Friday, 25 January 2013

অজ্ঞানতাৰ ইপাৰে সিপাৰে(শ্ৰাব্য নাট)




         

(ক্ৰমান্বয়ে নগৰ মুখী খুজা এখন গাঁৱৰ ঘাই আলিটোৰে দি এগৰাকী আদহীয়া মহিলা গৈ আছে মহিলা গৰাকীৰ বয়স ৫০ বছৰ মান গাত কপাহী চাদৰ মেখেলা মুখত পাগ উঠা তামোল গাঁৱৰ মানুহে তেওঁক জোনাকীৰ মাক বুলিয়ে মাতে বাটেদি গৈ থাকোঁতে জোনাকীৰ মাকে ইফালে সিফালে চাই গৈছে দীঘলীয়া পদুলি এটাত তাত এজুটি লগাই থোৱা দেখি মানুহজনী ৰৈ পিকখিনিৰে সেপ এটা গিলি তেওঁ চিঞৰি মাতে )
জোনাকীমাক-কি লগালি বিটুৰ মাক ?
বিটুৰমাক-এ.. এ এইডাল, অ সেইফালে তই ধৰচোন..ফণীখনৰে আঁচুৰি দে ..হেহ লাহেকৈ সুতা চিগিব..
(বিটুৰ মাকো জোনাকীৰ মাকৰ সম বয়সীয়া , তেওঁ তাঁতজোৰৰ কিবা জঁট ভাঙি আছিল মুৰ তুলি জোনাকী মাকক উত্তৰ দিয়ে )
বিটুৰমাক- এহ ! গামোচা দুখনমান .....লগাইছে সেই সৰু বোৱাৰীয়ে...পিছে বুটীৰ গা নলৰিলে নাতিৰ মুখ দেখিবলৈ নোপোৱা নিচিনা হৈছে বুজিছ এইবোৰ আজিকালি বোৱাৰীয়ে  তাঁত এজুটিও ভালকৈ লগাই নোৱাৰে ( অলপ ৰৈ) পিছে তইনো লৈ ওলালি ?
জোনাকীৰমাক- এই মাষ্টৰৰ ঘৰলৈ যাওঁ তেওঁলোকৰ লৰাটো বিয়াখন হৈ যোৱা আজি চাৰিদিনেই ’’লচোন...কইনা চাবলৈ যাবই পৰা নাই নহয় আজি বোলো কইনাকে চাই আহোঁগৈ
বিটুৰমাক-এৰা, মোৰো কইনা চোৱা হোৱা গৈ নাই .....তোৰ লগতে মইও যাওঁ তাঁতখনৰ এইখিনি ইহতি পাৰিব
জোনাকীৰ মাক- তেতিয়াহলে
বিটুৰমাক-বল বল । (অলপ ৰৈ) এহ এই বাটচোৱা বৰ বেয়া হল অ
জোনাকীৰ মাক-বিয়াত যিমানহে গাড়ী ঘোৰা আহিল ,তাতে বৰষুণজাক । বাট পিঠা নহৈ কি হব হে ।
বিটুৰমাক-হেই চাবি ঐ সেইখিনি বোকা ।
জোনাকীমাক-ইয়ৌ ভৰিটো বোকাতে পৰিছিলগৈ পাই ।
(দুয়োগৰাকী মহিলাই ভুনভুনাই কথা পাতি মাষ্টৰৰ ঘৰৰ ফালে আগবাঢ়িল )
বিটুৰমাক-বিয়াখন সঁচায়ে বৰ ডাঙৰ কৈ পাতিলে দেই....পাতিবই ডাক্তৰ পুতেকৰ টকাৰ কিহৰ আকাল !
জোনাকীৰ মাক-পিছে কইনাৰ ঘৰখনহে বৰ টোকোনাঘৰ বুলি শুনিছোঁ !
বিটুৰমাক- ওওও মইও শুনিছোঁ যৌতুকত একো অনা নাই জা
জোনাকীৰমাক-কি !! একো অনা নাই হে ভগৱান মাষ্টৰৰ ঘৈণীয়েকে একো কোৱা নাই নে.......আমাৰ সেই মুকুনৰ ঘৈণীয়েকৰ ঘৰখন সিমান ধনী নহলেও দৰকাৰী গোটেইখিনি আনিছে পাই
বিটুৰমাক-এস মাষ্টৰৰ ঘৈণীয়েকৰ নিজা মত বুলিবলৈ কিবা আছে জানো,মাষ্টৰ আৰু পুতেকে যি কয় তাকে শুনে বোলে
জোনাকীমাক-ইয়ৌ সেনে কথাহে নে....শাহুবুলি যদি বোৱাৰীয়েকৰ আগত নিজৰে একো গুৰুত্ব নাই কেনেকৈ হয়নে মোৰ ঘৰত লে সেনে কথা নহ দেই আউবেলি মুকুনে সেই বৰ বায়নৰ ঘৰৰ ছোৱালী  আনিব খুজোঁতে মই কৈ দিছিলোঁ-খবৰদাৰ, সেইঘৰৰ সঁচলৈ বুলি ৰা এটা নাই , তেনে ঘৰৰ ছোৱালী আনি নিজৰ বংশ নিপাত যোৱাটো বিচাৰৰ নেকি......সি লগা লগক মন ঘুৰালে জা
বিটুৰমাক- হয়তোন, মাকজনী হৈ যদি আমিয়েই ৰাৰ কথা নাভাবোঁ কোনে ভাবিব
(অলপ ৰৈ) এইজনী দেখোন...গাঁৱৰ চাতৰি এইফালে আহিছে দেই জোনাকীৰ মাক ।
(তেনেতে সেইবাটেদি গুণ গুণ কৈ বিহু এফাকি জুৰি মলয়াৰ আহি তেওঁলোকৰ সমুখ পাইহি)
মলয়া-(বিহুফাকি)
     বকুল বৰা ধানৰ
             চিৰা খুন্দিছিলোঁ
             চিৰা খুন্দিছিলোঁ
             দিবলৈ নাপালোঁ তোকে
              মোৰে মৰমৰ চেনাই ধন
             মোক দেখিলে কেলৈ নামাত....
(পিছে জোনাকীৰ মাকৰ ভেকাহিত আধাতে ৰৈ যায়)
           
 
জোনাকীমাক-(ভেকাহি মাৰি)ইয়ৌ এই লচপচীজনী , বাটেৰে বেলেগ মানুহো গৈছে দেখা নাই নেকি ?
মলয়া-(চকু চেলাউৰি দাঙি ঠাট্টাৰ সুৰত) আপোনালোক আপোনালোক যাবলৈ গোটেই বাটটো লাগে বুলি জনা লে মই অলপ পাছতেই আহিলোঁহেঁতেন ৰবালৈ লে আগতীয়াকৈ খবৰ এটা দি লাগে জানে খুৰীদেউ
বিটুৰমাক-(খঙেৰে) আউ জীৰ সম বয়সীয়া ছোৱালীৰ মুখত কি বৰ বৰ কথা শুনচোন.....ডাঙৰক কেনেকৈ লাগে সেইটোও এই আবিয়ৈ বয়সলৈকে নিশিকিলি ভালেটিহে ঘৰতে পচি আছ
মলয়া-আনৰ পৰা সন্মান আশা কৰিলে নিজেও আনক সন্মান কৰিবলৈ শিকিব লাগে খুৰীদেউ .....আৰু মই বিয়া হোৱা নাই মোৰ নিজৰ মৰ্জি সেই কথাটোকে হোৱা নোহোৱাই তে ততে মোক শুনাই নাথাকিবচোন আপোনাৰ জীয়েকৰ দৰে মদপী এটালৈ গৈ দিনে নিশাই গৰু পিটন খাই থকাত কৈ মই আইৰ ঘৰতে ভালকৈ আছো
জোনাকীৰমাক-এইৰ কথা শুনিলে মানুহ চেনেলেচ বিটুৰমাক এনেই গোটেই গাওঁতে মুখচোকা বুলি নাম পোৱা নাই নহয়
মলয়া-চেনেলেচ নহয় খুৰীদেউ চেনশ্লেচ(senseless) বুলি কয় ইংৰাজী নাজানিলে নকবচোন নিজৰ ভাষাটো দুখীয়া কৰাৰ লগতে আনৰো হাঁহিৰ পাত্ৰ হে (ধেমালিৰ সুৰত)পুৱাই জানো কাৰ মুখ দেখিছিলোঁ........ওওও ৰংমনৰ ঘৰৰ ভোবোলা ছাগলীটোৰ বলা !
বিটুৰমাক- হুহ ! শালে শিঙিক হাঁহে ভালেটিহে গৰাকী নাহে   এইজনীৰ লগত লাগি মুখ বেয়া কৰিব নালাগে জোনাকীৰ মাক ...
মলয়া-উৱা যাওক আক....গোটেই আলিটো আপোনালোকলৈকে পৰি আছে ....যাওক যাওক লোকৰ ঘৰে ঘৰে গৈ খবৰ লৈ ফুৰক
বিটুৰমাক-জোনাকীৰমাক-(একেলগে ) হুহ ! বল বল
(মলয়াই তাকে দেখি খিলখিলাই হাঁহি এটা মাৰি আঁতৰি যায় । লগতে চিঞৰ এটা মাৰিও কয়)
মলয়া-আৰু অলপ খৰকৈ যাওঁক বৰমা । নহলে আনৰঘৰৰ চাহপানী চেঁচা হবগৈ ।
বিটুৰমাক-সেইজনীৰ ফালে উভতি নাচাবি । চল পাব । আৰু এইজনীৰ কথাত খঙ কৰিও লাভ নাই জোনাকীৰ মাক...অহৌবলিয়া ছোৱালী সেইদেখিয়েইটো কোনেও বিয়া নাই কৰা
জোনাকীৰমাক- ওও ....এতিয়া পিছে মনে মনে থাক , মাষ্টৰ ঘৰ পালোহিয়েই দেখা নাই জানো মাষ্টৰৰ ঘৰত সেইজনীক বৰ মৰম কৰে বোলে
বিটুৰমাক-মাষ্টৰৰ ঘৰখন আঁতৰৰ পৰাই চালে চকুৰোৱা দেই জোনাকীমাক ।
জোনাকী মাক-নহবনে বাউ । মাষ্টৰৰ নিজৰ পইচাগাল আছে আৰু  সেই লৰা দুটাৰ ডাঙৰ লৰাটো প্ৰফেচৰ,সৰুটোও ডাক্তৰ , ইমান পইচা কিহে খাই অ
বিটুৰমাক-হয় পাই ,মাষ্টৰনী এইখন আগৰ জনমত সাধি অহা কপাল বুজিছ । অ মাষ্টৰনী দেখোন বাহিৰতে আছে ।
বিটুৰমাক –কিবা কাকত পঢ়ি আছে দেখোন । .....  এই মাষ্টৰঘৰৰ নঙলাডাল বৰ টান পাই ।
জোনাকীৰ মাক-ৰহ মই খুলো ।
(নঙলা খুলাৰ শব্দ ।জোনাকীৰ মাক আৰু বিটুৰমাকক নঙলা খুলি ভিতৰলৈ সোমাই যোৱা দেখি তেওঁলোকৰ বয়সৰে মাষ্টৰণীয়ে মাত লগালে)
মাষ্টৰনী- জোনাকীৰমাক,বিটুৰমাক চোন, আহ আহ...
বিটুৰামাক-কইনা চাবলৈ আহিলো বাইদেউ
মাষ্টৰনী-আগে এই মূঢ়া দুটাতে বহচোন
(মূঢ়া দুটাত দুয়োগৰাকী বহে )
জোনাকীৰমাক-উহ ! বহি লৈহে শান্তি পাই । আজিকালি অকণমান খোজ কাঢ়িলেই কঁকাল থৰথৰাই যায় ।
মাষ্টৰনী-মোৰো মাজে মাজে তেনেকুৱা হয় । বহ ভালকৈ সেই বেৰতে আউজি বহি ল
বিটুৰমাক-(অলপ ঘেঁহাই ঘেঁহাই)পিছে বিয়াখন বাৰুকৈয়ে পাতিলে দেই বাইদেউ
মাষ্টৰনী-কিনো ডাঙৰ হল ...বিয়া যিমানেই ধুমধামেৰে নাপাতোঁ কিয় বদনাম থাকেই বুজিছই নে  সেই ৰভাৰ তলীত কামৰ ভিৰত কোনোবা জনীক মন নকৰি নামাতিলো, তাকেই এটাত দুটা কৰি ব- দৰাৰ মাকৰ ভেম কি চাবা মানুহক মাতিবলৈকে টান পায় কোনোবাই নিজে ইফাল সিফাল কৰি থাকোঁতে খাবলৈ নাপাব দুখ আমাৰ বিয়াঘৰৰ মানুহকেইটাৰ এহ...ৰাইজক খুৱাই বুৱাই কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰি বুজিছ
জোনাকীৰমাক-সেইবোৰ কথা নকলেও বুজি পাওঁ বাইদেউ, আমাৰবোৰ ঘৰৰ বিয়াবোৰতেই গম পাইছোঁ নহয়
মাষ্টৰনী-হয় হয় দে নিজে ভুগা বোৰেহে গম পাই ৰহ,আমাৰ এইকেইজনীয়ে আক বাহিৰত আলহীয়েই আছে নে ঘৰৰ মানুহেই আছেই নাজানে নহয় চিঞৰ এটা মাৰি কওঁ
(তাৰ পাছত ভিতৰলৈ চাই চিঞৰি মাতে) বৰবোৱাৰী, বৰবোৱাৰী, সৰু বোৱাৰীক বটাটো দি বাৰাণ্ডালৈ  পঠাই দেচোন.....খুৰীয়েৰে হত আহিছে
বিটুৰমাক-পিছে বাইদেউ বোৱাৰীৰ ঘৰৰ পৰা মাক বাপেকে অকল ছোৱালীয়েই দিলে নে লগত কিবা কিবি দিলেও...আপোনালোকৰ বৰ বোৱাৰীৰ দৰেই গাড়ী ভৰাই আনিছে চাগৈ ?
মাষ্টৰনী-(অলপ ৰৈ)যৌতুক হিচাপে একো নাই আচলতে সৰুপোনাৰ বাপেক আৰু সৰুপোনাই বৰ বাধা দিলে ....ছোৱালীৰ ঘৰত আঙুঠি পিন্ধাওঁতেই কৈ আহিছিল বোলে যৌতুকৰ নামত যদি ফুটা কড়ি এটাও ছোৱালীৰ লগত দিয়ে তেতিয়া বোলে বিয়াই ভংগ কৰি দিব
জোনাকীৰমাক-আৰে সেইটো আক কি কথা ?
মাষ্টৰনী-মোৰ মানুহজন আৰু লৰাকেইটা বৰ একাচেকা বুজিছ এই যে বৰবোৱাৰীয়ে নিজৰ বস্তু সোপা আনিছিল সেইসোপা আনিবৰ কাৰণে বোৱাৰীৰ মাক দেউতাকে বৰপোনা আৰু মানুহজনক কমতি কাকূতি মিনতি কৰিলে নে.....ধনী ঘৰৰ মানুহ....একমাত্ৰ জীয়েকক লৈ বোলে বৰ সপোন আছে ঘৰ উঠিবলৈ যোৱা দিনা গাড়ী এখনো কিনি আনি থৈছিল বৰপোনাই লে বোলে গাড়ী আৰু মানুহ এই দুটাৰ ভিতৰত যিকোনো এটাইহে মই নিম বেচেৰা বাপেক মাক হালে তাক আৰু জোৰ নকৰিলে
বিটুৰমাক- আউ ! কথাটো শুনিছিলোঁ পিছে বাইদেউ আমাৰ বোৰক দিয়া লে লগে লগে আনিলোঁহেঁতেন পাই যিমান হলেও মাক-দেউতাকৰ জীয়েকৰ প্ৰতিও কিবা দায়িত্ব থাকে বুজিছে
মাষ্টৰনী-দায়িত্ব মানে কি খুজিছ তই ? মাক দেউতাকে এজনী ছোৱালী ডাঙৰ দীঘল কৰি পঢ়াই শুনাই আনৰ ঘৰলৈ দি পঠাই তাৰ সলনি মাক দেউতাকে কিবা খুজে জানো তেন্তে আমিবোৰে কইনাৰ মাক দেউতাকৰ পৰা কিয় কিবা কিবি লাগে ? মোৰ ৰাকেইটাই কি কয় জান আত্মসন্মান বোধ থকা কোনো ৰাই যৌতুক নিবিচাৰে বুজিছ ৰাই কয়-মাক দেউতাকৰ বুকুৰ পৰা এজনী ছোৱালী কাঢি আনিছোঁ , তাই আমাৰ ঘৰখনৰ সদস্য হৈছে সেয়াই আমাৰ যৌতুক লাগে
জোনাকীৰমাক-এস এইবোৰ কথা আপোনালোকৰ দৰে ডাঙৰ ডাঙৰ মানুহৰ ক্ষেত্ৰত হে শোভা পাই জানে
 (মাষ্টৰনীয়ে কিবা এটা খুজে যদিও  তেনেতে হাতত বটা এটা লৈ সৰুবোৱাৰী সোমাই আহে)
বিটুৰমাক-সেইবোৰ কথা পাছত পাতিব হে । কোনোবা এজনী ভিতৰৰ পৰা আহিছে ,ন বোৱাৰীয়েই চাগৈ । এইবোৰ কথা শুনিলে ভয়েই খাব ,কেনেকুৱা ওচৰ চুবুৰীয়া বুলি (অলপ হাঁহে)
মাষ্টৰনী-অসৰুবোৱাৰীয়েই হয় ।
বোৱাৰী আহা । গাঁৱৰে মানুহ । তোমাৰ সম্বন্ধত শাহুৱেৰাই হব । তামোলৰ বটাটো সেইফালৰ পৰা দি দিয়া । অ সেইফালৰ পৰা ।
সৰুবোৱাৰী-(লাজ লাজ ভাবেৰে) তামোল খাব
জোনাকীৰমাক-(কথাৰ সুৰ সলাই) আয়ৈ গোটেই জনী ৰুপে ৰঙে অপেচৰীহেন দেই
বিটুৰমাক-আইটি ঘৰৰ হবলা নুমলীয়া জী ?
সৰুবোৱাৰী-( সৰু সৰু মাতেৰে) নহয়, মই মাজু
বিটুৰমাক- ভাই ভনী কেইটি....?
সৰুবোৱাৰী-আমি বাই ভনী চাৰিজনী আমাৰ ৰা নাই
বিটুৰমাক-......
মাষ্টৰণী- সৰুবোৱাৰী ,যোৱা চাহপানী যা যোগাৰ কৰা গৈ
সৰুবোৱাৰী- মা (তাৰ পাছত বিটুৰমাক আৰু জোনাকীৰ মাকলৈ চাই) খুৰীদেউ, আপোনালোক বহকচোন, মই চাহৰ যোগাৰ কৰোগৈ
জোনাকীৰমাক- যোৱা যোৱা আমিও বোৱাৰীৰ হাতে চাহকাপ খাই চাওঁ...চেনি নিদিলেও মিঠা কিমান বা মিঠা লাগে (হাঁহে)
সৰুবোৱাৰী-(সৰুকৈ হাঁহি) বহক তেনেহলে ।
(সৰুবোৱাৰীৰ প্ৰস্থান, খাৰুৰ শব্দ খোজৰ লগত মিলি খিলিং খিলিং কৰি নাইকিয়া হয় গৈ )
জোনাকীৰমাক-( সৰুবোৱাৰী যোৱাৰ ফালে চাই ) সাইলাখ লক্ষীহেন বোৱাৰী পাই । পাছফালৰ পৰা তাইৰ খোজ কেইটা  চাওকচোন একদম হস্তীৰ হেন ।
বিটুৰমাক-হয় পাই ।
জোনাকীৰ মাক-পিছে বাইদেৱে বোৱাৰী দুজনী বৰ ধুনীয়া কৈ হাতৰ মুঠিত ৰাখিছে দেই
মাষ্টৰণী-হাতত ৰখা বুলি কথা নহয় জোনাকীৰ মাক, নিজৰ দেখোন ছোৱালী নাইয়ে সিহঁত দুজনীকে নিজৰ ছোৱালী বুলি ভাবো আমি শাহুবোৰে বোৱাৰীবোৰক নিজে জীয়েক বুলি ভাবিলেহে সিহঁতিও আমাক নিজৰ মাক বুলি ভাবিব পাৰিব , নে কি ...
বিটুৰমাক-হয় হয় বাইদেউ পিছে এটা কথা -বোৱাৰীৰ ঘৰত দেখোন ৰা বুলিবলৈ সঁচ নাই, তেনে ঘৰৰ ছোৱালী আনি নিজৰ বিপদ চপাই লোৱাটো নাই নে ? মাকৰে যদি ৰা নাই জীয়েকৰ ৰপৰা হয় নে....?
জোনাকীৰমাক- পাই বাইদেউ সেই বৰ বায়নৰ জীয়েকৰ লগত আমাৰ মুকুনৰো মন খাওঁতে আমি কেৱল সেইবাবেই বিয়াখন বলৈ নিদিলোঁ আপোনালোকে ৰাকণৰ ভবিষ্যতৰ কথাও ভাবিব লাগিছিল
মাষ্টৰণী-(অলপ হাঁহি)তহঁতৰ গাত দোষ নাই অলপ দিনৰ আগতে ময়ো তেনেকৈয়ে ভাবিছিলোঁ অৱশ্য তেতিয়া মই এটা কথা গুৰুত্ব  দিছিলোঁ, ৰাই হওক বা ছোৱালীয়েই হওক আমাৰ বাবে সকলো সমান আমি নিজেই এজনী ছোৱালী এই কথাটো আমি বাৰু কিয় মনত নাৰাখোঁ আমাৰ আই -পিতাইও যদি আমাক ছোৱালী বুলি এই পৃথিৱীলৈ আহিবলৈ নিদিলেহেঁতেন , আমাক উপেক্ষা কৰিলেহেঁতেন তেতিয়া জানো আমি এইদৰে কাৰোবাৰ মাক ঘৈণীয়েক হব পাৰিলোঁহেঁতেন ?
জোনাকীৰমাক- সেইষাৰ কথা হয়...তেও বুলি.....
মাষ্টৰণী-তেওঁ বুলি কোনো কথা নাই জা জোনাকীৰ মাক আমাৰ সৰু বোপাই এদিন এনেবোৰ কথা ওলাওঁতেই কৈছিল-এটা সন্তান ৰা নে ছোৱালী এইটো মাকৰ ওপৰ নিৰ্ভৰ নকৰে দেউতাকৰ ওপৰতহে নিৰ্ভৰ কৰে
জোনাকীৰমাক-কি !! ডাক্তৰ বোপাই তেনেকৈ কৈছে ...?
মাষ্টৰণী- সিয়েই কৈছে গতিকে যিবোৰ মানুহে নিজৰ ৰা নাই বুলি  মাইকী মানুহজনীক দোষে সেইবোৰ মানুহক ওলোটাই লাগে যে তেওঁলোকৰ বাবেই মানুহজনীয়ে এটা ৰা সন্তানৰ মাক পৰা নাই
জোনাকীৰমাক-বিটুৰমাক- উৱা !!
জোনাকীৰ মাক-আমাৰ দৰে অশিক্ষিত মানুহে এইবোৰ কথা কেনেকৈ জানিম হয়নে বাইদেউ আয়ৈ ! এইষাৰ কথা আগেই জনা লে মই আমাৰ মুকুন আৰু সেই বৰ বায়নৰ লখিমী যেন ছোৱালীজনীৰ মনটো নাভাঙিলোহেতেন নহয়
মাষ্টৰণী-কথাবোৰ শিক্ষিত অশিক্ষিত লৈ নহয় বুজিছ....এই পঢ়া শুনা কৰা মানুহবোৰেও এইবোৰ ভুল কৰে যৌতুক বিচাৰি হাঁহাঁকাৰ কৰি ফুৰে যৌতুক নাপালে ছোৱালী এজনী জ্বলাই দিবলৈও ভয় নকৰে সঁচা কথা বলৈ লে সকলো ভুলৰে পাছত আমি নাৰীবোৰেই জড়িত হৈ থাকো ভাবচোন, আমি মাকজনী হৈ যদি আমাৰ ৰাবোৰ বুজাও বোপাই বোৱাৰীৰ সন্তান ৰাই হওক ছোৱালী হওক , লাগিলে তাৰ বাবে যিয়ে দায়ী নহওক কিয় আমি আকোৱালি লাগে তোৰ মাৰেও এজনী নাৰী সেই কথাটো পাহৰি নাযাবি ,তেনেকৈ বুজালে আমাৰ ৰাই নামানিব নে...?
বিটুৰমাক-মানিব মানিব বাইদেউ , দস্তুৰমত মানিব
 মাষ্টৰণী-ঠিক সেইদৰে যৌতুকৰ ক্ষেত্ৰতো যদি আমি বোৰেই বাধা দিওঁ সিহঁতি মানিবলৈ বাধ্য হব বুজিছ এই যে আন্দোলনবোৰ কৰি থাকে, সমদল উলিয়াই থাকে যৌতুক বন্ধ কৰক, নাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, তাৰ সলনি যদি আমি নিজৰ নিজৰ ঘৰতে সেইবোৰ প্ৰথমে বন্ধ কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়াহে সমাজখন সেইবোৰ বদনামৰ পৰা পৰিষ্কাৰ গৈ বুজিছ
জোনাকীৰমাক-(অনুতপ্তৰ সুৰৰে)বাইদেউ কি বুলি যে আপোনাক ধন্যবাদ দিম ভাবিয়ে পোৱা নাই জানে আপুনি আজি আমাৰ চকু মেল  খোৱাই দিলে আমি যে কিমান মূৰূখ । আপোনাৰ এই কথাখিনি আজিৰে পৰা মই নিজৰ ঘৰত ব্যৱহাৰ কৰিম আনকো কম
বিটুৰমাক-ময়ো বাইদেউ....কেৱল নিজৰ ঘৰতে নহয় যাকে পাওঁ বুজাবলৈ চেষ্টা কৰিম , নাৰীৰ প্ৰধান শত্ৰু আমি নাৰীবোৰেই গতিকে সমাজ সলনি কৰিবলৈ হলে আমি প্ৰথমে নিজকে সলনি কৰিব লাগিব আমাৰ মনবোৰ বহল কৰিব লাগিব
মাষ্টৰণী- তহঁত দুজনীৰ কথাবোৰ শুনি বৰ সুখী হলো আমি সকলোৱেই যদি এনেকৈ ভাবিবলৈ লওঁ খুব সোনকালেই সমাজৰ প্ৰতিজনী নাৰীয়েই সুখী পাৰিব
( অলপ ৰৈ) বাৰু যিয়ে নহওক এতিয়া চাহ খাওগৈ আহ নহলে তিনিওজনী পিয়াহত ডিঙি শুকাই মৰিম । তেতিয়া আৰু এই আন্দোলন ইয়াতেই ইতি পৰিব ।

(তিনিওগৰাকীয়ে একেলগে হাঁহি উঠে)


       সমাপ্ত








No comments:

Post a Comment