Wednesday, 13 February 2013

কাৰেঙৰ লিগিৰী (পঞ্চম অঙ্ক )



                             পঞ্চম অঙ্ক

                              প্ৰথম দৰ্শন

(এটা ওখ টিলাৰ ওপৰত এখন অকলশৰীয়া নগা চাং । ওখ ওখ গছে ঠাই ডোখৰ ছাটি থৈছিল । বহুত দূৰণিৰ নামনিৰ দৃশ্য দেখা গৈছিল । আকাশত জোনটো ওলাই পোহৰ দি আছিল । ঠাইডোখৰ নিজান নিস্তব্ধ । নগাচাঙৰপৰা অলপ ওপৰৰ নামনিৰ  দৃশ্য চাই শেৱালি বননিত বহি আছিল । ওচৰত কেও নাছিল । শেৱালিয়ে নামনিৰ দৃশ্যৰ ফালে আৰু জোনটোৰ পোহৰ একেথৰে চাই থাকি মনতে হাঁহা যেন কৰে আৰু গুণ গুণ কৈ গায় ।)

গীত

যাউতিযুগীয়া ধনে মোৰ অ
প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত পালে পোৱা অ প্ৰাণৰ ধনে
যাউতিযুগীয়া ধনে মোৰ অ
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ
যাউতিযুগীয়া ধনে মোৰ অ
ভাবত অগণনে হুমুনিয়া
অময়া সৌন্দৰ্য জীৱন ওপচোৱা
থবলৈকে ঠায়ে নোজোৰে অ
যাউতিযুগীয়া ধনে মোৰ অ
সুখ বিনন্দীয়া মৰণতে বাকি
সৰগী সপোন টোপনিতে গঢ়ি দিলা মোক অ
যাউতিযুগীয়া ধনে মোৰ অ
বুজা-নুবুজাৰে হাঁহি কান্দোনৰে
জীৱনত পাতিলা মেলা মোৰ অ
যাউতিযুগীয়া ধনে মোৰ অ
(ৰুণুক নিধাতু খাই লৰি আহে)
ৰুণুক-দেখিছ দেখিছ বাৰু এতিয়া তয়ো মৰিবি, আমাকো মাৰিবি ।
শেৱালি-(অতি নিৰ্বিকাৰভাৱে) কিনো হ ?
ৰুণুক-তই এনেকৈ ডাঙৰ ডাঙৰকৈ গীত গাইছিলি কেলেই ? শুনিলে তই কত আছ জানিব নহয় ।
শেৱালি-জানক দে ৰুণুক ,মই আৰু জীয়াই থাকিব নোখোজো । শুনক , শুনি মোক ধৰি নি কাটি পেলাওক গৈ ।
ৰুণুক-ইহ্ ! কোনে কাটি পেলাবগৈ । এই,তই আমাৰ মিতাক চিনি নেপাৱ নহয় । সিও ভৈয়ামৰে মানুহ । বৰ ভাল মানুহ । তোক চাবলৈ আহিছে-উ মিতা আহ্ আহ্ । (অনঙ্গ সোমাই আহে । শেৱালিৰ ফালে চাই শেৱালিক চিনিব নোৱাৰি থৰ লাগি চাই থাকে । কিছুপৰৰ পাছত অনঙ্গই চিনি পায় ।)
অনঙ্গ-তই শেৱালি নহৱনে ?
শেৱালি-(অনঙ্গৰ মাত শুনি ভালকৈ চিনি পায় )হয় মোৰ ডেকা দেউতা ।
(আঁঠু লৈ হুক্-হুক্ কৰে কান্দিবলৈ ধৰে )
অনঙ্গ-তই ইয়ালৈ কেনেকৈ আহিলি ?
শেৱালি-মোৰনো কথা কি কম ? (কান্দে)
অনঙ্গ-কি হল কথাবোৰ কচোন ।
শেৱালি-ৰাজমাও দেউতাই মোক চাওডাঙৰ হাতত কাটিবলৈ পঠিয়াই দিছিল ।(মনে মনে থাকে )
অনঙ্গ-পিছে-
শেৱালি-পিছে সিহঁতে ইয়াতে এৰি থৈ গল ।
অনঙ্গ-অ সেই কাৰণে আকৌ তোক ৰজাৰ মানুহে বিচাৰি আহিছে । তোক কিয় এনেকৈ পঠাই দিলে ? (অনঙ্গ কিছুপৰ মনে মনে থাকে ) কিয় ?(শেৱালিয়ে নেমাতে ) কচোন ? (শেৱালিয়ে নেমাতে )
শেৱালি-আপোনাৰ সতে কুঁৱৰীক পঠাই দিয়া আৰু কুঁৱৰীয়ে বিহ চেলেকি মৰাৰ পাছৰপৰা-(নীৰৱ হয় ।)
অনঙ্গ-কি হ ?
শেৱালি-কাৰেঙৰ আটাইবোৰ মানুহে মোৰ কোঁৱৰৰ নানা কথা উলিয়ালে, তাতে ৰাজমাৱৰ-
অনঙ্গ-(শেৱালিৰ মনৰ ভাৱ আৰু অভিব্যক্তি ভালকৈ নিৰক্ষণ কৰি) কচোন শেৱালি সঁচা কথা ,ঈশ্বৰক সাক্ষীকৈ-সেইবোৰ সঁচানে ?
শেৱালি-(একে উশাহে অনঙ্গৰ চকুৱে চকুৱে চাই) তেনেই মিছা ।
অনঙ্গ-(তাইৰ মুখৰ ভাৱ আৰু কথাৰ গঢ় দেখি তাইক সম্পূৰ্ণ বিশ্বাস কৰি) তেন্তে সুন্দৰে একো হকা-বধা কৰা নাইনে ? তোক এনেকৈ পঠোৱা সুন্দৰে নাজানেনে ?
শেৱালি-মই কব নোৱাৰো ।
অনঙ্গ-অলপ আগত গীত তয়ে গাইছিলিনে ?
শেৱালি-(নেমাতে)
অনঙ্গ-সুন্দৰলৈ তোৰ বৰ মৰম নেকি ?
(শেৱালিয়ে উচুপি উচুপি কান্দিবলৈ ধৰে , এনেতে হুৰমূৰ কৰি হাতত আঁৰিয়া লৈ কিছুমান চাওডাং আহি তাত ওলাই আটাইবোৰকে বেঢ়ি ধৰে এইজনী শেৱালি শেৱালি বুলি চিঞৰিবলৈ ধৰে । ৰুণুক,জুনুক,ঠুনুকহঁতে ভয়তে চিঞৰিবলৈ ধৰে । অনঙ্গই কঁকালত টঙালি বানদি তৰোৱাল খাপৰ পৰা উলিয়াই তৰোৱাল দাঙে)
(বজ্ৰগম্ভীৰ মাতেৰে)তহঁতক কি লাগে ।
১ম চাওডাং-শেৱালি লিগিৰীক ।
অনঙ্গ-সজে সজে উভতি যা ।
১ ম চাওডাং-শেৱালি লিগিৰীক আমি লৈ যাম, আমাৰ স্বৰ্গদেৱৰ আদেশ । এনেয়ে নিদিলে আমি বলেৰে নিম ।
অনঙ্গ-তেন্তে (বুলি কঁকালৰ শিঙা এটা বজায়,দুৰত কিৰীলি শুনা যায়)
১ ম চাওডাং-ধৰ ককাইহঁত , তাইক ল ।
(চাওডাং আৰু অনঙ্গৰ ভিতৰত যুঁজ আৰম্ভ হয় । গোটেইখন হুৱাদুৱা লাগে । কিছুমান নগাই যাঠি-জোং লৈ তাত যোগ দিয়েহি । এই গোলমালৰ ভিতৰৰপৰা ৰুণুক,জুনুক,ঠুনুক আৰু শেৱালি আঁতৰি দূৰলৈ যায়গৈ । কেইবাটাও চাওডাং ঘাইল হয় । এনেতে সৰহ কৈ কিছুমান চাওডাঙৰ সতে এজন ৰাজবিষয়া,মূৰত পাগমৰা আৰু মুখখন চকু-নাকৰ বাহিৰে আন ঢাকি, হাতত তৰোৱালেৰে ওলায়হি ।)
ৰাজবিষয়া-কোনে ৰজাৰ মানুহত কৰ্তব্যত বাধা দিছে ?
অনঙ্গ-(আগাবাঢ়ি ) মই দিছো । কৰ্তব্যত নহয়, অন্যায়ত বাধা দিছো আৰু শেষলৈকো দিম ।
ৰাজবিষয়া-কোন,কোন তুমি ?
অনঙ্গ-যেয়ে নহলো এই ৰাজ্য তোমাৰ ৰাজ্য নহয় । ইয়াৰ ওপৰত তোমাৰ অধিকাৰ নাই । ভৈয়ামৰ অন্যায়-অধৰম পৰ্বতলৈ নুতুলিবা । যৰ মানুহ তলৈ উভতি যোৱাগৈ ।
ৰাজবিষয়া-(মুখৰ কাপোৰ গুচায়) নহয় বন্ধু অনঙ্গৰাম,অন্যায় অনা নাই,ন্যায় লগত লৈ আনিছো ।
অনঙ্গ-(বৰ আচৰিত হৈ) অ সুন্দৰ আকৌ কি নব-অভিযান ? নবসংস্কাৰেৰে অনুপ্ৰাণিত হৈ আজি এই বনৰীয়া জীৱনত ধূমকেতুৰ দৰে পৰি কিহৰ উপদ্ৰৱ সৃষ্টি কৰিবলৈ আহিছা ? ইয়াত তো সততা নাই,শাস্ত্ৰৰ বিধান নাই,ৰীতি নাই, নীতি নাই । ইয়াত কি ভাঙিবলৈ আহিলা ? এই নিৰীহ অজলা প্ৰাণীবোৰৰ অস্থিপঞ্জৰ ? এই প্ৰকৃতিৰ কোলাত বিৰল সুখত উমলি থকা প্ৰাণীবোৰৰ শান্তি !
সুন্দৰ-ক্ষমা কৰিবা বন্ধু ! শান্তি ভাঙিবলৈ অহা নাই, শান্তি বিচাৰি আহিছো ।
অনঙ্গ-কিন্তু শান্তি নেভাঙিলে যে শান্তি নোপোৱা । বাৰু কেলৈ আহিলা, শেৱালিৰ নিৰ্বাসন ৰহিত কৰিবলৈ, নহয়নে ?
সুন্দৰ-অকল নিৰ্বাসন ৰহিত কৰিবলৈ অহা নাই ।
অনঙ্গ-তেন্তে
সুন্দৰ-মোৰ কুঁৱৰী কৰিবলৈ ।
অনঙ্গ-(ডাঙৰকৈ হাঁহিবলৈ ধৰে গোটেই পৰ্বত জনজনাই যায়) হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ তেন্তে লৈ যোৱা, লৈ যোৱা , শেৱালিক লৈ যোৱা । হাঃ হাঃ হাঃ আহা, আহা, আজি মোৰ অতিথি হোৱাহি । কাইলৈ শেৱালিক লৈ যাবা । আহা আহা ।
সুন্দৰ-ইমান হাঁহি কিয় বন্ধু ?
অনঙ্গ-বহুত দিন হাঁহিব পৰা নাই । আজি প্ৰাণ খুলি হাঁহিবলৈ অৱকাশ পাইছো । আহা,আহা, আহা বন্ধু ,আজি নিৰ্বাসনৰ আলহি হোৱাহি ।
(সুন্দৰক বাহুত ধৰি লৈ যায় আৰু আন আন চাওডাং আটাইবোৰ তাৰ পৰা ওলাই যায়গৈ । ৰুণুক,জুনুক,ঠুনুকে বেঢ়ি লৈ শেৱালিক সাবটি ধৰি এখোজ-দুখোজকৈ আঁতৰি থকা ঠাইৰ পৰা আহে ।)
ৰুণুক-তেন্তে মইনা তোক কাইলৈ লৈ যাবগৈ । তই কুঁৱৰী হবিগৈ ?
শেৱালি-(আনমনা হৈ ) মই কুঁৱৰী নহওঁ, তহঁতৰ লগতে থাকিম ।
ৰুণুক-কেলৈ কুঁৱৰী নহবি ? কুঁৱৰী হবলৈ পালে ইমান-ৰজাৰ লৰালৈ তোৰ জানো মৰম নাই ।
শেৱালি-(হাঁহি) ওঁ ওঁ (মূৰ জোঁকাৰে) সেই সেই কাৰণেই বুজিছ ৰুণুক মই কুঁৱৰী নহওঁ ।
ৰুণুক-ইহ্ ! বৰ আচৰিত কথা দেখোন । মৰম আছে যদি হবহে লাগে ।
শেৱালি-ৰজাৰ লৰাই মোক কুঁৱৰী পাতিলে ৰজাৰ ডাঙৰীয়া সকলে কোঁৱৰক ৰজা ভাঙিব । আৰু মৰোৱাই পেলাব পাৰে বুজিছ ।
ৰুণুক-(চকু টেলেকাকৈ চাই থাকে) হয়নেকি ?
শেৱালি-ওঁ
ৰুণুক-তেন্তে তই ইয়াতে থাকিবি । ৰজাৰ লৰাকো কাটিব,তোকো কাটিব গলে । নালাগে যাব , নালাগে যাব ।
শেৱালি-নেযাওঁ বাৰু,বল এতিয়া ৰাতি হল ।
(দূৰৰ পৰা ৰূণকৰ মাকে মতা শুনা যায়)
(ৰুণুক-উ-উ-উ)
ৰুণুক-উ-উ-উ
(আটাইকেইজনী ওলাই যায়)


                                  দ্বিতীয় দৰ্শন


(নগা পৰ্বতৰ অনঙ্গ থকা গুহাৰ আগত । দুপৰীয়া । সুন্দৰ কোঁৱৰ গুহাৰ আগৰ শিল এটাত আমন-জিমনকৈ বহি আছে । ওচৰতে মাটিত কিছুমান গছৰ পাত পাৰি লৈ অনঙ্গৰাম আৰু সুদৰ্শন । তিনিওজনে ইজনৰ সৈতে সিজনে কথা-বতৰা নপতাকৈ নিজৰ নিজৰ ভাবতে বিভোল হৈ আছে ।)
সুদৰ্শন-(মূৰ দাঙি) সুন্দৰ ,তোমাৰ এই সংকল্প এৰা ।
সুন্দৰ-সুন্দৰে সংকল্প কৰে, কিন্তু সংকল্প নেৰে ।
সুদৰ্শন-কিন্তু ইয়াৰ পৰিণাম বৰ ভয়াবহ । তাক তুমি উপলব্ধি কৰিছা নে নাই কব নোৱাৰো । এনেয়ে তোমাৰ আগৰ এটি কামে ডাঙৰীয়াসকলক আৰু ৰাইজক বৰ অসন্তুষ্ট কৰি থৈছে । এই কামে মাত্ৰ সেই উমি উমি জ্বলি থকা জুইকুৰা দপদপকৈ জলাইহে দিব ।
সুন্দৰ-দিয়ক-দিয়ক মোৰ ৰাজ্য, মোৰ ৰাজপাট পুৰি ছাৰখাৰ কৰি দিয়ক ।ৰাজ্য, ধন, সিংহাসন যাওক,কেৱল মাত্ৰ মোৰ সংকল্প থাওক ।
সুদৰ্শন-নহয় নহয় ,তুমি সেই একে কথাকে কলে নহব । দেশৰ মুখলৈ চাই, প্ৰজাৰ মুখলৈ চাই তুমি-
সুন্দৰ-তেন্তে দেশ উচ্ছন্ন যাওক,প্ৰজাৰ সৰ্বনাশ হওক ।
অনঙ্গ-(বেজাৰকৈ)সুন্দৰ তোমাৰ এনে সংকল্পৰ ফলত আজি তোমাৰ এই বন্ধুৰ(নিজৰ গালৈ আঙুলিয়াই)কি অৱস্থা হল দেখিলানে ? কাঞ্চনমতীয়ে কেনেকৈ আঁচলৰ গাঁথিৰ বিহৰে তোমাৰ দণ্ডাদেশ উপেক্ষা কৰি গ ?
সুন্দৰ-দেখিলো বন্ধু আজি তোমাৰ অভিশাপত মই নিজে প্ৰাণ দি জীৱন্ত কৰি তুলিবলৈ ওলাইছো ! মই বাঘজৰি ধৰা ৰথৰ চকাৰ তলত জাঁপ দি মই নিজেই গুৰি হৈ যাবলৈ ওলাইছো । মোৰ এই সংকল্প এৰিব নোৱাৰো ।
অনঙ্গ-তোমাৰ সংকল্প সিদ্ধি হওক । অভিশাপৰ ঠাইত মই তোমাক আশীৰ্বাদ দিছো ।
সুন্দৰ-(সেইবোৰ কথা তল পেলাই হঠাতে) অনঙ্গ, সিদিনা তুমি ইমানকৈ কিয় হাঁহিছিলা ?
অনঙ্গ-তুমি হঁহুৱাইছিলা দেখি ।
সুন্দৰ-কেনেকৈ ?
অনঙ্গ-তাক তুমি ভালকৈ জানা অৱশ্যে ।
সুন্দৰ-তেন্তে শেৱালিৰে সৈতে মোৰ অবৈধ প্ৰণয় থকা তুমি বিশ্বাস কৰা ?
অনঙ্গ-বন্ধু,তাৰ বাবে মই আজি তোমাৰ ওচৰত ক্ষমা বিচাৰিছো । সি মোৰ ভুল ধাৰণা আছিল ।
সুন্দৰ-তেন্তে তুমি সেই বিষয়ে নিঃসন্দেহ  ?
অনঙ্গ-সম্পূৰ্ণে কিন্তু বন্ধু, তোমাৰ এনে সংকল্পই যে আন সকলোকে তোমালোকৰ বিষয়ে এনেবোৰ সন্দেহ আৰু বদ্ধমূল হবলৈহে সুবিধা দিব ।
সুন্দৰ-দিয়ক সেইকাৰণেই মই শেৱালিক কাৰেঙৰ কুঁৱৰী কৰিব খুজিছো ।
অনঙ্গ-ওঁ বুজিছো । তেন্তে তিৰোতা এতিয়াও তোমাৰ হৃদয়ৰ দুৱাৰ ডলিৰ বাহিৰ তেনে ?
সুন্দৰ-(হাঁহি) তাত অলপো সন্দেহ নাই ।
অনঙ্গ-কিন্তু, তিৰোতা লৈয়েই দেখোন তোমাৰ জীৱনৰ মেলা পাতিলা ?
সুন্দৰ-পাতিলো যদিও তিৰোতাৰ পৰা মই আঁতৰত । পদুম পাতৰ পানীৰ দৰে তিৰোতা মোৰ জীৱনলৈ আহিলে-গলেও মোক তিয়াব নোৱাৰে বন্ধু ।
অনঙ্গ-(কৌতুহলী হাঁহিৰে সন্দেহ প্ৰকাশ কৰি) অহংকাৰ নকৰিবা ।
সুন্দৰ-অহংকাৰ নহয় বন্ধু । ই মাথো মোৰ জীৱন বুৰঞ্জীৰ তিৰোতাৰ সংশ্লিষ্ট ঘটনাৱলীৰ পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ মন্তব্যহে ।
(এনেতে ৰুণুক,জুনুক, ঠুনুকে হাতত আলু কচু আৰু ফুল লৈ সোমাই আহে )
সুন্দৰ-কতা নাগিনী ছোৱালীহঁত ! তহঁতৰ সতে শেৱালি নাহিলে দেখোন ?
ৰুণুক-ৰজাৰ লৰা, শেৱালি আজি তোৰ লগত যাব নহয়, সেই গুণে তাই ভালকৈ মূৰ মেলাইছে । খোপাত ফুল পিন্ধিছে , হাতত ফুল পিন্ধিছে আৰু গালত ৰঙা ফুলৰ গুৰি সানিছে তাই আহিব হোঁ-তোলৈ এইবোৰ ৰঙা ৰঙা পুল দিছে ।(ৰুণুকে সুন্দৰক কিছুমান ফুল দিয়ে । সুন্দৰে সেই ফুলবোৰ হাতত লয় ) ৰজাৰ লৰা , তই এনেকৈ মন মাৰি কেলৈ থাক ?(অনঙ্গ) মিতা ,বাৰু ৰজাৰ লৰাৰ কিয় বেজাৰ ?
অনঙ্গ-(হাঁহি) তহঁতে ৰজাৰ লৰাক নাম-গুণ গাই নেদেখুৱা দেখি ।
ৰুণুক-ইহ্ !
অনঙ্গ-হয় আকৌ ।
ৰুণুক-(সুন্দৰক) আমি নাম গালে জানো তোৰ মন ভাল লাগিব ?
(সুন্দৰে মূৰ দুপীয়ায় আৰু ৰঙা ফুল এটা লৈ মোহাৰি থাকে )
ৰুণুক-বাৰু, আমি তেনে নাম গাম-নাচিম দেই জুনুক-দেই ঠুনুক !
জুনুক-ঠুনুক-ওঁ ওঁ নাচিমতো নাচিমতো (ৰুণুক,জুনুক,ঠুনুকে গায় আৰু নাচে)

পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি
ৰেণুৰে বোলালি তই কুমলীয়া হাত ।
ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি গাথি
লেখি লেখি সেউজীয়া পাত।
বনে মইনা সেউজীয়া
গছে মইনা সেউজীয়া,
পাতে মইনা সেউজীয়া পাত,
মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি
তোলকে মাতিছে মিঠা মিঠা মাত ।
আমনে জিমনেকৈ
থাকনো তই কিয় ঐ
গালতনো দিয় কিয় হাত
হাঁহ অ মোৰ মইনা
হাঁহ অ হাঁহ ।
ভালেনো পাওঁ চাবলৈ,
ৰঙা ওঁঠৰ হাঁহিৰে সতে
জিকিমিকি দুয়োপাৰি দাঁত ।

ৰুণুক-ৰজাৰ লৰা, এতিয়া তোৰ মন ভাল লাগিছেনে ?
(সুন্দৰে হাঁহি মূৰ জোঁকাৰে)
তেন্তে তহঁতে এতিয়া একো নাখাৱনে ? চাচোন ,বেলিটো মূৰৰ ওপৰ পালেহি নহয় । এইয়া আমি আলু আনিছো,কচু আনিছো । যা- তহঁতে নিজৰাত গা ধুই আহগৈ । আমিও গা ধুই মইনাক লগত লৈ আহিম । তই তেতিয়া বৰ পাবি ,নহয়নে ?
সুন্দৰ-(উঠি) বাৰু ৰুণুক তহঁতে যা, মই যাম ।
ৰুণুক-আমি এতিয়াই আহিমদেই ।
(ৰুণুক,জুনুত,ঠুনুক যায়গৈ । বপুৰা সোমাই আহে ।)
বপুৰা-পিছে ঈশ্বৰসকলে জানো গা নিতিয়াই ? বন্দীয়ে খাবলৈ সকলো যতাই-পিতাই আহিছো নহয় ।
সুদৰ্শন-বলা সুন্দৰ ।
অনঙ্গ-বলা !  (আটাইকেইজন উঠি তাৰপৰা ওলাই যায় আৰু বপুৰাই অলপ ইফাল-সিফাল কৰি থাকোতেই এটা গা-ৰখীয়া চাওডাং আহে)
গা-ৰখীয়া চাওডাং-পিছে বৰা, আজি আমাৰ যোৱা হব নে নহয় ?
বপুৰা-নহব কিয় ? খাই বৈ,শেৱালি কুঁৱৰীক তহঁতৰ কান্ধত তুলি গায়নে-বায়নে গিজতাঁও কৈ নগৰ হেন্দোল দোপ্ দলদোপ্ লগাই পেলামগৈ নহয় । মই নিজে ঢোল বায় আগে যাম বুজিছ-(হাতেৰে ঢোলত কোব মৰা যেন কৰি) ধিনদাও খিত তাঁও, ধিনদাও খিততাঁও , খিতি খিতি তাঁও , তাঁও তাঁও তাঁও তাঁও,খিতাঘিনা খিতিতাঁও ধিন্দাক ধেই । এইদৰে বাপেকে কেনে শুনিলে ?
গা-ৰখীয়া চাওডাং-বঢিয়া । বোলো আমাৰ লিগিৰী বড়া মুখ বায়নে নে কোন ?
বপুৰা-মুখ বায়ন হে, কাষত দুটা, মূৰত এটা , পিঠিত এটা , আগত এটা লৈ যেতিয়া বাই দিম হেঃ । পিছে তাৰ পাছত শেৱালি কুঁৱৰীৰ পাছতে কোন যাব জান ?
গা-ৰখীয়া চাওডাং-কোন ?
বপুৰা-যিহে এজনী ছমক ছায়া ।
(বুলি আনন্দত টকালি পাৰি তিনি দেও মাৰে )
গা-ৰখীয়া চাওডাং-তেৰাজনী পিছে কোন বা ?
বপুৰা-এই বপুৰাৰ ভাগৰজনী !
গা-ৰখীয়া চাওডাং-পিছে বৰাৰ আগৰজনী ?
বপুৰা-আগৰজনীক-হেঃ তাইক কাচি কাচি তেল খাৰণি দি দলনিত পোনা মেলিমগৈ । তাই বেঠিয়ে নাজানে এই বপুৰা বৰাই লগা বুলিলে কেইজনী অপেচৰী পাব পাৰে । মেনকাক আনিবলৈ বপুৰাৰ এটি চকুৰ টিপ , উৰ্বশীক এটা সুহুৰি , আৰু তিলোত্তমাক এটি টিলিকিৰ হে বশ্যকহেঃ তাই বেটিয়ে মোক বেয়া দেখিছে-হেঃ মই টঙ কৰি আছো ওৰণিৰ তলেদি দুৱাৰপৰীয়াৰ মাজু পুতেকলৈ মিচিকি হাঁহিটো মাৰি পঠোৱা । বেটি হেঃ তাইক ।তিৰি মিৰি ভাটো কোৱা, এই চাৰি জাতি আসৈ নোপোৱা । এই কথা কেইফাকি যি বাপেকৰ পুতুকে সৰজিলে সিটো তাৰ বাপেকৰ পুতেকেই আৰু ককাকৰো নাতিয়েক । সি পণ্ডিত নহৈ মূৰখ আছিল যদিও বৰ গিয়ানি মূৰখ  পুৰষপ্ৰবৰ ।
গা-ৰখীয়া চাওডাং-পিছে এতিয়ানো কোনজনী অপেচৰী আপোনাৰ দেহাত ওলোমা বাদুলী দি লম্ভিছে ?
বপুৰা-এতিয়াও পিছে মই ইন্দ্ৰৰ ভাগৰ কেইজনীলৈ চকু দিয়া নাই । দিমনো কেলৈ ?ভাল মানুহৰ ভাল কথা । পিছে এই বোলেনে কিম্ভুত প্ৰকাৰে এজনী নাগেশ্বৰীক হে মোৰ গাটো মেৰপাক খুৱাই ধৰিবলৈ হে সুবিধা কৰি দিছো । এনে কোমল নিমজ নাগপাশজনী ঐ (বৰ কোমল ভাৱ দেখুৱাই ) গাটো তাই চুই দিলে নহয় । (গাত সেইদৰে হাত ফুৰাই থাকোতেই সুন্দৰ তিতা কাপোৰেৰে আহি তাত থিয় হয়হি । সুন্দৰক দেখি বপুৰা উচপ খাই উঠে !) এহ্ গাত কটা চোৰাত পাত লাগিল হবলা । এহ্ এহ্ –(বুলি বেগেৰে ওলাই যায় । চাওডাংটোও সেৱা কৰি ওলাই যায় ।সুন্দৰে হাতৰ গামোচাখন মূৰত দি , মূৰৰ পানী টুকি এখোজ-দুখোজকৈ গুহাৰ মুখৰ পালে যাওঁতে দূৰত কিৰীলি পাৰি হঁহাৰ শব্দ শুনি থমক্ খাই ৰৈ উভতি চাই , আকৌ এখোজ-দুখোজকৈ গৈ গুহাত সোমায়গৈ । এনেতে দূৰত চিঞৰি ৰুণুক,জুনুক,ঠুনুকে কন্দা শুনা যায় আৰু লগতে মইনা উটি গল ঔ-মইনা উটি গ বুলি চিঞৰা শুনা গল । সুন্দৰ গুহাৰ ভিতৰৰ পৰা তিতা কাপোৰেৰেই ভয়ংকৰ উদ্বিগ্ন হৈ-কোন বা কোন ? কোন উটি গ?কোন উটি গ? “বুলি ওলাই  চাৰিওফালে চাই যিফালৰ পৰা শব্দ অহা যেন শুনিছিল সেইফালে (বাওঁফালে) বেগেৰে যাব খোজোতেই ৰুণুক,জুনুক,ঠুনুক নিধাতু খাই, তিতা কাপোৰেৰেই কান্দি হায়ৈ-বিয়ৈ কৰি তাত ওলাইহি আৰু দেৱে লৈ গল অ দেৱে লৈ গ বুলি কান্দিবলৈ ধৰে । সুন্দৰে সিহঁত অহা ফাললৈ ? ? কোন ফালে ?” বুলি যাবলৈ ধৰোতেই আটাইকেইজনীয়ে আঁঠুকাঢ়ি ভৰিত সাবট মাৰি ধৰি তই নাযাবি অ ৰজাৰ লৰা-তোকে দেৱে লৈ যাব-তই নাযাবি বুলি বাধা দিয়ে । কিন্তু, সুন্দৰ সিহঁতক হাতেৰে বলেৰে আঁতৰাই নিধাতু খাই লৰি ওলাই যায় । ৰুণুক,জুনুক,ঠুনুক থিয় হৈ সুন্দৰ যোৱা ফালে মহা আতংকৰে চাই কান্দিবলৈ ধৰে । এনেতে সুদৰ্শন আৰু অনঙ্গৰাম তিতা কাপোৰেৰে তালৈ সোঁফালেদি সোমাই সুন্দৰ যোৱা ফালে লৰি ওলাই যায়গৈ । তাৰ পাছতে সুদৰ্শন আৰু অনঙ্গৰামে মূৰ্ছিত সুন্দৰক দাঙি তালৈ লৈ আহে । সুন্দৰৰ তেনে দেখি ৰুণুক,জুনুক,ঠুনুকে হুৰাও ৰাওকৈ কানদিবলৈ ধৰে । সুদৰ্শনে হাতেৰে হাক দিয়াত সিহঁতে মুখত কাপোৰৰ সোপা দি উচুপিবলৈ ধৰে, আৰু ওচৰলৈ আহি সুন্দৰলৈ বিয়াকুল হৈ চাবলৈ ধৰে । অনঙ্গই সুন্দৰৰ মূৰ কোলত লৈ পানী থপিয়াই শুশ্ৰূষা কৰিবলৈ ধৰে । সকলোৰে মুখত ভীষণ উদ্বিগ্নতা ! কিছুপৰ শুশ্ৰূষাৰ পাছত সুন্দৰে লাহে লাহে চেতন পায় আৰু মূৰ দাঙিবলৈ চেষ্টা কৰে, কিন্তু সুদৰ্শনে উঠিবলৈ নিদিয়ে । অলপ পানী মুখত দিয়ে ।)
সুন্দৰ-পালানে শেৱালিক পালানে ?
(কোনেও উত্তৰ নিদিয়ে,সুন্দৰে উঠিবলৈ মূৰ দাঙি কিলাকুটিত ভৰ দি ।)
তেন্তে পোৱা নাই ,নাই ? তেন্তে শেৱালি সঁচাকৈয়ে উটি গ? উটি গ? নিজৰাত উটি গ ? চাকনৈয়াৰ বুকুত মাৰ গল । বন্ধু , বন্ধু , সুদৰ্শন ! অনঙ্গ ! শেৱালি কলৈ গ ??
(আটাইবোৰ বিমৰ্ষ আৰু নিমাত )
বুজা নাছিলো বন্ধু বুজা নাছিলো । বুজালি-শেৱালি মোক বুজালি ! জীৱনেৰে বুজালি, মৰণেৰে বুজালি-মোৰ জীৱন যজ্ঞত তোৰ জীৱন আহুতি দিলি । তিৰোতাৰ অন্তৰৰ গুপুত সৌন্দৰ্যৰ নিৰ্জন খনি পোহৰাই জ্বলি থকা তিৰোতাৰ হীৰাতো শুভ্ৰ ভালপোৱাৰ সম্ভেদ মোক কৈ গলি । ত্যাগৰ মুকুটৰে উজলি শেৱালি গোসাঁনী মোৰ জীৱন সুদাকৈ, কাৰ আহ্বানত ,সৃষ্টিৰ ইন্দ্ৰজাল ভেদি-কোন ব্ৰহ্মাণ্ডলৈ উফৰি গলি  ? বিশ্বজগতৰ সকলো তিৰোতাৰ গালতে কি গৌৰৱৰ সেন্দুৰ সানি গলি ! মোৰ কাৰণে অ মোৰ কাৰণে তই হাঁহি মুখে চাকনৈয়াক চুমা খালি ! বন্ধু, এৰি দিয়া মোক এৰি দিয়া । শেৱালিক মই বিচাৰি যাওঁ  পৰ্বতৰ গায় গায়, নিজৰাৰ পাৰে পাৰে বিচাৰি যাওঁ-শেৱালিক মই বিচাৰি যাওঁ ।
(উঠিব খোজে,কিন্তু সুদৰ্শন আৰু অনঙ্গই ধৰি ৰাখে )(বৰ উত্তেজিত হৈ ) কি চাই আছা ? কি চাই আছা ? বন্ধু কি চাই আছা ?? শেৱালিক আনি নিদিয়া কিয় ? শেৱালিক বিচাৰি নোযোৱা কিয় ? পৰ্বতৰ নিজৰাৰ পানী সিঁচি , নিজৰাৰ পানী শুকুৱাই শেৱালিক চাকনৈয়াৰ বুকু ফালি মোক আনি নিদিয়া কিয় ?(সংযম হেৰুৱাই) আনি দিয়া, আনি দিয়া, আনি দিয়া, শেৱালিক মোক আনি দিয়া-নিদিয়া কিয় ? (লাহে লাহে মূৰ্ছা  যোৱাৰ দৰে হৈ আহে ) উটি গল! উটি গল ! শেৱালি মোৰ উটি গল !!!  কোন পানীৰ তলৰ ফটিক কোঠালিলৈ উটি গলিগৈ ? আহ আহ উভতি আহ তামোলৰ বটাটি লৈ,ফুলৰ কুকিটি লৈ মোৰ পুথিৰ পাতবোৰ সামৰি থবলৈ, মোৰ সোণৰ পালেঙলৈ টোপনিক মাতি আনিবলৈ উভতি আহ । আহ আহ শেৱালি আহ । মোৰ সতে কথা পাতহি গুণ গুণকৈ নাম গাহি-আহ আহ কথা নাপাতহি কিয় ? নাম নাগাৱহি কিয় ? কথা পাত হাঁ-হাঁ-(উটি বহি হাত আগবঢ়াই দি সপোনৰ দৰে) অ শেৱালি, তই উভতি নাহ কিয় ? কথা নাপাত কিয় ?? নাহাঁহহি কিয় ? ?? কথা ক অ সোণৰে শেৱালি , কথা ক অ প্ৰাণৰে শেৱালি, কথা-কথা-কথা ক !!!
(সুন্দৰ ঢলি পৰি যায় )

                                 আঁৰ কাপোৰ

                                  সমাপতি

(কাৰেঙ) ৰাতি মুকলি খোঁটালি এটাত এখন বৰ পীৰাত বহি সুন্দৰ উদাস হৈ এটা বৰ গাৰুত আঁউজি মৌন হৈ আছিল । পঞ্চমীৰ জোনৰ পোহৰে ঠাইডোখৰ পোহৰ-আন্ধাৰুৱা কৰি থৈছিল । গোটেই দৃশ্যটোত এটা বেজেৰুৱা ৰহণ সনা আছিল । ওচৰতে সুদৰ্শন আৰু অনঙ্গৰাম মাটিত দলিছাত বহি আছিল । আটাইকেইজন যেন কিবা গভীৰ ধ্যান নিমগ্ন । সুদৰ্শনৰ হাতত এখন টোকাৰী । বিমনা হৈ সুদৰ্শনে টোকাৰীত আঙুলি বুলাই আছিল । তাৰ পাছত সুদৰ্শনে লাহে লাহে গীত গাবলৈ ধৰে । সুন্দৰ আৰু অনঙ্গই তন্ময় হৈ গীত শুনি আপোন পাহৰা হৈ যায় । )

গীত
সোঁৱৰণি !
সমিধান দিয়া,
শাঁত কৰি প্ৰাণৰ অগনি ।
নিৰ্বাক অতীতৰ,
গোপন কুঞ্জ এৰি,
আহা মৌসনা সোঁৱৰণি ।
উৰুৱাই মনৰ মাজলৈ
সুৱৰ্ণৰে পাখি ।
পাহৰণি-পদুমৰ মন্ত্ৰদূত,
পাহি মেলি মেলি !

                                        আঁৰ-কাপোৰ



No comments:

Post a Comment