Friday, 25 January 2013

ভালপোৱা





( কথাবোৰ অলপ খেলিমেলি লাগি যায়, কোনখিনিক আবেগক আচলতে সঁচাই ভালপোৱা আখ্যা দিব পাৰি ! মোৰ মা-দেউতা, বাইদেউ-ভাইটি , মোৰ জীৱন সংগী অথবা মোৰ প্ৰাণৰ সমানেই আপোন মোৰ মেকুৰীটোৰ প্ৰতি থকা ভালপোৱাখিনিৰ সংজ্ঞা ভিন্ন নেকি ! তুলাচালনীত জোখ মাখ কৰিব পাৰিম নেকি তেওঁলোকৰ প্ৰতি থকা মোৰ ভালপোৱাৰ ওজন ! কব পাৰিম নে এইজনকৈ মই সিজনক বেছি ভালপাওঁ !
ভালপোৱা, বুকুৰ মাজেৰে অহৰহ বৈ থকা আবেগৰ স্ৰোত । ভালপোৱা , এজনে আনজনক দিয়া বিশ্বাসৰ সৌধ । ভালপোৱা কৃষকৰ আশাৰ বৰষুণ জাক, প্ৰিয়জনৰ বুকুৰ স্পন্দন, মা-দেউতাই  বড় গছৰ দৰে দিয়া আশ্ৰয় আৰু ...আৰু বাইদেউ- ভাইটিৰ সতে কটোৱা শৈশৱৰ প্ৰতিটো পল । )

দৃশ্য এক-

উহহহহহহহহহহ...
সোণে পেটটো খামোচি পাইখানাৰ দুৱাৰখনত হেঁচা মাৰিলেগৈ । দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল । মূৰটো গৰম হৈ গল । ধাম ধাম ধাম কৈ দুৱাৰত ঢকিয়াই চিঞৰিলে
-কোন আছে অ...মোৰ বিৰাট জোৰেৰে লাগিছে
পিছে পাইখানাৰ ভিতৰৰ পৰা একো মাত নাহিল । মাকে সেইসময়তে টিউবেলৰ কাষত চাউল ধোৱা পানীখিনি পেলাবলৈ পাকঘৰৰ পৰা ওলাই আহিছিল ।
-মা পাইখানাত কোন সোমাই আছে অ’ ?
-বায়েৰে আছে ।
মাকে সহজ ভাবেই কলে ।
-সেই জনী সোমালে যেতিয়া সহজে ওলাই নাহে । তাই এতিয়া সপোন দেখিব পাই । অ মা তাইক কওকচোন ওলাই আহিবলৈ ..
-তাই অলপ আগত সোমাইছেহে ..
-মই সেইবাবেই দেতাক দুটা পাইখানা সাজিবলৈ কৈছিলোঁ ...ঐ বাই তই টোপনি গলি নেকি ...সোনকালে ওলাচোন ।
-তই নিজে চাকৰি কৰি সাজিবি । বাপেৰে সেই এটাই সাজিব পাৰিলে ...মাজনী অলপ সোনকাল কৰ অ,এইটোৰ কাপোৰে কানিয়ে যাব এতিয়া ।
মাকে কথাষাৰ কৈ পাকঘৰলৈ পোনাল । তেওঁ এনেও এইবোৰ বিষয়ত বৰকৈ মাত নামাতে । পিছে যেতিয়াই কথাবোৰ অলপ কাজিয়াৰ পৰ্যায় পাই গৈ তেওঁ লাহেকৈ জুহালৰ চাঙৰ পৰা ফলা খৰি ডাল লৈ ওলাই আহে ।
নাই...পাইখানাৰ ভিতৰৰ ফালৰ পৰা কোনো শব্দ নাহিল । পেটটো খামোচি সি কাষতে থকা বেঞ্চখনতে বহি পৰিল । পেটত থকা পেলুবোৰে যেন ফুটবলহে খেলিছে । এখন হাতেৰে পেটটো ধৰি আন খন হাতৰে বেঞ্চখনত খামোচি ধৰিবলৈ লওঁতেই হাতত কিবা এটা লাগিল । উৱা ! এইটো চোন বায়েকৰ মবাইলটোটিং কৈ সোণৰ মূৰত বুধি এটা খেলাল । বায়েকৰ এই মবাইলটো তাক চুবলৈকে নিদিয়ে বিশেষকৈ এটা বিশেষ সুৰেৰে ফোনটো বাজি উঠিলে তাই মবাইলটো যতে নাথাকক থপিয়াই নিয়েহি । সোণে বুজি পাই সেয়া তাৰ হব লগা ভিনিয়েকে ফোন কৰিছে । সেইবাবে মাজে মাজে জোকাবলৈ সি ফোনটো ধৰিবলৈ যায় পিছে তাই যেনেকৈহে জেঙেৰা মাৰি দিয়ে তাৰ খঙেই উঠি যায় । আজি একদম গাখীৰতে ম'হৰ খুটি । সোণে মবাইলৰ ৰিংটন খিনি পৰা বিচাৰি সেই বিশেষ ৰিংটনটো বজাই বেঞ্চখনৰ পৰা আঁতৰি আহিল ।
তুম বিন জীয়া জায়ে কেইছে -এইফালে মবাইলত গানটো বাজি উঠিল,সিফালে ইমান পৰে নিৰৱ নিতাল হৈ থকা পাইখানাৰ ভিতৰত পানী ঢলাৰ শব্দ ভাহি আহিল । ইমান কষ্টৰ মাজতো সোণৰ হাঁহি উঠিল । বায়েকে দৰজাখন খুলিবলৈ হে পালে সি লগে লগে পাইখানালৈ সোমাই গল । এইবাৰ সি টোপনি যাবলৈ চেষ্টা কৰিলে । বাহিৰত বায়েকৰ গগণ ফলা চিঞৰ !

দৃশ্য দুই-

-বাগানত চিনেমা চাবলৈ যাবলৈ তই ইমান ডাঙৰ হোৱা নাই ।
-ডাঙৰ হোৱা নাই ! চিনেমা চাবলৈ মই ডাঙৰ হোৱা নাই । কিবা এটা কৰিবলৈহে ইমান ডাঙৰ হলি কৰিব নোৱাৰ বুলি কৱ ?
-আৰে ! বাগানৰ চিনেমাকেইখন ঘৰতো চাব পাৰিবচোন । তাত চালেহে হয় নে । ৰাতিটো তাতে থাকিবি ইফালে মাৰ টোপনিয়েই নাহিব ।
হুহ ! বুলি কৈ সোণ আঁতৰি গল । মাজনীয়ে মাকলৈ চালে । মাকে চকুৰেই ইংগিত দিলে তাক অলপ বুজাগৈ বুলি । পুৱাৰে পৰা সোণে লাগি আছে আজি হেনো সি লগৰ লৰাবোৰৰ সৈতে বাগানত চিনেমা চাবলৈ যাব । বাপেকে এইবোৰত একো মাত নামাতে । তেওঁৰ মতে লৰা ডেকা হৈছে , মন যাবই । পিছে মাজনী আৰু মাকৰ মতে লৰা ডেকা হল বুলিয়েই যেনিয়েই-তেনিয়েই এৰি দিলে নহব । মাজনী লাহে লাহে গৈ পাছফালৰ বাৰাণ্ডাত বহি থকা সোণৰ কাষত বহিল গৈ ।
-বাগানত কোনখন চিনেমা দিছেনো ?
-তোক কেলৈ ?
সোণে গেঙেৰি মাৰি উত্তৰ দিলে ।
-ঐ কলেজৰ তোৰ লগৰ যে সেই ছোৱালীজনীৰ নাম কৈছিল, কি নাম আছিল তাইৰ ?
সোণে এইবাৰ সন্দেহৰ দৃষ্টিৰে বায়েকলৈ চালে । মাজনীয়ে সেইখিনি আওকাণ কৰি আকৌ সুধিলে
-তাই পতিছে গৈ নে ?
এইবাৰ সোণৰ মন  কুমলিল । আচলতে তাৰ খঙটোৱে তেনেকুৱা , মুহূৰ্ততে শেষ হয় ।
-পল্লবী ! সেইজনী কত পতিব । মই কিবা এটা কবলৈ গলে তাই সেই কলেজৰ কাষতে থকা গেলামালৰ দোকানখন সোমাই গৈ । সেইখন তাইৰ দদায়েক নে বৰতাকৰ দোকান বোলে । মই দোকানৰ ফালে গলে তাই দোকানৰ আলু বস্তাতে উঠে গৈ । কিমান আলু পেটেকা কৰিলে ঠিক নাই ।
সোণে অলপ ক্ষোভৰেই কলে ।
-ইয়ে হয় নেকি । তই পতাব জনা নাই আক ।
সোণে এইবাৰ পুৰা উত্সাহৰে বায়েকৰ ফালে চাই সুধিলে
-বা মই বাৰু চিনেমা চাবলৈ নাযাওঁ । তই মোৰ লগত এফালে যাবি নে ?
-কলৈ ?
মাজনীয়ে চকু ঘোপা কৰি সুধিলে
-সৰু পেহীৰ ঘৰলৈ ।
-পেহীৰ ঘৰলৈ আক কিয় । সিদিনা গৈ আহিছিলি হে ।
-হেহ । দেতাৰ মটৰ চাইকেলখন লৈ যাম আৰু আহিম । পেহীহঁতৰ মুনুৱে বোলে সেইজনীক ভালকৈ চিনি পাই । কিজান পতেই ।
মাজনী বিমোৰত পৰিল ! ভায়েকৰ কথা নাৰাখিলে সি বেয়া পাব , আকৌ সেই অঘাইতং সোপাৰ লগত চিনেমা চাবলৈ যাবলৈ দিব লাগে চিঞৰ বাখৰ কৰিব । আৰু গলেও...আজি অংকুৰ অহা কথা আছে !  ত দিনৰ মূৰত তাক লগ পাব । পুৱাই ফোন কৰি কৈছিল –মাহঁতৰ পৰা অনুমতি লৈ থবা আজি অলপ ওলাই যাম । ছেহ! কি কৰা যায় ।
মাজনী দোমোজাত থাকোঁতেই বিশেষ সুৰটোৰে তাইৰ মবাইলটো বাজি উঠিল । তাই ফোনটো ধৰিলে । ফোনৰ সিটো মুৰৰে দোষী দোষী ভাবেৰে অংকুৰে কলে-মানু, আজি তোমালোকৰ ঘৰলৈ নাযাওঁ দিয়া । ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ  , মায়ে বাইদেউৰ ঘৰলৈ লগ ধৰিছে । বেয়া পাবা নেকি...কালিলৈ চিউৰ যাম । মাওঁ যাম বুলি কৈছে ।
মাজনীৰ মনটো লগে লগে পাতল লাগি গল ।
-তুমি যোৱা । একদম খোলা মনৰে যোৱা । মোৰ ওচৰলৈ অহাৰ আগতে তুমি বাইদেউৰ ওচৰলৈ যাব খুজিছা ভাল হে কথা । যোৱা যোৱা ।
অংকুৰে ফোনটো থোৱাৰ পাছত তাই সোণলৈ চাই কলে-শুন, তোৰ লগত বাৰু মই যাম । মুনুৰ লগত কথাও পাতি দিম । পিছে মনত ৰাখিবি, ভালপোৱাটো ডাঙৰ কথা নহয়, এতিয়াই সেইবোৰ লৈ সপোন নেদেখিবি । তোৰ এতিয়াও সিমান বয়স হোৱা নাই । শুনিলিনে ।
সোণে কি শুনিলে সিহে জানে ।

দৃশ্য তিনি-

বায়েকে ভাত ৰান্ধিছে । সোণে এনেই ইফাল সিফাল কৰি আছে । বায়েকৰ বিয়াৰ পাছত সি কেইবাবাৰো ভিনিয়েকৰ ঘৰলৈ গৈছে যদিও এইটো ঘৰলৈ এই প্ৰথম আহিছে । বিয়াৰ অলপ দিনৰ পাছতে ভিনিয়েকে বায়েকক নিজৰ চাকৰি কৰি থকা ঠাই লৈ গৈছিল । আহিম আহিম বুলিও যোৱা এটা বছৰে সোণ এইটো ঘৰলৈ আহিব পৰা নাছিল । এইবাৰ পৰীক্ষা-চৰীক্ষা দি আজৰি হৈ আহিছে ।
-ঐ তোৰ ফোন আহিছে । মই ধৰো নে ?
মাজনীয়ে এখন হাতৰে হেতা এখন আৰু এখন হাতৰে মবাইল এটালৈ কলে । সোণে মবাইলৰ স্ক্ৰীণ খনলৈ জুমি চালে । পেহীয়েকৰ ছোৱালী মুনুৰ ফোন । বায়েকৰ পৰা মবাইলটো লৈ সিয়েই ফোনটো ধৰিলে ।
-হেল্ল
-খুব খাইছ হবলা ন গৰু ?
-নাখাই কি চাই থাকিম নেকি ?
সোণে বায়েকলৈ চাই হাঁহি মাৰি উত্তৰ দিলে
-ঐ কচোন , মানু বায়ে আগতকৈ ভাল ৰান্ধিব পাৰিছেনে ?
-ধুৰৰৰ...সেই একেই গোন্ধ বুজিছ । সেই একেই গোন্ধ । বহুদিন সেই গোন্ধ পোৱা নাছিলোঁ যে খাই ভালেই লাগিছে ।
-মানে !!
-হেহ ! তই পাহৰিলিনি বায়ে যে বন্ধা কবি ৰান্ধিলে যেনেকুৱা গোন্ধাই , মাংস ৰান্ধিলেও একেই গোন্ধাই ।
সিফালৰ পৰা মুনুৰ হাঁহিৰ হো-হোৱনি ভাহি আহিল । আৰু এইফালে হেতাখন লৈ মাজনীয়ে সোণক খেদা মাৰি আহিল-কুকুকুৰৰৰৰ....


( ভালপোৱাবোৰ চাগৈ এনেকুৱাই, এটাক ভেঁজা দি আনটো গঢ় লৈ উঠে নতুন নতুন নামেৰে । জীৱনৰ প্ৰতিটো ষ্টপেজতে ভিন্ন ৰূপত আহি হিয়াখন চহকী কৰি তোলে ভিন ভিন আবেগেৰে, ভালপোৱা নামৰ একেধৰণৰ সংজ্ঞাৰেই । )






 

No comments:

Post a Comment