Wednesday, 13 February 2013

কাৰেঙৰ লিগিৰী (চতুৰ্থ অংক)



                                 চতুৰ্থ অংক

                                  প্ৰথম দৰ্শন

(নগা পৰ্বতৰ নামনি । অলপ দূৰত পৰ্বতৰ গাত নগাৰ চাঙ দেখা গৈছে চাৰিওফালে বৰ ওখ ওখ পৰ্বতবোৰ সেইডোখৰ বেঢ়ি থৈছিল । পুৱা দোক্-মোকালি বতৰ ডাৱৰীয়া, মাজে মাজে মেঘৰ গাজনি আৰু চক-মকা বিজুলী দেখা গৈছিল । এনে সময়ত তিনিটা বৰ গাঠলু চাওডাং পিঠিত একোটাকৈ বোজা লৈ আহি তাত ওলালহি । সিহঁতৰ মাজতে কন্দনামুৱা শেৱালি, মুখখন তাইৰ তেনেই শেঁতা , ভালকৈ খোজ কাঢ়িব পৰা নাই । চকুৰপৰা অবিৰল লো বাগৰিব লাগিছে । শুকান চুলিবোৰ বতাহত উৰি উৰি মুখত পৰিছেহি । দেখোতে তাইক বাউলী যেন দেখা গৈছিল । চাওডাংকেইটাই ওচৰতে টালি-টোপোলাবোৰ থয় )
১ ম চাওডাং-প্ৰভু মোৰ (কঁকালত হাত দিয়ে) হৰি হৰি (শেৱালিক) শেৱালি অ বহ আই বহ , এই শিলটোতে বহ । বৰ ভাগৰ লাগিছে নহয় নে আই । ভোক লাগিছেনে ? কিবা খাবিনে ?
শেৱালি-(কালৈকো নেচাই মূৰ জোকাৰে ) ওঁহো (তাৰ পাছত শেৱালিয়ে গাৰ কাপোৰখন গুচাই শিল এটাত বহি দীঘলকৈ উশাহ লয় )
৩য় চাওডাং-বহ, বোপাইহঁত বহ,বৰ ভাগৰ ধৰিছে ।
২য় চাওডাং-হেৰৌ, তামোল-চালি কিবা আছে যদি দেচোন
(২য় চাওডাঙে তামোল উলিয়াই দুয়োটাকে দিয়ে; তাৰ পাছত শেৱালিক যাচে )
২য় চাওডাং-শেৱালি অ আই-চালি এখন খাবিনে ?
শেৱালি-নেখাওঁ
(আটাইকেইটা চাওডাঙে চাৰিওফালে চকু ফুৰাই চাই কিছুপৰ মনে মনে থাকে)
১ম চাওডাং-পিছে আই শেৱালি, আমাৰ কথা হলে এয়েই । দেখিছই নহয়, আমাৰ ৰাজামাও দেউতাই তোক কোনোবা ৰাজ্যত এৰি থৈ আহিবলৈ কৈছে আৰু তয়ো যদি আমাৰ পিছতে নগৰ ওলাৱগৈ আমাৰ থিতাতে মৰণ । তয়ে যেন কেতিয়াও আৰু দেশত মুখ নেদেখুৱাই আমাৰ জীৱ দান দিয় । ভৈয়ামলৈ তই উভতি গলে আৰু আমাৰ মূৰ গাৰিত নাথাকে । ইয়াকহে কলো আই । তয়ো আৰু কথাষাৰ বুজিবি বুলি তোৰে আৰু প্ৰভু ভগৱন্তৰ ওপৰত ভৰষা কৰি ইয়াতে এৰি থৈ যাম । নগাহঁত বৰ ভাল মানুহ । সিহঁতৰ সৈতে মিতিৰালিকৈ থাকিবি নহলে আৰু আন উপায় নাই ।
২য় চাওডাং-এৰা শেৱালি,তোৰ মুখলৈ আমি যেনেকৈ চালো তয়ো যেন আমাৰ মুখলৈ চাৱ আই ।
শেৱালি-(কিছুপৰ মনে মনে থাকি) চাওডাং ককাইহঁত, তোমালোকে এচুলিমানো ভয় নকৰিবাহঁক । ইয়াতে আও মৰণৰে মৰিবলৈ হলেও মই আৰু ভৈয়ামত মুখ নেদেখুৱাওঁ । সেইটো সইতে জানিবা । ভৈয়ামত নো কাৰ মুখ চাবলৈ যাম আৰু ।
(কান্দে)
১ম চাওডাং-নেকান্দিবি আই নেকান্দিবি । হৰি নাম লৈ থাকিবি আই । প্ৰভু ভগৱন্তই  যদি তোক মৰণৰপৰা সৰুৱাইছেই তেৱেঁই তোক সকলো বিঘিনিৰপৰা ৰাখিব আই । যিমান দিনলৈ পৃথিৱীত চাউল-কঠা বিধতাই দিছে তাৰপৰা তোক কোনেও বঞ্চিত কৰিব আই !
শেৱালি-(কান্দি) মোকনো কিয় মাৰি নেপেলোৱা । এইদৰে জীয়াই যমৰ যন্ত্ৰণা সহাতকৈ আই-অমইনো এই নিৰ্জন বনত কেনেকৈ অকলে অকলে থাকিম । আই-অ (কান্দে)চাওডাং ককাইহঁত ,মোকনো ইয়াত কেনেকৈ অকলৈ অকলৈ এৰি থৈ যাবাগৈ ? মোৰ কপাল অ (কান্দে)
(শেৱালিৰ এনে অৱস্থা দেখি চাওডাং কেইটাৰ মন বৰ বিমৰিষ হয় । এটাই কেইটাই শেৱালিলৈ বৰ কৰুণভাৱে চাই থাকে । আৰু অলপ পৰৰ পাছত তিনিওটাৰ চকুৰে পানী ওলায় । সিহঁতে সাউত কৰে মচি আনফালে চকু ঘূৰায় ।
১ম চাওডাং-(শেৱালিৰ ওচৰলৈ গৈ গালত হাত ফুৰায়) আই-অ কান্দিলে কি হবনো এতিয়া । আমিনো কি কৰিম আই । বিধতাৰ নিবন্ধন কোনেনো খন্দাব । যা আই উঠ, সেই জুৰিৰ পানীৰে মুখ ধুই কোমল চাউল কেইটামানকে খা । যা-যা আই উঠ ।
(এই বুলি শেৱালিক হাতত ধৰি জুৰিৰ ফালে পঠাই দিয়ে । শেৱালিয়েও ফেকুৰি ফেকুৰি যায়গৈ ।)
১ম চাওডাং-(আন দুটাক)বল ককাইহঁত এতিয়াই আমি যাওঁগৈ । তেহে বেলি পৰে মানে গাঁওখন পামগৈ তাইৰ মুখখন দেখিলে আকৌ শোক লাগিব । ভালক বুলিয়েই তাইক এৰি গলো,তাই যদি পিছে আমাৰ বধৰ ভাগী হয় সেইটো তাইৰ ধৰ্মই জানে । বল,বল ককাইহঁত, তাই আহি পাইহিহে লাগে । (এই বুলি তিনিওটা চাওডাঙে ততাতৈয়াকৈ উঠি টালি-টোপোলা লৈ তাৰপৰা বেগাই গুচি যায়গৈঅলপ পৰৰ পাছত শেৱালি তালৈ আহি চাৰিওফালে আকুল হৈ চাবলৈ ধৰে । ৰিহাৰ আঁচলেৰে সোপা কৰি মুখত দি কান্দে আৰু সোপাটো মুখেৰে কামুৰিবলৈ ধৰে । তাৰ পাছত এবাৰ ইফালে-সিফালে লৰি গৈ কাকো নেদেখি আতুৰত পৰাৰ দৰে নিধাতু খাই কান্দি কান্দি চিঞৰি চিঞৰি চাওডাং ককাইহঁত বুলি চাৰিওফালে পাগলীৰ দৰে লৰি ফুৰিবলৈ ধৰে । (এবাৰ লৰি ৰঙ্গমথৰপৰা ওলাই যায়গৈ ।) দূৰত কান্দোন আৰু চাওডাংক মতা শুনা যায় । এইদৰে মাজে মাজে শেৱালিৰ কান্দোন আৰু চিঞৰ শুনা যায় । দুই মিনিটমান পাছত শেৱালি আকৌ ৰঙ্গমঞ্চত সোমাই বাউলীৰ দৰে মোক কত এৰি থৈ গলাগৈ বুলি ভয়ত উচপ খোৱাৰ দৰে হৈ কান্দিবলৈ ধৰে । পাছত উদ্ধাৰৰ একো আশা নেদেখি মাটিত ধাঁচ কৰে পৰি কান্দি থাকে । তাৰ পাছত উঠি বহি হঠাৎ শান্ত হয় ; যেন কিবা এটা শক্তিয়ে তাইক গহীন কৰি পেলালেহি ।)
শেৱালি-ইয়াকে বোলে কপালৰ লিখন । কৰ শেৱালি কত আছিলো ,লৈ আহিলো । (কান্দে , কান্দোন এৰি অলপ পৰ মৌন হৈ থাকে ) ভাবিনো হব কি নেভাবিলেনো (কিছুপৰ মনে মনে জলকা লাগি থৰ হয়, তাৰ পাছত ৰাগি লগা মানুহৰ দৰে) আই অ কোঁৱৰৰ মুখখন মাজে মাজে মনত পৰি বুকুখন কেনেকৈ চিৰিংকৈ গৈছে । কোঁৱৰলৈ মোৰ ইমান মৰম কিয় ? তুমি নুবুজা নহয় মোৰ তোমালৈ কিমান মৰম মোৰ বুকুৱে নধৰে, মোৰ মনেও ভাবি ভাবি শেষ কৰিবলৈ ভাগৰে । কিমান মৰম ! সূৰযৰ পোহৰবোৰ যেনেকৈ পৃথিৱীলৈ বিয়াকুল হৈ আহি আই  বসুমতিক সাবটি ধৰি আছে-মোৰো মৰমবোৰ তোমালৈ সেইদৰে গৈ তোমাক আগুৰি আছেগৈ । তোমাৰ সোণবৰণীয়া মুখত মোৰ মৰমবোৰ জিলমিলাই আছে । মই দেখিছো তোমাৰ কেঁকোৰা চুলিৰ চামে চামে মোৰ মৰমবোৰ লুকাভাকু খেলিছে । তোমাৰ ডিঙিৰ মুকুতামণি কেইটিত কোনে ৰহণ সানিলে । তুমি মোলৈ নীলা আকাশৰ পূৰ্ণিমাৰ জোন,তোমাক মই নাপাওঁ । কিন্তু তোমাৰ মৰমৰ জোনাকত মোক জুৰ লবলৈকো নিদিবানে ? বৰ মৰম- তোমালৈ মোৰ বৰ মৰম । সৌৱা, সৌৱা আকাশত নীলা-নালী নীলাবোৰ যিমান দূৰলৈ গৈ গৈ আছে সিমান-সিমান সিমান ।। (কিছুপৰ স্তব্ধ হৈ থাকি) কতা কতা মোৰ দেখোন ভয় নলগা হ? কি হব মৰিলেনো ? তা মৰিবলৈ দেখোন ভয় নালাগে ? খাওক  খাওক, মোক বাঘে খায় সাপে খায় খাওক । মৰিম , মৰিম-মৰিলেই শান্তি পাম ।
(শেৱালিয়ে আকাশলৈ চাবলৈ ধৰে । কিছুমান কলা ডাৱৰে আকাশ ঢাকি ধৰেহি । শেৱালি ৰৈ আকাশলৈ চাই বুকুৰ মাজত হাত দুটা সুমাই স্তব্ধ । তাৰ পাছত নিজৰ মনতে গাই যায় ।)

বাৰিষাৰে ঘন ঘোৰ ঘোৰ
ৰজালি প্ৰাণত মোৰ
কিনো উদাসীন সুৰ ?
পৱন অ উৰুৱাই তাক-
নিবিনো কত দুৰ ?
শূইন জীৱন অ মোৰ
উটি যাৱ কোনো ফালে
কোন আকুলতে পাবি কূল ?
আকাশ পৱন জোৰা
একেখনি ছবি অ
কৰি থবি মোৰ এই
জীৱনকে বিয়াকূল ।
(এনেতে এইজনী কোন অ !!!  বুলিতিনিজনী নাগিনী ছোৱালী ৰুণক, জুনুক আৰু ঠুনুক সেই ঠাইডোখৰলৈ আহি তভক মাৰি ৰয়, আৰু ভয় খোৱা যেন কৰে । তাৰ পাছত আগতকৈ লাহেকৈ ৰুণুকে কয়, এইজনী কোন অ’ ?” তিনিওজনীয়ে মুখলৈ চোৱা-চুই কৰি আৰু লাহেকৈ জুনুকে কয়, এইজনী কোন অ’ ?” তাৰ পাছত মুখত আঙুলি দি ঠুনুকে আন দুজনীৰ চকুলৈ চোৱা-চুই কৰি তাতোকৈ লাহেকৈ কয়, এইজনী কোন অ’?”
শেৱালি-(সিহঁতৰ ফালে চাই অলপ হাঁহা যেন কৰি) এইকেইজনী নো কোন ?
(প্ৰত্যেকজনীয়ে ইজনীৰ মুখলৈ সিজনীয়ে চাই নিজৰ গালৈ আঙুলিয়াই )
১ম জনী-মই ৰুণুক।
২য় জনী মই জুনুক ।
৩য় জনী-মই ঠুনুক ।
(এই বুলি তাহাঁতে খিলখিলকৈ হাঁহি দিয়ে)
ৰুণুক-ভৈয়ামৰ ছোৱালী তই ভয় খাইছনেকি ?
শেৱালি-নাই খোৱা কেলেই খাম ? তহঁতে মোক দেখি ভয় খোৱা নাই দেখোন ! মই দেও বুলি জনা নাই হবলা ?(আকৌ আটাইকেইজনীয়ে খিল-খিলকৈ হাঁহি দিয়ে)
ৰুণুক-ইহ্ ! আমি হবলা নেজানো তই কেলেই দেও হবি অ’? তই ভৈয়ামৰ ছোৱালীজনীহে তেওঁ । আমি তোক দূৰৰেপৰা সেই ভৈয়ামৰ মানুহৰ সতে অহা চাই আছিলোহে তেওঁ । সিহঁতে তোক ইয়াত এৰি থৈ গলগৈনেকি ?
(এইবুলি কলত শেৱালিয়ে উচুপি উচুপি কান্দে)
ৰুণুক-কিয় কান্দিছ,নেকান্দিবি । তোকনো সিহঁতে কিয় এৰি গ ?
শেৱালি-মোক ঘৰৰ পৰা খেদাই দিছে (আকৌ কান্দে)
ৰুণুক-নেকান্দিবি অদিয়ক বাৰু সিহঁতে খেদাই ,তই আমাৰ লগত থাকিবি । আমাৰ বাই-ভনীৰ দৰে থাকিবি । আমি তোক বৰ মৰম কৰিম । আমাৰ লগত থাকিবলৈ অলপো দুখ নেপাৱ । আমাৰ আই বোপায়ে তোক মৰম কৰিব । তোৰ কোনো নাই নেকি অ’ ?
শেৱালি-ওঁহো
ৰুণুক-আই ঐ দেহি ? পিছে তই আমাৰ লগত থাকিবিনে ?
শেৱালি-নেথাকি আৰু কলৈ যাম ?
ৰুণুক,জুণুক,ঠুনুক-(নাচি জঁপিয়াই) বৰ ভাল হ, আমি এতিয়া চাৰিজনী হলো ।
(আটাইকেইজনীয়ে শেৱালিক সাৱটি ধৰি চুমা খাই)
ৰুণুক-পিছে আমি তোক কি বুলি মাতিম ? ওঁ?
শেৱালি-ও-মোৰ-নাম-ৰ-কওঁ-বাৰু-
ৰুণুক-ওঁ-ওঁ-মই কওঁ-মই কওঁ-মই কওঁ দেই । তই হৈছ ভৈয়ামৰ মইনা পখী । মই-না ! অ, মই-না, ম-ইনা ঠিক ঠিক ঠিক হব । পিছে মইনা ,গীত এটা নোগোৱানে ? আমি তেও তোমাৰ গীত শুনিলোহে ।
শেৱালি-(হাঁহি)মোৰ যদি শুনিছিলি তহঁতে এটা মোক গাই নুশুনাৱ কিয় ? মই যদি ভৈয়ামৰ  পোহনীয়া মইনা তহঁত বনৰ বনৰীয়া মইনা । গাচোন তহঁতৰ এটা বনৰীয়া গীত । (আটাইকেইজনীয়ে খিল-খিলকৈ হাঁহি-আমি বোলে বনৰীয়া মইনা )
ৰুণুক-বাৰু ,বাৰু, গাওঁ শুন ।
(ৰুণুক জুনুক ঠুনুকে গায়-)
বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰো অনাই বনাই
অনাই বনাই আমি
অনাই বনাই আমি
অনাই বনাই অ অনাই বনাই
উ-উউ-উ-উ-উ,উউ-উ
ভৈয়ামৰ মইনা তই পোহনীয়া পখী
বনৰীয়া মইনাৰে পতালিহি সখী
ঘৰৰ কথা আমি বনতে পাতি
বনৰ কথা আমি ঘৰতে পাতি
পৰ্বতৰে বননি ফুৰিম বগাই
অনাই বনাই অ
অনাই বনাই ।


                               দ্বিতীয় দৰ্শন


(নগা পৰ্বতৰ এটা পৰ্বতৰ গাৰ সমতল । এটা গুহাৰ আগৰ মুকলি ঠাই । অলপ পৰৰ পাছতে এটা নগা লৰা হাতত এপাট যাঠি লৈ কৰবাৰ পৰা লৰ মাৰি আহি তাত থিয় হয়হি । তাৰ চকুত অৰ্থহীন দৃষ্টি । মুখৰ ভাৱ মুহুৰ্তে মুহুৰ্তে সলনি হৈছে ।চাৰিওফালে চাই হঠাত কিবা এটা আনন্দত সি কিৰীলি মাৰি হাঁহি উঠে তাৰ পাছত কথা  নাই বতৰ নাই , সি উন্মত্ত হৈ নাচিবলৈ ধৰে । তাৰ সেই নাচোন মাথোন মনৰ অসংলগ্ন অৱস্থা আৰু ভালকৈহে ফুটাই তাক বলিয়া বুলি পতীয়মান কৰায় । সি এইদৰে নাচি থাকোতেই অনঙ্গৰাম অতি ধীৰ আৰু দাৰ্শনিকৰ খোজেৰে সোমাই অলপ দূৰত থৰ হৈ থিয় দি তাক চাবলৈ ধৰে অনঙ্গৰামৰ চুলিবোৰ অতি ৰুক্ষ । বহুত দিন তেলটেঙ্গা নঘঁহাত তাৰ বৰণ ৰঙচুৱা । গাত যদি আগৰ পাটৰ চোলা চুৰিয়া , সি এতিয়া জীৰ্ণ আৰু মলিন । অনঙ্গৰামৰ মুখৰ বৰণ শেঁতা আৰু গালত কিছু ডাঢ়িও গজিছিল । চকুত কিন্তু এটা উদাৰ দৃষ্টি । মুখত এটা মুক্ত সন্যাসীৰ দৰে নিৰ্বিকাৰ ভাব আৰু আনন্দৰ হাঁহি লাগি আছিল । অনঙ্গ লাহে লাহে তাত পৰি থকা শিল এটাত বহে । নগা লৰাটোৰ এবাৰ হঠাৎ অনঙ্গৰ ওপৰত চকু পৰিলত নিমিষতে নাচ বন্ধ কৰি কাঠৰ পুতলাৰ দৰে অনঙ্গৰ ফালে চকু টেলেকাকৈ চাই থাকে ।)
অনঙ্গ-নাচ
নগা লৰা- নাচিলে মূৰ ঘূৰাই ।
অনঙ্গ-তেন্তে কিয় নাচিছিলি ?
নগা লৰা-(অট্টহাস্য কৰি) কিয় ? কিয় নানাচিম ? গছে নাচে. পাতে নাচে , নৈয়ে নাচে ময়ো নাচিম । তই মোৰ চাৰাপেনক দেখিছিলি ?
অনঙ্গ-চাৰাপেন কোন ?
নগা লৰা-মোৰ বুকুৰ সোণ ,তাইক আজি মই বহুদিন বিচাৰিছো , তাই নাই কৰবালৈ গল তাই মোৰ নাচ চাবলৈ বৰ ভাল পাইছিল । মই নচা দেখিলে তাই বহুত দূৰৰ পৰা লৰি আহিছিল ।
অনঙ্গ-তাই কিমান দিন হল হেৰাল ?
নগা লৰা-দুবাৰ জাৰ হ,দুবাৰ বৰষুণ হল । সেই জুৰিটো দুবাৰ শুকালে , দুবাৰে ফেনে-ফোটোকাৰে বলে । ৰঙা ফুলবোৰে দুবাৰ ফুলিলে  মোৰ চাৰাপেন নাচ চাবলৈ নাহিলে । তাইলৈ মনত পৰিলে মই নাচো, কিজানি তাই দূৰৰ পৰা মোক নচা দেখি থাকিব নোৱাৰি লৰ মাৰি চাবলৈ আহে । কতা পিছে মই নাচি আছো , পৰ্বতৰ টিঙত উঠি নাচিছো, নৈৰ পাৰত নাচিছো, বনৰ মাজত নাচিছো, ভৈয়ামৰ পথাৰত নাচিছো,তা চাৰাপেন দেখোন মোৰ নাচ চাবলৈ লৰ মাৰি নাহে ।
অনঙ্গ-(হুমুনিয়াহ কাঢ়ি) তোৰ এই নাচৰ কত শেষ হব তেন্তে আৰু ? বুজিলো ই তোৰ অনন্ত নৃত্য । ব্যৰ্থ প্ৰেমিকৰ ব্যৰ্থ নৃত্য । (নগা লৰাটোৱে একো নুবুজি অনঙ্গৰ ফালে চাই থাকে) বাৰু, তোৰ নাচ মই চালে নহবনে ?
নগা লৰা-নহব নহব ! কচোন বাৰু মোৰ চাৰাপেন কলৈ গ?
অনঙ্গ-তোৰ চাৰাপেন গছৰ কুমলীয়া পাত হ, ৰঙা ফুল হ, হালধীয়া চৰাই হ, জুৰিৰ পানী হ, বৰষুণৰ টোপাল হল ।
নগা লৰা-(তন্ময় হৈ শুনি) আৰু কি হ ?
অনঙ্গ-ধুনীয়া পখিলা হ, পুৱাৰ বতাহ হ,বেলিৰ পোহৰ হ,জোনৰ হাঁহি হ,নীলা আকাশ হল !
নগা লৰা-তেন্তে গছপাত ফুল হ, পখিলা, হালধীয়া চৰাই ,জুৰিৰ পানী,বৰষুণ,ৰদ, বেলি,জোন ,তৰাক মই মৰম কৰিলে, ভাল পালে চাৰাপেনক মৰম কৰা হবনে ? ইহঁতে মোৰ নাচ দেখিলে চাৰাপেনে দেখিবনে ?
অনঙ্গ-পাব,পাব,দেখিব দেখিব ।
নগা লৰা-(হাঁহি জঁপিয়াই কিৰিলি পাৰি) ভাল হ,কেনে ভাল হল ! এজনী চাৰাপেনৰ পৰা কিমানবোৰ চাৰাপেন হল । তেনে এতিয়া যদি পৰ্বতে ভৈয়ামে যতে থাকো তাতে চাৰাপেন থাকিব । যতে নাচো তাতে চাৰাপেনে দেখিব ! হিঃহিঃহিঃ ! বাৰু, মই ফুলবোৰক চুমা খালে চাৰাপেনৰ গালত সেই চুমা লাগিবনে ?
অনঙ্গ-লাগিবতো
নগা লৰা-কেনে ভাল হল ! বাৰু হালধীয়া চৰাইক মিঠাগুটি খুৱালে চাৰাপেনে সোৱাদ পাবনে ?
অনঙ্গ-পাবতো, কেলেই নেপাব ?
নগা লৰা-হিঃহিঃহিঃ ! তেন্তে মই হালধীয়া চৰাইক মিঠা গুটি খুৱাওঁগৈ , ফুলক চুমা খাওঁগৈ । (জঁপিয়াই ওলাই যায় )
অনঙ্গই দীঘলকৈ উশাহ লয় । তেওঁ বহুত পৰ বিভোল হৈ থাকি লাহে লাহে আহি এটা শিলৰ ওপৰত বহে । চাৰিওফালে চাবলৈ ধৰে । অনঙ্গ বৰ বিয়াকুল হৈ আহিবলৈ ধৰিলে । তেওঁৰ মুখত এটা দিব্য কোমলতা ফুটি উঠিল । চকুত এটা বৰ সহজ জ্ঞানী ভাব ওলাই পৰিল । অনঙ্গ তন্ময় । তেওঁ চাৰিওফালে দৃশ্যবোৰ বৰ মৰমেৰে চাবলৈ ধৰিলে, তেওঁ এনেকৈ চাবলৈ ধৰিলে যেনিবা আগত এখনি বৰ ডাঙৰ পুথি পৰি আছে আৰু তাৰ অৰ্থ বুজি বৰ আনন্দিত হৈছে ।)
অনঙ্গ-আইৰ দৰে শান্ত স্নিগ্ধ
হৈ তুমি প্ৰকৃতি সুন্দৰী
দিছা সুবিমল স্নেহ বাকি,
প্ৰিয়াৰ সৌন্দৰ্য লৈ পূৰ্ণ
যৌৱনৰ লাজুকী হাঁহিটি মাৰি ।
প্ৰণয় বাতৰি কব খোজাহে সুন্দৰী,
ওৰণিৰে মুখ ঢাকি
বিশ্বৰ কুৰূপ তুমি পুনু বাছি আনি
কিয় কোৱা হাঁহি ?
ভ্ৰান্ত ধাৰণা তোৰ সকলো
মায়াৰ লীলা দুদিনতে
সৰি যোৱা উৎসৱলৈ বুলি গঁথা
বিচিত্ৰ বৰ্ণৰ ফুলৰ চাকি ।
তুমি প্ৰহেলিকাময়ী , বৈচিত্ৰ্যক
বিচিত্ৰৰে ৰাখিছাহে ঢাকি
আপোন নৃত্যতে তুমি আপুনিয়ে
হোৱা বিয়াকুল । আপোনাতে
আপুনি বিভোল ,তুমি বিদ্যাধৰী ।
আপোন ৰথৰ তুমি আপুনি সাৰথি,
এহাতেৰে ধৰি বাঘজৰি
আনহাতে কৰিছা সন্ধান
আপোনাৰ লক্ষ্য ভেদ কৰি !
আপোন হাতেৰে তুমি গঢ়িছা
নিজেই অব্যৰ্থ সন্ধানকাৰী
মহা অগ্নিবাণ ! আপোন
বাণেৰে তুমি নিজকেই কৰিছাহে
অব্যৰ্থ সন্ধান
আপুনি ইঙ্গিত
তুমি কৰিছা নিজেই, নিজে
জ্যোতিৰ্ময়ী  হোৱা কৰি জ্যোতিষ্মান ।
আপোন কুৰূপ তুমি আপুনি মোহাৰি
নিজে মথি উলিয়াই সৌন্দৰ্য নিৰ্যাস,
আপোনাৰ শৰীৰতে আপুনিয়ে সানি,
আপুনিয়ে বিতৰিছা আপোন হাতেৰে,
আপোনাৰ সৌন্দৰ্যৰ যশ ।
আপোন হাতেৰে তুমি ভাঙ্গি আনি
নিজ ফুলনিৰ , সহস্ৰ সহস্ৰ কত
কূসুম কোমল সুৰভিৰে ভৰা
কত আৰু কতবোৰ পৰিমল ৰেণু,
ফুল মধু আনি তুমি ভৰাই দুকৰ
নিজে শিলাকুটি হৈ ভাস্কৰ্য নিপুণ তুমি
গঢিছাহে আপোন হাতেৰে
নন্দ-বিজয়ী বীৰ কুসুম কোঁৱৰ ।
কবি কল্পনাৰ ইন্দু নিন্দি পৰকাশী,
অধীশ্বৰী হেৰা অবিনাশী সৌন্দৰ্যৰ
 কিনো বিশ্বব্যপী আৱৰণ আঁচলৰ ।
তপস্যাৰ সিন্ধু মথি তুমিহে তাপসী
নিজৰেই উপবন ভাঙ্গি কৰি চুৰ
পিন্ধিছাহে নিজে চৰ্মবাস বাসনাৰে
লিপ্ত কত শত উপবন
কৰি পুণ্য কৰি তপোবন,
তপস্যাৰ মন্ত্ৰ বাকি কৰ্ণকুহৰত
নিজ হাতে কৰিছা স্থাপন,
অপূৰ্ব আতমা শুভ্ৰ নিষ্কাম তাপস ।
আজি জনালাহে প্ৰকৃতি বিপুল,
বিশ্বগ্ৰাসী বিৰাট সুন্দৰী
অন্তত মোৰ, প্ৰণয়ৰ দীপত হুতাশন ।
জলোক দীপিতি তাৰ
ভেদি উঠি আৱৰণ দূৰ
দিগন্ত আন্ধাৰ
জাগি উঠ প্ৰণয়ৰ সুন্দৰী প্ৰতিমা ।
তোৰ যোজন বিয়পা যজ্ঞবেদী অন্তৰত মোৰ
আজি হৃদয় মন্দিৰ মোৰ
আলোকৰে কৰি পুৰ,জ্বলিলে
সাত বৰণীয়া অগ্নি শিখা
প্ৰকুতিৰ প্ৰাণময় প্ৰণয় যজ্ঞৰ ।
হোমানল মথি তই যা-অ সুন্দৰী !
বিতৰ,বিতৰগৈ শুভ্ৰ তোৰ নিৰ্মল পোহৰ
উৎসৱময়ী কৰি নিমাত নিতাল
যত বিৰহীৰ মৌন প্ৰণয়ৰ
কুঞ্জ শত, শত
উজ্বলালে আশাৰে আলোকি
উদাসী মুখখনি প্ৰেমিকৰ !
কুসুম কোমল যাৰ প্ৰণয়ৰ কুঞ্জ মনোহৰ,
ল কালে কাঁইটনি বন,
কাঢ়িলে সি মাথো এটি তপত হুমুনিয়া
তাৰে সি নিকুঞ্জখনি উৎসৱময়ী পুনু কৰ তই
উৎসৱময়ী পুনু কৰ ।
(বহুতপৰ তন্ময় হৈ থাকি, তাৰ পাছত শিলৰ পৰা অধীৰ হৈ উঠি আহি)
দৃষ্টি, দৃষ্টি, দৃষ্টি দিয়া মোক ।
স্পৰ্শ, স্পৰ্শ, স্পৰ্শ দিয়া মোক
মোৰ ইন্দ্ৰিয় অন্ধকূপ ।
দৃষ্টিৰ প্ৰসাৰ মোক দিয়াহে সুন্দৰী
চাবলৈ অন্তহীন ৰূপ । ই কি !
বিশ্ব বিমোহিনী সৌন্দৰ্যতো সৌন্দৰ্য অপৰূপ ।
(অনঙ্গৰ মুখত এক দিব্য আভা উদ্ভাসিত হৈ পৰে । তাৰ পাছত মাটিত বহি শিলত মূৰ থৈ থৰ লাগি চাই থাকে । বতাহ বলে । বতাহ গছৰ পাত লাগি দূৰৰ বাঁহীৰ দৰে, অনবৰত ঠুনুক-ঠানাককৈ ভগা-ছিগা সুৰৰ দৰে শব্দ আহি সেই ঠাইডোখৰ বুৰাই পেলাইহি । সেইফালে অনঙ্গ নিতাল মাৰে । অলপ অলপ আন্ধাৰ হৈ আহে । ৰুণুকৰ হাতত এডাল আঁৰিয়া )
ৰুণুক-অ-উ,,উ-মিতা,উ-উ
জুনুক-উ-উ-উ-মিতা! সেইটো হবলা ।
(ৰুণুকৰ চকু অনঙ্গৰ ওপৰত পৰে )
ঠুনুক-এ ৰুণুক এইটো হব পায় । এ জলকা লাগি পৰি আছে । উ, , মিতা উ ।
অনঙ্গ-(উঠি) কি হল ৰুণুক ?
ৰুণুক-মিতা,মিতা তই ইয়াত নেথাকিবি ।
অনঙ্গ-কিয় ?
ৰুণুক-ৰজাৰ নগৰৰ পৰা বহুতো মানুহ আহি হাতে হাতে আঁৰিয়া লৈ আমাৰ গাঁৱত কিবা বিচাৰি ফুৰিলে । তোক ধৰি নিব ।
অনঙ্গ-(হাঁহি) মোক, মোক, মোক ৰজাৰ একো প্ৰয়োজন নাই ।
ৰুণুক-তেন্তে মইনাক নিবলৈ আহিছে ।
অনঙ্গ-কোন মইনা ?
ৰুণুক-আজি ভৈয়ামৰ পৰা এজনী ছোৱালী আহিছে নহয় ।
অনঙ্গ-(আচৰিত হৈ) কেনেকুৱা ?
ৰুণুক-তাই কান্দি থাকে । মাজে মাজে হাঁহে । তাইক আমি লুকুৱাই থৈছো । তাইক ৰজাৰ মানুহে পালে হেনো কাটিব ।
অনঙ্গ-(কিছুপৰ ভাবি থাকি) তাই বাৰু কত আছে ?
ৰুণুক-নকওঁ
অনঙ্গ-মোক নকৱনে ? বলচোন মই চাওঁগৈ । তাইক ভালকৈ এঠাইত লুকাই নথলে তহঁতৰ হাতৰ পৰা ৰজাৰ মানুহে ধৰি লৈ যাব ।
ৰুণুক-(ভয় খাই) তেন্তে আমি তাই কত থম ? কি কৰিম ?
অনঙ্গ-মোক বাৰু তাইৰ ওচৰলৈ লৈ বল । মই তাইক আটাইবোৰ কথা সুধিলেহে কত থলে ভাল হব কব পাৰিম ।
ৰুণুক-বল তেনে মিতা, আহ, বেগাই আহ ।সৌবোৰ দেখিছনে ৰজাৰ মানুহবোৰে কেনেকৈ আঁৰিয়া আৰু জোঁৰ লৈ পিয়া পি দি ফুৰিছে। সৌৱা কিছুমান এইফালেও আহিছে ।
অনঙ্গ-বল।
(তিনিওজনী নাগিনী আৰু অনঙ্গ ওলাই যায় আৰু অলপ পৰৰ পাছতে সেইবাটেদি আঁৰিয়া লৈ লৈ কিছুমান মানুহ যায়হি । এইদৰে কিছুপৰলৈ সেই ঠাই ডোখৰেদি আঁৰিয়া লৈ মানুহ দলে দলে অহা যোৱা কৰি থকা দেখা যায় ।)

                          আঁৰ-কাপোৰ

No comments:

Post a Comment