই হবতো । মাজতে মৌমিতাৰ মাকে চাহ দি গল । পিছে চাহখিনি কেনি গৈ কত সোমালে শিখাহঁতে ধৰিবই নোৱাৰিলে ।
-তোমালোকৰ দেউতাহঁতে কি চাৰ্ভিছ কৰে ?
এই প্ৰশ্নটো সুধিলে তনুৰ খুব খঙ উঠে । তাইৰ দেউতাকে যি চাকৰিয়েই নকৰক আনক কিয় লাগে । তথাপি খঙ সামৰি তাই কলে
-মোৰ দেউতা শিক্ষক হয় ।
-আৰু তোমাৰ শিখা ?
-দেউতাই তেল কোম্পানীত কৰে ।
-অহ্ তেল কোম্পানীত কৰে । পইচা অলপ আছে চাগৈ ।
মানুহজনে তনুক সম্পূৰ্ণ উপেক্ষা কৰা যেন দেখুৱাই এইবাৰ শিখাৰ ফালে চাই মুখ মেলিলে । তনুৱে মন কৰিলে শিখাৰ মুখখন টিকটিক কৈ ৰঙা হৈ আহিছিল । কিবা এক অঘটন ঘটাৰ আগতেই মৌমিতাৰ মাকে সিহঁতক ভাত খাবলৈ মাতিলেহি । ৰক্ষা ! তেনে এক ভাৱত দুয়োজনী ডাইনিং ৰুমলৈ আগবাঢ়িল । ভাত খায়ে সিহঁতি পলাব । ভাতৰ আয়োজন তনু বিচৰাৰ দৰেই হৈছিল । বহুদিনৰ মূৰত হেঁপাহৰ ভাত এসাঁজ পাই দুইজনীয়ে খাবলৈ ললে ।
-বুইছা , এইটো এইজত যিমান পাৰা হেলডি ফুড খাবা । বডিৰ বাবে লাগে বুজিছা । আমাৰ মৌজনীক যেন কিমান জোৰ কৰিব লাগে ,নাখায় একো নাখায়
চকী এখন টানি সিহঁতৰ সমুখত বহি মৌমিতাৰ দেউতাক বহিলহি । জীয়েকে একো নাখায় বোলা কথাষাৰ শুনি তনুৱে মনতে ভাবি চালে ৭০ কেজি মান দেহাৰ মৌমিতাই বাপেকৰ মতে চব খোৱা লে কি অৱস্থা হলহেঁতেন !
-তোমালোকে ইয়াৰ পাছত বাহিৰত পঢ়িবা গৈ নে ? মইতো মৌক তেতিয়াই কৈছিলোঁ ককায়েকৰ সৈতে বাহিৰতে পঢ় গৈ যা,ইয়াত থাকিলে একো নহয় গৈ ।
তনুৱে আকৌ এবাৰ ভিতৰি ভিতৰি হাঁহিলে । এইবাৰ মৌমিতাৰ মাৰ্কচিটৰ নম্বৰ কেইটাৰ কথা মনত পেলাই
-আমাৰ আক ইহঁত হালে অসমীয়া পঢ়িবই নাজানে নহয় । দিল্লী পাব্লিক স্কুলত পঢ়াটোৰাটোৱে এতিয়া বাহিৰত থাকি অসমীয়াত কথাও পাতিব নোৱাৰা হল । আচলতে মই নিজেও অসমীয়া ভালকৈ পঢ়িব নাজানো, ইংৰাজীত কাম কৰি কৰি অসমীয়া পাহৰা দৰেই হল ।
মৌমিতাৰ দেউতাকে গৰ্বৰে কলে । কথাষাৰ শুনি  মাংস এটুকুৰা মুখলৈ নিবলৈ লৈও শিখা ৰৈ গল ।
-খুৰা ,আপোনালোকে শইকীয়া নিলিখে জানো ?
-ও লিখোঁ
শিখাৰ সংগতি বিহীন প্ৰশ্নটোত মৌমিতাৰ দেউতাকৰ লগতে তনুও থতমত খাই গল । শিখাই পিছে একেই স্বাভাৱিক সুৰত কলে
-মই আক আপোনালোকৰ উপাধিটো দেখি আপোনালোকক অসমীয়া বুলিয়েই ভাবিছিলোঁ
শিখাৰ থালত মাংসৰ ভাজি অকণ দিও বুলি অহা মৌমিতাৰ মাকৰ হাতখন হেতাৰে সৈতে তাইৰ থালৰ ওপৰত ৰৈ গ
-আৰে আমি অসমীয়া নহৈ কি ?
মৌমিতাৰ বাপেকে অলপ উষ্মাৰে কলে ।
-নহয়, অসমীয়া হোৱা হলে জানো আপুনি কথা পাতোঁতে সৰহ ভাগেই ইংৰাজী বাক্য ব্যৱহাৰ কৰে ! তাতে আমিও বিদেশী নহওঁ যে অসমীয়া বুজি নাপাবলৈ । তাতে বোলে অসমীয়া পঢ়িবও নাজানে ! ক্ষমা কৰিব দেই ,আমি মিছাতেই আপোনালোকক অসমীয়া বুলি ভাবি আছিলোঁ
-কি কথা কবলৈ আহিছা হে !!
মানুহজনে চিঞৰ মাৰিয়েই উঠিল । নিজৰ ছোৱালীৰ বয়সৰ ছোৱালীয়ে তেওঁক অপমান কৰিবলৈ আহিছে !
-মোৰ মাই কয় নিজৰ ভাষাটোক সদায় সন্মান কৰিব লাগে । এজন অসমীয়া হৈ অসমীয়া ভাষাটো নাজানে বুলি কব পাৰে ,তাৰ বাবে অকণো লজ্জাবোধ নকৰে তেওঁ অসমীয়া হবই নোৱাৰে ।
মৌমিতাৰ দেউতাক জকজকাই উঠিল ।
-কিহৰ ভাষাৰ কথা কবলৈ আহিছা হে ? এইটো এইজত এনেকুৱা থিংকিং লৈ থাকিলে তোমালোক অলপো আগবাঢ়িব নোৱাৰিবা । বাহিৰলৈ এখোজ দি যেতিয়া গম পাবা ইংৰাজী ভাষাটো নহলে তুমি এখোজো আগবাঢ়িব নোৱাৰা । তেতিয়া ,তেতিয়া ??
-ভাষা নো কি ডাঙৰ কথা খুৰা, সহজেই শিকিব পাৰি । সেইবুলি নিজৰ মাতৃভাষাটোক অৱহেলা কৰিব লাগে নে ? যদি অৱহেলা কৰিবই খুজিছে ভুৱা জাতীয় সত্তাটোও গাত লৈ ফুৰিব নালাগে । সম্পূৰ্ণ বিদেশীয়েই হৈ যাব লাগে ।
-হুহ !
এইবাৰ মৌমিতাৰ দেউতাকে ঠাট্ৰা মিহলি সুৰৰে কৈ উঠিল
-এনেকুৱা কিছুমান চিন্তা মূৰত ভৰাই লৈ ফুৰা বাবেই আমাৰ লৰা –ছোৱালীবোৰ ডাঙৰ মানুহ হবগৈ নোৱাৰে । তোমাৰ মাৰা চাগৈ টিচাৰ ন,’ নহলে সমাজ সেৱিকা ; নহলে এনেকুৱা মিনিংলেছ কথা মূৰত ভৰাই দিয়ে নে ?
মাকৰ কথা তেনেকৈ কোৱাত শিখাৰ মুখখন আকৌ ৰঙা হৈ পৰিল । তাইৰ খোৱা হৈছিল । কাষতে থকা বেচিনটোত হাতখন ধুই আহি মৌমিতাৰ দেউতাকৰ সমুখলৈ আহি তেওঁৰ চকুলৈ চাই কলে
-এইবোৰ কথা মোৰ মাই তেওঁৰ ক টোৰ চুক কেইটাও নজনা দেউতাকৰ পৰা শিকিছিল বোলে । পাছত আমাক শিকালে । আৰু এটা কথা, মোৰ মা টিচাৰ নহয় । যোৱা মাহত তেওঁ পদোন্নতি লৈ এই চহৰলৈ বদলি হৈ আহিছে । মোৰ মা অথনি আপুনি কোৱা, আপুনি কাম কৰা বিভাগটোৰ মূৰব্বী বিষয়া ।
পৰিবেশটো থমথমীয়া হৈ গল । বেজী এটাও পৰিলেও সেই সময়ত তাৰ শব্দ শুনা গলহেঁতেন । অলপ সময়ৰ পাছত মৌমিতাৰ দেউতাকে সেপ গিলি কোনোমতে মাত লগালে
-তুমি মলয়া বৰুৱা বাইদেউৰ ছোৱালী নেকি ?
-হয় ।
তাৰপাছৰ সময়খিনি তনুৰ বৰ খৰকৈ যোৱা যেন লাগিল ।  কিবা কামৰ অজুহাত মৌমিতাৰ দেউতাক ঘৰৰ পৰা ওলাই গল । মৌমিতা আৰু  তাইৰ মাকক মাত লগাই সিহঁত দুজনীও ওলাই আহিল । শিখাৰ মুখখন তেতিয়াও গম্ভীৰ হৈ আছিল । প্ৰায় গধূলি বেলিকা সিহঁত আহি হোষ্টেল পালেহি । কিবা এক ভাগৰে দুয়োজনীকে হেঁচা মাৰি ধৰিছিল । হাত ভৰি দুইজনী বিচনাত বাগৰি পৰিল । তনুৱে কম্বল খন টানি ললে ।
-শিখা ।
-হুহ ।
-মানুহজন পাছত পলাল কিয় অ , লাজ পাই চাগৈ ন’ ?
-নহয় । সেই তেনেকুৱা মানুহবোৰে লাজ নাপায়,লাজ বোলা অনুভৱটো তেওঁলোকে চিনিয়েই নাপায় ।
-তেনেহলে ?
-মই সেইজনৰ ওপৰৰ বিষয়া এগৰাকীৰ জীয়েক । তাতে বিষয়া গৰাকী মহিলা , তেনে এটা কথা সেইজনে কেনেকৈ সহ্য কৰি থাকিব হে । অফিচত লাগিলে তেলাই থাকক,কিন্তু বেলেগৰ আগত নোৱাৰে ।
-কিয় আক ?
শিখাই মিচিককৈ হাঁহি এটা মাৰিলে ।
-সেইবোৰ মানুহে তেওঁলোকক কৈ ডাঙৰ মানুহ এই পৃথিৱীত নাই বুলি ভাবিয়ে থাকে । কেনেবাকৈ কোনোবা ওলালে সহজ হব নোৱাৰে ,পলায় ।
শিখাৰ কথাত ৰস পাই তনুৱে শব্দ কৰি হাঁহি উঠিল । পিছে হাঁহিৰ শব্দত আন এটা শব্দই শিখাৰ কাণখন সজাগ কৰি দিলে ।
ফুউউছছছ.....
শিখাই কিবা কোৱাৰ আগতে, জুই শলা বাহটো বিচৰা আগতেই তনুৱে দোষী দোষী ভাৱেৰে কলে
-পেটে মৌমিতা ঘৰৰ ভাত সাজ হজম কৰিব পৰা নাই অ ,লগতে তাইৰ বাপেকৰ কথাবোৰো...
শিখাই একো কবলৈ নাপালেই, আৰু এটা শব্দ হল ।
পুউউউট..
তনুৱে কৌতুকৰ দৃষ্টিৰে শিখালৈ চালে । কাৰণ এইবাৰ শব্দটো শিখাৰ পৰা আহিছিল । এইবাৰ শিখাই জুইশলা কাঠী দুটা জ্বলাই কলে
-মোৰো হজম নাই হোৱা জানউলিয়াই দিছোঁতইও উলিয়া । এইবোৰ বিষাক্ত বায়ুৰ দৰেই , পেটত থাকিলে ,মনত থাকিলে সকলোৰে অপকাৰ হব !!

শিখাৰ কথা শেষ হয় মানে  কোঠাটোৰ পৰা গেলা কণী গেলা কণী গোন্ধটো প্ৰায় শেষ হৈ আহিছিল ।


 












No comments:

Post a Comment