Wednesday, 13 February 2013

কাৰেঙৰ লিগিৰী



   জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ৰচিত নাট "কাৰেঙৰ লিগিৰী"

 

 

 


ভাৱৰীয়া
সুন্দৰ কোঁৱৰ-অসমৰ এখন ৰাজ্যৰ কোঁৱৰ
সুদৰ্শন-ৰাজ্যৰ মুকুতা সাউদৰ পুতেক
সুন্দৰ কোঁৱৰৰ অন্তৰঙ্গ বন্ধু
অনঙ্গৰাম-ৰাজ্যৰ মন্ত্ৰীৰ পুতেক
বপুৰা-সুন্দৰৰ বিশ্বাসী লিগিৰা
ৰাজমাও-সুন্দৰ কোঁৱৰৰ মাক
কাঞ্চনমতী-সুন্দৰৰ কুঁৱৰী-বুঢ়াগোঁহাইৰ জীয়েক
শেৱালি- সুন্দৰৰ হাতধৰী লিগিৰী
ৰেৱতী-এজনী কাৰেঙৰ লিগিৰি
সেউজী-এজনী কাৰেঙৰ লিগিৰি
বুঢ়াগোহাঁয়নী- কাঞ্চনকুঁৱৰীৰ মাক
ৰুণুক-নাগিনী ছোৱালী
জুনুক-নাগিনী ছোৱালী
ঠুনুক-নাগিনী ছোৱালী
চাওডাঙ, সৈন্য, নগালৰা, নগা, মানুহ এজনী, চন্তৰী, নাৱৰীয়া ইত্যাদি ।




                                   প্ৰথম অঙ্ক

                                   প্ৰথম দৰ্শন

(কাৰেঙৰ – সুন্দৰ কোঁৱৰৰ শোৱনি কোঠা । কোঠাৰ সোঁমাজতে পাছৰ বেৰৰ দাঁতিলৈ পথালিকৈ এখন সিংহৰ মূৰ আৰু আগ ভৰিৰ ওপৰত থিয় হোৱা ঠগৰ খুৰা লগোৱা সোণখটোৱা চালপীৰা । পাছফালৰ বেৰত তিনিখন ডাঙৰ ৰূপৰ দাপোণ ।পালেঙৰ ওপৰত বৰ ডাঙৰ সোণৰ বৰজাপি এটা তৰি থোৱা আছিল । কোঠাটোৰ বাওঁফালে তিনিগছি শলিতাৰ বন্তি এটা ওপৰৰপৰা ওলোমাই থোৱা আছিল । চালপীৰাৰ আগত সোঁফালে অলপ আঁতৰত এখন বৰপীৰা । তাৰ শকত শকত খুৰাবোৰত সোণ-ৰূপৰ ফুলকটা আৰু ওপৰত এখন ডাঠ দলিচা পৰা । তাত এদম হাতেলিখা পুথি । চালপীৰাৰ বাওঁফালে হাতেৰে ঢুকি পোৱাত চালপীৰাৰ সমান ওখ এখন বৰ বহল সোণৰ শৰাই । তাতো বহুত পুথি । কোঠাটোৰ সোঁ আৰু বাওঁফালৰ বেৰত দুখন দুৱাৰ । দুৱাৰৰ ওপৰভাগ কলডিলৰ গঢ়ৰ, ৰূপৰ আৰু ফুল কটা,কোঠাৰ ভিতৰলৈ মেল খায় । এতিয়া দুয়োখন জপোৱা আছে । আঁৰ কাপোৰ তুলিলত সুন্দৰ কোঁৱৰক চালপীৰাৰপৰা ভৰি ওলোমাই গাৰুত আঁউজি কপালৰ গাঁঠি থোপাকৈ ওলমি থকা চাকিটোৰ ফালে থিৰ চকুৰে চাই . গালত হাত দি কিলাকুটিৰে গাৰুত ভৰ দি বৰ চিন্তাকৈ থকা দেখা গ,ল । সুন্দৰ যদিও বয়সত ২৮ বছৰীয়া. কিন্তু মুখৰ ভাব কিছু বয়সীয়াৰ দৰে । দীঘলীয়া মুখেৰে দেখিবলৈ ধুনীয়া । গাৰ বৰণ গৌৰ । নিপোটল যদিও শকত নহয় । সুন্দৰে সেইদৰে অলপ সময় থাকি ওচৰতে থকা শৰাইৰপৰা পুথিৰ পাত এটা আনি চকু ফুৰাবলৈ ধৰোতেই সোঁফালৰ দুৱাৰত কোনোবাই খুন্দিয়ায় । সুন্দৰে সাৰ নিদিয়ে । আকৌ খুন্দিয়াই আৰু মাতে সুন্দৰ অ সুন্দৰ , দুৱাৰ মেলচোন । এইবাৰ সুন্দৰে অলপ চক খায় আৰু দুৱাৰৰ ফালে চকু ঘূৰায় । খুন্দিওৱা বাঢ়ে আৰু আগতকৈডাঙৰকৈদুৱাৰ মেলচোনসুন্দৰে বৰ বিৰক্তিৰে উঠি গৈ দুৱাৰৰ ডাঙ খুলি দি তিনি খোজ পাছলৈ আহি, তীব্ৰভাৱে দুৱাৰৰ ফালে চাই থাকে । দুৱাৰ মুকলি হয় । ৰাজমাও সোমাই আহে . বয়স প্ৰায় ৫০ অৰ ওপৰ . চুলি আধাপকা । বাৰ্দ্ধক্যৰ ছাঁ পৰিছে যদিও খোজে –কাটলে আদবয়সীয়াৰ দৰেহে । ৰাজমাৱে কিবা এটা কবখোজোতেই সুন্দৰে কয় ।)

সুন্দৰ-আইতা, তুমি মোৰ মুৰটো ঘোলা নকৰা মানে নেৰা নেকি ? দিন নাই ৰাতি নাই সেই একেটা কথা ! তোমাৰ আৰু ভাবিবলৈ কৰিবলৈ একো নোহোৱা হলনেকি ?
(বৰ বিৰক্তিৰেৰাজমাওৰ ওচৰৰ পৰা আঁতৰি গৈ বৰপীৰাত বহি পুথিবোৰ লৰাই-চৰাই খম মুৱা হৈ বহি থাকে ।)
ৰাজমাও-(খং উঠে যদিও নিজকে চম্ভালি কোমল মাতেৰে)
       তইনো কেনেকৈ জানিলি মই সেই একে কথাকে-
সুন্দৰ-জানিবলৈ আৰু ভাবিব লাগিছেনে ? সেই একেটি কথাৰ বাহিৰে তোমাৰ আৰু কি কথা থাকিব পাৰে ? তোমাৰ আজি কেবছৰে চিন্তা সেইটিয়েই । কামৰ ভিতৰত মোক সেই একেটি কথাকে দিনটোত দহবাৰ শুনাই চৌধবাৰ আমনি কৰিবা ।
ৰাজমাও- আজি বা আন কথাকে-
সুন্দৰ-আজি তেন্তে ভূতৰ ওপৰতে দানহ । (ৰাজমাওলৈ চাই)কিনো আকৌ ন বতৰা ?
ৰাজমাও- স্বৰ্গদেৱ ঈশ্বৰ  বুঢ়া হৈছে । ৰাজ্যভাৰ তোমাক দি ধৰ্ম কাৰ্য সাধিবৰ মন ।
সুন্দৰ-পিতৃৰ বোজা পুত্ৰই লব । তাতনোসুধিবৰ কি আছে ?( ৰাজমাও কিছুপৰ মনে মনে থাকি যাব খোজে-পিছে কওঁ নকও কৈ।)
ৰাজমাও-পিছে ৰজা হৈ বহিবলৈ গলে –
সুনদৰ- বিবাহ কৰিব লাগিব । তাকে কোৱা, তাকে কোৱা । (ডাঙৰকৈ হাঁহে । ৰাজমাও অপ্ৰস্তুত হয় । সুদৰ্শন আৰু অনঙ্গৰাম সোমাই আহে । দুয়ো সুন্দৰৰ বয়সীয়া । সুদৰ্শন গৌৰ বৰণৰ মুখ ঘূৰণীয়া । অনঙ্গৰামৰ শাও বৰণীয়া আৰু দীঘলীয়া মুখৰ আৰু কুন্দত কটা গঢ়ৰঅনঙ্গ এবাৰ সুন্দৰৰ ফালে এবাৰ ৰাজামাওৰ ফালে তীব্ৰভাবে চাই, তেওঁলোকৰ ভিতৰত হোৱাৰ কথাৰ আভাস পাবলৈ যেন চেষ্টা কৰে ।)
অনঙ্গ-(হাঁহি)হাঁহিবৰ নো কি কথা হল মোৰ বান্ধ ?
সুন্দৰ-(ডাঙৰকৈ হাঁহি) অনঙ্গ মোৰ বান্ধ....তিৰোতাৰ বান্ধ । তিৰোতাৰ বুদ্ধি মূৰৰ পৰা নোলায় পেটৰপৰাহে ওলায় । (হাঁহে)
ৰাজমাও-(সুদৰ্শনক)বাপা সুদৰ্শন, ঠিক জানিলো ইয়াৰ কিবা মূৰৰ বিকাৰ হৈছে । ইয়াক শাস্ত্ৰই নুশুজে ।
( সুন্দৰে আকৌ ডাঙৰকৈ হাঁহে । এইবাৰ ৰাজমাৱেনোৱাৰোঁ তোৰ লগত মোৰ বোপাই বুলি তাৰপৰা ওলাই যায়)
সুদৰ্শন-কিনো কথাত হাঁহা । ময়ো নুবুজাকৈয়ে হাঁহিছো । কথাৰ গুৰিনো ক ?
সুন্দৰ-এ আমাৰ আইদেউতাৰ মূৰৰ কটুৰ মাটিত । আজি মোৰ আইয়ে ৰাজমুকুটৰ ভিতৰত কইনা এজনী লুকাই আনিছিল মোৰ বান্ধ-ৰাজমুকুটৰ ভিতৰতে ।
অনঙ্গ-(কৃত্ৰিমালিৰে) বৰ ভালৰে কথা । পিছে, বান্ধই বা কি কলে ?
সুন্দৰ-ৰাজমুকুটটো গধুৰতাৰেই ভাৰ দুৰ্বহ । আৰু নো আন এটা ভাৰ তাত কিয় ?(অনঙ্গ আৰু সুদৰ্শনে হাঁহে)
সুন্দৰ-(চিন্তাযুক্ত হৈ) বন্ধু তোমালোকে যিয়েই কোৱা লাগে, মই আইৰ এনে প্ৰস্তাৱত মত নিদিওঁ । বন্ধু , ইয়াৰপৰা মোক তোমালোকে উদ্ধাৰ কৰিব নোৱাৰানে ?
সুদৰ্শন-মোৰ মত কিন্তু আন । বিবাহ বান্ধনিত সামাজিক আৰু শাৰীৰিকভাবেসোমায়ো তুমি মন আঁতৰত ৰাখিব পাৰা । সেয়ে হলে সামাজিক প্ৰথাও উলঙ্ঘন নহয়, মাতৃ আজ্ঞা আৰু প্ৰজাৰ আগ্ৰহো ৰয় । একো ক্ষতি নহয় ।
সুন্দৰ-হব । তিৰোতা আৰু খোঁচৰ ব্যাধি একে বস্তু । তাৰ এবাৰ সংস্পৰ্শত আহিলে সি তোমাক জুৰি লব । সেই কাৰণে মুক্তি আৰু শান্তি প্ৰয়াসী মুনি-ঋষিসকলে, আমাৰ ধৰ্মৰ বহু শাস্ত্ৰই কামিনী-কাঞ্চন ত্যাগ কৰি তাক দূৰতে বিদূৰ কৰিবলৈ কৈছে । তেওঁলোকে বহু গৱেষণা, চিন্তা আৰু অভিজ্ঞতাৰ ফলত এনে এটা পন্থাৰ উদ্দেশ্য আমি পাইছো যে সেই পন্থা যেতিয়া মোৰ মনঃপূত হৈছে, তোমালোকে বলেৰে মোক কিয় আন বাটেদি নিব খুজিছা ?
সুদৰ্শন-সেইবোৰ শাস্ত্ৰকাৰ আৰু মুনি-ঋষিৰ মনৰ বেমেৰুৱা অৱস্থাত সপোনত দেখা পন্থা । সেইবোৰ মাত্ৰ অলংকাৰ চন্দশাস্ত্ৰ -সন্মত শ্লোক ছন্দেৰে লিখা মিছা যুক্তিপূৰ্ণ প্ৰলাপৰ বাহিৰে আন একো নহয় ।
সুন্দৰ-বেছ বেছ,বেছ কলা কিন্তু । সেইবুলি সহজে তোমাৰ যুক্তিত মই পতিয়ন যাম বুলিও নাভাবিবা । বন্ধু, তোমাৰ তৰ্কৰ পৰা আমাক ৰেহাই দিব লাগে । তৰ্কৰ জালেৰে বুকুৰ ভাব বন্দী নহয় । ( কিছুপৰ তলকা মাৰি থাকি)নহয় নহয় , মোৰ বিবাহ নহমোৰে সৈতে আৰু তৰ্ক নকৰিবা । বিয়াৰ ৰভাঘৰৰ তলেদি অগ্নিক সাক্ষী কৰি, কন্যাৰ আঁচলৰ গাঁঠিতহে যদি মোৰ ৰাজমুকুট আহিবৰ বাট-তেন্তে সি দূৰতে থাকক । সম্বন্ধ নথকা কথাৰে বিশেষ সম্বন্ধ পাতি তাক অছেদ অভেদ বুলি দেখুৱাব পৰা অলীক প্ৰিয় তিৰোতাৰ ইয়ো এটা ওজা কাৰিকৰী ।(ৰাজমাও বৰ খঙ মুৱা হৈ সোমাই আহে)
ৰাজমাও-মোৰ তৰ্ক বাগীশ পুত্ৰ-তই ইয়ালৈকে শাস্ত্ৰ পঢ়িলি । বেদ-বেদান্তই ইয়াকে কয় ?পুৰাণ ভাৰতে মাতৃ আজ্ঞা লঙ্ঘন কৰিবলৈ কয় ?( বৰ অধৈৰ্য হৈ ) মোৰ বাপ ! আজি তিনি বছৰে মাৰক তিল তিলকৈ পুৰিছ । আৰু নো কিমান দিন মোক এনে কষ্ট দিবি তৰ্কৰে ৰাজ্য নচলে, বুঢ়া বাপেৰ সন্তুষ্ট নহয় । জনম দিয়া মাৰৰ পেটৰ পোৰণি নুগুচে ।
(অনঙ্গ উঠি ৰাজামাও ওচৰলৈ আহি )
অনঙ্গ- ৰাজমাও দেউতা, অধৈৰ্যহবৰ একো কাৰণ নেদেখোঁঅপেক্ষা কৰোক মাও । সুন্দৰৰ মতি-গতিৰো সালসলনি হবৰ সময় আছে ।বিবাহৰ বয়সো উকলি যোৱা নাই । ইজনী কন্যাত অমত হবও পাৰে । আন কন্যা চাই-চিতি সুন্দৰৰ মত সুধিলেও হব মাও । খৰ-খেদানো কিয় ? শানত হওক ।
সুন্দৰ-(ৰাজমাওক)তুমিও মোৰ যেনে মাও, ময়ো তোমাৰ তেনে সন্তান । তুমিও নেৰা ময়ো নেৰোতুমি আৰু মোক আমনি নকৰিবা । মোক বিবাহৰ কাৰণে এনেকৈ আমনি কৰিলে মই কাৰেঙ –ৰাজ্য এৰি দি গুচি যাম । বিয়া সুন্দৰে নকৰায় ।
অনঙ্গ-বান্ধ তুমি দিনে দিনে লৰা হৈহে আহিছা-বলা ইয়াৰ পৰা আহা । (এই বুলি বাহুত ধৰি সুন্দৰক সোঁফালৰ দুৱাৰেদি লৈ যায় । সুদৰ্শনো পাছে পাছে যায় গৈ । ৰাজমাৱে তাত কিছুপৰ থিয়দি থাকি দীঘলকৈ হুমুনিয়াহ পেলায় । ঘুৰি-পকি কোঠাটোৰ চাৰিওফালে চাবলৈ ধৰে । বৰ শৰাইখনৰ ওচৰলৈ গৈ পুথি-পাঁজিবোৰ লুটিয়াই-পুটিয়াই চাই পুথিবোৰৰ ওপৰত বৰ বিৰক্তিৰ ভাব প্ৰকাশ কৰে । )
ৰাজমাও-এই পুথি-পাঁজিবোৰেই ইয়াৰ কোমল মতি অবাটে নিলে । এইবোৰে ইয়াৰ মুৰটো ঘোলা কৰিলে । (বাওঁফালে ছোৱালীৰ হাঁহি-খিকিন্দালি । ৰাজমাৱে সেইফালে ঘুৰি খঙেৰে ) কোন সেইকেইজনী তাত ?
(ভিতৰৰ পৰা আমি ৰাজমাও দেউতা )
ৰাজমাও-অ শেৱালি, ৰেৱতী ! এইফালে আহহঁক । ( শেৱালি-ৰেৱতী লৰা-ঢপৰাকৈ সোমাই আহে । শেৱালিয়ে এযোৰ কলপতীয়া , গাত বগা ফুলীয়া ৰিহা-মেখেলা পিন্ধে , বয়স প্ৰায় সোতৰ-ওঠৰমান । দেখিবলৈ বৰ ধুনীয়া আৰু বগা । মুখত এটা কোমল কৰুণ ভাব । ওখ , পাতল গঢ়ৰ আৰু লালি কঁকালৰ খোঁজতগাম্ভীৰ্যেৱতীৰ গাত ৰঙা ফুলাম ৰিহা-মেখেলা । বৰ ওখ নহয় । স্বভাৱতে লচপচী । শাওবৰণীয়া সুন্দৰী । চকুত এটা আক্ৰোশৰ আৰু বিৰক্তি ভাব বৰ্তমান, বয়স ২০ মান হব । ) তহঁতৰ গাত কি লাগিছে । হাঁহি-খিকিন্দালিত কাৰেঙ উৰাব ধৰিছে কিনো কৰিছিলি তাত ?
ৰেৱতী-( অলপ পৰ ৰৈ) মূৰ মেলাইছিলোৰাজমাও দেউতা ।
ৰাজমাও-(বিদ্ৰূপেৰে) মূৰ মেলাইছিলে মোৰ অপেচৰীহঁতেঘৰৰ বন-বাৰী এৰি আইদেউহঁতে দাপোণ চাই সেওঁতা ফালিছিলে । ধুন মাৰি. ধুন মাৰি , গা দেখাই গা দেখাই মোৰ লৰাটোক বলিয়া কৰিলে । (শেৱালি-ৰেৱতীক তলমূৰ কৰি থকা দেখি) এতিয়া অপেচৰী আইটীহঁত –নখে মাটি লেখি থাকিব নালাগে । হাতে হাতে বন ধৰিব পায় । পুথি-পাঁজিবোৰ সিঁচৰতিকৈ কেনেকৈ থৈ গৈছে-সজাই থহঁক । (তাৰ পাছত খঙেৰে নিজে গৈ পুথি কিছুমান ঠিক কৰি) তাৰ মূৰত কিবা যখিনী শাঁকিনীয়েহে বাহ লৈছে । শাস্ত্ৰ –শাস্ত্ৰ পঢ়িছেশাস্ত্ৰ পঢ়ি অশাস্ত্ৰীয় মতৰ বৰভেটী বান্ধিছে । (ৰাজমাও বেগেৰে বাওঁফালেদি ওলায় যায়গৈ । শেৱালি আৰু ৰেৱতীয়ে ৰাজমাওৰ ফালে চাই থাকে । ৰাজমাও ওলাই গলত ৰেৱতীয়ে মুখখন বেকেটা কৰি গাটোৰে বিৰাগসূচক ভঙ্গি কৰি উচাট মাৰি যোৱাদিদৈ পালেঙত সিঁচৰতি হৈ থকা পুথিবোৰ গোটাবলৈ লাগি শেৱালিৰ ফালে ডিঙি বেঁকা কৰি চায় । শেৱালিয়ে তলমূৰকৈ ৰিহাৰ আঁচলটো চিকুটা চিকুটিকৈ থকা দেখি ।)
ৰেৱতী-বোলো , শেৱালি ভনীটিৰ গাত বৰকৈ বাজিলেনেকি? ( আনফালে মুখ ঘূৰাই ) বাজিবতো ।
শেৱালি-(অভিমানেৰে)তোৰ নালাগিব পাৰে । মইতো তোৰ দৰে মানুহৰ মন ভুলাবলৈগোন্ধতেল ঘঁহি নুফুৰো নহয় ।
ৰেৱতী- উ- এতিয়া মোৰ গাতহে খোপটো লাগিলগৈ ? মইয়ে চাওঁ নে আন কোনোবাই, বুজোতাই বুজি কৈ গল নহয় । উলুৰ লগতে মই মাজতে বগৰী পুৰিলো । ( শেৱালি কিছুপৰ মাতিব নোৱাৰা হৈ থাকে ) ( ওঁঠত এটা দুষ্টালিৰ হাঁহিৰে) ভনীটি, বোলো মাতবোল হৰিল দেখোন ? কথা গৈ গাজত লাগিলগৈ হবলা ।
শেৱালি-তোৰহে ভিতৰি ভিতৰি তেনে মন হব পায় । মোৰ কথা কোৱাৰ ছলেৰে নিজৰ মন উবুৰিয়াই দিছ ।
ৰেৱতী-উ- আমি এতিয়া কুঁৱৰীজনী হবলৈহেআশাপালি আছো । (হাঁহি ) এৰা ! এৰা এইবাৰ কুঁৱৰী হৈ বহি শেৱালি সতিনীক চুলিত ধৰি বনবাস দিম । মোৰ গোসাঁই ঐ-ডেকা-বঢ়াটোলৈ তোৰ মন খালে বুলি আটাইৰে মন খাবনে ? আমি কোঁৱৰ দৰা বিচাৰি ফুৰা নাই নহয় ।
কাঁহীত নাখাওঁ     বাটিত নাখাওঁ
    নাখাওঁ সঁফুৰাত গুৱা
মনৰ জোখাই      নাপাওঁ মানে
    দেহাকো নকৰোঁ চুৱা
শেৱালি-তই মুখ ৰাখি কথা কোৱা ভাল বুজিছ ।
ৰেৱতী- অ তোৰ বুকুত হবলা বেজাৰে খুন্দা মাৰি ধৰিলেগৈ পিছে নেচেল, যিয়েই আলচা মিছা । কুঁৱৰী হবলৈ নোপোৱা । পৰ্বতত কাছকণী. সাগৰত জুই , তাক নিবিচাৰি থাকিবা শুই । কোঁৱৰে তোক অলপ মৰম কৰে দেখি হবলা বৰকৈ মুখ মেলিছ ?অসঅস আশাধাৰী জীৱ ঐ !
শেৱালি- অ সেইহে হবলা তোৰ চকু চৰহিছে !
ৰেৱতী- এৰা এৰা হয়তো । সেই ফেৰিৰ তুমিয়েই গৰাকী হোৱা । আমাৰ ভাত নোযোৱা হোৱা নাই । লাজো নালাগে কটা । ভালেটোহেৰাজমাৱেগেজেৰ কৰে সেইষাৰ মাৰি গল ।
শেৱালি-থাক থাক তেনে তয়ে ইয়াতে ।
(এই বুলি শেৱালিয়ে কন্দনামুৱা হৈ বাঁওফালেদি ওলাই যাবলৈ দুৱাৰমুখ পাওঁতেই ভিতৰৰপৰা বপুৰা আহি আগভেটি ধৰেহি । শেৱালিয়ে তাৰ পৰা আঁতৰলৈ আহি তললৈ চাই চকু মোহাৰে । বপুৰা আহি একো কথা-বতৰা নকৈ শেৱালিৰ ভৰিৰপৰা মূৰলৈকে চাই-তললৈ মূৰকৈ জুমি চকু পানী চায় । বপুৰা বয়সত যদিও মানুহটো বুঢ়া অঁহীয়া , তেনেই চুটি চাপৰ আৰু গাঁঠলুমুখত বৰ ডাঢ়ি-গোফ গজা নাই । পাহ কটা চুলি । শাওবৰণীয়া । মুখখন দেখিলেই হাঁহি উঠা । নোম-টেঙৰ । আঠুমূৰীয়া চুৰিয়া আৰু কলা হাতখঁৰা  গা চোলা পিন্ধা , কাণত কেৰু , ডিঙিত সৰু মাদলী । )
বপুৰা-বোলো মেঘৰ গাজনি নেমাৰোতেই দেখোন হোৰহোৰকৈ বৰষুণ ?
ৰেৱতী-(ভেকাহি মৰাৰ দৰে) কি ডালনো মই কবলৈ যাম । মোৰ কিহে পাইছে । যি কব লাগে সেয়ে কৈছে ।
বপুৰা-কোনে কোনে ? কি কলে ?
ৰেৱতী-( আনফালে মুখ ঘূৰাই, পালেঙৰ কাপোৰ টনা-আজোৰা কৰি)ৰাজমাও জানো কেঁচুৱা  ছোৱালীজনীকাৰ কেনে পাঙ –নুবুজে জানো ?
বপুৰা –পাঙ ? কি পাঙ ? এইখনো আকৌ কি টাংবাং !
শেৱালি-(খঙতে ৰেৱতী ওচৰলৈ আহি) তই এনেকৈ সঁচাই মিছাই এইবোৰ কৈ নাথাকিবি । তই এনে নিলাজী বুলি-
ৰেৱতী-(উভতি) মই নিলাজী নে আন কোনোবা-
( এই বুলি দুয়ো দুয়োৰে ফালে খঙ ভাবত থৰ লাগি প্ৰায় চুলিয়া চুলি কৰা ভাব দেখুৱায়, তাকে দেখি বপুৰাই গা ভেঙুৰা ভেঙুৰি কৰি )
বপুৰা-চেংকলিনিকলি
    কাঁহী-বাটি নুধুলি
    ঠেহ পাতি নাখালি ভাত,
    সাতপুৰীয়া সেন্দুৰৰ
    যোৰ ফোট মাৰিলি
    গোন্ধ তেল ঘহিলি গাত ।
( শেৱালি-ৰেৱতীয়ে হাঁহি ৰাখিব নোৱাৰা হৈ মুখত সোপা দিয়ে)
ৰেৱতী-যা কটা এই পাট ।
বপুৰা-(কৃত্ৰিম ক্ৰোধেৰে ) ওঁ কি কলি ? কি কলি ? মই লিগিৰি বৰাক এই পাট বুলিলি ? বৰ সাহ পালি দেখোন ? (চকু টেলেকা কৰি তাইৰ ভৰিৰ পৰা মূৰলৈকে চায় আৰু নাকেৰে মাতি)এই শেৱালিলৈ আঙুলিয়াই কলি-কঁঠালটোৰ এঠা উলিয়াই মই বুঢাটোকো টুকুৰিয়াই চাইছ হবলা ?একেপাট চৰতে শালিম বুলি জনা নাই ! জিভাত লেগাম লগাই কথা কবি ।( ৰেৱতী উচাট মাৰি ভোঁভোঁ কৰে তাৰপৰা ওলায় য়ায়গৈ । বপুৰাই তাই যোৱা ফালে কিছুপৰ খঙ ভাবেৰে চাই থাকি পাছত ইফালৰ পৰা সিফালে টহলি শেৱালিৰ ওচৰলৈ আহি)অ তাই বেটী কম নহয় । ( অলপ হঁহা যেন কৰি ) আন্দাজটো পিছে হওঁতে হয় দেইবা ।
শেৱালি-( আচৰিত হৈ) কি হওঁতে হয় ?
বপুৰা-( নিজৰ অনুমানতে বিশ্বাসথাপি) হো হোহোহোৰাজমাৱে কথাটো টং কৰিছে । আটায়ে কৰিছে . পিছে তইহেবিটং কৰিছ ।
শেৱালি-কি কয় অ এইটোৱে । ঠাৰে-চিঁয়াৰে কোৱা কথাবোৰ মই নুবুজো পাই ।
বপুৰা-( নিজৰ অনুমানত সন্দেহ কৰি) তোকনো ৰেৱতীয়ে কি কৈছিল ?
শেৱালি-জোৰাই দিছিল ।
বপুৰা-(বৰ ৰং পাই)হে হেদিবতো নিদিব কিয় ?তোকেমোকে সকলোৱে ভাল যোৰ হব বুলি দেখিছে দেখিহে আকৌ ।
শেৱালি-কটা লাজো নালাগে । তোৰে সতে- তোৰে  বলা ?
বপুৰা-কাৰ সতে নো !
শেৱালি-( তললৈ মূৰকৈ)কোঁৱৰৰ সতেহে ! ( সৰুকৈ) মি....ছাকয়ে ।
বপুৰা-( অতি বিৰক্তিৰে) ক-টা ( শেৱালিৰ ভাৱভঙ্গীলৈ সন্দেহেৰে লক্ষ্য কৰি অলপ দূৰলৈ আঁতৰি যায়-আৰু গহীন হৈ) বাৰু তাইক মই ইয়াৰ পৰতিফল দিম । বাৰু তই এতিয়া তোৰ বনত ধৰ ( বিচাৰকৰ গাম্ভীৰ্যৰে) বাৰু, মই ইয়াৰ শোধ কৰিম ।
( এই বুলি বপুৰা অসন্তোষ মনেৰে , কিন্তু গহীন ভাৱে সোঁ দুৱাৰলৈ যায় আৰু উভতি উভতি শেৱালিলৈ চায় । একো উভতি কথা পাতিবলৈ শেৱালিয়ে সুবিধা নিদিয়া দেখি ওলাই গৈ দুৱাৰখন ধুম কৰে জপায় যায়, শেৱালিয়ে তাত কিছুপৰ নিমাত হৈ গুণা-গঁথাকৈ থাকি লাহে লাহে পালেঙৰ ওচৰলৈ গৈ পুথিবোৰ সজাই দিহা লগাই থবলৈ ধৰে । মাজে মাজে কিবা ভাবি-গুণি ৰ লাগি ৰৈ থাকে । লাহে লাহে তাই আপোন-বিভোৰ হৈ আহে । আগতকৈ খৰধৰকৈ অহা যোৱা কৰে । তাইক অলপ উত্ৰাৱল যেন দেখা যায় । হঠাৎ এবাৰ খৰকৈ গৈ দাপোণৰ ওচৰত ৰয় গৈ । মূৰৰ চুলি ভালকৈ লয় । আকৌ পালেঙ সজোৱাত লাগে । কিবা মুখৰ ভিতৰতে গুণগুণাবলৈ ধৰে । লাহে লাহে তাই কিবা সুখ-সপোনত পাগলী হোৱাৰ দৰে তাই কোঠাটোত ঘুৰি ফুৰি মাজে মাজে দাপোণ চাই, আপোন-পাহৰা হৈ নাম গাই মতলীয়া হৈ থাকে ।)
             নাম
    সোণৰে পালেঙত অমনেতৰা
         সোণৰে পালেঙত অমনতৰা ।
    ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে
         কপাহৰে দলিচা পৰা মনেতৰা
    সোণৰে..........
    চাতোনৰ দলিচা পাৰি দিম শুবলৈ অমনেতৰা
    বগলীৰ পাখিৰে গাৰু দিম শুবলৈ অমনেতৰা
    ওপৰে তৰি দিম মৰাৰে পাখিৰে
    চান্দোৱাতৰাফুল বছা মনেতৰা
             সোণৰে............
    পদুমৰ পাহিৰে গুঁঠি দিম বিচনী
         বা দিম সুৰভি ভৰা মনেতৰা
    কাষতে লিগিৰী বহিনো নামে গাম
         কোনোবা বিতোপন দেশৰে সাধু কম
         নিশাটো কাষতে বহি মনেতৰা
    টোপনি টোপনি অমনেতৰা
         আহিব টোপনি অমনেতৰা ।





দ্বিতীয় দৰ্শন

(ৰাজ আলি বাট । দুয়ো কাষৰ ওখ ওখ পাকৰী গছবোৰে বাটটোৰ ওপৰত চালি ধৰি ,হাবিতলীয়া বাট যেন কৰি থৈছিল । পাতৰ মাজে মাজে জোনৰ পোহৰ আহিছিল । গাত খনীয়া এখন সৈ মূৰত আধাসোলোকা পাগ এটাৰে, সুদৰ্শনক বেগাবেগিকৈ অহা দেখা পালে । পাছৰ পৰা বপুৰা ফোপাই-জোপাই লৰি আহি ব মোৰ ঈশ্বৰ বুলি ৰৈ ফোপাবলৈ ধৰে । সুদৰ্শন উভতি-)
সুদৰ্শন-(আচৰিত হৈ) বপুৰা দেখোন কি হ ?
বপুৰা-(ফোপাই ) আপোনাক লগ পাবলৈ-উস্-অ-ফো-অ-ফো চেকুৰি আহিছো নহয় । (কিছু শান্ত হয়)
সুদৰ্শন-কি হল বা ?
বপুৰা-(বৰ কিবা গুঢ়তত্বআবিষ্কাৰৰ আনন্দ আৰু উৎসাহেৰে) আজি সোপাই ধৰা পৰিল নহয় । কোঁৱৰে বিয়া নকৰোৱাৰ লেঠাটো কোনখিনিত আজি বপুৰাৰ তেনেয়ে হৃদয়ঙ্গম হল ।
সুদৰ্শন-(উৎসুক আৰু কৌতুহলী হৈ ) কেনেকৈ ?
বপুৰা- এ কটা কবলৈকো লাজ লাগে । নকলেও বেয়া । (কিছুপৰ টলকা মাৰি) বুজিছে সাউদৰ পুতেক দেউতা, কোঁৱৰে বিয়া নকৰোৱাৰ কাৰণটো ঘৰতে । মিছাকৈয়ে আপোনালোকে পুথি-পাঁজিবোৰ চলাথ কৰিছে । তাইক মই এতিয়াহে চিনি পালো ।
সুদৰ্শন-কাক অ কাক ?
বপুৰা-তাই বেটীৰ নিশাটো কাষতে থাকি বহি বহি নাম গাই থাকিবৰ মন-
সুদৰ্শন-কাৰ অ কাৰ ?
বপুৰা- এ পদুমৰ পাহিৰে হেনো বিচনী এখন গোঁঠে ।
সুদৰ্শন-কোনে ?
বপুৰা-কি কম সাউদৰ পুতেক দেউতা বুকুৰ সোণে ।
সুদৰ্শন-খপৰাই নকয় কিয় ?
বপুৰা-দীঘল আলিবাটটো নো কেনেকৈ খপৰাই চমু কৰো মোৰ গোঁসাই ! তাই ভিতৰি ভিতৰি এনেকৈ সিন্ধি দিছে বুলিনো কোনে কব পাৰিব ।
সুদৰ্শন-এঃ তই নকৱ যদি মই যাওঁ ।
বপুৰা-এ শুনক, কথাটো হৈছে এই বোলেনে-উস্উস্উস্ ।
সুদৰ্শন-(অলপ গমি) কোনে শেৱালিয়ে, নহয়নে ?
বপুৰা-মই ইমান দিনৰেপৰা যিটো থিৰাংকৈ আহিছিলো সিয়েই ঠিক ?
সুদৰ্শন-কি ঠিক ?
বপুৰা-আপুনি যে সৰবজান
সুদৰ্শন-তাই বাৰু তেনে কেতিয়া কৰিছিলে ?
বপুৰা- এই এতিয়া । মই এতিয়া তাৰেপৰাহেআহিছো আকৌ । ৰেৱতীৰে সতে তাই চূপতা-চুপতিকৈ আছিল-কোঁৱৰৰে কথা পাতি । এই বেটী ৰেৱতীয়ে কথাবোৰ জানে হবলা দেই । পিছে ৰেৱতীক মই কিবা এটা কওঁতেই তাই ভোঁভোঁ কৰে গুচি গল । ময়ো বাপেকে এই বনবোৰ দিহা লগাই কৰে নে নকৰে চাওঁ বুলি মনে মনে চোৰাংকৈ চাই আছিলো ।পিছে উ আই ত খাওঁ কত যাওঁ কাছকণী বিচাৰি পৰ্বত বগাওঁ দেখোন ।
সুদৰ্শন-(কঠোৰতা আৰু ককৰ্থনাৰে) এই দেখ বপুৰা, তই মিছাকৈয়ে মনতে এইবোৰ কথা ভাবিছ । তাই তেনেকৈ নাম এটা গালে বুলিয়েই তই তেনে কথা ভবা ভাল হোৱা নাই । সাৱধান-মোৰ আগত যি তই এনে কথা কলি আৰু কাৰো আগত নকবি, বুজিছ ?
বপুৰা- ইস্ইস্ কেলেই আনক কম । মোৰ মনৰ খুকুৰি আপোনাক নোকোৱাকৈও বেয়া নহয় ।মোৰ মনেৰে এইটো হলে ঠিক আপুনি যিয়েই বোলক লাগে । কোঁৱৰে সেই কাৰণেহে বিয়া নকৰায় । মই ঠিক জানিলো । তাইক কাৰেঙত থলে কোঁৱৰৰ বিয়াখন হাতীকণীৰ ভিতৰত । অজগৰে হৰিণাক মেৰিওৱাদি তাই কোঁৱৰক মেৰিয়াই চেপি চেপি জোল পিব লাগিছে । তাৰ দৰব আছে সাউদৰ পুতেক দেউতা-তাৰ আছে (জ্ঞানী ভাবেৰে মূৰ দুপিয়াই)
সুদৰ্শন-কি দৰব ?
বপুৰা-আছে আছে । সেই দৰবপালি দিলে কোঁৱৰৰ বিকাৰো যাব আৰু নবোৱাৰী আহি একেচাটেই কাৰেঙৰ বৰ ভেটি গচকিব ।
সুদৰ্শন-কচোন বাৰু কি ?
বপুৰা-আছে আছে ।
সুদৰ্শন-কচোন ?
বপুৰা-(কিছুপৰ কেৰো-ঘেঁহোকৈ থাকি) হেঃ সাউদৰ পুতেক দেউতা, হেঃ এই বপুৰাৰ লগত তাইৰ ৰাহি-যোৰা আমাৰ তিনি পুৰুষ আগৰেপৰা মিলি আছে-হে হৰি হে হৰি-(বপুৰাই উদ্বিগ্ন হৈ সুদৰ্শনৰ মুখলৈ চাই থাকে)
সুদৰ্শন-(হাঁহি)বাৰু বুজিছো বপুৰা, এতিয়া ৰাতি হল যা । কিন্তু তোৰ এইবোৰ সন্দেহ তেনেয়ে অমূলক । মোৰ কথা মনত ৰাখিবি । এইবোৰৰ বিষয়ে দুনাই কথা পতা শুনিলে কিন্তু তোৰ বেয়া হব ।
বপুৰা-হৰি হৰি-তেনে কথা কয়নে গছৰ মূঢ়া এটাৰ আগতো নকওদহয় । হৰি হৰি ।
সুদৰ্শন-এৰা নকবি ।
(ওলাই যায় গৈ)
বপুৰা-(বহুপৰ গুণি-গাথি থাকি বেজাৰমুৱা হৈ লাহে লাহে যায় গৈ)
ইয়াকে বোলে-
ভেলেকা বহুৱা থাকিল চায়
থোলোকা বাপুৱেসুপুৰসুপুৰ খায় ।


তৃতীয় দৰ্শন

( আগ নিশা । বুঢ়াগোহাঁইৰ টোল ।বুঢ়াগোহাঁইৰএকেজনী জীয়েক কাঞ্চনমতী আইদেউৰ তাঁত-সূতা বোৱা পাছফালৰ ঘৰ এটাৰ এটা খোঁটালিকোঠাটোৰ সোঁফালে এখন জাপ-দুৱাৰ । মাজৰ বেৰৰ সোঁ মাজেদি দীঘে-পথালিয়ে দুহাত জালিকটা । তাৰ ওপৰত হেঙুল-হাইতাল বোলোৱা দাঙি থোৱা জাপ । কোঠাটোৰ বাঁও চুকত বেৰৰ দাঁতিত দলিচা এখন পাৰি কাঞ্চনমতীয়ে যঁতৰ এটাত মহুৰা ফুৰাই আছে । বয়স ওঠৰ-ঊনৈশ । ভকভকীয়া বগা আৰু দেখিবলৈ অতিকৈ শুৱনি । গাত গোসাঁনীৰগাম্ভীৰ্যচকু পদুমৰ পাহি যেন । তেওঁৰ গাত পদ্মিনী তিৰোতাৰ সকলো লক্ষণ বৰ্তমান । তেওঁৰ ওচৰতে বেৰত কিছুমান মুগাসূতা আৰু কপাহৰ সূতাৰ উঘা আঁউজাই থোৱা আছে । চেৰেকী-লেটাই ইত্যাদি কিছুমানো তাত দেখা গৈছে । এটাৰ৭পৰ গছাত তিনি গছি শলিতা লগোৱা আছে । ওচৰতে হেঙুল-হাইতাল বোলোৱা ঠগিত এখন পুথি । আগত তামোল-পাণৰ বঁটা । খোঁটালিৰ ওপৰত এখন বগা তৰাফুলিয়া ৰঙা চান্দোৱা তৰা আছে । খোঁটালিৰ বেৰবোৰ পৰ্বতীয়া ঢেঁকীয়াৰ, পিতলৰ চকচকীয়া কামিৰে বন্ধা । বেৰৰ মুঠাবোৰ হাইতালেৰে বোলোৱা আৰু চিত্ৰ-বিচিত্ৰ কৰা । কাঞ্চনমতীয়ে তললৈ মূৰ কৰি একান্ত মনেৰে মহুৰা ফুৰাই আছে । এনেতে সোঁফালৰ দুৱাৰখন লাহেকৈ মুকলি কৰি আদ-বয়সীয়া তিৰোতা এজনী সোমাই আহে । তাই কোঠাটোৰ চাৰিওফালে চাই চোৰৰ দৰে আহি কাঞ্চনমতীৰ কিছু ওচৰ পায়হি । কাঞ্চনমতীয়ে মূৰ দাঙি চাই আকৌ মহুৱা ফুৰোৱাতমনযোগ দিয়ে । মানুহজনীয়ে আহি কুঁৱৰীৰ বাওফালে অলপ দূৰত মাটিত লেপেটা কাঢি বহেহি । কাঞ্চনমতীয়ে মূৰ দাঙি প্ৰশ্নসূচক দৃষ্টিৰে মানুহজনীৰ ফালে চায় । তাই কিবা এটা কব খুজি কোঠাটোৰ চালে-বেৰে এবাৰ টকু ফুৰাই হোহোকা মাৰি কাঞ্চনৰ ওচৰ চাপি আহি সৰুকৈ। )
মানুহজনী-আইদেউ, অনঙ্গ বোপা দেউতাই আপোনাক এবাৰ নিৰলে লগ পাব খোজে ।
কাঞ্চনমতী-(বৰ আচৰিত হৈ) কিয় ? কিয় ? ইমান নিশা ?
মানুহজনী-জানো বোলে বৰ জৰূলি কথা আছে
কাঞ্চনমতী-বাই-(বুলি অলপ পৰ তলকা মাৰি থাকে ) বাই, মই এনে নিশা লগ দিব নোৱাৰো বুলি কোৱাগৈ ।
মানুহজনী-পাবই লাগে বুলি কৈছে আকৌ ।
কাঞ্চনমতী-নহয় যোৱা (দীঘলকৈ হুমুনিয়াহ পেলাই) লগ পালেনো হব কি  ? নহয় বাই , যোৱা কোৱাগৈ বোলে লগ নাপায় । ভাইগে সাজি দিয়া ঘৰটৌ বৰ খুঁটা মানুহে লৰাবলৈ টান । সি কষ্ট বঢায়, খুঁটা উভাল নাখায় ।
মানুহজনী-পিছে আইদেউ, তেখেতে মনত বৰ বেজাৰ পাব নহয় ।
কাঞ্চনমতী-মুনিহ মানুহ বেজাই সহিব পাৰিব লাগে । ( মানুহজনীয়ে কাঞ্চনমতীক অলৰ-অচৰ দেখি আৰু আমনি নকৰি যাবলৈ থিয় হয় )
মানুহজনী-লগ তেনে দিব নোৱাৰিব আৰু ?
(কাঞ্চনে অসন্মতিসূচক মূৰ জোকাৰি মহুৰা ফুৰাবলৈ ধৰে । মহুৰাটোলৈ একেথৰে চাই, যন্ত্ৰই চোলৱাদি যঁতৰ চলায় । কাঞ্চনমতীয়ে তন্ময় হৈ মহুৰা ফুৰাই থাকোতেইঅনঙ্গৰাম বৰ উদ্বিগ্ন হৈ নিঃশব্দে দুৱাৰখন লাহে লাহে মেলি হাতত সাৰে ভৰিত সাৰে সোমাই আহি থিয় হয় । তেওঁক উত্তেজিত দেখা গৈছিল ।)
অনঙ্গৰাম-(গহীনকৈ সৰু মাতেৰে) কাঞ্চন তুমি- (কাঞ্চনমতীয়ে উচপ খাই উঠে-যঁতৰৰ পৰা হাত এৰাই বৰ সন্ত্ৰষ্ট হৈ অনঙ্গৰ ফালে হতভিম্ব হৈ চাই থাকে ) মোক লগ পাব নোখোজা । কিন্তু মোৰ লগ পোৱাৰ আৱশ্যক হৈছে । এনেকৈ অহাৰ বাবে ক্ষমা কৰিবা ।
কাঞ্চনমতী-(কঁপা মাতেৰে) আপুনি কি কৰিব খুজিছে ? এনেকৈ এনে সময়ত মানুহে মোক ব্যভিচাৰিণী বুলিব ।
অনঙ্গৰাম-(শিলকঠুৱা হৈ) মানুহে একো মিছা কথা নকব ।
কাঞ্চনমতী-তাৰ অৰ্থ ?
অনঙ্গ-ফটফটীয়া ।
কাঞ্চনমতী-আপোনাৰ মনতো ।
অনঙ্গ-নিঃসন্দেহে ।
কাঞ্চনমতী-ব্যভিচাৰিণীৰে সতে আপোনাৰ প্ৰয়োজন বা কি ?
অনঙ্গ-আছে
কাঞ্চনমতী-কি?
অনঙ্গ-তাকে তোমাক হবলৈ নিদিয়া ।
কাঞ্চনমতী-সিতো অতি সহজ ।
অনঙ্গ-অতি সহজ ?
কাঞ্চনমতী-এৰা আপুনিয়েই বুলিছে-আপুনি নহয় বুলিলেই নহলো ।
অনঙ্গ-বাক্যৰ চাতুৰি নেখেলিবা । তাৰ সময় নহয় । তোমাক মই বুজি পালো । কাঞ্চনমতী,তুমি মোৰ ইমান আন্তৰিক চেনেহ এইদৰে তলসৰা শুকান পাত গচকাদি গচকি নাযাবা বুলি ভাবিছিলো । তুমি মোৰ সকলো সপোন ভাঙিলা ।
কাঞ্চনমতী-(ৰূঢভাৱে)  কাৰো সপোন কোনেও ভাঙিব নোৱাৰে । সপোন নফলিয়াইহে ।
অনঙ্গ-(অন্তৰে অন্তৰে জ্বলি উঠে আৰু কিছু একো কব নোৱাৰি ঘামি-যামি একাকাৰ হয়)তুমি মিছলীয়া-মিছলীয়া ।
কাঞ্চনমতী-মই একো মিছা কোৱা নাই-আগলৈকো নকওঁ ।
অনঙ্গ-নোকোৱা ? নোকোৱা ? মোক ভালপাওঁ বুলি কোৱা নাছিলা ?
কাঞ্চনমতী-(অতি ধীৰভাৱে) কৈছিলো আৰু সঁচা কথাই কৈছিলো ।
অনঙ্গ-যদি সঁচাই তেন্তে খন্তেকতে সি কেনেকৈ নাইকিয়া হল ।
কাঞ্চনমতী-(অলপো বিচলিত নহৈ) আছে ।
অনঙ্গ-(উত্তৰত আচৰিত হৈ) আছে ? আছে ?? আছে ??? এতিয়াও ! কোন মুখেৰে কৈছা । তোমাৰ কথাত এতিয়াও মোক পতিয়ন যাবলৈ তুমি আশা কৰানে? তিৰোতাই ,সঁচাকৈয়ে মুনিহবোৰক ভুৱা দিব পাৰে বুলি বিশ্বাস কৰে হবলা ।
কাঞ্চনমতী-নিদিয়ে আৰু নকৰেও ।
অনঙ্গ-(উত্তেজিত হৈ কেইখোজমানআগবাঢি) নাই নাই আৰু নকবাই আৰু সৰু লৰাটিৰ দৰ তোমাৰ কথা কাণ পাতি শুনি বিভোল হোৱা দিন গল । তোমাৰ চেনেহত মোৰ আশা নাই . কিন্তু শেষ কথা কেইটামান কবলৈ আহিলো মাথোন । বাৰু যদি তুমি মোক ভাল পোৱা তেন্তে মোক বিয়া নকৰোৱা কিয় ?
কাঞ্চনমতী-আমাৰ দেশৰ ছোৱালীয়ে যাকে ইচ্ছা অৱশ্যে তাকে ভাল পাব পাৰে , কিন্তু যাকে ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে । চৰুক সুধি চাউল নবহায় ।
অনঙ্গ-ইচ্ছা কৰিলেও নোৱাৰেনে ?
কাঞ্চনমতী-বিয়াৰ বিষয়ে আমি ছোৱালীয়ে আই-বোপাইৰ ইচ্ছাৰ ভিতৰৰেদিহে ইচ্ছা কৰিব পাৰো । নিজৰ ইচ্ছাৰে বিয়া কৰিবলৈ গলে সি বিয়া নহৈ বেমেজালিও হোৱাৰ সম্ভৱ । এই কথা আপুনি জানে ।
অনঙ্গ-মৰমে যদি তোমাক সেই বেমেজালিত পৰিবলৈ মনত বল আৰু বুকুত সাহ নিদিয়ে, নিশ্চয় তাক সোণসেৰীয়া ভালপোৱা বুলিব নোৱাৰি তুমি যদি সঁচাকৈয়ে মোক ভাল পালাহেঁতেন তেন্তে সুন্দৰৰে সতে তোমাৰ বিয়া ৰোধিবলৈ নিশ্চয় চেষ্টা কৰিলোহেঁতেন । (কাঞ্চন কুঁৱৰীয়ে বহু পৰ অনঙ্গৰ চকুৱে চকুৱে চাই থাকে । ) তিৰোতাৰ মন-সাগৰৰ তলিলৈ পুৰুষ কেতিয়াও নামিব নোৱাৰে বোধকৰো তলিও নাই ।
কাঞ্চনমতী-তলি নিশ্চয় আছে,তিমান তলিলৈ নামিবৰ পুৰুষৰহে বুদ্ধিৰ অভাৱ । তিৰোতাৰ মন-সাগৰৰ ঢৌত চলচলাই ফুৰা পুৰুষহে সৰহ , গভীৰ তলিলৈ বুৰিয়াই নামিব পৰা অতি বিৰল ।
অনঙ্গ-বুদ্ধি নহৈ ভাল হৈছে । নামিব পাৰিলেও পণ্ডশ্ৰম আন্ধাৰ ঘোপমৰা তলিলৈ নামিলেও একো নেদেখে- বুজিব নোৱাৰে ।
কাঞ্চনমতী-সুক্ষ্ণ দৃষ্টিৰ বন্তি লগাই চালে দেখিব ।
অনঙ্গ-হুঁ (বুলি মনে মনে থাকে )
কাঞ্চনমতী-বাৰু, আপুনি যে মোক দোষিছে আপুনি মোক ভাল পায়নে?
অনঙ্গ-অ(হাঁহি) সেই কথা নাজানিছিলো । দেখিয়েই হবলা একো চেষ্টা কৰা নাই যদি পাওঁ বোলো ?
কাঞ্চনমতী-তেন্তে আপুনি সুন্দৰৰে সৈতে মোৰ বিয়া ভাঙিবলৈ কিয় চেষ্টা কৰিছে ?
(অনঙ্গ মাতিব নোৱাৰা হৈ বহুপৰ ৰৈ থাকে, তাৰ পাছত দোষী ভাবেৰে)
অনঙ্গ-কাঞ্চন,তোমাৰ কথা সঁচা । মই একো কৰা নাই । পিছে মইতো একো কৰিব নোৱাৰো ।
কাঞ্চনমতী-কিয় সুন্দৰ কোঁৱৰক আপুনি কিয় হাক নিদিয়ে । তেওঁক সকলো কথা কলে , তেওঁ যদি আপোনাৰ প্ৰকৃত বন্ধু হয় নিশ্চয় শুনিব ।
অনঙ্গ-মই তাকে কৰিলে, তোমাৰে মোৰে প্ৰণয়ৰ কথা ওলাই পৰিব ।
কাঞ্চনমতী-ওলাই পৰিলে কি হ ?
অনঙ্গ-সমাজে কি বুলিব?
কাঞ্চনমতী-তাৰমানে আপোনাৰ সমাজলৈ ভয় । আপুনি মুনিহ মানুহ হৈ যেতিয়া সমাজলৈ ভয় কৰিছে , আমি তিৰোতা সমাজৰ আঁঠুৱা তলৰ মহ হৈ ভয় কৰিলে আপুনি কিয় আচৰিত হয় ?
অনঙ্গ-তুমিতো সমাজৰ বিৰোধী কাম একো কৰিবলৈ যোৱা নাই, তুমি কোনো কাৰণ উলিয়াই সুন্দৰলৈ বিয়া নহওঁ বুলি নিশ্চয় কব পাৰা ।
কাঞ্চনমতী-সমাজৰ নিয়ম যে, মাক বাপেকিয়ে নিজ ইচ্ছাৰে যাক দিব জীয়েকে কোনো প্ৰতিবাদ নকৰাকৈয়ে তালৈকে যাবে লাগিব । পিতা-মাতাৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হোৱাতকৈ সমাজৰ নিয়মৰ বিৰুদ্ধে বিয়া হোৱা হল ।
অনঙ্গ-তেন্তে তুমি কোনো প্ৰতিবাদ কৰিব নোখোজা ?
কাঞ্চনমতী-সমাজে প্ৰতিবাদ কৰিবলৈ কোনো আধিকাৰ দিয়া নাই ।
অনঙ্গ-(হুমুনিয়াহ পেলাই) ওঁ বুজিলো, সোণৰ মূল্যই এই জগতত সবাতোকৈ সৰহ সোণৰ চিকমিকনিত প্ৰণয় সুন্দৰীৰ চকুত জলক-তবক লাগে । -হু-(কিছুপৰ ৰৈ) পোনাই কলেই হল-মোক ভাল নোপোৱা বুলি ।
কাঞ্চনমতী-আপোনাৰ পাটীৰ তিৰোতা নোহোৱাকৈ জানো আপোনাক মই ভাল পাব নোৱাৰো ?
(অনঙ্গইকাঞ্চনৰফালে থৰ লাগি চাই হতাশৰ হুমুনিয়াহ পেলায় ।কাঞ্চনৰ আওপকীয়া কথাৰ গঢ়ত বিৰক্ত হৈ পাছলৈ খোজ দি গৈ দুৱাৰমুখত ৰয়গৈ ।)
অনঙ্গ-(ভাবত গদ্গদ্ হৈ) কাঞ্চন-সমাজৰ নিয়ম তেন্তে কেতিয়াও লঙ্ঘন নকৰিবা ।
(এই বুলি অনঙ্গ সাউতকৰে দুৱাৰ মেলি বিজুলিযোৱাদি গুচি যায় ।কাঞ্চন বহাৰপৰা উঠি দুৱাৰত ৰৈ, দুৱাৰ অলপ মেলি বহুপৰ বাহিৰলৈ চাই থাকে ।তাৰ পাছত দুৱাৰ জপাই মুখত হাত দি হুক্হুক্ কৰে কান্দিবলৈ ধৰে । বুকুত হাত দি কান্দি কান্দি মাটিত লেপেটা কাঢি বহে আৰু  কান্দি কান্দি মাটিত উবুৰি খাই পৰে । )
চতুৰ্থ দৰ্শন

(ৰাজ আলিবাট । দুপৰীয়া । টোমেটোমে গাখীৰ ,গুৰ , কোমল চাউল লৈ যোৰে যোৰে মানুহ যাব লাগিছে । কল, কুঁহিয়াৰ আৰু নানা বয়-বস্তু, হোৰা হোৰেকঢ়িয়াই নি থকা দেখা গৈছে । জাকে জাকে পাইকবোৰে কলগছ, বাহ ইত্যাদি নানা বস্তু লৈ আহিছে , গৈছে । তাৰ মাজে মাজে বৰা হাজৰিকা, বিষয়া এজন-দুজন আহিছে , গৈছে । এখন দোলাত এজন ডাঙৰীয়া আৰোৱানৰ আঁৰ হৈ সেই বাটেদি যায় ।)

পঞ্চম দৰ্শন

(কাৰেঙৰ সুন্দৰৰ কোঠা । (প্ৰথম দৰ্শন) ৰাতি । সুন্দৰ চালপীৰাত বহি আছে ৰাজমাৱে ওচৰতে চকুপানী মচি বহি আছে । )

সুন্দৰ-আইতা, তুমি এনে অবুজ হলে কেনেকৈ হ ? সামান্য কথাৰ হকে তুমি এইদৰে নাখাই-নবই থাকিব লাগিছে কিয় ?
ৰাজমাও-মৰিম,মৰিম মই নাখাই-নবই মৰিম ! মোৰ পেটৰ পোৱালি হৈ তই মোক এনে লাজত পেলাব খুজিছ । আজি  বাদে কাইলৈ জোৰণ পিন্ধাব লাগিব-তই এতিয়াও বিনা কাৰণত-
সুন্দৰ-কাৰণৰ কথা নকবা । কাৰণৰ কথা তুমি কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছানে ?
ৰাজমাও-কি কাৰণটোনো আছে । কিছুমান অজাতৰীয়া শাস্ত্ৰ গোটাই লৈ বিৰাগী হব খুজিছ ।
সুন্দৰ-আইতা-
ৰাজমাও-বুজিছ সুন্দৰ, দহ মাহ গৰ্ভধৰা জননীৰ আশাত এনেকৈ কুঠাৰ মৰা ভাল নহয় । তই বংশটোৰ নাম নুমাব খুজিছ । তই মোৰ একেটা লৰা । তই বিয়া নকৰালে বংশটো কেনেকৈ ৰক্ষা পৰিব ? মাকক এনেকৈ কষ্ট দিয়া মহাপাপ । মোক তই মানুহৰ আগত মুখ উলিয়াব নোৱৰা কৰিব খুজিছনে ? বিয়াৰ সকলো দিহা-পোহা হল । বস্তু-বেহানি গোটাই-পিটাই বিয়াৰ দিন-বাৰ ঠিক-ঠিকনা কৰি ৰাইজ মতা হলএতিয়া সেইবোৰ ভেকোভাওনাহে হব আৰু ।
সুন্দৰ-মোৰ মত নোহোৱাকৈ তুমি-
ৰাজমাওতোম মতটো কেলেই ? মাইকী-বাপেকিয়ে নিজৰ কৰ্তব্য কৰিবই । তোক আমিতোগড়খাৱৈত পেলাবলৈ পাঙপতা নাই নহয়যিটো দেশ-দস্তুৰ, ভগৱন্তই বান্ধি দিয়া বিধান, তাক আমি পালিবলৈ আগবাঢ়িছোঁ মাথোন । কত দেখিছা,ত শুনিছা মাক-বাপেকিয়ে বিয়া দিব খোজাত লৰাই এনেদৰে বিধি-পথালি দিছে বুলি ।
সুন্দৰ-ওঁ তেন্তে মোৰতো মাতিবলৈ একো নাই । তেন্তে মোকনো আৰু কিয় সুধিব-পুছিব লাগিছে ?
ৰাজমাও-তই অঁকৰামতীয়া হৈছ দেখিহে আকৌ তোৰে সৈতে যুঁজ-বাগৰ কৰি আছো ।
সুন্দৰ-সুধিছাই যদি আৰু মোৰ মতৰ ওপৰতেই যদি মোৰ বিয়া নিৰ্ভৰ কৰিছে তেন্তে আইতা , বিয়া ভাঙিবলৈ এতিয়াও বহু সময় আছে । এতিয়াও ৰাইজক , প্ৰজাক আৰু ডাঙৰীয়াসকলক আনভাগে বুজাই দিয়াগৈ ।
(সুন্দৰ-এই বুলি ৰাজমাও তাৰপৰা উঠি উচাট মাৰি গুচি যায়গৈ আৰু বাওঁ দুৱাৰেদি ওলাই যায় । আইদেউতা বুলি সুন্দৰ পাছে পাছে যায় । সুদৰ্শন সোঁফালৰ দুৱাৰেদি সোমাই আহে । )

সুদৰ্শন-(কোঠাটোত চাই) কতা সুন্দৰ নাই দেখোন ?
(সুদৰ্শনে ইফাল সিফাল কৰোতেই ভিতৰৰ পৰা ৰেৱতী ভোৰভোৰাই আহি তাত ওলায়হিকি শনি সোমাল অ কাৰেঙত দিনে-ৰাতিয়ে দেখোন বাক্-বিতণ্ডা নুগুচা হ  সুদৰ্শনক দেখি থমকি ৰয় ।)
ৰেৱতী-এ সাউদৰ পুতেক ককাইদেউ-হে, মোৰ দেউতাটি । সৌ কোঁৱৰক আইতাদেউতাৰ ওচৰৰপৰা লৈ আহোকগৈ । বলকনিৰ প্ৰতাপত এতিয়া আইচু দেউতাৰ যিকেইডাল কেঁচা চুলি আছে তাকো পকাবলৈ ।
সুদৰ্শন-কিনো কৰিছে ?
ৰেৱতী-আজি দিনটো কাৰেঙত কেঁৱে ভাত-পানী খাব পৰা নাই আইচু দেউতাৰ অৱস্থা দেখি । জানো কি শনি সোমাইছে কোঁৱৰৰ । বিয়াখননো পাতিলে কি হয় আইচু দেউতাই আজি তিনি-চাৰি সাজ নাখাই-নবই কান্দি কাটি –( এনেতে সুন্দৰৰ মাত শুনা গল )

 

সুন্দৰ-(ভিতৰত)মাতৃৰ মতেই মত পুত্ৰৰ তেনে মাতিবলৈ একো নাই (সুন্দৰ আহি সোমায়হি সুদৰ্শনলৈ নাচাই ৰেৱতীক) কি হল তোৰ মোৰে সতে কিবা তৰ্কবাদআছেনেকি নালাগে নালাগেযা যা মোৰ বিয়া পাতিব ! ৰজাৰপৰা প্ৰজালৈকে , ডাঙৰীয়াৰ পৰা পাইকলৈকে সকলোৱে কেৱল বিয়া বিয়াবিয়া (ৰেৱতী ওলাই যায় )
সুদৰ্শন-(বৰ গহীন হৈ) মোৰ বিবেচনা মতে সুন্দৰ তুমি বিয়া কৰোৱা । জন্ম, মৃত্যু আৰু বিবাহ-ই বিধাতাৰ নিবন্ধন ।
সুন্দৰ-তুমিও-তুমিও-(এইবুলি সুন্দৰ হতাশ হোৱাৰ দৰে আহি বৰপীৰাত বহে) তেন্তে বন্ধু বুজিলোবিধাতাৰ শিলৰ ৰেখা মই আঙুলিৰে মচিব খুজিছো । (বহুপৰ ৰৈ থাকি ) সুদৰ্শন তুমিও- তাকে কোৱা ।
সুদৰ্শন-এৰা বন্ধু-মই কওঁ তুমি বিবাহত সন্মতি দিয়া ।
সুন্দৰ-হৃদয়ৰ দেৱতাৰ বেদীৰ ওচৰতে তোমাৰ ঠাই-তুমিও জানা । নাজানানে বন্ধু-ৰুদ্ধ মোৰ প্ৰাণৰ দুৱাৰ,তিৰোতাৰ প্ৰৱেশৰ তাত নাই অধিকাৰ ?
সুদৰ্শন-(আৰু গহীন হৈ) অধিকাৰ দান কৰা
সুন্দৰ-অসমৰ্থ
সুদৰ্শন-নিজৰ সত নাযাই আনে কৰক ।
সুন্দৰ-মই জানি,চকুৰ আগতে দেখি, হাত সাবটি-
সুদৰ্শন-সময় বিশেষে অৱশ্যে ।
সুন্দৰ-বন্ধু-তোমাৰ মতৰ বিচিত্ৰতা আছে বুলি মই স্বীকাৰ নকৰি নোৱাৰো । তুমি তেন্তে জানিও ভুল কৰিবলৈ কোৱা ইচ্ছাকৃত ভুল !
সুদৰ্শন-ইচ্ছাকৃত ভুলতো আনন্দ আছে । তুমি উচ্চাৰণ কৰা ইচ্ছাকৃত ভুলশব্দটোৰ ঠাইত মই ত্যাগশব্দটো বহুৱালে কোনেও মোক ভুল ধৰিব নোৱাৰিব । তোমাৰ বৈৰাগ্য পন্হা মাতৃৰ সন্তুষ্টিৰ কাৰণে ত্যাগ কৰা । ( বহুপৰ সুন্দৰ নমতাকৈ থাকি হঠাৎচঞ্চল হৈ ) তেন্তে সেয়ে হোকসেয়ে হোকত্যাগৰ ৰথত উঠি স্বাৰ্থই দ্বিগ্বিজয়কৰোক ।
             (শেৱালি সোমায় আহে)
শেৱালি-সাউদৰ পুতেকৰ ককাইদেউক ৰাজমাও দেউতাই বিচাৰিছে ।
সুদৰ্শন-বাৰু- (সুন্দৰৰ ফালে চাই ) তেন্তে, সুন্দৰ-
সুন্দৰ-তেন্তে আৰু কি বান্ধ । মোক কি সুধিছা । যোৱা বান্ধ সুদৰ্শন-যোৱা যি ইচ্ছা তাকে কৰা আয়ে যি ইচ্ছা তাকে কৰক । দেশ-দস্তুৰ কাৰো মতৰ কাৰণেকোনো যুক্তি-তৰ্কৰ কাৰণে কাৰো আপত্তি-বিপত্তিৰ কাৰমে অপেক্ষা নকৰে । আইৰ সন্তুষ্টি হওক, প্ৰজাৰ সন্তুষ্টি হওক । (সুদৰ্শন তললৈ মূৰ কৰি থাকে, সোফালৰ পৰা অনঙ্গ সোমাই আহি )
অনঙ্গ-বন্ধু !
সুন্দৰ-তুমি আৰু মোক একো কব নালাগে-আৰু আৱশ্যক নাই ।
অনঙ্গ-কি ?
সুন্দৰ-তুমিও তাকেইহে কবা তোমালোকে বন্ধু হৈ মোক নুবুজিলা । মোৰ মনৰ  ৰাজ্যত মই ইমান অকলশৰীয়া । তুমি শুনি সুখী হবা সুদৰ্শনে আইৰ ওচৰলৈ মোৰ বিবাহৰ মত লৈ গৈছে ।
অনঙ্গঃ(বৰ বিচলিত হৈ) তুমি মত দিলা সুন্দৰ তেন্তে  সঁচাকৈ ।
সুন্দৰ-(বৰ কৰ্কশভাৱে) মত লৈ গৈছে ।
অনঙ্গ-তেন্তে তোমাৰ মত নোহোৱাকৈ বলেৰে তেওঁ কবলৈ গৈছেনেকি ? তেন্তে ?
সুন্দৰ-একো নাই-সন্তুষ্টি সকলোৰে সন্তুষ্টি হওক, কেৱল মোৰ হৃদয়ত ঠাই দিব নোৱাৰা এটা বস্তু লৈ গোটেই জীৱন জ্বলি পুৰি মৰো ।
অনঙ্গ- নহয় নহয়সুদৰ্শনে এইটো মহা ভুল কৰিছে সঁচাকৈয়ে যদি তোমাৰ মত নাই তেন্তে কিয় ?কিয়? ৰবা বাৰু মই যাওঁ । (বুলি অনঙ্গ বেগেৰে যাব খোজোতেই বাওঁফালৰ দুৱাৰেদিসুন্দৰে যাবলৈ হাক দি ৰখাই )
সুন্দৰ-বান্ধ,ব মোৰ বিয়া হব । বন্ধু, জন্ম, মৃত্যু আৰু বিবাহ বোলে অনিবাৰ্য সি বোলে হবই । বন্ধু, বলগীয়া তেন্তে হৈ যাওক সংসাৰ তাৰ আপোন ইচ্ছা  বুলি যাওঁক । সংসাৰৰ ৰীতি, সমাজৰ নিয়ম বোপা-ককাৰ সহজ, গুৰুজনৰ আজ্ঞা , আইৰ হেঁপাহ, প্ৰজাৰ আগ্ৰহ সকলো ৰওক মাথো মই সকলোৰে গচকত মষিমূৰ হৈ যাওঁ । প্ৰাণৰ অগনিত মনৰ শান্তি , জীৱন ভস্ম হৈ ছাই হৈ-ধূলি হৈ উৰি যাওক-কেৱল আগ্ৰহ থাওক-হেঁপাহ থাওক, সমাজৰ নীতি , সমাজৰ ৰীতি থাওক আৰু মোৰ বাহিৰে গোটেই সংসাৰ সন্তুষ্টি হওক ।


দ্বিতীয় অঙ্ক
প্ৰথম দৰ্শন


(সুন্দৰৰ কাৰেঙত  কাঞ্চন  কুঁৱৰীৰ শোৱনি কোঠা শেৱালিয়ে হাতত এটা কুকী আনি এখন শৰাইত সজাই থয় আন বন কৰে মাজে মাজে চকু পানী মচে এনেতে সেউজী লিগিৰি সোমাই আহে তাইৰ মুখখন ঘূৰণীয়া আহোম গঢ়ী , বগা , দেখিবলৈ সুন্দৰী নহয় যদিও মৰম লগা । গাঠলু আৰু নিপোটল । মুখত উদাৰ হাঁহিসনা ।)
সেউজী-এ শেৱালি বাইটি তই ইয়াতে আছ । (শেৱালিয়ে উচপ খায় আৰু লৰালৰিকৈ চকু মচে ) বাইটি অ তই দেখোন চকু মোহাৰিছ-কিবা সোমাল নেকি ? চাওঁ চাওঁ ।
(ওচৰ চাপি আহি চকুলৈ চাই)
এ কান্দিছহে হবলা । আঐ দেহি কিনো হল বাইটি । ৰেৱতীয়ে কিবা কলেনেকি ? (শেৱালিয়ে হুক হুক কৰে কান্দে , সেউজীয়ে সাবট মাৰি ধৰি)
কেলৈনো কান্দিছ বাইটি ! কচোন বাইটি কি হ ?
( শেৱালি অলপ ৰৈ)
শেৱালি-সেউজী, মইনো বাৰু ৰেৱতীক কি কৰিলো-তাই যে মোক দুই চকুৰে দেখিব নোৱাৰে । সঁচাই-মিছাই মোৰ কথাবোৰ ৰাজমাও দেউতাক টুটকীয়া লগাই থাকে ।
সেউজী-(সহানুভূতিৰে) তাইৰ কথাত নধৰিবি । তাই তেনেকুৱাই কিনো বাৰু কি লগালে ?
শেৱালি-মইনো বাৰু কেতিয়া কোঁৱৰক ভুলাবলৈ গাত লিপিত খুৱাই মেখেলা পিন্ধি ফুৰিছিলো । কোঁৱৰক  হেনো মই কিবা আহুদি কৰিলোঁ । সেইহে হেনো কোঁৱৰে ন ঘৈণীৰ সতে আজি এমাহেও কথা এটাকে পতা নাই । এনেকৈ কৰিলে কেনেকৈ থাকিবি-মই সেউজী-কৰবাত পানীত পৰি-
(কান্দিবলৈ ধৰে)
সেউজী-( খং ভাব দেখুৱাই) এঃ তাই কলেই হবনে ? তাইহে তেনেকুৱা যাৰে-তাৰে সতে ছল পালেই চুপতি । কওক বাৰু, কওক দে তাই ! বাৰু, কোঁৱৰেনো কিয় কুঁৱৰীক নামাতে-নোবোলে ?
শেৱালি-জানো মোৰ আই-মই কেনেকৈ কম ।
সেউজী-এৰা আই-দিনে ৰাতিয়ে দেখোন নছোৱালীজনীৰে সৈতে বাক-বিতণ্ডা কৰি ধুমখুলি বাই থাকে । আনে নছোৱালী বিয়া কৰাই আনি গাতে পমি যাব খোজে , আমাৰ এখেত আকৌ ভুলে-চুকে এখোজ কাষ চাপিলেও তিনি খোজ পাছলৈহে যায় । শেৱালি বাই , কোঁৱৰ আৰু আগৰ কোঁৱৰ নহয় । বিয়া কৰোৱাৰপাৰ দেখোন কিবা হল । মনটো সদায় মাৰি থাকে, দেখিলে মোৰ হলে বেয়া লাগে বাই ।
শেৱালি-লাগেতো কেনে পূৰ্ণিমাৰ জোন যেন হাঁহি থকা মুখখন কেনে হল দেখা নাই । আগেয়ে দিনটোত কেইসাজনো নসলাব, কেইবাৰনো দাপোণ চাই মূৰ নেমেলাব । তাকে ৰেৱতীবাইৰ আগত কৈ দুখ কৰিলে কয় আকৌ বোলে মোৰ হেনো কোঁৱৰলৈ ধাউতি । (শেৱালি কিছুপৰ নিতাল মাৰি থাকে)
সেউজী-পিছে এটা  কথা দেই শেৱালি বাই । এটা কথা হলে । এই হালৰ কেতিয়াও মিল নহয় । যি লাই বাঢ়ে তাৰ দুপাততে চিন । বিয়া কৰায়েই যদি এনে অসুখ অশান্তি পিছে পৰে বা কি হয় । কিবা এটা নিশ্চয়কৈ কেৰোণে ধৰিছে । অ বাই , বাই এটা কথা । (কাণৰ ওচৰলৈ মুখ নি) কালি নিশা সিঁহত হালে কথা পাতি থাকোতে মই বেৰত কাণ পাতি শুনি আছিলো ! কোঁৱৰে কিবা বোলেনে অনঙ্গ ককাইদেউৰ কথা কৈ গুজৰি-গামাৰি আছিল । কুঁৱৰীৰো মুখ কম নহয় দে কথা আখৈ ফুটাদি ফুটিছে নহয় । এনেতে কোঁৱৰ উচাট মাৰি উঠি অহা দেখি মই ভয়তে নিধাতু খাই চাংমাইশাল পালোগৈ । বোলো মোক দেখিলে হবলা । সোতাৰ খং বাঢ়নীত জাৰেহিবা ।
শেৱালি-তাৰ পাছত আৰু কি কৈছিল ?
সেউজী-এ কৈছো নহয় মই বোলো চাংমাইশাল পালোগৈ বুলি ।
(এনেতে গহীন হৈ কাঞ্চন কুঁৱৰী সেই কোঠালৈ সোমাই আহে শেৱালি আৰু সেউজী নিফুট মাৰে)
কাঞ্চনমতী-(দুয়োলৈকে মৰমৰ চকুৰে চাই) শেৱালি আৰু সেউজী তহঁত বাৰু যা, নিশাও হৈ আহিছে, খাই-বৈ শোগৈ ।
শেৱালি-চালপীৰাখন সজোৱা ।
কাঞ্চনমতী-বাৰু নালাগে ময়েই লম, তহঁত যা(শেৱালি-সেউজী অলপ পৰ ৰৈ আৰু নমতা দেখি লাহে লাহে ওলাই যায় সোঁফালে বেৰৰ দাতিত কাঞ্চন কুঁৱৰীয়ে এখন দলিচাত বহি টাতুৰি এটাত এৰী কাটিবলৈ ধৰে আৰু ৰিহাৰ আঁচলেৰে চকুপানী মচিবলৈ ধৰে । সুন্দৰ সোমাই আহি কোঠালিটোত এপাক মাৰি চালপীৰাত বহি একান্তমনে কাঞ্চনৰফালে চাই থাকে । কাঞ্চনে কিন্তু তলমূৰকৈয়ে সূতা কাটি গৈ থাকে আৰু তলমূৰকৈয়ে সুন্দৰৰ সকলো কথাৰ উত্তৰ দি যায় আৰু প্ৰশ্ন কৰে ।)
সুন্দৰ-কুঁৱৰী, মোৰ এয়েই প্ৰথম আৰু শেষ কথা । তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব ।
কাঞ্চনমতী-(বৰ তীব্ৰতাৰে) মোৰ এইদৰে জীৱন-মৰণ লৈ লৰা-ধেমালি কৰা আপোনাৰ উচিত হোৱা নাই । এটা ভুল কৰিলে কি তাতোকৈ এটা ডাঙৰ ভুলেৰে আপুনি সেই ভুল শুধৰাবলৈ গৈছে । আপুনি ইমান দুৰ্বল বুলি মই ভাবিব নোৱাৰো ।
সুন্দৰ-(ডাঙৰকৈ হাঁহি) মোৰ ই দুৰ্বলতা নে সবলতা  সি এটা মীমাংসা কৰিবলগীয়া প্ৰশ্ন । বাৰু, মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া-
কাঞ্চনমতী-কি ?
সুন্দৰ-সত্যক আঁকোৱালি ধৰা দু্ৰ্বলতানে ?
কাঞ্চনমতী-কেতিয়াও নহয় ।
সুন্দৰ-বিবাহ আৰু ভালপোৱাৰ পাৰ্থক্য কি ?
কাঞ্চনমতী-বিবাহৰ দ্বাৰাই শাৰীৰিক সম্বন্ধ ঘটে আৰু মানসিক সম্বন্ধ হবই লাগিব বুলি সমাজে ধৰি লয় , নিৰ্দেশ কৰে ভাল পোৱা মানসিক সম্বন্ধ , শাৰীৰিক সম্বন্ধ তাৰ উদ্দেশ্য নহবও পাৰে ।
সুন্দৰ-তেন্তে সি দুটা বস্তু নহয়নে ।
কাঞ্চনমতী-দেখাতেই
সুন্দৰ-বঢ়িয়া কথা । তেন্তে তুমি মন এঠাইত থৈ শাৰীৰিক এঠাইত থাকিবলৈ একো আপত্তি নকৰা ।
কাঞ্চনমতী-তাত বিচিত্ৰতা কি ? আপুনি শাৰীৰিকে এই কোঠাটোত সোমাই থাকি মনটো হিমালয়ত থাকিবও পাৰে ।
সুন্দৰ-সমাজৰ কথা তুমি নিশ্চয় মানি চলিব খোজা ?
কাঞ্চনমতী-ওঁ
সুন্দৰ-তেন্তে সমাজে যালৈ তোমাক বিয়া দিছে-তাকে ভাল পোৱা সমাজৰ নিৰ্দেশ-তাক তুমি কেনেকৈ পালন কৰিবা ?
কাঞ্চনমতী-অন্তৰতম প্ৰদেশৰ বিষয়ে সমাজে যদিও নিৰ্দেশ  দি থৈছে সি সঁচাকৈয়ে পালিত হৈছেনে সমাজে তাক চাবলৈ চন্তৰী নপঠায়, কিন্তু বিবাহিতা তিৰোতাই বাহিৰা নিয়মবোৰ ৰীতি মতে পালন কৰে নে নকৰে তাৰ কাৰণে সমাজে যথেষ্ট চোৰাং-চোৱা থৈছে আৰু সমাজ তাতেই সন্তুষ্ট কাৰণ এইখিনি পালন হলেই সমাজৰ অনিষ্ট নহয় অৱশ্যে শাৰীৰিকে ।
সুন্দৰ-শুনিবলগীয়া তেন্তে সতীত্ব মানে শাৰীৰিক সতীত্ব ।
কাঞ্চনমতী-সেয়ে হলে সমাজ সন্তুষ্ট
সুন্দৰ-কিন্তু সুন্দৰতো নহয় । সমাজে বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰিব পাৰে-কিন্তু সুন্দৰে নোৱাৰে । কৃত কৰ্মৰ সতে সমাজৰ সম্বন্ধ , কিন্তু ব্যক্তিৰ ভাৱৰ সৈতে ? ভাবেই কৰ্ম-গছৰ গুটি যেতিয়া সেই গুটি বিষয়ে মই শঙ্কিত নহম কিয় ? আমৰম গুটিৰ পৰা কোনদিনা অঙ্কুৰ ফুটি গছ গজে তাক কোনে কব পাৰিব । সমাজক সন্তুষ্ট কৰিবলৈ তুমি মোক বিয়া কৰাইছিলা । শাৰীৰিক সতীত্বতেই সমাজ সন্তুষ্ট ।
কাঞ্চনমতী-অৱশ্যে-কাৰণ আপুনিও মোক মাত্ৰ সমাজৰ সন্তুষ্টিৰ কাৰণেহে বিবাহ কৰাইছিল আৰু ভালকৈ জানিছিল-আপোনাৰ মাতৃ আৰু সমাজে আমাৰ শাৰীৰিক মিলন বিচাৰিছিল-আপুনি তাত মত দিয়া নাছিলনে ?
সুন্দৰ-কিন্তু, তোমাৰ মন যে আনক-
কাঞ্চনমতী-তাৰ সতে আপোনাৰ সম্বন্ধ কি ? মাতৃৰ অনুৰোধত আপুনি মাত্ৰ শৰীৰটো বিবাহ কোঠালৈ পঠাই-আন পক্ষ ৰমনকো তাত বিচৰাটো যুক্তিযুক্ত কথা হৈছেনে ?
(সুন্দৰ হতবিম্ব হৈ বহুপৰ টলকা মাৰি থাকে)
সুন্দৰ-(একে উশাহতে) সি মোৰ ভুল শুধৰাব-
কাঞ্চনমতী-সকলো ভুল শুধৰাব নোৱাৰি ।
সুন্দৰ-কিয় ?
কাঞ্চনমতী-কিছুমান ভুল শুধৰালে অপকাৰ হয় । কিন্তু কিছুমান ভুল শুধৰাবলৈ গলে ধ্বংস হয় । বৰঘৰৰ খুঁটাবোৰ ভুলকৈ পুতি ঘৰটো সজাৰ পাছত খুঁটাবোৰ শুদ্ধকৈ খুৱাবলৈ গলে গোটেই ঘৰটোকেই ভাঙিব লাগিব ।
সুন্দৰ-(বৰ উত্তেজিত হৈ) ভুল যি সি ভুলেই । ঘৰ ভাগক বা সংসাৰ ভাগক তাক শুধৰাবই লাগিব ।
কাঞ্চনমতী-সেই বুলি আপোনাৰ ঘৰৰ ভিতৰত শিকলিৰে মানুহ বান্ধি থৈ ঘৰৰ খুঁটা শুধৰাবলৈ গৈ ঘৰ ভাঙি মানুহ মাৰিবৰ কিবা অধিকাৰ আছে জানো ?
সুন্দৰ-ওলাই গলেই হল ।
কাঞ্চনমতী-শিকলিৰে বন্ধা সেই শিকলি চিৰকাললৈ খুলিবৰ শক্তি নাই । সেই অশৰীৰৰী শিকলিৰ বান্ধ এবাৰ খোৱা মানুহে নমৰালৈকে এৰাই যাব নোৱাৰে ।
সুন্দৰ-মৰিলে তেন্তে !
কাঞ্চনমতী-(কিবা এটা ভাবত হাঁহি সুন্দৰলৈ বাৎসল্য ভাব দেখুৱাই ) আপোনাৰ ভুল শুদ্ধ হব আৰু ।
(সুন্দৰে লাজ পোৱাদি পায় কিন্তু একো নামাতে-তাৰ পাছত নুবুজা কিবা অঁকৰাৰ দৰে )
সুন্দৰ-নহয়-নহয়-ভুল শুধৰাবই লাগিব মোৰ নিজৰ ৰাজ্যৰ এমূৰৰপৰা আন মূৰলৈকে যদি জুই লাগে তথাপি ভুল  শুদ্ধ কৰিব লাগিব । তুমি মোক আচৰিত কৰিছা অনঙ্গৰ সৈতে তোমাৰ আন্তৰিক ভালপোৱাৰ কথা মোক নিঃসঙ্কোচে আৰু তেজস্বীতাৰে ,নিজৰ স্বামীৰ আগত কোনো কথা গুপুত নাৰাখো বুলি , প্ৰকাশ কৰি, সাহ দেখুৱাই এহাতে তোমাৰ মানসিক নিৰ্ভীকতা দেখুৱাইছা কিন্তু, আকৌ আনফালে সেই বাস্তৱ আৰু জীৱন্ত সত্যক উপেক্ষা কৰি নিৰ্মম  কঠোৰ ভাৱে ভৰিৰে মোহাৰি , সমাজৰ প্ৰাণহীন  নিয়ম প্ৰতি প্ৰতিকৈ মানি মোৰ সতে সংসাৰ কৰিবলৈকো  আগ বাঢ়িছা । এই পৰস্পৰ ঘোৰ বিৰোধী কথা দুটাৰ তুমি মিলন বিচাৰিছা-বিশেষকৈ-মই যেতিয়া সকলো কথা বুজি তোমাৰ আন্তৰিক পবিত্ৰতা ৰক্ষা কৰিবলৈ সহায় কৰিবলৈকো সাহকৈ আগবাঢ়িছো
কাঞ্চনমতী-হব পাৰে সেইটো, কিন্তু আপোনাৰ মতে কাম হবলৈ হলে এতিয়া সমাজত এটা প্ৰলয় উপস্থিত হব ।
সুন্দৰ-প্ৰলয় হব হওক ! প্ৰলয়ৰ আৱশ্যক হৈছে । শতাব্দী ধৰি গোট খাই থকা সমাজৰ আৰ্বজনা ধুই সমাজক নিৰ্মল আৰু পবিত্ৰ কৰিবলৈ এক প্ৰলয়ৰ অতি আৱশ্যক হৈছে । তেন্তে মই সেই প্ৰলয়ক আজি আহ্বান কৰিছোঁ । মোৰ জীৱনলৈ, সমাজৰ জীৱনলৈ মই প্ৰলয়ক আমন্ত্ৰণ কৰি আনিম । সুদৰ্শন নহয় অনঙ্গৰ সতে-নহয় নহয় অনঙ্গক মই দেখা পাব লাগিব অনঙ্গ-
(এই বুলি উত্তেজিত হৈ তাৰপৰা ছাট মাৰি ওলাই যায়গৈকাঞ্চন ধীৰ-স্থিৰ হৈ থাকে কিছুপৰ ওপৰলৈ টলকা মাৰি আকৌ একান্তমতে টাকুৰি ঘূৰাবলৈ ধৰে)

দ্বিতীয় দৰ্শন
(মাজনিশা সুদৰ্শনৰ কোঠাত সুদৰ্শন শুই আছে । বাহিৰৰ পৰা বপুৰাই দুৱাৰ ঢকিয়াই মাতে )
বপুৰা-হে উঠক হে দেউতা হে ইশ্বৰ-হে উঠক (বৰকৈ ঢকিয়াই ) হেৰেই হেৰেই সাউদৰ পুতেক দেউতা অ দেউতা –(সুদৰ্শন ধৰফৰাই শোৱা পাটিৰপৰা উঠি বিস্ময়মানি চাৰিওফালে চাই )
সুদৰ্শন-কোন-কোন ?
বপুৰা-(অধৈৰ্য হৈ ) হে দেউতা আগেয়ে দুৱাৰখন মেলি দিয়কচোন পাছেও নামটো কম ।
(সুদৰ্শন আহি দুৱাৰত কাণ পাতি কোন ? কোন ? )
বপুৰা-হে মোৰ গোঁসাই ! ডকাইতো নহও চোৰো নহও ।
সুদৰ্শন-অ বপুৰা-(সাউতকৈ দুৱাৰখন মেলি বপুৰাই হাতেৰে চুৰিয়াখন ধৰি কঁকালত ৰাখি, পাছে পাছে কাপোৰত বাহৰ জেং এডাল চোচোৰাই সোমাই )
বপুৰা-মোৰ দেউতা উঠক উঠক বলক-বলক তেনেই সৰ্বনাশ হল ।
(জেং ডাল হাতেৰে এৰুৱাই এচাৰ মাৰে )
সুদৰ্শন-কি হল অ কি হল-জেঙে-জাবৰে দেখোন এনেকৈ ওলাইছহি !
বপুৰা-নকব আৰু মোৰ প্ৰভু যি হবলগীয়া হল । এনেকুৱাখন বুলিনো জনা হলে-হৰি হৰি । বলক বলক হালৰে এতিয়া কতা-কটি মৰা-মৰি নহলেই হৈছে ।
সুদৰ্শন-(অলপ পৰ টলকা মাৰি) কোঁৱৰ অকলে আছেনে নে লগত কোনোবা আছে ? (বপুৰাই সেইফালে বেবুৱা খায় ) কি হল তোৰ দেখোন মাত-বোল হৰিল ।
বপুৰা-হৰিবৰ ককাই । পিছে আপুনি জানেই পিছে কি কৰে ।
সুদৰ্শন-পিছে ঘটনাটো হৈছে কি ?
বপুৰা-ধেমালিনো কৰে কিয় মোৰ প্ৰভু ।
সুদৰ্শন-তই আহোঁতে কোঁৱৰ কত ?
(এই বুলি সুদৰ্শনে মূৰত পাগ মাৰিবলৈ ধৰে আৰু বপুৰাই বলকি যায় ।)
বপুৰা-এই অলপ আগতে কোঁৱৰে দেখোন কুঁৱৰীৰ সতে কিবা বাক-বিতণ্ডা কৰি এবাৰ কাৰঙেৰ পৰা ওলাই পোনছাটেই বুঢ়াগোহাঁইৰ টোললৈ আহি অনঙ্গ ডেকা দেউতাক জগাই আগবাৰীৰ ফুলনিলৈ মাতি আনি কিবা নানা বাক-বিতণ্ডা আৰম্ভ কৰিলে । কোঁৱৰে দেখোন কুঁৱৰীৰ কথা ঘনাই ঘনাই কোৱা শুনিলো, পিছে এতিয়া দুয়োৰে কথা কোৱা চৰি গৈছেগৈ । মই কথাৰ গঢ় ভাল দেখা নাই । ( বপুৰা সুদৰ্শনৰ ওচৰলৈ আহি) দেউতা ঈশ্বৰ, অনঙ্গ ডেকা দেউতাৰ কুঁৱৰীৰ সতে কিবা খেচেৰ-মেচেৰখন আছিল হব পায । ৰাম ৰাম শ্ৰী হৰি । ব্ৰহ্মা, বিষ্ণু মহেশ্বৰ, হৰ পাৰ্বতী, কামাখ্যা গোসাঁনী গণেশ গোবিন্দ হৰি হৰি । বোলে-
                ধুন মৰা ধুনীয়া
                তুলি মাৰে খোপা
                এই হেন পুৰুষৰ
                কল তলত জোপা
লে বাৰু কেনেকৈ হয় ?
(সুদৰ্শনৰ পাগ মৰা হয় আৰু গাত কাপোৰ লৈ ওলাবলৈ ধৰোতে ঘপহ কৰে দুৱাৰখন দুফাল কৰি সুন্দৰ আৰু অনঙ্গ সোমাই আহে । বপুৰাই একে ছাটেই জিভা কামুৰি দুৱাৰেদি পত্ৰং দিয়ে । সুদৰ্শনে তৎক্ষণাৎ অতি কিবা ঐশ্বৰিক গাম্ভীৰ্যতাৰে থিয় হৈ সাংঘাতিক তীক্ষ্ণদৃষ্টিৰে দুয়োলৈকে চাবলৈ ধৰে । সুন্দৰ আৰু অনঙ্গয়ো পলক নেপেলোৱাকৈ সুদৰ্শনলৈ চাই থাকে ।)
সুন্দৰ-সুদৰ্শন, বিশেষ এটা কথাৰ অৱতাৰণা কৰিবলৈ তোমাক আমনি কৰিবলৈ আহিলোঁ । দিগ নাপাবা । আহাচোন বাহিৰলৈ ওলাই যাওঁ আহা ।
(এইবুলি  সুন্দৰে আগবাঢ়ি দুৱাৰেদি ওলায় যায়গৈ । অলপ পৰ ৰৈ সুদৰ্শন আৰু অনঙ্গ লাহে লাহে ওলাই যায় ।)

                তৃতীয় দৰ্শন


(কোটোহা বাঁহৰ জোপাৰ তলৰ গৰু বাট । ধান খেৰৰ জুমুধি এটা লৈ আঙনি কোবাই বপুৰা আহি থাকে )
বপুৰা-দত বাঁক যখ যখিনি নিশাৰ নিশাচৰ জলদেৱ থলদেৱ বাঁকিনী শাঁকিনী-এই হেন আচানত পৰা বপুৰাক কৃপা কৰিবা । আৰু যদি নকৰা কিনো কৰিবা ঘাৰহে মোহাৰিবা, তালৈ বপুৰাই কেৰেপ নকৰে । (ডাঙৰকৈ কেবাবাৰো গল হেকাৰি মাৰি) হচ হৈচ হেঃহেঃহেঃ হে ৰাম প্ৰভু বাট দেখুৱাই নিবা । ভাল অৰণ্যত সোমালোহি ।
(এনেতে দূৰৰপৰা ৰাতি পহৰীয়াই সোধে বাৰী চুকে কোন যায় )
কোন যায় কটা তোৰ চৌধ পুৰুষৰ পাছৰ তোক এৰি এপুৰুষৰ জোঁৱায়েক-এহ কৰ্তা-ধেত তাই বা কিমান বুঢ়ী-হেৰ কটা নহয় তোৰ জীয়েৰ আছে যদি বাপেৰে তোৰ জোঁৱায়েৰে যাওঁ ।
(আকৌ মাত ওচৰত কোন যায় )
ঔ শহুৰ দেখোন ওচৰতে ! বোলো পিতাই-
(এটা চাওডাং ৰাতি পহৰীয়া আহে)
(হঠাত ভাওজুৰি) পিতাই পিতাই উ-পিতাই ঔ বৰ হুল এডালে বিন্ধিলে পাই ইস্ ইস্ এই শেহ নিশাও হুলবোৰৰ এনে চোক কটা ।
চন্তৰী-শেহনিশা বপুৰা ! (আচৰতি হৈ )
বপুৰা-(মাটিতে বহি হুল উলিয়াই ) মোৰ কি জগৰ । ৰাতি জনীক নো মই কেনেকৈ চাঙৰ তলত বান্ধি থওঁ । হবতো  শেহনিশা সন্ধিয়া লাগোতে জালোৱা মানুহ যদি বালি চৰাত নাও লগাদি কোটোহা বাঁহৰ জোঙত লাগি থাকেহি ।
চন্তৰী-পিছে বপুৰা এনেহেন সময়ত তোক লিগিৰি টোলৰ পাছবাৰীত দেখিবলৈ ভাল হোৱা নাই ।
বপুৰা-(আচৰতি হৈ ) কি কি লিগিৰি টোলৰ পাছবাৰী-
চন্তৰী-নজনা ভাওনো কিয় ধৰ ?
বপুৰা-হৰি-হৰি !
চন্তৰী-আৰু তই কিন্তু সজে সজে-
বপুৰা-হৰি হৰি !
(এনেতে বিজুলিবেগেৰে সুন্দৰ তাতে ওলাইহি । চন্তৰী টোৱে সেৱা জনাই দূৰত থিয় হয় । বপুৰা থৰমৰ খাই ৰয় । সুন্দৰৰ ইঙ্গিতত চন্তৰী সেৱা জনাই গুচি যায় । বপুৰাই থেৰো-ঘেহোঁকৈ ।)
আজি তিনিদনে শুকান খৰিৰ দুখত দিনত সময়ো নাপাওঁ কোঁৱৰৰ আলপৈচান ধৰোতে ।
সুন্দৰ-(চকু গাঁথি থোপা কৰি) কথা নাসাজিবি, মই তোক সুদৰ্শনৰ তাত দেখিছিলো-
বপুৰা-এঃ দেখিছিলেই যদি এনেয়ে মিছা মাতিলো পিছে-
সুন্দৰ-(গোঁমোঠা হৈ বাধা দি) থ এতিয়া মোৰ কথা শুনএতিয়াই যা । মোৰ হাইতাল বোলোৱা নৈফুৰা নাওখন-নাৱৰীয়া সতে সাজু কৰগৈ । মই আজি এতিয়াই কুঁৱৰীৰ সৈতে বালি ভাল খাবলৈ যাম ।
(বপুৰা  গিৰিপকৈ উঠে)
বপুৰা-কি কথা আছে মোৰ ঈশ্বৰ থিতাতে মই ঘাটত নাও খেৰা কৰাম ।
সুন্দৰ-(অধৈয্য হৈ) বেলি নকৰিবি যা ! যা । এখন্তেক নৰবি ।
বপুৰা-নৰও মোৰ ঈশ্বৰ-( বুলি একে উশাহতে লৰ মাৰি আকৌ গুলিটো অহাদি আহি)
পিছে পাচলি কুটিবলৈ শেৱালিকো-
সুন্দৰ-(খঙেৰে ) নালাগে নালাগে তই মই যিটো কৈছো তাক কৰগৈ ।
(পাছলৈ নাচাই বপুৰাই নিধাতু খাই ৰৰি ওলাই যায় সুন্দৰে বপুৰাক যোৱাগৈ দেখি লাহে লাহে সোঁফালে ওলাই যায়গৈ ।)

                চতুৰ্থ দৰ্শন

(কাজিৰঙা অৰণ্য । লুইতৰ পাৰ । এজোপা লুইতৰ গড়াত থকা বৰ ডাঙৰ পাকেৰি গছৰ তল । লুইতৰ সিপাৰে দূৰত ৰিণিকি ৰিণিকি দৰঙ্গীয়া পৰ্বতবোৰ দেখা গৈছিল । বাৰিষাৰ লুইতৰ হোহোৱনি কাণত পৰিছে । ঠাইডোখৰ ভয়লগা গহীন । গছৰ তলৰ মুকলি ডোখৰৰ বাহিৰে দুয়োফালে কাঁইট-জেঙেৰে ভৰা অটব্য হাবি । পাকৰি গছজোপাৰ তলতে এটা গছৰ মূঢ়াত অনঙ্গ বহি আছে । হাতত এডাল নগা যাঠি । বাহুত ধেনু আৰু পিঠিত কাঁড় থকা টোন । কঁকালত এখন দীঘল তৰোৱাল । অনঙ্গ কেবাদিনো জ্বৰত ভোগা মানুহৰ দৰে বিবৰ্ণ আৰু ৰুক্ষ । এটা অতি কঠোৰ ভাব লৈ লুইতৰফালে চাই আছে । অনঙ্গ কঠোৰতা আৰু নিৰৱতাই গোটেই ঠাইডোখৰ আৰু গহীন কৰি পেলাইছে । সোঁফালৰপৰা সুন্দৰ কোঁৱৰ লগত কাঞ্চন কুঁৱৰীক লৈ দৃঢ় খোজেৰে সোমাই আহি অনঙ্গক ভৰিৰপৰা মূৰলৈকে তীব্ৰ আৰু কঠোৰ ভাবেৰে চাই থিয় হৈ ৰয় । শেহত বপুৰা, পিঠিত নান বস্তুৰ বোজা এটা-সোঁহাতত এডাল যাঠি । ভৰিত ফানটি-গহীন । হাবভাবত একো পাতালামি নাই
সুন্দৰ-(বপুৰাক ) বপুৰা,(সোঁহাতে আঙুলিয়াই ) এইফালে দলিছা পাৰি কুঁৱৰীক বহুৱা ।
(বপুৰাই গাৰ বোজা নমাই থৈ,হাতৰ যাঠিডাল মাটিত খোচা মাৰি থিয়কৈ আৰু টোপোলাৰ পৰা দলিছা উলিয়াই পাৰি দিয়ে-ইতিমধ্যে সুন্দৰে অনঙ্গৰ আগত অহা-যোৱা কৰি থাকে ।)
বপুৰা-কুঁৱৰী দেউতা গা থওকহি ।
(কাঞ্চন কুঁৱৰীয়ে লাহে লাহে গৈ তাত বহে আৰু ওৰণিখনি একতীয়া কৈ লৈ লুইতৰ ফালে চাই ৰ লাগি লৈ থাকে । -অনঙ্গই ইমান পৰে ৰ লাগি ৰৈ থাকি সুন্দৰক বিশেষ উৎসুকতা আৰু দৃঢ়তাৰে-)
অনঙ্গ-তাৰ পাছত বন্ধু তোমাৰ এনে আচৰিত ব্যৱহাৰ আৰু এইদৰে অভাৱনীয়ভাৱে কাজিৰঙাৰ অটব্য অৰণ্যলৈ মাতি অনাৰ উদ্দেশ্য ?
সুন্দৰ-উদ্দেশ্য মহৎ(বপুৰাক ) তই এতিয়া  ইয়াৰ পৰা যাব পাৰ ।
(বপুৰা ওলাই যায়)
অনঙ্গ-অৱশ্যে মহৎ হবই লাগিব । তেন্তে মহৎ উদ্দেশ্যৰ ব্যাখ্যা হোক ।
সুন্দৰ- হব । ব্যাখ্যান হবলৈ বিশেষ একো নাই । কালি নিশা হোৱা কথাৰ শেষ মীমাংসা কৰিবলৈ মই তোমাক ইয়ালৈ মাতি আনিছো । (অনঙ্গৰ চকুৱে চকুৱে চায় )
অনঙ্গ-(ঘপহ কৰে থিয় হৈ বিস্ময়ত) কি ? কি কৈছা ?
সুন্দৰ-(শান্ত আৰু কঠোৰবাবে) যি কৈছো তাকে দোহাৰিছো ।
(কাঞ্চন কুঁৱৰীয়ে এতিয়া দুয়োলৈকে চাই কিবা এটা ত্ৰাসত অভিভূত হোৱা যেন কৰে )
অনঙ্গ-সেই মীমাংসাৰ ঠাই তুমি এই কাজিৰঙাৰ অৰণ্যত-
সুন্দৰ-এই কথাক মীমাংসাৰ ইয়ে অতি উপযুক্ত স্থান । বিশেষকৈ মই সোধা প্ৰশ্নৰ তুমি যেতিয়া সিদিনা একো উত্তৰ নিদি সেইবোৰ কথা নুলিয়াবলৈ ইমান বাক-বিতণ্ডা কৰিলা । মুঠতে তুমি কালি নিশা মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈকে অস্বীকাৰ কৰিলা বিশেষকৈ কাঞ্চন কুঁৱৰীৰ আগত ৰাখি মই তোমাক সকলো কথা কব খোজো । আৰু তাকে কৰিবলৈ এই কাজিৰঙা অৰণ্যৰ বাহিৰে আৰু আন ঠাই নাই । (সুন্দৰে ভাবৰ আধিক্যত বহুপৰ নমতাকৈ থাকি হঠাৎ অনঙ্গলৈ থৰ হৈ চাই কয়)
সুন্দৰ-কাঞ্চন কুঁৱৰী আৰু তোমাৰ ভাল পোৱাৰ কথা মোক তুমি বিয়াৰ আগতে নকলা কিয় ?
অনঙ্গ-(সুন্দৰলৈ বৰ কৌতুহলপূৰ্ণ চকুৰে চাই-এবাৰ কাণ্চন কুঁৱৰীৰ ফালে চাই নিজকে দোষী যেন দেখুৱাই-কিন্তু মনলৈ সাহ আনি ডাঠি)
এৰা বন্ধু-নকলো কিয় ?
সুন্দৰ-বন্ধু হৈ তুমি শত্ৰুৰ কাম কৰা নাইনে ?
অনঙ্গ-শত্ৰুৰ কাম ? নিশ্চয় নাই কৰা
সুন্দৰ-কৰিছা
অনঙ্গ-কেনেকৈ ?
সুন্দৰ-মনটি হৰি ৰাখি সুদা দেহাটো তুমি মোক আগ বঢ়াই দিলা । বন্ধু হৈ তুমি মোক এনে কৰিলা কিয় তুমি ভালকৈ জানিছিলা-যে মই কাঞ্চন কুঁৱৰীক বিয়া কৰালে মাথোন হৃদয়হীন এটি প্ৰতিমাৰহে গৰাকী হম-আৰু তাকে কেতিয়াবা মই জানিলে আৰু সি এদিন নহয় এদিন ওলাবই, মোৰ সংসাৰ বিহেৰে পৰিপূৰ্ণ হব । বন্ধু হৈ তুমি মোৰ ওচৰত কথা লুকুলা । তেন্তে মই তোমাৰ অন্তৰত ঠাই পোৱা নাই ?
অনঙ্গ-দেখাতেই তেনে হল-কিন্তু সুন্দৰ সি নহয় । তুমি মোক ভুল বুজিছা । সেই কথা মই ওঁঠৰ আগত লৈ ফুৰায়ো তোমাক কবলৈ সাহ নহল । মোৰ মানসিক কাপুৰুষালিয়ে মোক তেনে কৰালে ।
সুন্দৰ-(কাঠ হাঁহি মাৰি) মানসিক কাপুৰুষালিয়ে মোকো মোৰ সংকল্পৰ পৰা পিছলাই দিলে-কাঞ্চন কুঁৱৰীক মই বিয়া কৰালো-কিন্তু বন্ধু, এই কাঞ্চন কুঁৱৰীৰ পৰা সকলো কথা জানিব পাৰি, তেওঁৰ সাহ দেখি মোৰো সাহ উপজিছে । মই সাহ কৰিব খোজো সাহ-সাহ! এৰা-(খুব দৃঢ়তা দেখুৱাই )
অনঙ্গ-(বুজিব নোৱাৰা যেন দেখুৱাই ) কেনে ?
সুন্দৰ-তোমালোক দুয়োৰে ভাল পোৱা যে আচল আৰু চিৰ কাল থাকিব-ইয়ো সঁচা-আৰু কাঞ্চন কুঁৱৰীৰ দেহাটো য়ে সমাজৰ সন্মতিৰে মোৰ শোৱনি কোঠাটোলৈ সুমাইছো-সিওঁ সঁচা ।
অনঙ্গ-তাৰ পাছত ?
সুন্দৰ-তাৰ পাছত ভয় কৰি কৰা ভুল সাহ কৰি শুধৰাব লাগিব ।
অনঙ্গ-কেনেকৈ ?
সুন্দৰ-প্ৰকৃততে কাঞ্চন কুঁৱৰী তোমাৰ-আৰু তুমি তেওঁৰ (অনঙ্গ আচৰিত হয়) বুজিছো । সঁচাকৈয়ে এতিয়া বাহ্যিকতো সেয়ে হব লাগে ।
অনঙ্গ-তাৰ মানে ?
সুন্দৰ- ফটফটীয়া । মই যেতিয়া জানিলো কাঞ্চনৰ হৃদয় তোমাৰ-মোৰ আৰু কাঞ্চনৰ সতে গৃহবাস কেনেকৈ সম্ভৱপৰ হব পাৰে ?
অনঙ্গ-কেলৈ হব নোৱাৰিব মই তোমালোকৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাম তেতিয়াহলে মই কাঞ্চন কুঁৱৰীৰ মনৰ পৰাও নাইকিয়া হম !
সুন্দৰ-(অবিশ্বাসৰ হাঁহি মাৰি) ভুল, বন্ধু তোমাৰ ভুল ।
অনঙ্গ-কেনেকৈ ?
সুন্দৰ-সি কেতিয়াও হব নোৱাৰে । কাঞ্চনমতীয়ে তোমাক কেতিয়াও পাহৰিব নোৱাৰে-আৰু ময়ো পাহৰিব নোৱাৰো যে কাঞ্চনমতীয়ে তোমাক ভালপায় । তাৰ উপৰি যেতিয়া নাঙঠা সত্য আমাৰ আগত ওলালহি তাক আৰ ঢাকি ৰাখি, সি নাই বুলি নজনা ভাও জুৰি চলিব নোৱাৰো ।
অনঙ্গ-নচলি কি কৰিবা এতিয়া তোমালোক বিবাহিত-তোমালোকে যেনে-তেনে সেইদৰে থাকিবই লাগিব ।
সুন্দৰ-নহয়, তাক মই কৰিব নোৱাৰো-নজনাকৈ ভুল
অনঙ্গ-বুজিছো পিছে তোমাৰ ইচ্ছা কি-বা কি প্ৰকাৰে তুমি ভুল সংশোধন কৰিব খুজিছা-আৰু খুজিলেও পাৰিবানো কেনেকৈ ?
সুন্দৰ-তোমাৰ কাঞ্চন কুঁৱৰীক মই তোমাক গতাই দিব খোজো-আমাৰ বিবাহ সম্বন্ধ চিঙিব খোজো ।
(কাঞ্চনে চকুকেটা ডাঙৰকৈ মেলি সুন্দৰৰ ফালে চায় । অনঙ্গ কিছুপৰ মাতিব-বুলিব নোৱাৰি হৈ থাকি)
অনঙ্গ-অসম্ভৱ কথা নকবা
সুন্দৰ-নহয়, একো অসম্ভৱ নহয় ।
অনঙ্গ-এনেকুৱা এটা নোহোৱা-নোপোজা ঘটনা হলে সমাজত আমি থাকিম কেনেকৈ ?
সুন্দৰ-আগেয়ে যেনেকৈ আছিল । নাইবা সমাজ নোহোৱাকৈ থাকিবা ।
অনঙ্গ-সুন্দৰ !  সমাজ তোমাক নালাগিব পাৰে, কিন্তু মোক লাগে । পুৱাৰে পৰা গধূলিলৈকে, জন্মৰপৰা মৃত্যুলৈকে আমাৰ সমাজৰ সতে সম্বন্ধ । সামাজিক সম্বন্ধই সকলো বিধৰ সুখ দুখৰ নিয়ামক । সেই অতি শুভাকাঙ্খী নিয়ামকৰ ফুলতো কোমল আৰু শিলতো কঠিন বুকুত আমি হেলাৰঙ্গে আঘাত কৰিব পাৰিলেও তাৰ প্ৰতিঘাত সহিব নোৱাৰিম । সেই প্ৰতিঘাত হয়তো আমি কোনোবা ৰসাতলৰ অতল তলিত উঠিব নোৱাৰা ৰৈ পুৰুষানুক্ৰমিকে পৰি থাকিম ।
সুন্দৰ-সেই প্ৰতিঘাত লব লাগিব আৰু সত্যৰ বলত নিপিছলাকৈ থাকিব লাগিব । মই কিন্তু থিয় দিম । মই-
অনঙ্গ-তুমি হয়তো পাৰিবা আৰু সাৰিবাওঁ । তুমি দেশৰ ৰজা । তোমাৰ হাতত শক্তি । তোমালৈ সমাজে ভক্তি কৰোক নকৰোক ভয় কৰে আৰু সেই অনুকূল অৱস্থায় হয়তো তোমাক তোমাৰ হাতত শক্তি থাকে মানে তোমাক জয়ী কৰাব , কিন্তু মোৰ,-মোৰ কি হ ?
সুন্দৰ-সমাজক বুজাব লাগিব ।
অনঙ্গ-সমাজৰ কেজনমানে বুজিলেও সমাজে বান্ধি থোৱা ৰীতিবোৰেতো নুবুজিব আৰু-আৰু কোনো কাহানিও বুজাব নোৱৰা । সেই কাৰণেই সমাজ সংস্কাৰকসকলে ৰীতিবোৰকে গুচাই আকৌ ন ন ৰীতিৰ প্ৰৱৰ্তন কৰে । কাৰণ পুৰণি ৰীতি আৰু ন কথাৰ অহি-নকুল সম্বন্ধ ।
সুন্দৰ-হব পাৰে । কিন্তু ইয়ো সঁচা যে তেনে ৰীতিৰ বিৰুদ্ধে থিয় দিব নোৱাৰাটোও কাপুৰুষতা ।
অনঙ্গ-সুন্দৰ, তুমি যি কাম কৰিবলৈ আগবাঢ়িছা সেই কামে তোমাৰ বন্ধুৰ জীৱন অসম্ভৱ নকৰিবনে ? বন্ধুৰ জীৱন এইদৰে ভস্মীভূত কৰা বন্ধুৰ কাম হবনে ?
সুন্দৰ-(উত্তেজিত হৈ) বন্ধুত্বৰ কথা নকবা । তোমাৰ কাপুৰুষালিখিনি বন্ধুত্বৰে মই ঢাকিব লাগিব ? যদি বন্ধুলৈ ইমানেই প্ৰেম-তেন্তে জানি শুনি তুমি মোক তোমাৰ কাঞ্চন কুঁৱৰীৰ সৈতে থকা সম্বন্ধৰ কথা নকৈ মোক এনে জ্বলা জুইত পেলালা কিয় ? তুমি স্বাৰ্থপৰ-তোমাৰ জীৱনৰ সুখ লৈ মোক ভাবিবলৈ কোৱা ? কিন্তু তোমাৰ বন্ধুত্ব এয়ে নেকি ??? নহয় মই তোমাৰ এনে কাপুৰুষালি নসহো-
অনঙ্গ-তুমি যদি নাজানিলাহেঁতেন তেন্তেতো কাঞ্চনৰ সৈতে তুমি সুন্দৰকৈ গৃহবাস-
সুন্দৰ-(কঠোৰভাৱে) কিন্তু জানিলে । নাজানিলোহেঁতেন যদি সেইটো কেলৈ যেতিয়া জানিলো ।  এতিয়া সি বেলেগ হল । কোৱা তোমাৰ মতামত কি ? তোমাৰ সাহ আছেনে নাই ? সত্যৰ সন্মুখীন হবলৈ তুমি পাছ হুহকিবা কিয় ?
অনঙ্গ-(তললৈ মূৰ কৈ মনে মনে থাকে)মোৰ ভুলৰ বাবে তুমি এনে কঠোৰ শাস্তি-
সুন্দৰ-শাস্তি ? নহয় নহয়, শাস্তি নহয়  শান্তিহে দিব খোজো যাৰ কাৰণে হয়তো তোমালোকৰ গোটেই জীৱন হিয়া জ্বলি পুৰি থাকিব তাৰ শান্তিৰ ব্যৱস্থা শাস্তি হ ? মই বন্ধুৰ উপযুক্ত কাম কৰিছো ।
অনঙ্গ-তুমি যি ভাবিছা কৰা-কিন্তু অৱস্থা ভেদে ই শাস্তি হৈছে-তোমাৰ বন্ধুতা নহৈ পৰম শত্ৰুতা হৈছে ।
সুন্দৰ-তেন্তে সেয়ে হওক । সত্যৰ বাবে মই সেই পন্থা লবই লাগিব । শান্তি তেন্তে শাস্তি হওক-বন্ধুতা তেন্ত শত্ৰুতা হওক । মই তোমাৰ শত্ৰু , কাঞ্চন কুঁৱৰীৰ শত্ৰু, আইৰ শত্ৰু, পিতাৰ শত্ৰু । সমাজৰ, ৰাইজৰ , ৰজা-প্ৰজা সকলোৰে শত্ৰু-মাত্ৰ এটি কঠোৰ সত্যৰ বন্ধু । সত্যৰ বন্ধুতা মই ৰাখিম-আৰু সকলোৰে শত্ৰুতা কৰিম ।
অনঙ্গ-(খং আৰু বিৰক্তি জৰ্জৰিত হৈ আগ-পিছ নুগুণি)সুন্দৰ, তেন্তে মই তোমাৰ বিষয় সঁচা কথা কওঁ তোমাৰ এই সত্যৰ দোহাই আটাইবোৰ ভণ্ডামি । (আঙুলি দাঙি থিয় হৈ) তুমি-তুমি অবৈধ প্ৰণয়ত আবদ্ধ আৰু সেই অবৈধ প্ৰণয়ৰ বিঘিনি ঘটিব বুলিয়েই বিয়া কৰাবলৈ অসন্মতি কৰিছিলা, আৰু এতিয়া বাধ্যত পৰি বিয়া কৰাই-সেই প্ৰণয়ৰ প্ৰাবল্য হোৱাত বিবাহ বান্ধোনৰ পৰা মুক্তি বিচাৰিছা । সত্যৰ স্পৃহা, সমাজ সংস্কাৰ উচ্চ হৃদয়তাৰ ভাও ধৰি তুমি মাত্ৰ তোমাৰ-
সুন্দৰ-(খঙত অগ্নিমূতি ধৰি) হীন কাপুৰুষ ! অপবিত্ৰ মনৰ গৰাকী শঠতাৰ প্ৰধান সেৱক ! মোকো তোমাৰ দাপোণত প্ৰতিফলিত তোমাৰেই প্ৰতিবিম্ব বুলি ভাবিছানে ? মই ভুল কৰিছো । তোমাক মই যি বুলি ভাবিছো তুমি সি নোহোৱা । উদাৰতাই, সত্য চেনেহ, যুক্তিয়ে তোমাক বুজাব নোৱাৰে । অনঙ্গৰাম , এই মুহূৰ্তৰেপৰা তুমি মোৰ বন্ধু নোহোৱা । মই ৰজা আৰু তুমি মোৰ প্ৰজা । মই ন্যায়দণ্ডধাৰী বিচাৰক, তুমি দোষী । মূৰ পাতি মোৰ দণ্ড গ্ৰহণ কৰিবলৈ বাধ্য । যুক্তিৰে আৰু সত্যৰ দোহাই দি যেতিয়া ন্যায় কাম কৰাব নোৱাৰি তেতিয়া কঠোৰ শাসনেৰে তাক সমাধা কৰিব লাগিব (বপুৰাক) বপুৰা, মাতি আন মোৰ গা-ৰখীয়া সেনাক । (অনঙ্গ খঙত তলমূৰকৈ থাকে । বাহিৰত শিঙা বাজে আৰু অলপ পাছতে কেইটামান দৈত্য যেন চাওডাং আহি সুন্দৰৰ আগত আঁঠু লয়হি ।)
সুন্দৰ-(অনঙ্গ) অনঙ্গৰাম, ছিঃ অবৈধ প্ৰণয় মোৰ ? কি অলীক কল্পনা । কি নিজৰ অন্যাস কাৰ্যৰ হীন প্ৰতিষেধক বাক্যৰ প্ৰয়োগ । মোৰ অবৈধ প্ৰণয় ? (তললৈ মূৰকৈ বেজাৰত) উস্ ! ইয়াতকৈ আৰু বন্ধুৱে কি ডাঙৰ আঘাত দিব পাৰে ? তোমাৰ মানসিক কাপুৰুষালি ঢাকিবলৈ কি মিছাৰ সৃষ্টি কৰিলা !
অনঙ্গ-(ভয়ংকৰ উত্তেজিত হৈ) মিছা ? মিছা ?? মিছা ??? অতি সত্য , ই অতি সত্য ! সুন্দৰ !
সুন্দৰ-(এটা অনুকম্পাৰ হাঁহিৰে) সত্যনিষ্ঠ ভূতপূৰ্ব বন্ধুবৰ ! শুনা তোমাৰ ৰজাৰ আদেশ । এই কাঞ্চনমতী আজি এই মুহূৰ্তৰপৰা তোমাৰ ! (কাঞ্চন আৰু অনঙ্গ বিষমকৈ উচপ্ খোৱা যেন হয়) মই ৰজাই তোমাক সেই অধিকাৰ দান কৰিলো । অসজ বিদায় পৰত তোমাৰ ভূতপূৰ্ব বন্ধুৰ শেষ দান গ্ৰহণ কৰাআৰু তোমাৰ শত্ৰুৰ,ৰাজ-শত্ৰুক, তোমাৰ কাপুৰুষতাই জন্ম দিয়া শত্ৰুৰ দণ্ড গ্ৰহণ কৰা । মই তোমাক-অনঙ্গৰাম বৰগোহাঁইক আৰু কাঞ্চনমতীক মোৰ ৰাজ্যৰপৰা নিৰ্বাসন দিলো । (কাঞ্চন থক্ থক্ কৰে কঁপি মাটিত পৰি যায় । অনঙ্গ ধীৰ-স্থিৰ ) চাওদাঙহঁত, মোৰ ৰাজ্যৰ সীমা বাহিৰ কৰি এই মানুহহালক এৰি থৈ আহগৈ ।
(চাওদাঙবোৰে সেৱা কৰি মাটিত মূৰ লগায় )
পুৰণি জীৱন পাহৰি গৈ ন জীৱন দেশত আৰম্ভ কৰাগৈ । বিদায় ।
(সুন্দৰ গহীন হৈ ওলাই যাবলৈ খোজ দিয়ে )
অনঙ্গ-সুন্দৰ, সুন্দৰ ! বন্ধু হৈ বন্ধুক নুবুজিলা । পণ্ডিত হৈ যুক্তি নুশুনিলা হৃদয়ৱান হৈ আনৰ কলিজাৰ তেজেৰে ফাকু খেলিলা-মনত ৰাখিবা সুন্দৰ কোঁৱৰ ! তুমিও সাৰি নোযোৱা । যি ৰথৰ বাঘজৰি ধৰি তুমি নিমৰ্ম ভাবেৰে আমাৰ ওপৰেদি ৰথ চলাই লোহাৰ চকৰিৰে আমাক নিষ্পেষিত কৰি গলা, এদিন , এদিন-তুমিও নিজেই তোমাৰ এই নিজৰ ৰথৰ চকাৰ তলত পৰি নিষ্পেষিত হবা । যি অগ্নিৰে ধেমালি পাতি তুমি আনৰ ঘৰ ভস্মিভূত কৰিলা. সেই অগ্নিয়ে উভতি তোমাৰ জীৱন ছাৰ-কাৰ কৰিব, তোমাক তিল-তিলকৈ পুৰি তোমাক মৰ্মে মৰ্মে মোৰ হৃদয়ৰ জ্বালা অনুভৱ কৰাব আৰু তোমাৰ প্ৰতি লোমকূপ এটি জ্বালাময়ী আগ্নেয়গিৰিত পৰিণত হব ।


 






ইউনিকডলৈ ৰূপান্তৰ-মাধুৰীমা ঘৰফলীয়া 




 


No comments:

Post a Comment