Friday, 25 January 2013

ৰহিমলাৰ আখ্যান



     












ৰহিমলা-ৰংপুৰীয়া গাঁওৰে ছোৱালী । গিৰিয়েক মৰা পাছত একমাত্ৰ লৰাটোলৈ মাকৰ ঘৰলৈ গুছি আহিল । মাকৰ ঘৰৰ কাষতে সৰু এচলীয়া চালি এটুকুৰা সাঁজি আছে ।
গাঁওবুঢানী-গাঁওবুঢ়াৰ পৰিবাৰ । যাক সকলোৱে গাঁওবুঢানী বুলি মাতে ।
আইতা-গাঁওবুঢ়াৰ মাক ।
নগঞানী-গাঁওৰে বোৱাৰী । নগাঁওত মাকৰ ঘৰ বাবে সকলোৱে নগঞানী বুলি মাতে ।
বিমলা-গাঁওৰ এগৰাকী বোৱাৰী ।
শেৱালী-ৰহিমলাৰ ভতিজাক ।
                                                              


প্ৰথম দৃশ্য –
ৰংপুৰীয়া গাঁওৰ গাঁওবুঢ়াৰ চোঁতালত দুগৰাকী মহিলা ওকণী চোৱাৰ মেল পাতি বহি আছে ।

ৰহিমলা-ইছ নবৌ আপোনাৰ মুৰতো দেখোন ওকণীৰে ঠাহ খাই আছে...লওক পাই এইজনী বিহা মাৰক...
গাঁওবুঢানী-এহ নকবি আউ বুজিছ ৰহিমলা...এই আমাৰ মাই যতে ততে গৈ সেইসোপা তুলি আনে , তাৰ পাছত মোলৈও বিয়পি যায় । নহলে মই ইমান লেতেৰি নহওঁ পাইতই ভালকৈ চাই দেচোন । খজুৱতিত ৰৱ পৰা নাই অ ....হেৰি নহয় ৰহিমলা...এই সিচুকৰ বিমালজনী বোলে আজি কালি ঘৰত নথকাই হল ....
ৰহিমলা-ঈ তাইৰ কথা আউ নকব ...সাংঘাতিক বেয়া হল অ
গাঁওবুঢানী- কি হল নো ? কিবা গম পাইছ হবলা... ?
ৰহিমলা-নাপাম নে ? তাই কিবা বোলে ভাষা আন্দোলন নে চাষা আন্দোলন
তেনেকুৱা কিবা এটাত লাগি মিটিং চিটিং কৰি ফুৰিছে। পিছে সেয়া নামত হে ...দিনৰ দিনটো লোকৰ মতা মানুহবোৰৰ লগত গা ঘেলাই থাকোঁতেই দিন যায় । এই ৰমেন কাইতো যে একদম তিৰোতা সেৰুৱা জানে নে...মানুহজনীয়ে দিনটো টলৌ টলৌ কে ঘুৰি ফুৰে সি একো নকৰে । আমাৰ মৰা শতুৰু টো জীয়াই থকা হলে মই যদি এনেখন কৰিলোঁহেঁতেন পিঠিত জেওৰা খুটি ফালিলেহেঁতেন...
 গাঁওবুঢানী-অ.....মই আক তেনেকৈ শুনা নাছিলোঁ বাউ সেইবোৰ থাকক দেতোৰ লৰাটোৱে বোলে চহৰত কাম কৰিবলৈ গৈছে । শুনি ভাল পালো পাই ।
ৰহিমলা-এমাহে হল নবৌ । বাপেকটো জীয়াই থকা হলে সেই ফুল কুমলীয়া লৰাটো লোকৰ দোকানত কাম কৰিবলৈ নপঠালোঁহেঁতেনএতিয়া উপায় নাই । মাটি বাৰী কিবা এটা থকা হলেও কথা নাছিল ।
গাঁওবুঢানী-এস...তইনো আক তেনেকৈ কিয় ভাবিছ । সি সেনে কৈয়ে থানথিত লাগিব চাবিচোন ।
ৰহিমলা-নবৌ.....(চেপা মাতেৰে)
গাঁওবুঢানী-কি ?
ৰহিমলা-সেই নগঞা নবৌৰ ছোৱালী তৰা পলাই গল জানে নে....?
গাঁওবুঢানী-কেতিয়া.....কালৈ !!!!
ৰহিমলা-এস....যোৱাকালি কোনোবা হালোৱা এটা লৈ হেনো....তাকো অজাতিৰ বোলে । আপুনি আক সিহতক মই কৈছোঁ বুলি নকব আক ।
গাঁওবুঢানী-নকও দে....ছেহ...খবৰ এটাও লব লাগিছিল । অজাতিলৈ হে গল নে? আমাৰ এওঁ শুনিলে মোক খবৰ লব লৈ যাবলৈ দিব নে নাই সন্দেহ ।
আইতা-কাৰ খবৰ লবলৈ যোৱাৰ কথা কৈছ অ বোৱাৰী ?
ৰহিমলা-(মনৰ মাজতে)আহিল শাখিনি জনী
গাঁওবুঢানী-নগঞানীৰ ছোৱালীজনীৰ খবৰ মা । কালি বোলে কোনোবা অজাতি এটালৈ পলাই গল ।
আইতা-খবৰটো হবলা আমাৰ ৰহিমলা বাতৰিয়ে দিলে...?
ৰহিমলা-তেনেকৈ নকব দেই বৰমা ।
আইতা-তেনেকৈ নকৈ নো কেনেকৈ কম হয়নে.....অৰ কথা তত দুশাৰী মান বঢ়াই গাই ফুৰাটোৱে তোৰ স্বভাৱ ।
ৰহিমলা-মানুহক ইমান বেয়াকৈ কব লৈ তোৰ অলপো বেয়া নালাগে নে বৰমা ?
আইতা-তোক কব লৈ বেয়া নালাগে । তই যে আনৰ বদনাম গাবলৈ বেয়া নাপাৱ সেই বাবে বুজিছ । বোৱাৰী...মোক চাহপানী এটোপা দেহি চোন ।
 গাঁওবুঢানী-মা আপুনি ভিতৰলৈ যাওঁকচোন...মই গৈ আছো.......( অলপ ৰৈ ) ৰহিমলা, মাৰ কথাত তই বেয়া নাপাবি দেই । বুঢ়ী মানুহ , মোকেই যেতিয়াই তেতিয়াই কিবা কিবি কৈ থাকে ।
ৰহিমলা-কিনো বেয়া পাম আৰু নবৌ , আমি সৰু মানুহ । লোকে কিবা কলেই শুনিবই লাগিব । মই যাওঁ
গাঁওবুঢানী-হেহ এইজনী । অলপ ৰহ । যোৱাকালি ককায়েৰে মালভোগ কল দুঠোক কাটিছিল । তাৰে দুআষি মান লৈ যা


দ্বিতীয় দৃশ্য –
গাঁওৰ আলিবাটে কল দুআষি লৈ মনে মনে ৰহিমলাই বিয়া নাম এফাঁকি টানি গৈ আছে ।
ৰাম কৃষ্ণ ৰিণিকি ৰিণিকি
ৰাম কৃষ্ণ যমুনা দেখিছোঁ
হৰি মোৰ ঐ
বৈ আছে কদমৰ তলে
ৰহিমলা- ঔ আই.....নগঞানীবৌ হতৰ বাৰী নহয় নে এই খন....ৰঙালাউবোৰ ইমান লাগিছে । আমাৰ হে একো এটা নালাগে । এস.....চকু কেইটা জলক-তবক কৰি গৈছে । অ....সেইজনী নগঞা নবৌ আগফালৰ চোঁতালতে তাঁত বৈ আছে চোন । ছেহ...এতিয়া মনে মনে চিঙি নিব ও নোৱাৰোঁ......তেলেখাতি...বাৰী ৰখি বহি আছে একেবাৰে ৰহ...সিহঁতৰ  ঘৰলৈ গৈয়ে এটা সৰকাও ।
নবৌ অ নবৌ.....
নগঞানী- অহ....ৰহিমলা দেখোন । একেবাৰে ভাৰে ভেটি....কৰ পৰা ওলালিহি...আহ ভিতৰতে বহিবি ।
ৰহিমলা-দিয়া নবৌ। ডুখৰি পীৰা এডোখৰকে দিয়া। উঃস এইডোখৰ আহোঁতেই কঁকালটো থৰথৰাই গটল দেই।
নগঞানী-পিছে কটত নো গৈছিলা ?
ৰহিমলা-সেই গাঁওবুঢাৰ ঘৰলৈ ।
নগঞানী-কল হবলা গাঁওবুঢনীয়ে দিলে....
ৰহিমলা-দিওঁতে তেওৱেই দিলে...পিছে এনেই দিয়া নাই । নগদ টকা দহটা ললে !
নগঞানী-উৱা.....এই ঘৰৰে কল দুআষিৰ বাবে তোৰ পৰা পইচা লব লাগে !! গাঁওবুঢনীনো কি টকাৰ অভাৱ হৈছে....ইছ ৰাম ....দিনকাল সলনি হল দেই ।
ৰহিমলা- হলা গছ দেখিলেই চবেই বাগী কুঠাৰ মাৰে অ নবৌ । মাটি বাৰী নাইকিয়া যেতিয়া গঞাৰ ওচৰত হাত পতাৰ বাদে আমাৰ জানো কিবা গতি আছেচাউল পাত আৰু শাক কেইডালমান কেতিয়াবা বিছাৰো। তাতো কিছুমানে সুবিধা লয় বুজিছেনে পাৰোঁতে বাউ লোকৰ ওচৰত হাত পাতো নে
নগঞানী-হয় হয় পায় ।
ৰহিমলা-হেৰি নহয় নবৌ....গাঁওবুঢনীয়ে কথা এটা কলে...সঁচা নেকি ?
নগঞানী-কি কথা বা কলে....??
ৰহিমলা-তোমালোকৰ তৰা বোলে কোনোবা অজাতিৰ হালোৱা এটা লৈ পলাই গ?
নগঞানী-কি !!! গাঁওবুনীয়ে তোক সেনেকৈ কৈছে......বিশ্বাস হোৱা নাই ।
ৰহিমলা-বিশাচচ নহবলৈ মই কিবা মিছা কৈছো নে ?যি শুনিছো তাকে কৈছো বুজিছা ।
নগঞানী-হুহ...গাঁওবুঢনীক মই আজি লৈকে ভাল মানুহ বুলিয়ে ভাবিছিলোঁমোৰ ছোৱালী কোনো অজাতিৰ লৰালৈ যোৱা নাই বুজিছ আৰু সি হালোৱাও নহয় । তাৰ ঘৰত দহটা হালোৱা ৰাখিব পৰা বাহাদুৰি আছে ।
ৰহিমলা – মই ঠিকেই ভাবিছিলোঁসেইবাবেই তোমালোকৰ ঘৰত সোমাই আচল কথাটো বুজ লৈ যাওঁ বুলি সোমালোঁতোমালোকৰ তৰাক কিবা মই নাজানোঁ নে......সেইবোৰ মানুহে লোকৰ বদনাম উলিয়াই ভালেই পায় । সমুখতহে ভালৰি লগায় । দেখা নাই জানো...মই অনবৰতে সিহঁতৰ ঘৰৰ কাম বনত লাগি দিওঁ । তথাপি আজি কল দুআষিৰ বাবদ টকা ললে ।
নগঞানী-হয় দে ৰহিমলা । আমি মানুহ চিনাত ভুল কৰো । তই অলপ বহচোন, তামোল খা ...মই বাৰীৰ পৰা সাউতকেনে ৰঙালাউ এটা আনো গৈ ।তই লৈ যাবি । পইচা দিব নালাগে । আমি সেইবোৰ মানুহৰ দৰে নহয় ।
ৰহিমলা-(নিজৰ মাজতে)উস..কোনোমতে সৰকালোঁএনেই খুজা হলে জহনীমৰতি চিকটি জনীয়ে নিদিলেই হতেন ।
আইতা-নগঞানী....অ নগঞনী...
ৰহিমলা- হে হৰি চবকাত যোৱা বুঢীজনী ইয়াতো ওলালহি চোন । মই সোনকালেই পলোৱাই মংগল হব । বৰমা নেকি....আহক.....নবৌ বাৰীলৈ গৈছে ।
আইতা- অ...তই দেখোন ঘৰ পোৱা গৈ য়ে নাই ।
নগঞানী- ৰহিমলা ...ল এইটো ল....আইতা দেখোন । বহক ।
ৰহিমলা-দিয়ক নবৌ । মই পিছে যাওঁ । পোনাও আজি অহাৰ কথা আছে ।
আইতা-  তই হবলা ইয়াৰ পৰা ৰঙালাউটো সৰকালি । তোৰে দিন দেই ।
ৰহিমলা-যতে ততে মোক অপমান কৰি নাথাকিবি দেই বৰমা কৈ দিছোঁ  কিবা খঙ উঠিলে ডাঙৰ সৰু একোকে নামানিম ।
নগঞনী-হেহ..ৰহিমলা নাপায় নাপায় ।
ৰহিমলা-হুহ....মই যাওঁ নবৌএই বুঢীজনী থকা ঠাইত থাকিলে মোৰ হাতত কিবা পাপ হৈ যায় বুলিহে ভয় ।
আইতা-(চিঞৰী চিঞৰী) যা যা ....তোক কোনে ধৰি আছে ।
নগঞানী-আইতা, সেইবোৰ এৰক তামোল খাওক ।
আইতা-হেৰি নহয় এই টুকটুকীয়া জনীয়ে আমাৰ বোৱাৰীৰ আগত তৰাৰ কথা কিবা কৈছিল ...সঁচা নেকি .... বোৱাৰীও খবৰ লবলৈ অহাৰ কথা আছিল ,পিছে বাপু পামৰ পৰা পালেহি বাবে নাহিল ।
নগঞানী-আপোনালোকক কোনে কলে বুলি কলে ?
আইতা-কোনে কব আক...গাঁওৰ কাৰ ঘৰত কি হৈছে সেই খবৰ ৰহিমলাৰ বাদে কোনে ৰাখে ।
নগঞনী-অ আই...তাই আক মোক কৈছে হি তাইক হেনো গাঁওবুঢানীয়ে কৈছে তৰা বোলে অজাতিৰ হালোৱা এটালৈ পলাই গল !
আইতা-দেখিলা দেখিল থাউকতে কেনেকৈ মিছা কথা খন কৈ গল । হেৰৌ আমাৰ সেইজনীয়ে মই নকলে সেই কাষৰ ঘৰত কি হৈছে তাকে গম নাপায় , তাই আকৌ এটা চুকৰ এৰি তহঁতৰ চুকৰ খবৰ কেনেকৈ গম পাব হয় নে ।
নগঞানী-তাই আক মোক তেনেকৈ কলে । প্ৰথমতে মইও বিশ্বাস কৰা নাছিলোঁপিছে তাই যেতিয়া কলে গাঁওবুঢনীয়ে তাই দিয়া কল কেই আষিৰ বাবদও পইচা ললে মই বিশ্বাস কৰিবলৈ বাধ্য হলো ।
আইতা-হেঃ হেঃ হেঃ....( সোলা মুখেৰে হাঁহে )তাই সেনেকৈ কলে নে । সেইবাবে মই আমাৰ বোৱাৰীক কওঁ তাইৰ কথাবোৰ একানে শুনি আন কানে  উলিয়াই দিবলৈ । আউ তাইকো মই এনেই গালি পাৰি থাকো নে.....বুজিছা বোৱাৰী নিজ চকুৰে দেখা আৰু কানেৰে শুনাৰ বাহিৰে বেলেগৰ কথাত কেতিয়াও কান দিব লাগে আমি বুঢী হলো হি এইবোৰ দেখি দেখি ...ভাল মানুহে কেতিয়াও আনৰ বদনাম গাই নাথাকে বুজিছা । যাৰ নিজৰ চৰিত্ৰত দোষ থাকে সেইবোৰেহে আনৰ দোষ খুচৰি ফুৰে । বাৰু বাদ দিয়া এইবোৰ ...মোক তৰাজনীৰ কথা কোৱা ।

তৃতীয় দৃশ্য-
ঘৰলৈ বুলি গৈ থাকোঁতে ৰহিমলাই ভোৰ ভোৰাই গৈছে
ৰহিমলা-এই কলেৰাত যোৱা বুঢীজনীক এসেকা দিব লাগিব । তাই এসেকা নিদিয়া লৈকে মই শান্তি নাপাওঁ ।
বিমলা-ৰহিমলা বাইচোন । কৰ পৰা আহি আছে.....তাকো বৰ খঙত আহি থকা যেন পাওঁ ।
ৰহিমলা-( ওৱা এইকে চোন বেবহাৰ কৰিব পাৰি )
সেই গাঁওবুঢাৰ ঘৰলৈ গৈছিলোঁ অ বিমলা । বুজিছ মূৰটো একেবাৰে শাওনমহীয়া ৰদত গলা পকা ৰাস্তাটোৰ দৰে ভমক ভমক মাৰি আহিছে
বিমলা- মুৰ বেয়া হব লৈ নো কি হ?
ৰহিমলা – তোমালোক লেখা পঢ়া জনা মানুহ । মানুহে তোমালোকক সমুখত একো নকৰে । আমি বোৰ অঁকৰা যে চবেই ঠগে ।
বিমলা-কোনে ঠগিলে নো ?
ৰহিমলা-নকবা আৰু...দিনৰ দিনটো গাঁওবুঢ়াৰ ঘৰত ধান এসোপা জাৰিলো । ভাবিছিলোঁ টকা কেইটামান পাম । গাঁওবুঢানীয়ে দিবও খুজিছিল কিন্তু সেই সিহঁতৰ বুঢীজনীয়ে বিনিময়ত এই কল দুআষি  দিব লৈ কলে । চোৱাচোন কেনে অন্যায়
বিমলা- ইছ....আইতাক মই তেনেকুৱা বুলি ভবা নাছিলোঁ দেই । গাঁওবুঢানী নবৌক লগ পালে মই কম ৰ
ৰহিমলা-কৈ লাভ নাই বুজিছা বিমলা । কথাৰ ভমকত মই তোমাৰ কথা কৈ কলো বোলো-আমাক দুখীয়া নিছলা পাই এনেখন কৰিছে । বিমলা হতৰ দৰে পঢা শুনা হোৱা হলে এনে কৰিব পাৰিলেহেঁতেন নে
বিমলা- তাৰ পাছত...
ৰহিমলা-তাৰ পাছৰ খিনি কবলৈয়ে বেয়া লাগিছে জানা....সেই শাখিনী বুঢীজনীয়ে কলে বোলে-সেই জনীৰ নাম নলবিদিনৰ দিনটো কুলক্ষনীজনীয়ে লোকৰ মতাৰ লগত গা ঘেলাই ফুৰোতেই যায়।গাঁওখনৰতো নাক কাটিলেই তাইৰ নাম ললে আমিও শান্তনি পানী খাব লাগিব ।
বিমলা-আইতাই তেনেকৈ কলে নে ?? দুদিন মানৰ আগত মই আইতাক লগ পাইছিলোঁইমান ধুনীয়া কৈ মোক আমাৰ কাম কাজ বোৰৰ কথা সুধিছিল ।
ৰহিমলা-সেইবোৰ চব মানুহক দেখাই কৰে অ....আচলতে বুঢ়ী পেটতো একেবাৰে বেয়া ।
তেনেতে ৰহিমলাক চিঞৰি চিঞৰি শেৱালী আহে ।
শেৱালী-পেহী ঐ পেহী....
ৰহিমলা-বিমলা- (একেলগে) কি হল অ’ ?
ৰহিমলা-ইমান উধাতু খাই চিঞৰিবলৈ কি হে পাইছে হয় নে...কৰবাত কিবা হল নেকি ?
শেৱালী- ধনককাইদেউ অলপ আগত নগৰৰ পৰা আহিছে । তেওঁ কৈছে বোলে পোনা ককাইদেউক বোলে ঘৰলৈ আহি থাকোঁতে মটৰ চাইকেল এখনে খুন্দিয়ালে !
ৰহিমলা-আয়ৈ ভগৱান........মই কতে মৰো ( ৰাউচি জোৰে )
বিমলা- ৰবাচোন ধৰ্য ধৰা বাই । শেৱালী পোনা এতিয়া কত আছে ....
শেৱালী- হাসপাতালত । মুৰত পাইছে দুখ  বোলে । পা-পইচা অলপ যোগাৰ কৰি এতিয়াই হাসপাতললৈ যাবলৈ কৈছে ।
ৰহিমলা-(কান্দোনৰ সুৰৰে ) ওঁহ ওঁহ....মোৰ পোনাটোপা-পইচা নো ঘপকেনে মই কৰপৰা যোগাৰ কৰো । কিবা এটা থকা হলেও বন্ধকত দিলোঁ হেতেন...ওঁহ ওঁহ...
বিমলা-কি যে ভাবিছা আৰু বাই । আমি বোৰ নো কেলৈ আছো । আমাৰ তেওঁৰ হাতত মই পুৱা টকা অলপ দেখিছিলোঁতাকে মই উলিয়াই দিম ৰবা তুমিও পাৰিলে কাৰোবাক দুটকা মান খুজি চোৱা । বিপদৰ সময়ত নিদিওঁ বুলি কলে হবনে ।
ৰহিমলা-ওঁহ বিমলা । কি দি যে তোমাৰ ধাৰ সুধিম ।
বিমলা – এতিয়া সেইবোৰ ভবাৰ সময় নহয় । তুমি যোৱা । মই ঘৰ পৰা তোমালোকৰ ঘৰলৈ গৈ আছো ।

চতুৰ্থ দৃশ্য-গাওঁবুঢাৰ ঘৰত ।
গাঁওবুঢ়ানী- তাই সেনেকৈ কলে গৈ নে ?
আইতা-তেনেকৈ নকৈ তাই তোৰ ভালতো সিহঁতৰ আগত কব গৈ নে । মই এনেই কওঁ নে টুকটুকীয়াৰ কথা কাণ দিলে মৰিবি । ভাগ্য নগঞানীয়ে কথাবোৰ বুজিলে । নহলে এইখন লংকা কাণ্ডই হল গৈ হেতেন ।
গাঁওবুঢ়ানী- আহক তাই এইবাৰ ....বাৰ বজাব নোৱাৰোঁ যদি চাব । মৰম কৰো কাৰণে চল পাই গৈছে ।
তেনেতে বাহিৰৰ পৰা ৰহিমলাই বেজাৰ মাতেৰে চিঞৰিলে ।
ৰহিমলা-নবৌ অ নবৌ....
গাঁওবুঢ়ানী- কটা লাজ নাইকিয়া জনী ,মোৰে ঘৰৰ খাই মোৰে বদনাম গাৱ, আকৌ কি সাহসত মোক নবৌ বুলি মাতিছ হি হা ...
ৰহিমলা-নবৌ....
গাঁওবুঢ়ানী- নামাতিবি মোক । ওলাই যা বুলিছোঁ নহয় । মোৰ ঘৰৰ পৰা ওলাই যা । ৰৈ ৰৈ নৰকত পৰি মৰিবি তই ।
ৰহিমলা-সেইবোৰ পাপেই মোক চুইছে অ নবৌ । মোৰ পাপে গৈ মোৰ লৰাটো আঘাত কৰিছে গৈ ।
গাঁওবুঢ়ানী- মোৰ আগত তোৰ আৰু একো ফাকটি কামত নাহে । যা বুলিছোঁ নহয় ।
ৰহিমলা-নবৌ অ তেনেকৈ নকব...আপোনালোকে সহায় নকৰিলে মই নিগমে মৰিমলৰাটোক মটৰ চাইকোলে খুন্দিয়াই হাসপাতলাত পেলাই থৈছে । টকা লাগে বুলে । মইনো কৰ পৰা টকা গোটাম ...
গাঁওবুঢ়ানী- তই ইমান তললৈ নামিব পাৰ নে.....নিজৰ লৰাৰ অমংগলৰ কথা কৈ পইচা বিচাৰিছ ।
ৰহিমলা-বুঢ়া ডাঙৰীয়া শপত নবৌ এইবাৰ মই অকণো মিছা মতা নাই । টকা কেইটামান দি সহায় কৰক নবৌ । যিমান দিন লাগে সিমান দিন আপোনালোকৰ ঘৰত খাতি দিম ।
গাঁওবুঢ়ানী- ৰহিমলা, মোৰ ধৰ্য পৰীক্ষা নলবি কৈ দিছোঁভালে ভালে মোৰ চকুৰ আতৰ হ ...
ৰহিমলা-নবৌ....ওঁহ ওঁহ.....
আইতা-বোৱাৰী , মোৰ বৰ পেৰাতে টকা অলপ আছে । সেই টকা খিনিকে এইক দে হি যা হি । কমতি দুখত আহি তাই তোৰ সহায় বিচাৰিহি নাই ।
গাঁওবুঢ়ানী- মা.....সেয়া টকাতো আপুনি সৰু বাপুৰ বিয়ালৈ বুলি গোটাইছিল !! সেই টকা এই জনীক দিব খুজিছে ....
আইতা-সৰুবাপুৰ বিয়ালৈ বুলি আকৌ টকা গোটাব পাৰিম । পিছে এই লৰাটোৰ কিবা এটা হলে তাই কি ভৰসাত জীয়াই থাকিব । যা যা আন গৈ যা ।
ৰহিমলা-বৰমা......
আইতা-বোৱাৰীৰ কথাত বেয়া নাপাবি ৰহিমলাতাই অলপ পাছতে সকলো পাহৰিব । তই তোৰ লৰাটোৰ কথা ভাব । মই বাৰু সৰুবাপুক তাৰ মটৰ চাইকোল খনতে তোক নগৰলৈ যাবলৈ কম । সোনকালে পাবি গৈ । আৰু সি থাকিলে তোৰ সুবিধাও হব ।
ৰহিমলা-বৰমা....মই পাপীনীয়ে যে আপোনাক চিনিবই পৰা নাছিলোঁমোৰ বাবে আপুনি আৰু বিমলাই আজি ভগৱান হৈ পৰিছে ।
আইতা-ধেত তেৰি এইজনী , মানুহ কেতিয়াবা ভগৱান হব পাৰে নে....অ বিমলাৰ দৰে ময়ো মানুহৰ ভাল গুণখিনি হে কেৱল চাওঁ । সকলো মানুহৰে ভাল-বেয়া দুয়োটা গুণ থাকে বুজিছ । বেয়াখিনি এৰি ভালখিনি চালেই সকলো মানুহকে ভাল লাগিব । তোৰো ভাল গুণ আছে । তই সেইখিনি বেবহাৰ কমই তোক এনেই সদায় গালি পাৰি থাকো নে । হেৰৌ আৰ বদনাম, তাৰ বদমান গাই কিমান দিন মানুহক ভালৰি বোলাই থাকিবি....এদিন হলেও ধৰা নপৰিবি নে....তেতিয়া কি কৰিবি ।
ৰহিমলা-বৰমা, বুজিছোঁমই সকলো বুজিলোঁলৰাকণৰ শপত বৰমা আৰু কোনো দিনে কাৰো বদনাম নাগাও
আইতা-ভাল কথা । তোৰ  ওপৰত মোৰ সেই বিশাচচ আছে । পৃথিৱীৰ সকলো মানুহৰে সেই জ্ঞান অহা হলে ....এস নালাগে দে....সকলো ভাল হলে ভগৱানে এই মায়াবোৰত কি ৰস পাব ন.......যা যা ভিতৰলৈ গৈ বৌয়েৰৰ হাতৰ পৰা টকা খিনি লৈ আহ ।

soundcloud.com/apurba11/hcm5r0ap08uz/s-87hBk 



http://www.youtube.com/watch?v=945tNQQ3gf8&feature=youtu.be 









No comments:

Post a Comment