Wednesday, 13 February 2013

কাৰেঙৰ লিগিৰী (তৃতীয় অংক)



                                  তৃতীয় অংক

                                     প্ৰথম দৰ্শন

(সুন্দৰৰ শোৱনি কোঠা । প্ৰথম অংক প্ৰথম দৰ্শনৰ দৰে , কিছুমান বস্তু থোৱাত মাথো সাল-সলনি । সন্ধিয়া লাগি আন্ধাৰ হোৱাৰ কিছু সময় পাছত । শেৱালি আৰু ৰেৱতীক কোঠাত পালেঙ সজোৱা ইত্যাদি বন কৰি থকা দেখা যায় ।দুয়োজনীৰে মুখত গোমোঠা ভাব । শেৱালিক বৰ ক্ষীণ আৰু উদ্বিগ্ন দেখা গৈছিল । উপবাসত থকা ক্ষীণ মুখত এটা তপঃক্লিষ্ট জেউতি মুখত উঠাৰ দৰে তাইৰ মুখত এটি জেউতি বিৰিঙিছিল । তাইৰ খোজ-কাটলত, চাৱনি-হাব ভাবত অন্তৰৰ ঘোৰ অশান্তি আৰু চাটি ফুটি প্ৰকাশ পাইছিল । শেৱালি এবাৰ বন কৰি থাকোতে এখন দাপোণৰ সন্মুখীন হয় । দাপোণত মুখ দেখি নজনা ভাবে আউল-বাউল চুলিবোৰ অলপ ভাল কৰি লবলৈ প্ৰয়াস পায়-তাকে দেখি ৰেৱতীয়ে। )
ৰেৱতী-(কঠোৰ কৰ্কশ মাতেৰে) হৈছে হৈছে, এতিয়া চুলি মেলাব নেলাগে পালেহি-
শেৱালি-পাওকহি তই-
ৰেৱতী-ছিঃ কটা লাজো নালাগে । মোৰ এনেবোৰ কথা ওলোৱা হলে মই দাপোণ চাই মূৰ মেলাও ছাৰি বৰ পুখুৰীত জাঁপ দি মৰিলোহেঁতেন ।
শেৱালি-মৰিবৰ মন আছে তই মৰগৈ । মই মিছা কথাতে কেলৈ মৰিমগৈ ! তইয়ে মোৰ কতা ফুফু-ফাফা কৰি এইদৰে উলিয়ালি । তই কম নহৱ । মন আছিল তোৰ-পিছে কোঁৱৰে মোক অলপ মৰম কৰে দেখি তই খিয়ালত-
ৰেৱতী-(খঙত পকি-জকি) তেনে কথা নকবি-মই-মই কৈছোনে ? গোটেই ৰাইজেই কৈছে । ৰাজমাও চকু নাই ? কাৰেঙেৰ ইমানবোৰ মানুহৰ চকু নাই ? আও মোৰ বিধি-ইমানবোৰ কৰিও তোৰ লাজ লগা নাই । তোৰ কাৰণেই কোঁৱৰে নিজৰ বিয়া কৰোৱা তিৰোতাৰ তেনে গতি কৰিলে-কল্যাণ কুঁৱৰী বিহ খাই মৰিবলগীয়া হল অনঙ্গ ডেকা দেউতা দেশ এৰি দেশান্তৰী হল । ৰাম মোৰ ঈশ্বৰ-তই কোঁৱৰৰ মূৰটো খালি-কাৰেঙত জুই দিলি-তই শাঁকিনী । সেইবুলি এতিয়াও জানো লাজ হৈছে আকৌ মূৰ মেলাই কোঁৱৰক ভুলা-
(ৰাজমাও সোমাই আহি উগ্ৰমূৰ্ত্তি ধৰি)
ৰাজমাও-(শেৱালিক)তোক-তোক মই কোঁৱৰৰ কোঠালিলৈ আহিবলৈ হাক দিছো নহয়-নেলাগে তই মোৰ লৰাৰ আল-পৈচান ধৰিব ।
শেৱালি-(তললৈ মূৰ কৰি) মই মই-ৰেৱতীয়ে মোক মাতি আনিছে
ৰেৱতী-মই মইহে অনা হলো-
শেৱালি-নাই নাই-মতা ?
ৰাজমাও- মনে মনে থাক  ওলাই যা ওলাই যা তই ওলাই যা । তই মোৰ ঘৰ ভাঙিলি-মোৰ লৰাক বলিয়া কৰিলি । ঘৰত জুই দিলি । (শেৱালিয়ে হুক হুক কৈ কান্দিবলৈ ধৰে) কান্দি কান্দি দেখুৱাইছ ৰ তোৰ মঙহ খাম । তোৰ মই জীৱ লৈহে এৰিম । যা যা ওলা ওলা
(শেৱালি কান্দি কান্দি ওলাই যাইগৈ)
ৰেৱতী-ৰাজমাও দেউতা-এই শাঁকিনীক কাৰেঙত থলে যি হৈছে দেখিছেই নহয়-
ৰাজমাও-তই বাৰু মোক বুধি দিব নালাগে । তাৰ উপায় মই কৰিছো । তাইক মই আঁতৰাবৰ দিহা ভালকৈয়ে কৰিছো । উস্ উস্ প্ৰভু মোৰ ! এনে বুলি জনা হলে , কথা ইমানলৈকে শিপাইছে বুলি জনা হলে , তাইৰ মই কেতিয়াবাই-
ৰেৱতী-আইদেউতা, মই কোঁৱৰে বিয়া কৰাওঁ-নকৰাওঁকৈ থকাতেই কৈছিলো নহয় বোলো , শাস্ত্ৰ ভাগৱত পঢ়াৰ বাবে নহয় কথা কৰবাতহে
ৰাজমাও- এৰা, এৰা, মই হে হৰি (দীঘল হুমুনিয়াহ পেলাই )
 (সুন্দৰ আৰু সুদৰ্শন সোমাই আহে)
ৰাজমাও-(সুন্দৰক দেখিয়েই খঙত বেজাৰত জৰ্জৰিত হোৱা হেন হয় আৰু থোকাথুকিকৈ) তই-তই কি-কি হব খুজিছ ? বলিয়া হলিনে পগলা হলিগৈ ? কি হলি এই আজি তিনি দিন জ্বৰীয়া গাৰে কলৈ ওলাই গৈছিলি তই-তই-
সুন্দৰ-আইদেউতা-তুমি কি বকিছা ?
ৰাজমাও-বকিছো ! মই বকিছো ? মই বলিয়া হৈছো তই মোক খালি । তই মোক বলিয়া কৰিলি । কত দেখিছা,ত শুনিছা লিগিৰি এজনীৰ সতে বলিয়া হৈ-
সুন্দৰ-তুমি এইবোৰ কি কৈছা ?
ৰাজমাও-সঁচা কৈছো । গোটেই ৰাইজৰ মানুহে কি কৈছে-কাৰেঙৰ কোঠাই কোঠাই কিহৰ মেল ? উস্ ? আগতে এনে ফেটী সাপ পুহিছিলো বুলি জনা হলে হে ঈশ্বৰ
সুন্দৰ-(হাঁহি সেইবোৰ কথা উৰাই দিব খুজি) সেইবোৰ কথাত তুমি বিশ্বাস নকৰিবা আই । ৰজাৰ কোঁৱৰে লিগিৰীক তিমান ওখ শাৰীলৈ নোতোলে ।
ৰাজমাওঃহাঁহিছ নিলাজ তই । তোৰ মান-অপমানৰ জ্ঞান নাই । তই সেইবোৰৰ বহু তললৈ গলি । ইমান দিন মোক ভুৱা দিলি-ভুৱা দিলি-
সুন্দৰ-ভুৱা একো দিয়া নাই । তোমাৰ মগজুত বহু আবৰ্জনাই ঠাই পাইছে , তাক উলিয়াবৰ ব্যৱস্থা কৰাগৈ যোৱা ।
ৰাজমাও-(খঙত টিকিছি-বিকিছি হৈ ) আৱৰ্জনা মোৰ মূৰত নে তোৰ মূৰত । তই যিবোৰ কাম কৰিলি-(সুন্দৰে বাধা দি)
সুন্দৰ-সেইবোৰ কথা তুমি নুবুজা । সমাজে বেয়া বুলিছে দেখি তোমাৰ মূৰ ঘূৰাইছে । যোৱা , মোক আমনি নকৰিবা । মই এনে অশান্তিত থাকিব নোৱাৰো মই কাৰেঙ এৰি কৰবালৈ গুচি যাম ।
(ৰাজমাও খঙত কঁপি-কঁপি কিবা কব খোজোতেই বাহিৰত কোনোবা তিৰোতাৰ হৃদয়বিদাৰক কান্দোন শুনা যায় আৰু ৰাজমাও দেউতা, কোঁৱৰ, মোৰ জীয়াৰীৰ কি হল অ কোঁৱৰ বুলি কন্দা সুৰে মতা শুনা যায় ।)
ৰাজমাও-এস্ ! এস্ সেইজনী বুঢ়ী গোহাঁয়নী বলিয়া বতিয়া হৈ ওলাইছেহি । হে প্ৰভু ! কি কৰিলা-কি মেলিলা ! (ৰাজমাও ওলাই যাব খোজোতেই কান্দি বাউলি হৈ কল্যান কুঁৱৰীৰ মাক বুঢ়ী গোহাঁয়নী তালৈ হিয়ালি-জিয়ালিকৈ সোমাই আহে । সুন্দৰলৈ চাই মোৰ জীয়াৰীক কত মাৰিলাগৈ বুলি কান্দি মাটিত ধাঁচকৈ লুট খায় পৰেহি । আটাইবোৰ ব্যতিব্যস্ত হৈ পৰে । ৰাজমাৱে লৰালৰিকৈ ওচৰলৈ গৈ মূৰটো দাঙি ধৰে । ৰেৱতী , সেউজী আটাইবোৰ লিগিৰি তাত ওলায়হি । কোনোৱে বিচে, কোনোৱে পানী আনে । সুন্দৰে সেই ফালেই তললৈ মূৰকৈ থিয় হৈ থাকে । বুঢ়ী গোহাঁয়নীয়ে উঠি বহি আকৌ হুৰাও-ৰাওকৈ কান্দিবলৈ ধৰে । সুন্দৰৰ ফালে চাই চাই মোৰ জীয়াৰীক কি কৰিলা-কত মাৰিলাগৈ-অ মোৰ কাঞ্চন তোক কত হেৰুৱালো মই কান্দি কান্দি ঢাল খাই পৰি যায় ৰাজমাও লিগিৰিহঁতে দাঙি লাহে লাহে খোজ কঢ়াই লৈ যায় । অলপ পৰ পাছত বাহিৰত কন্দাৰ শব্দ শুনা যায়- তাৰ পাছত সকলো নিতাল হয় । সুন্দৰে আহি পালেঙত বহে, আৰু মূৰে-কপালে হাত দি কিবা ভাবিবলৈ ধৰে । তাৰ পাছত সুন্দৰে ঘোৰ অশান্তি পাই, ছাটি-ফুটি কৰি পালেঙৰ পৰা উঠি ইফালে-সিফাল কৰি আকৌ পালেঙত দীঘল দি পৰি থাকে সুদৰ্শন ওচৰৰে মূঢ়া এটাত বহে আৰু ধূপ কাঠি এডাল, ওলমি থকা চাকিত লগাই এখন শৰাইত থয় । ধূপৰ ধোঁৱাৰ সুগন্ধত সুন্দৰে অলপ অলপ অস্বস্তি বোধ কৰা যেন কৰি হঠাৎ উঠি সুদৰ্শনৰ চকুৱে চকুৱে চাই )
সুন্দৰ-বন্ধু-এই কথাবোৰৰ বিষয়ে তুমি কি ভাবা ?
সুদৰ্শন-কি কথা ?
সুন্দৰ-শেৱালিৰ সতে মোৰ এনে-
সুদৰ্শন-বুজিছো(মিচিককৈ হাঁহে)
সুন্দৰ-হাঁহিলা দেখোন ।
সুদৰ্শন- এৰা ।
সুন্দৰ-(প্ৰশ্নসূচক দৃষ্টিৰে আৰু কৌতুহল পূৰ্ণ ভাৱেৰে সুদৰ্শনলৈ চাই ৰৈ থাকে )
সুদৰ্শন-তুমি শেৱালিক আন লিগিৰিতকৈ মৰম কৰা ?
সুন্দৰ-কৰো নেকি ?
সুদৰ্শন-তুমি যেই-সেই কামতে শেৱালিকহে মাতা ?
সুন্দৰ-জানো বলা
সুদৰ্শন-আন লিগিৰিতকৈ তাইৰ সতে কথা-বতৰা সৰহ  ?
(সুন্দৰে যেন কিবা মনত পেলাব খুজিছে এনে ভাৱ ধৰে । )
সুদৰ্শন- লিগিৰিবোৰৰ সতেতো তুমি ঠাট্ৰা-মস্কৰা বা ৰং ধেমালি নকৰা ?
সুন্দৰ-নিশ্চয় নকৰো ।
সুদৰ্শন- কিন্তু শেৱালিৰ সতে মাজে মাজে-
সুন্দৰ-কৰোনেকি ?
সুদৰ্শন- সেই বিষয়ে তোমাৰ সন্দেহ আছে ।
সুন্দৰ-পিছে কৰিলোৱেই যেনিবা ।
সুদৰ্শন- বন্ধু, পিছে সেই যেনিবায়েই কথা কেনিবা নিছেগৈ ।
সুন্দৰ-কেনেকৈ
সুদৰ্শন-তেনেকৈয়ে সেইবোৰেই প্ৰতীয়মান কৰাইছে যে তুমি শেৱালিলৈ আসক্ত
তিৰোতাৰ মানুহৰ কথা, তাকে লিগিৰী টোলত বঢ়াই নি নি মাখিটোকে হাতীটো যেন কৰিলে, এতিয়া সেই হাতীটোৱে বনৰীয়া হৈ গাঁও নগৰ হাবি বন গোটেইখন মহটিয়াই ফুৰি উৎপাতৰ সৃষ্টি কৰিছে ।
সুন্দৰ-হুঁ (বুলি মৌন হয়)
সুদৰ্শন-(কিছুপৰ মনে মনে থাকে) আৰু এটা কথাও । এই বিষয়ে আজি কিছু দিনৰ পৰা মোৰ ঘোৰ সন্দেহ হৈছে ।
সুন্দৰ-কি ?
সুদৰ্শন-(সৰুকৈ) শেৱালিয়ে তোমাক ভাল পায় ।
সুন্দৰ-(টোপনিৰ পৰা সাৰ পোৱাৰ দৰে) লিগিৰি এজনীৰ ইমান স্পৰ্ধা ! কেনেকৈ ? কেনেকৈ ?
সুদৰ্শন-ভালপায় মানে তোমালৈ আকাংখা নকৰে । জোনটোক যেনেকৈ মানুহে ভাল পায়,কিন্তু তাক পাবলৈ আকাংক্ষা নকৰে , পোৱা অসম্ভৱ বুলি জানে, কিন্তু তাৰ শীতল কিৰণত ফুৰি আনন্দ পায়, সেইদৰে তাইয়ো তোমাক পাবলৈ কেতিয়াও আকাংক্ষা নকৰে, কিন্তু তোমাৰ মৰমৰ উমনি সপোন দেখি বলিয়া হৈ থাকে ।
সুন্দৰ-তিৰোতাই ভাল নেপায়-মিছা কথা ।
সুদৰ্শন-সেই বিষয়ে মই তৰ্ক কৰিবলৈ নাযাওঁ । মাত্ৰ মোৰ সন্দেহৰ কথাটো কলো । সময়ত সকলো কথা তল পৰি যাব , আৰু মানুহে পাহৰি যাব । সেই কাৰণে এইবোৰলৈ তুমি বৰকৈ কাণ নিদিবা ! কথাটো বৰ নাভূত-নাশ্ৰূত হল-সমাজত আলোড়ন হবই আৰু মানুহে গুৰি বিচাৰি স্বাভাৱিকতে ফুৰিবই । দুদিনৰ পাছত আকৌ পাহৰি পেলাব-লেঠা ছিগিব ।
সুন্দৰ-হু,(সুন্দৰে যদিও দেখাতে সেই বিষয়ে নমতা হয় তথাপি মনৰ ভিতৰত সেইবোৰ কথা যে পাগুলিবলৈ আৰম্ভ কৰিছে তাক মুখৰ ভাৱত বেছ বুজিব পৰা হয় )
সুদৰ্শন-বন্ধু, এতিয়া নিশাও হলহি-তুমি শুবলৈ দিহা কৰা । ময়ো য়াওঁ । কাইলৈ পুৱা আকৌ বাৰু কথা পাতিমহি । (এই বুলি সুদৰ্শন উঠে)
সুন্দৰ-নহয় বন্ধু , অলপ বহা, মোৰ মনটো কেনেবা কেনেবা লাগিছে । এটা গীত গোৱা, তাৰ পাছত যাবা ।
সুদৰ্শন-হয়নেকি বাৰু তেন্তে । কোন আছে সেউজী, টোকাৰীখন লৈ আহচোন (সেইজীয়ে অলপ পাছতে টোকাৰীখন লৈ আহে , সুদৰ্শনে লৈ গায়)

মোৰে জীৱনৰে সখা কৃষ্ণ তই
মোৰে জীৱনৰে সখা কৃষ্ণ ।
মোৰে জীৱনৰে সখা কৃষ্ণ তই
বজাৱ কি সূৰে বেণু ।
কপালকে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ?
পুৱতি নিয়ৰে, সানে চৰণতে
শুকুলা মুকুতাৰ বেণু
তোৰ শ্যামল গাতে কোনে
চন্দন পিন্ধালে
তোৰ ফুল কুমলীয়া তনু
বজাৱ সোণৰে বেণু কৃষ্ণ তই
বজাৱ সোণৰে বেণু ।
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
সুৰৰে জিঞ্জিৰি
(গীত শেষ হলত সুদৰ্শন উঠে )
সুদৰ্শন-তেন্তে  বন্ধু তুমি শুবলৈ দিহা কৰা । মিছা চিন্তাবোৰ কৰি নাথাকিবা । মই যাওঁ ।
(সুন্দৰে আনমনা হৈ বাৰু বুলি কয় । সুদৰ্শন লাহে লাহে ওলাই যায়গৈকিছুপৰ ৰ পাছত সুন্দৰ পালেঙৰ পৰা উঠি বৰ উদ্বিগ্নতাৰে কোঠাটোত অহা-যোৱা কৰি থাকে ।  তাৰ পাছত পালেঙত বহি , কিবা এটা অৱসাদত ভাগৰি পৰাৰ দৰে, ভৰি ওলোমাই থৈ পালেঙত পৰি থাকে । অলপ পৰৰ পাছত শেৱালিয়ে ৰূপৰ কাঁহী এখনত এটা ৰূপৰ বাণ-বাটিত  তপত গাখীৰ আনি কোঠাটোত সোমায়হি আৰু সুন্দৰক সেইদৰে পৰি থকা দেখি থমক খাই ৰয় । তাৰ পাছত থৰক-বৰক কৰি সুন্দৰৰ ওচৰৰ মূঢ়া এটা কাঁহীখন থৈ তলমূৰ কৈ)
শেৱালি-ডেকা কোঁৱৰ, তপত গাখীৰ ৰাজমাৱে পঠাই দিছে ।
(সুন্দৰ গিৰিপ কৰে বিছনাত উঠি বহে আৰু শেৱালি দুখোজমান পাছলৈ হুহকি যায়)
সুন্দৰ-(তীব্ৰভাৱে শেৱালিলৈ চাই কৰ্কশ স্বৰে) । আই দেউতাই তোৰ হাততে পঠাই দিছেনে ?
শেৱালি-(কওঁ নকওঁকৈ) নহয়, ৰাজমাও দেউতাই শোৱনি ঘৰ সোমোৱাৰ আগতে চাংমাইক কোঁৱৰলৈ তপত গাখীৰ পঠাবলৈ কৈ গৈছিল-পিছে চাংমাইয়ে মোৰ হাততে পঠাই দিছে ।
(সুন্দৰ মনে মনে থাকে । শেৱালিয়ে নমতা-নোবোলাকৈ কিছুপৰ ওচৰতে থিয় দি থাকি এখোজ দুখোজকৈ ওলাই যাবলৈ ধৰে । সুন্দৰ ঘপহ কৰে থিয় হৈ)
সুন্দৰ-শেৱালি, এই ফালে আহ ! ( শেৱালি আচৰিত হৈ উভতি আহে । আৰু সুন্দৰৰ মুখ ৰঙা পৰে ) দুৱাৰখন জপাই আহ । (শেৱালিয়ে কি কৰো কি নকৰোকৈ থৰক-বৰক কৰি দুৱাৰখনৰ ফালে যাওঁ নাযাওঁ কৈ সুন্দৰৰ মুখলৈ চাই থাকে ।)
সুন্দৰ-(অলপ খঙেৰে)দু-ৱাৰ-খ-অন জপাবলৈ কৈছো নহ-য়ই ।
(শেৱালি কিংকৰ্তব্যবিমূঢ় হৈ নীৰৱ নিস্পন্দ হৈ শিলামূ্ৰ্তিৰ দৰে মাথো সুন্দৰৰ মুখলৈ চাই থাকে ) তই শুনিছ নে- নাই
( শেৱালিয়ে খৰকৈ গৈ দুৱাৰ জপাই আহি নিৰীহভাৱে থিয় দি থাকে । সুন্দৰ ওচৰলৈ আহি আক্ৰমণৰ ভাৱেৰে )
তই এইদৰে যতে ততে এইবোৰ কি কথা উলিয়াই ফুৰিছ ?
শেৱালি-মইনো কি উলিয়াম ?
সুন্দৰ-মানুহে এইবোৰ কথা কৰপৰা কবলৈ পাইছে ?
শেৱালি-জানো মানুহে এইবোৰ কিয় উলিয়াইছে ।
(সুন্দৰে শেৱালিৰ মুখৰ ভাৱ লক্ষ্য কৰি পাছ হুহকি পালেঙত বহি)
সুন্দৰ-শেৱালি তই মোক ভাল পাৱনে ?
শেৱালি-(স্বাভাৱিকভাৱে) পাওঁ কোঁৱৰ ।
সুন্দৰ-(উগ্ৰ হৈ) মোক ভা-ল পাৱ ?
শেৱালি-(ভয় খাই নমতা হয়)
সুন্দৰ-(আত্ম সম্বৰণ কৰি) কিয় ? কিয় ভাল পাৱ ?
শেৱালি-এনেয়ে ভাল পাওঁ ।
সুন্দৰ-(তীব্ৰতা আৰু ঘৃণাৰে)এনেয়ে পাৱ- ? কেতিয়াও নহয় । ভাল পাৱ ? এনেয়ে ? এনেয়ে ? মই-মই তোৰ তিৰোতাৰ লুইত মান ফেনেফোটোকাৰে বোৱা আকাংক্ষাৰ ভালকৈ সোণ-ৰূপ-মণি মুকুতাৰে যোগান ধৰিব পাৰিম বুলি । সেইকাৰণে-সেই কাৰণে ভাল পাৱ ? তিৰোতা তিৰোতাই ভাল পোৱা দিব ! স্বাৰ্থ অগ্নিত ভাল পোৱা পুৰি ভস্ম কৰি ছাইসোপা আনি আগত ধৰি কৈছে, হোৱা এয়া ভাল পোৱা আৰু আমি পুৰুষে সেই ছাইখিনিকে গাত সানি সকলো পাহৰি প্ৰণয়ন ধুনি জ্বলাই তিৰোতাৰ প্ৰেমৰ বৰাগী
(শেৱালিয়ে একো বুজিব নোৱাৰি তবধ লাগি থাকে । )
তই মোক এনেয়ে ভাল নাপাৱ । ভাল পোৱাৰ ছাই তহঁতে পুৰুষৰ চকুত মাৰি পুৰুষক কমা-মুনা কৰ, পুৰুষক ভুৱা দিয়া মায়াবিনী ।
(এই বুলি সুন্দৰ শেৱালিৰ ওচৰলৈ চোঁচা মাৰি যোৱাদি যায় আৰু শেৱালি পাছ হুহকি যাওঁতে মেখেলাত গচকা খাই পৰে )
সুন্দৰ-(তাচ্ছিল্যৰে) এনেয়ে ভাল পাৱ ! এনেয়ে ভাল পাৱ !
(শেৱালিয়ে কান্দিবলৈ ধৰে )
এনেয়ে ভাল পাৱ ? এনেয়ে ?
শেৱালি-(কান্দি কান্দি) পাওঁ । এ-নে-য়ে । (কান্দে)
সুন্দৰ-মিছা-মিছা মিছা ।
শেৱালি-(বৰকৈ উচুপি উচুপি ) পা-ওঁ-এনে-য়ে ।
(সুন্দৰে বিৰক্তি আৰু ঘৃণাৰে শেৱালিলৈ চাই আহি পালেঙত বহেহি । শেৱালিয়ে কান্দি কান্দি উঠিবলৈ ধৰে । সুন্দৰে তীব্ৰভাৱে চাই থাকে । তাৰ পাছত সুন্দৰে খঙেৰে শেৱালিৰ ওচৰলৈ আহি তাইৰ বাহুত ধৰি থিয় কৰি দুৱাৰৰ ফালে হেচোক মাৰি পঠায় । তাই পৰিবলৈ ধৰো ধৰো হৈ ৰয়গৈ । উচুপি উচুপি এখোজ দুখোজ কৈ ওলাই যায়গৈ । সুন্দৰে থৰ লাগি তাইৰ ফালে চাই থাকি পাছ হুহকি আহি পালেঙৰ ওচৰত ৰয়হি । লাহে লাহে সুন্দৰৰ উগ্ৰ মুখখন কুমলি আহে । কিবা এটা কাৰুণ্যই সুন্দৰক জুমুৰি দি ধৰেহি । সুন্দৰ কৰুণ কোমল ভাৱত অভিভূত হৈ পৰে দীঘলকৈ উশাহ লৈ পালেঙত বহে । আৰু কিবা এক ভাৱত থাকি দুই হাতেৰে নিজে নজনাকৈয়ে যেন পালেঙৰ কা
পোৰবোৰ সামৰি-সুতৰি আনি বুকুৰ মাজত সাৱটি ধৰি দীঘলকৈ হুমূনিয়াহ পেলায় )  

                               দ্বিতীয় দৰ্শন



(কাৰেঙৰ লিগিৰিটোলৰ এটা কোঠা । আন্ধাৰ । সাজ-সজ্জা বা বেৰা একো আন্ধাৰত দেখা নগৈছিল । ওচৰৰ আনটো কোঠাৰ দুৱাৰেদি চাকিৰ অলপ অলপ পোহৰত মাত্ৰ মানুহ বা আন বস্তুৰ চকামকাকৈহে আকৃতি-প্ৰকৃতি চিনা গৈছিল । তাত কেইজনীমান লিগিৰী সুদা মাটিতে শুই থকা দেখা গৈছিল এনেতে এজনী লিগিৰি এন্ধাৰে মুন্ধাৰে আহি আন এজনী লিগিৰিক জগোৱা দেখা যায় আৰু ফুচফুচকৈ কথা পতা যেন দেখা যায় । তাৰ পিছত এজনী শোৱাৰ পৰা উঠা যেন দেখা যায়; উঠি দুইজনী ৰং মনেৰে কিছু আগ ভাগলৈ আহে-শেৱালি আৰু সেউজী । শেৱালিৰ বাহুত ধৰি সেউজী)
সেউজী-(অলপ সৰু মাতেৰে) শেৱালি তই ভয় নকৰিবি । তোক ৰাজমাৱে কিবা ভিতৰুৱা কথা শুধিবলৈহে মাতিছে
শেৱালি-(বৰ ভয় খোৱা যেন হৈ) সেউজী মোৰ ভয় লাগিছে । ৰাজমাও দেউতাই এইদৰে এনে নিশা কোন কাহানিও মাতি পঠোৱা নাই ।
সেউজী-নাই-নাই এইবোৰ নানান কথা ওলাইছে নহয়-সেই বিষয়ে হব পায় ।
শেৱালি-নহয় নহয়, মোৰ বৰ ভয় লাগিছে, ৰাজমাৱে মোক কিবা কৰিব ।
সেউজী-নাই নাই মইয়ো যাম লগতে ।
শেৱালি-আহ সেউজী মোক নেৰিবি-অ সেউজী, আজি কেইদিনমানৰ পৰা মোৰ সোঁ চকু সোঁবাহু বৰকৈ লৰি আছে । বৰ ভয় লাগিছে ।
(কন্দাৰ দৰে শেৱালিয়ে কুঁকুৱাই )
সেউজী-কেলৈ মিছাকৈয়ে ভয় কৰিছ ? আহ-একো নকৰে আহ ।
(সেউজীয়ে বাহুত ধৰি শেৱালিক লৈ যায় ; শেৱালি যাওঁ নেযাওঁকৈ বৰ অনিচ্ছাৰে অথচ বাধ্যত পৰি যোৱাৰ দৰে যায় । আনটো কোঠাত থকা চাকিটো সিহঁতে লৈ যোৱাগৈ বাবে এতিয়া এই কোঠাটো সমূলি আন্ধাৰ হৈ পৰে ।)

                                  তৃতীয় দৰ্শন


(ৰাজকাৰেঙৰ এটা কোঠা । সুন্দৰ কোঁৱৰ আৰু সুদৰ্শনে কিবা পুথি এখন লুটিয়াই-পুটিয়াই চাই আছিল । সুন্দৰে নিৰ্বিকাৰভাৱে হাঁহিছিল আৰু বপুৰাৰ লগত কথা পাতি আছিল যদিও মাজে মাজে বৰ উদ্বিগ্ন হৈছিল । বপুৰাই সুন্দৰৰ ওচৰতে বহি কথা পাতিছিল ।)
সুন্দৰ-(হাঁহি) বপুৰা তোৰ বাৰু তিৰোতালৈ এনে বিৰাগ কিয় জন্মিল ?
বপুৰা-কোঁৱৰ, তিৰোতা জাতিটো বৰ খেচ জাতি । সংসাৰৰ কথা-বতৰা নিজেও নুবুজে, আনে বুজালেও কিবাখন খেলি মেলি কৰি বুজাকো বিমোৰত পেলায়-অলপো যদি মৰম বুজে কিনো কম কোঁৱৰ !
সুন্দৰ-কেলৈ তই দেখোন বিয়া কৰোৱাৰ আগেয়ে তিৰোতা লাগে লাগে বুলি হামৰাও কাঢ়ি মৰিছিলি । এতিয়া কি হল আকৌ ?
বপুৰা-এৰা কোঁৱৰ, কাঢ়োঁতে কাঢ়িছিলোঁসোণত সুৱগা চৰোৱা গাৰ বাকলিখন-ডালিমগুটিয়া দাঁতকেইটিয়েদি মাঘৰ বিহুৰ মেজিৰ খৰিৰ মাজেদি ওলাই অহা জুইৰ নিচিনা বুকু পুৰি ভস্ম কৰা হাঁহিটো দেখি । বতাহে কোৱোৱা বিৰিণা সুহুৰি যেন মিঠা মাতটো শুনি । পিছে কি হ? এনে টেঙৰ জাত ঐ মোৰ গোসাঁই ! আগেয়ে সেইখন দেখুৱাই কিনো কম কোঁৱৰ, বিয়াৰ কেইদিনমানৰ পাছতে,-সেইবোৰ নো কোন মেৰতলিত লুকুৱালে সেইয়া ভগৱতী গোসাঁনীয়েহে জানে । মানুহ বুলিয়েই নাভাৱে নহয় কোঁৱৰ !
(সুন্দৰ আৰু সুদৰ্শনে হাঁহে)
সুদৰ্শন-কি বুলি নো ভাবে অ তোক ?
বপুৰা- হে হৰি ! কি বুলি ভাবিব নো ? গুটি ধানৰ ভঁড়ালটো বুলি ।
(সুন্দৰ আৰু সুদৰ্শনে হাঁহে)
সুদৰ্শন-বাৰু বপুৰা , তোৰ তিৰোতাজনী তেনে হল বুলিয়েই আটাইবোৰ তেনে হব বুলি কিয় ভাবিছ ?
বপুৰা-এটা ভাত পিটিকি চালেই বুজি নহয়, গোটেই চৰুটো সিজিছে নে নাই ।
সুদৰ্শন-বাৰু, তই তিৰোতাবোৰক ভাতৰ লগত নিৰিজাই এপাছি সুমথিৰা টেঙাৰ সতেনো নিৰিজাৱ কিয় ? তাৰে এটা গেলা পালে গোটেই পাছিটো জানো গেলা পাবি ?
বপুৰা-(কিছুপৰ ৰৈ) হওতে হয় কথাটো । এৰা- মোৰেই কিবা পোকে খোৱা ভাগইসেই গেলা সুমথিৰাটোতহে আকৌ হাতত পৰিলগৈ । মোৰ কপালখনো কপাল নহয়,বিধতাৰ চোঁতাল হবলা । তাত বিধতাই ওলাওঁতে এগচক সোমাওঁতে এগচক মাৰি দুবৰিবোৰতো খাস্তাং কৰিলেই তাৰ উপৰিও বোকা তুলিলে । দুখীয়াৰ কপাল চোঁতাল হলে এয়েই হয় , ধনীৰ কপাল বিধতাৰ চোঁতাল হলে আকৌ বিধতাই তাত মৰণা মাৰি ভালকৈ গুটি ধান পেলাইহে যায় ।
সুন্দৰ-বপুৰা তই দেখোন এইবোৰ বৰ ভাল কথা কৈছ একা । কতনো শিকিলি ?
বপুৰা-মোৰ ঈশ্বৰ ! সৰুতে পঢ়াশালিত পঢ়িবলৈ নহল । ক টোৰ চুককেইটা তাৰে উৱাদিহ নাপাওঁ পিছে এতিয়া বুঢ়া কালত আমাৰ শ্ৰীমতীয়ে যিখন পঢ়াশালি পাতিছেহি তাত শিকোৱা কথাৰ ভৰত বপুৰাৰ ৰাজহাড় ভেমেছা । আৰু কিছু শিকিলে বা কি হয় ? কথাফাকি এইদৰে কলেহে শুনিবলৈ ভাল হয় বোলে-
ল বপুৰা গল বিয়া কৰাবলৈ গ
শ্ৰীমতীৰ লগ পাই ডেকা বপুৰাকাই
ষাঠি বছৰীয়া হল ।
(সুন্দৰ-সুদৰ্শনে বৰকৈ হাঁহে )
সুন্দৰ-বপুৰা, বাৰু যাচোন শেৱালিক ভালকৈ তামোল দুখনমান আনিবলৈ কগৈ । (বপুৰাই উচপ খাই উঠে আৰু নুঠি বহি থাকি সুদৰ্শনৰ ফালে টহ্ টহ্ কৰে চাই থাকে)
কি হ? নাযাৱ কিয় ?
বপুৰা-(বৰ চঞ্চল হৈ ) আইদেউতাই-শেৱালিক কোঁৱৰৰ ওচৰলৈ আহিবলৈ হাক দিছে নহয়-ময়েই আনোগৈ ।
সুন্দৰ-(খংমুৱা হৈ) কেলৈ ,তাইৰ কি দোষ-তাই কেলৈ মোৰ ওচৰলৈ নাহিব ? যা তাইক- (মাতে)লিগিৰি ! কোন আছ ? শেৱালি ?
(ৰেৱতী সোমাই আহে)
ৰেৱতী-কিবা ডেকা কোঁৱৰ ?
সুন্দৰ-শেৱালি কতা ? (ৰেৱতী মাতিব নোৱাৰা হৈ ৰঙা পৰে) শেৱালিক মাতি আনচোন
ৰেৱতী-আইদেউতাই-
সুন্দৰ-নেলাগে মোক আইদেউতাৰ কথা-মই মাতিছো বুলি কগৈ । (ৰেৱতী নগৈ ৰৈ থাকে ) নাযাৱ কিয়
ৰেৱতী-আইদেউতাই খং-
সুন্দৰ-মই-মই-মই মাতিছো যা, মাতি আন ।
(এইবাৰ ৰেৱতী বেবুৱা হৈ যায়গৈ)
সুন্দৰ-এতিয়া শেৱালিৰ গাতহে জগৰ লাগিলগৈ । মিছাকৈয়ে নিৰপৰাধী ছোৱালীজনীক এনে অত্যাচাৰ কৰিছে ।
সুদৰ্শন-তুমিও নো ইমান অঁকৰা হৈছা কিয় ! ৰাজমাও দেউতাই তাইক আহিবলৈ হাক দিছে যেতিয়া আন লিগিৰিয়ে আল-পৈচান ধৰক ।
সুন্দৰ-কেলৈ তাইক মোৰ ওচৰলৈ আহিবলৈ নিদিব ? মিছা ধাৰণা এটা কেলৈ মূৰত সুমাই থব ?
সুদৰ্শন-কিন্তু তুমি এনে অঁকৰা হলে মানুহে কবলৈ আক-
সুন্দৰ-কওক-কওক সেয়ে বুলি যদি ভাবিছে তেন্তে মই-মই
সুদৰ্শন-এই বলিয়ালিখন নকৰিবা ।
সুন্দৰ-কিহে তুমিও সেই । বলিয়ালিকে কৰিম ।সমাজে এনেকৈ মিছা গোজ পুতি ধৰি থাকিব । বপুৰা-যা শেৱালিক মাতি আনগৈ ।
বপুৰা-কেলৈ নামাতিম মোৰ স্বৰ্গদেৱ-তাইক মই এতিয়াই তামোল-পানৰ বটাৰে-
(এই বুলি বপুৰা গৰ্বৰে তাৰপৰা উঠি যায় ।)
সুদৰ্শন-সুন্দৰ তুমি কিছুমান আলগতিয়াল কথাৰ ওপৰত ইমান কিয় বল কৰা মই নুবুজো ।
সুন্দৰ-অতি লাগতিয়াল । (বুলি আৰু একো নকৈ খংমুৱা হৈ মনে মনে থাকে । দুয়ো এইদৰে কিছুপৰ থকাৰ পাছত সুন্দৰ অধৈয্য হৈ-) বপুৰা ! বপুৰা ! (কাৰো মাত নাহে ) ৰেৱতী ! শেৱালি ! (কাৰো মাত নাহে ।) কোন আছে ? কোন আছে ? (সুন্দৰ থিয় হৈ ) বপুৰা ! বপুৰা ! (বপুৰা লৰি সোমায়হি ) কতা শেৱালি কতা ?
বপুৰা-জানো কোঁৱৰ , বিচাৰিছো দেখোন ! ৰেৱতীয়ে লিগিৰী টোলত চাবলৈ গৈছে ।
সুন্দৰ-অথনিৰে পৰা ইমান পৰ কিয় হৈছে ? ৰেৱতী ! ৰেৱতী ! (এনেতে ৰেৱতী চুচুক-চামাককৈ সোমাই আহে) পালি নে নাই শেৱালিক ?
(ৰেৱতীয়ে উত্তৰ দিবলৈ অলপ থোৰোগেঁথো কৰে, এবাৰ তলমূৰ কৰে-এবাৰ বপুৰালৈ চায় ।)
ৰেৱতী-ডেকা কোঁৱৰ শেৱালি লিগিৰী-টোলত নাই ।
(সুদৰ্শনে এতিয়া নিৰ্বিকাৰ ভাব এৰি কথাবোৰলৈ ভালকৈ কাণ দিয়ে ।)
সুন্দৰ-কলৈ গ ?
ৰেৱতী-জানো কব নোৱাৰো ।
সুন্দৰ-(ৰেৱতীৰ ভৰিৰ পৰা মূৰলৈকে তীক্ষ্ণ ভাৱে চাই) তই ভালকৈ কথা কব পৰা নাই কিয় ? কথা যেন ওঁ (অলপ কিবা ভাবি সন্দেহ কৰা যেন কৰে ) শেৱালি কাৰেঙৰ হাউলিৰ ভিতৰত আছেনে নাই ?
ৰেৱতী-(কঁপা মাতেৰে) ক-ৱ নোৱাৰো ।
সুন্দৰ-(বৰ আচৰিত হৈ) কি ! বৰ আচৰিত কথা । এনে কথাটো কেতিয়াও হোৱা নাই । (সুদৰ্শনলৈ চাই ) বন্ধু শুনিছা নে নাই ? শেৱালি বোলে কাৰেঙত নাই ! হঠাৎ কিয় নোহোৱা হ ? হুঁ বুজিছো-(মূৰ দুপিয়াই) মই বুজিছো এই বপুৰা ! ৰেনতী ! মোক শেৱালিক বিচাৰি আনি দিব লাগিব । ৰাজমাও দেউতাক সোধ- শেৱালি কলৈ গ?
সুন্দৰ-শেৱালি কলৈ গ ? (ৰাজমাও লাহে লাহে সোমাই আহোতেই সুন্দৰে ৰাজমাওলৈ বাঘে চোৱাদি চায় ।)
ৰাজমাও-(অতি ৰূঢ় হৈ) শেৱালিক তোক কেলৈ ?
সুন্দৰ- (আগতকৈ ডাঙৰকৈ) শেৱালি কলৈ গল কোৱা ! (ৰাজমাৱে বাঘিনীৰ দৰে সুন্দৰৰ ফালে ঘৃণাৰে চাই নামাতি ৰৈ থাকে )
সুন্দৰ-(বপুৰা আৰু ৰেৱতীক) কলৈ গ ? (ৰেৱতী আৰু বপুৰাই নামাতে) ক-লৈ গল নক-ৱ কিয় ? (বুলি বপুৰাক বাফসিত ধৰি জয়ঘণ্টা লৰাই জোঁকাৰি ) কিয় ? কি-কি-কিয়-অ
বপুৰা-(লটি-ঘটি হৈ ) হে মোৰ ঈশ্বৰ, মই মই নাজানো ।
(সুদৰ্শন উঠি সুন্দৰক ধৰে)
সুন্দৰ-জান জান জান ! এই কাৰেঙৰ আটাইবোৰেই জানে ? আটাইবোৰেই (পগলাৰ দৰে) এই কোন- কোন-মাত-মাত আটাইবোৰ মানুহকে মাত (বপুৰা লৰ মাৰি ওলাই য়ায় সুন্দৰৰ চিঞৰ শুনি ,মানুহ তিৰোতা লিগিৰা-লিগিৰী আহি তাত ওলাই ত্ৰাসত উদ্বিগ্ন হৈ ৰৈ থাকে । সুন্দৰে আটাইবোৰলৈ চাই)শেৱালি কলৈ গ? (আটাইবোৰে একেলগে আমি কব নোৱাৰো )( প্ৰত্যেকটো আখৰত জোৰ দি) পা-ৰি-ব-লা-গি-ব । নহলে মই তহঁতক কঠোৰ শাস্তি বিহিম মই অসুন্দৰ হম-এনে অমানুষিক-অসুন্দৰ হম-মই বপুৰা ! বপুৰা ! চাওডাং বৰুৱাক মাত-তুৰন্তে এতিয়াই
(সুন্দৰ খঙত থৰ থৰ কৰে কঁপি থাকে । সুদৰ্শন কিংকৰ্তব্যবিমূঢ়)
ৰাজমাও-(সুন্দৰক) তোৰ-মূৰত কি সোমাইছে । জগতত নকৰা কাম কৰিলি । নিজৰ বিয়া কৰোৱা তিৰোতাক আনৰ হাতত গতাই দিলি । ৰাজ-বংশৰ মুখত আলান্ধু সানিলি, নিজৰ মান মৰ্যদা সকলোৰে মূৰ খালি, বুঢ়াগোঁহাইৰ বুকুত শেল দিলি । ৰাজঘৰ ৰাইজৰ হাঁহিয়াতৰ পাত্ৰ কৰিলি । সমাজৰ ৰীতি, ধৰ্মাৰ্ধৰ্ম সকলো জলাঞ্জলি দিলি । এতিয়াও তোৰ লাজ নহল । তই নিলাজ পাপিষ্ঠ । এতিয়া আকৌ লিগিৰীজনীৰ কাৰণে বলিয়া হৈছে ?
সুন্দৰ-বৰ ভাল হৈছো । শেৱালি কলৈ গ? শেৱালিক তুমি কি কৰিলা ?
ৰাজমাও-মই শেৱালিক মাৰিলো বা কাটিলো যিয়েই কৰিলো ।
সুন্দৰ-যিয়েই কৰিলো বুলিলে নচলিব আই মাতৃ ।
ৰাজমাও-চলিব লাগিব । মোৰ কথা তই শুনিব লাগিব ।
সুন্দৰ-নুশুনু-নুশুনু নচ-লো । শেৱালিক যদি লুকুৱাই থৈছা উলিয়াই দিয়া । খেদাই দিছা যদি ওভোতাই আনা । নিৰ্বাসিত কৰিছা যদি সেই আজ্ঞা ৰদ কৰা । অঙ্গক্ষত কৰিছা অঙ্গ দি আনা । প্ৰাণে মাৰিছা যদি তুমি তুমি তাইৰ প্ৰাণ দি সঞ্জীৱিত কৰি মোৰ ওচৰলৈ আনি দিয়া ।
ৰাজমাও-নহলে তই কি কৰিবি ?
সুন্দৰ-মই কি কৰিম ? তোমাৰ যি কণ মান-মৰ্যদা গৌৰৱ আছে তাকো মই ভৰিৰে গচকি নাইকিয়া কৰিম । তোমাৰ সাতাম পুৰুষীয়া ৰীতি-নীতি ভাঙি চূৰমাৰ কৰিম ।(চাওডাং বৰুৱা আহি আঁঠু লৈ ৰয়হি) চাওডাং বৰুৱা ! শেৱালি বোলা লিগিৰীজনী হেৰাইছে । তোমাৰ সকলো ৰখীয়া-পৰীয়া তাইক বিচৰোৱা কামত লগাব লাগেআৰু এই নগৰৰ প্ৰত্যেক ঘৰে ঘৰে হাবি-বননি চলাথ কৰিব লাগে । কাৰেঙৰ এই আটাইবোৰকে নি শেৱালিক কি কৰিলে কত থলে সুধি যেনে তেনে সিহঁতৰ মুখৰ পৰা কথা উলিয়াব লাগে । মই আটাইবোৰে জানো-গোটেই কাৰেঙৰ ইয়াত যোগ আছে ।
ৰাজমাও-(দৃঢ়তাৰে) সুন্দৰ, তই কাৰেঙৰ ভিতৰলৈ শেৱালিক সুমাব নোৱাৰ ।
সুন্দৰ-তুমি যদি তাকে কোৱা তেন্তে মই আৰু কৰিম । মোক শেৱালিক আনি দিব লাগিব । চাওডাং বৰুৱা, লিগিৰী-লিগিৰী, তুৰন্তে তুৰন্তে তাইক বিচাৰি উলিয়াই আন ।(ৰাজমাওক) কাৰেঙত সুমবা নোৱাৰো ? আই মাতৃ তোমাৰ এই হুকুম আমান্য কৰিম । তাকে কৰিয়েই নেৰো , তাতকৈ আৰু কৰিম তোমাৰ আজ্ঞা, সমাজৰ আজ্ঞা মোৰ উপৰি পুৰুষৰ আজ্ঞা, শাস্ত্ৰৰ বিধান, শাস্ত্ৰকাৰৰ নিবন্ধন , আটাইবোৰৰ বিৰুদ্ধে যাম । মই শেৱালিক কাৰেঙৰ ভিতৰলৈ আনিম-মই-মই তাইক বিয়া কৰাম ।(আটাইবোৰ চকখাই উঠে) আৰু-আৰু কি কৰিম জানিছানে আই মাতৃ গোটেই কাৰেঙক, গোটেই ৰাইজক তাইৰ আগত আঁঠু লোৱাম-তাইক মই কাৰেঙৰ লিগিৰি গুচাই কাৰেঙৰ কুঁৱৰী কৰিম ।



 

                            

No comments:

Post a Comment