Friday, 25 January 2013

দিল্লীহাটৰঅকবৰ প্ৰীতি ভোজ আৰু সাহিত্যৰ আড্ডা এখন জিলমিল ছবি







  ৬ জানুৱাৰী ২০১৩ । পুৱা ৯ বাজি ৩০ মিনিট গৈছে । দিল্লীৰ আকাশ কুঁৱলীয়ে আগুৰি আছিল । তাপমাত্ৰ সৰ্বনিম্ন ১.৯ ডিগ্ৰিলৈ কমি গৈছিল । গৃহস্থ প্ৰদীপ গগৈৰ সৈতে ঘৰৰ পৰা বাহিৰত ভৰি থৈয়ে ভয় লাগি গৈছিল, আহিব জানো ? ইমান ঠাণ্ডা নেওচি দেওবৰীয়া নিহালীৰ আমেজকণ এৰি সঁচাই কোনোবা আহিব নে ! মন উগুল-থুগুল । নয়দাৰ পৰা অহা অনুপমাবা আৰু তেওঁৰ সন্তান দুটিৰ সৈতে সময়তকৈ আগেই গৈ দিল্লীহাটতপালোগৈ । ১১ টা বাজিল । একাপ একাপ চাহ খাই শেষ । ১১ -১৫ হল । ফোন আহি আছে , ৰূপালীবৌয়ে সুধিছে তোমালোক কত আছা ? পাছফালৰে পৰাই বৌক দেখিলো । কোনোদিনে লগ নোপোৱা বৌক আঁতৰৰ পৰাই চিনি পাই হাত-বাউল দি মাতিলোঁঅসমীয়া মেখেলা চাদৰে সেয়া অসমীয়া বোৱাৰী নহৈ আন কোনোবা হব পাৰে নে । লগে লগেই চিনা পৰিচয় শেষ । অলপ আঁতৰত ৰৈ প্ৰতীমদাদাইচিনাকীৰ ভাবেৰে মিচিক মিচিককৈ হাঁহি আছিল । কলকলাই এঠাইত বহিছোগৈহে কৰপৰা জানো ভুটংকৈ ডেকা দুজন আহি আমাৰ সমুখতে বহিলহি ! অনুমানেৰেই চিনাকী হলো -তাৰে এজন পংকজ আৰু আনজন আমাৰ সকলোৰে চিনাকীসমুদ্ৰদাদা আছিল । সমুদ্ৰদাদাই সতেজ গোলাপ এপাহ হাতত লৈ থকা দেখি সুধিলোঁ-বোলো কালৈ আনিছে হয়নে ?
কালৈ আনিছিল নকলে, কিন্তু লগে লগে কথা ঘুৰাই কলে –তোমালৈকেআনিছিলোঁ, লোৱা লোৱা । মোৰ মুখখন হাঁহিৰে বহল হৈ গল আৰু লগে লগে কেমেৰাত ক্লীকক্লীক কৰি উঠিল ।
খৰধৰকৈ হীমজ্যোতি সোমাই আহিল । পাছে পাছেসত্যকামদাদা । মোৰ মনৰ উগুল-থুগুল ভাবখিনি লাহে লাহে কমি আহিছিল । প্ৰতীমদাদাই মাত লগালে-খোৱা-বোৱাৰ  কামবোৰ ঠিক কৰিব লাগে দেই আয়োজিকা (এইটো নতুন শব্দ !) আমাৰ সমূদ্ৰই কালিৰে পৰা বোলে একোকে খোৱা নাই ! চাহ একাপ পালে বেয়া নহয় ।
চাহ আহিল । সমুখত চাহ লৈবহিছোঁলগতে অনুপমাবা আৰু ৰূপালীবৌৰ মেলতো ভাগ লৈছোঁ, তেনেতে সত্যকাম দাদাৰ মাত-বিস্কুট নাই !!! মুহূৰ্ততে  চিপচ আনি কনমানী কেইটাৰ লগতে ডাঙৰ কেইজনৰো ঠেহ ভঙা হল ।
চাহখাইয়েনামিগৈনাগালেণ্ডৰহোটেলখনৰকাষতবহিলোঁগৈতেতিয়াবেলিটোৱেঅলপভুমুকিয়াইছিলআমাৰসকলোৰেমনবোৰোকিবাউৰণীয়াহৈউঠিছিলতাতবহিয়েইঅনুপমাবৰগোঁহাইআৰুকনচেংবৰগোঁহাইৰ১১বছৰীয়াসন্তানমৌমনে(অন্তৰীক্ষবৰগোঁহাই) গীতাৰখনউলিয়াইললেমৌমনৰকণ্ঠতনিগৰিউঠাৰক্তিমগোস্বামীআৰুৰাজীৱৰঞ্জনৰৰচনাঅকবৰশীৰ্ষগীতটোআৰুগীতাৰৰশব্দইপলকতেগোটেইপৰিবেশটোঅসমীয়াঅসমীয়াকৰিপেলালেপংকজেজানোকৰপৰাপ্লাইউডএটুকুৰাআনিলে, তাতেসমূদ্ৰদাদাইঢুলুকিবজাবলৈধৰিলেমৌমনৰগীতৰমাজতেআমাৰমাজতউপস্থিতহলহিনিৰ্জুমণীশইকীয়া, চয়নিকাবৰগোঁহাইআৰুবৰ্ণালীবুঢ়াগোঁহাই , শান্তনুগগৈআৰুতেওঁলোকৰসন্তানঅনন্যাএইসময়খিনিৰভিতৰতেইবুনোকেতিয়াআহিলমইধৰিবইনোৱাৰিলোঁপৰিবেশটোগমগমীয়াহৈপৰিলআকৌসংগীতকোনোবাইকলেশান্তনুদাদাইবোলেখুবভালগানগাই ! লগেলগেদাদাকনিমাজতবহুৱাইগীটাৰখনদিদিয়াহশান্তনুদাদাইআমাকনিৰাশনকৰিগাইউঠিল-মাইজান..তোকেদেখাপাই ..মাইজানৰাতিটোপনিনাই
তাল মিলাই বজোৱা হাতচাপৰিৰে দিল্লীহাটৰ সেই সময়কণআকৌ অসমীয়া অসমীয়া কৰি পেলালেখোৱা-বোৱা এৰি বাকী মানুহবোৰে উভতি উভতি চালে । তাৰ পাছতেই কনমানী অয়নে ফুটা নুফুটা মাতৰে আবৃতি কৰিলে লক্ষ্মীনাথ বেজবৰুৱাৰ আমি অসমীয়া নহওঁ দুখীয়া নামৰ কবিতাটো । পুনৰ হাতচাপৰি ।শান্তনুদাদা আৰু মৌমনৰ পাছত গীতৰ আঁত ধৰিলে সমূদ্ৰদাই । এইবাৰহে এইবাৰ, এই বিহু যেন থমকি নৰবইইটোৰ পাছত সিটো লেথাৰি নিছিগাকৈ গাইয়ে আছে আছে ..পুথি এটা পাইছোঁ , কাৱৈ এটা পাইছোঁ, খালৈতে খালৈতে ভৰাই থওঁ বুলি তেওঁ বিহু সামৰিলে । লগে লগে দুটামান মিহি মিহি উকিও ওলাও । গীতৰ মাজতে কোনোবা এজনে তেতিয়াও আহি নোপোৱা মিতালীবা আৰু উচ্চজিতভিনদেউৰ বিষয়ে সুধাত সত্যকাম দাদাই মাত লগালে-হেহ নতুনকৈ বিয়া হৈছে সাজোঁতে কাচোতে সময় লাগিবই ।“’ হাঁহিৰে খল-খলাই গল । সেই হাঁহিৰ মাজতেই অচিনাকী মানুহ এগৰাকী আহি ইংৰাজীতে কলেহি-বেয়া নাপায় যদি আপোনালোকৰ ফটো একপি লব পাৰো নে ? এইয়া আপোনালোকৰ পৰম্পৰাগত সাজ নহয় নে ? ইমান ভাল লাগিছে !
লগে লগে আমি ফটোৰ বাবে পজ দিয়াত লাগিলোঁমোৰ দৰে হয়তো প্ৰত্যেকৰে বুকু ফুলি গৈছিল , এগৰাকী অচিনাকী মহিলাই যে আমাক, নাৰীসকলক প্ৰশংসা কৰিলে ! মনে মনেঅনুপমাবালৈও ধন্যবাদ এটা জনালোঁ কাৰণ আড্ডাত আমি মহিলা সকলে অসমীয়া সাজ পৰিধান কৰি গলে যে বেছি ভাল হব সেইষাৰ প্ৰথমে তেওঁহে কৈছিল ।
ইতিমধ্যে নাগালেণ্ড হোটেলত অৰ্ডাৰ দিয়া আমাৰ দুপৰীয়া আহাৰ সাজু হৈ গৈছিল ।  গাহৰি মাংস আৰু কুকুৰা মাংসৰে থালীবোৰ আহিবলৈ ধৰিলে । সেই সময়তে উচ্চজিত ভিনদেউ আৰু মিতালীবা পালেহি । উচ্চজিত ভিনদেউ গৈপ্ৰতীমদাদাহঁতৰ সৈতে গাহৰি থালীতে বহিলগৈ ! এইফালে পুৱাৰে পৰা গাহৰি খাম বুলি টকালি পাৰি থকা হিমজ্যোতি আৰু পংকজৰ ভাগত ভুলক্ৰমে কুকুৰা মাংসহে পৰিল ।(এই দুখ চাগৈ তেওঁলোকে আজীৱন কঢ়িয়াই লৈ ফুৰিব )
খাই বৈ শেষ । এটা চুকত ৰূপালীবৌ, চয়নিকাবা, বৰ্ণালীবা, অনুপমাবা আৰু নিৰ্জুবাৰ মেল নাভাঙিবই যেন । তেওঁলোক হেনো স্কুলীয়া দিনৰ বান্ধৱী । আজি অত বছৰৰ পাছত অকবৰ আড্ডাৰ মাধ্যমেৰেহ একেলগে লগ পাইছে । মাজতে ৰূপালীবৌয়ে চিঞৰি উঠিল-হয়নে সেই তাৰ খবৰ কি অ’ ?
সেই তাৰ টো নো কোন আমি ধৰিব নোৱাৰিলোঁ, পিছে তেওঁলোক গোটেই কেইগৰাকী সখী শব্দ কৰি হাঁহি উঠিল ।
একে ঠাইতে বহি থাকিবলৈ বেয়া লাগিছিল বাবে আকৌ অসমৰ হোটেল খনৰ সমুখলৈ উঠি গলো । পুনৰ গীতৰে গমগমাই উঠিল । অসমৰ হোটেলখনৰ পৰা চাহ অনা হমিতালীবাই নিজৰ বেগৰ পৰা লাহেকৈ এটা টেমা উলিয়ালে । নাৰিকল চিৰা ! নাৰিকল চিৰাৰে ভৰ্তি টেমাটো একেবাৰেখালিহৈহেমিতালীবাৰ কাষ পালেগৈ !
সময় বাঢি আহিছিল তাৰ লগে লগে ঠাণ্ডাও । সেই সময়কণ কোনেও এৰি দিব খুজা নাছিল তথাপি চাৰে চাৰিটা বজাৰ লগে লগে বহাৰ পৰা উঠিলোঁযাওঁ নাযাওঁ কৈ কইনাৰ খোজেৰে আধা ঘণ্টা মানৰ পাছতহে গোটেইকেইজন আহি দিল্লী হাটৰ বাহিৰ পালোঁহি ! তাতো মেল । এজনৰ কেমেৰাই ক্লীকক্লীক কৰিছে , আন এজনে চিঞৰিছে হৰিধ্বনি এটা দিয়াহে-জয় হৰি বোলা ! যেন কৰবাতহুঁচৰিহে গাবলৈ গৈছিলোঁ মানুহবোৰে অবাক লাগি চাইছিল
তাৰ পাছতে বিদায় । নিৰ্জুবা,অনুপমাবা,শান্তনুদাদা, বৰ্ণালীবা, চয়নিকাবা আৰু মাইনা কেইটা এফালে গল । সমুদ্ৰদাদা আৰু পংকজে কেতিয়াবাই বিদায় মাগি গুছি গৈছিল । বাকী থকা সকলৰ সৈতে আমি একলগেমেট্ৰতউঠিলোঁখালি মেট্ৰখনৰ ডবা এটাৰ দুটা দীঘলীয়া চিট আমি গোটেই কেইজনে আবদ্ধ কৰি বহি ললো । আড্ডা তেতিয়াও ভগা নাছিল । ইটোৰ পাছত সিটো কথা । তেনেতে হিমজ্যোতিয়ে মাত লগালে –আমাৰ মাজত থকা মানুহজনে কমতি কামোৰ খাইছে নে । তেতিয়াহে মন কৰিলোঁ আমাৰ মাজত অচিনাকী মানুহ এজনো বহি আছে ! কথাটো মন কৰাৰ লগে লগেসেয়া হাঁহি বুলি কব নোৱাৰি, গোটেইকেইজনে ঠিক অট্টহাস্য কৰি উঠিলোঁতেনেতে আৰু এজন মানুহ আমাৰ ফালে আগুৱাই আহিল । উচ্চজিত ভিনদেৱে গহীন হৈ কলে-ভগৱানে আমাক এজন মানুহ হে শাস্তি দিবলৈ অধিকাৰ দিছে , আৰু এজনক দিবলৈ অধিকাৰ দিয়া নাই । বহল হৈ বহি দিয়ক । আমাৰ মাজত আৰু কাকো বহুৱাব নোৱাৰি । আকৌ অট্টহাস্য
ৰাজীৱ চকত মেট্ৰখন ৰোৱাৰ লগে লগে আমাৰ মনবোৰ সেমেকি গল । আমাৰ আড্ডা যেন তেতিয়াহে শেষ হৈছিল । হীমজ্যোতি, ইবু আৰু সত্যকামদাদা এফালে, প্ৰতীমদাদা,ৰুপালীবৌ , মিতালীবা আৰু উচ্চজীতভিনদেও এফালে আৰু গৃহস্থ প্ৰদীপ গগৈৰ সৈতে মই আনফালে খোজ ললো
যোৱা এটামাহে উৎকণ্ঠাৰে বাট চাই ৰৈ থকা সময়খিনি যে বৰ খৰকৈ গুছি গল । কোনে কয় আজিৰ প্ৰবাসী অসমীয়াৰ মাজত পুৰণি দিনৰ দৰে আন্তৰিকতা নাই ! কোনে কব পাৰে আজিৰ প্ৰবাসী অসমীয়াই কেৱল অসমীয়া হিচাপেই এটা দিনো উপভোগ কৰিব নুখুজে, অসমীয়া জাতি, সংস্কৃতিক সন্মান কৰিব নুখুজে , নিজৰ ভাষাৰে কাৰোবাৰ সৈতে অলপ সময় কথা পাতিবলৈ ককবকাই নাথাকে...কোনে কব পাৰে তেনেকুৱা একোৱেই নহয় বুলি ?
দিল্লীহাটৰ সেই এটা দিনেই ইয়াৰ চাক্ষুষ প্ৰমাণ যে আমি এতিয়াও অসমীয়া । নিজৰ প্ৰতিটো পলতেই , নিজৰ প্ৰতিটো খোজতে আমি এতিয়াও কঢ়িয়াই লৈ ফুৰিছোঁ সেই গৌৰৱকণ- আমি যে অসমীয়া !
জয়তু অসমীয়া ভাষা
জয়তু অসমীয়াত কথা বতৰা


No comments:

Post a Comment