Wednesday, 13 November 2013

অলং দলং কৰি সপোনৰ পম খেদি





সৰু অঞ্চলটোত ঘটনাটো বিয়পি পৰিবলৈ বেচি সময় নালাগিল । ঘটনাটো শুনি কিছুমানে ইছ-আছ কৰিলে , কিছুমানে নতুন প্ৰজন্মক গালি পাৰিলে ,কিছুমানে আকৌ ৰং চাবলৈ ঘাই আলি বাটলৈ দৌৰি গল ।
মানু তেতিয়া পাকঘৰত ব্যস্ত হৈ আছিল । দেওবাৰ বাবে পুৱাৰে পৰা কামবোৰ অলপ লেহেমীয়া গতিত হৈ আছিল । গতিকে দুপৰীয়া সাঁজ ৰান্ধিবলৈ লওঁতে প্ৰায় এটা  মান বাজিল । চৌকাত কেৰাহীখন তুলি দালিখিনি তেল মাৰিবলৈ বুলি লওঁতে আঠ বছৰীয়া পুতেক মৰমে আহি ফোপাই ফোপাই কলেহি
-মা,জানা ঘাই আলিবাটত যে ভিক্ষাৰী এজনীক মটৰ চাইকেলে খুন্দিয়াই মাৰিলে !
-কি ?
-অ দেতা আৰু মই সেইফালে ওলাই গৈছিলোঁ নহয়,তেতিয়াই দেখিলোঁ । মানুহজনী লগে লগে মৰিল ।
মৰমৰ কথা শুনি মানুৱে দালিখিনি কেৰাহীত ঢালিয়েই বাৰাণ্ডালৈ ওলাই আহিল । গিৰিয়েক ৰাতুলে জোতা চাফা কৰি আছিল । মানুৱে ৰাতুললৈ চাই প্ৰশ্ন কৰিলে
-ঘাই আলিবাটত বোলে কাৰোবাক মটৰ চাইকেলে খুন্দিয়ালে ?
-ও । আমাৰ ইয়ালৈ প্ৰায়ে মাগিবলৈ আহে, সেই বুঢ়ী গৰাকীক খুন্দিয়ালে । লগে লগে ঢুকাল ।
-আমাৰ ইয়ালৈ আহে মানে ? তৰাদৈ বুঢ়ীৰ কথা কৈছে ?
-ও । কৰবাৰ অচিনাকি লৰা এটাই খুন্দিয়াই থৈ পলাল । ওচৰে পাজৰে থকা মানুহবোৰে তৰ্কিবই নোৱাৰিলে ।
ৰাতুলে গোটেই ঘটনাটোৰ বৰ্ণনা দিব খুজিছিল কিন্তু মানুৰ শুনিবলৈ মন নগল । পাকঘৰৰ কামৰ অজুহাত দেখুৱাই তাই ৰাতুলৰ কাষৰ পৰা আঁতৰি আহিল ।

তাৰ পাছৰ সময়খিনি আনবোৰ দেওবাৰৰ দৰেই পাৰ হৈ গল । গা পা ধুই ভাত খাই উঠি ৰাতুল আৰু মৰম গৈ টিভিৰ কাষত বহিল গৈ । মানুৱে ঘৰৰ কাম বনবোৰ কৰি আজৰি হৈ বিচনাত বাগৰিল । মৰমে এবাৰ আহি  কেঁচুৱাৰ দৰে মাকক অলপ আমনি কৰিলহি যদিও বাপেকে মতাত পুনৰ গৈ টিভিৰ কাষত বহিল গৈ ।
স্বাভাৱিক ভাৱেই সকলো কাম কৰি আছিল যদিও ঘটনাটো শুনাৰ পাছত মানুৰ মনৰ মাজত এজাক ধুমুহা বলিবলৈ আৰম্ভ কৰিছিল তৰাদৈ বুঢ়ীক অৱশেষত গাড়ীয়ে খুন্দিয়াইহে মাৰিলে নে ! ৰাতুলৰ চাকৰি সংক্ৰান্ত মানুহঁত বিভিন্ন সময়ত বিভিন্ন  অঞ্চলত থাকিব লগা হৈছে । দুবছৰৰ আগত হে নিজৰ ঘৰুৱা চহৰৰ এই অঞ্চলটোলৈ ৰাতুল বদলি হৈ আহিছিল । তেতিয়াৰে পৰা মানুৱে তৰাদৈ বুঢ়ীক দেখি আহিছে । তৰাদৈ বুঢ়ীয়ে প্ৰায়ে একেখিনি মানুহৰ ঘৰতে ভিক্ষা খুজিবলৈ আহে । অৱশ্যে মানুহবোৰে বুঢ়ীক কেতিয়াও বিমুখ নকৰে । বুঢ়ীৰ এটা ডাঙৰ দুৰ্বলতা আছিল ,মটৰ গাড়ী ,চাইকেল যি বাহনেই নহওঁক কিয় আঁতৰত দেখিলেই বুঢ়ী গৈ বাটৰ কাষত ৰয় গৈ । কেতিয়াবা বাটৰ কাষৰ খালবোৰতো নামি দিয়ে । এই বাহনবোৰলৈ বুঢ়ীয়ে বিৰাট ভয় কৰিছিল । সৰু সৰু লৰা ছোৱালীয়ে বোৰে কেতিয়াবা চাইকেল লৈ বুঢ়ীক খুব ভয় খুৱাইছিল ।
যিকোনো বাহন দেখিলেই ভয় কৰা বুঢ়ীজনীক আকৌ মটৰ চাইকেলেহে খুন্দিয়াই মাৰিব লাগে নে ! জীৱনৰ যে কি লীলা ! মানুৰ চকুহাল তাইৰ অজানিতে চলচলীয়া হৈ পৰিল ।
-মানু চাহ খাবা নেকি ?
শোৱনি-কোঠাৰ দুৱাৰখনৰ পৰাই ৰাতুলে ভুমুকিয়াই সুধিলে । মানুৱে লৰালৰিকৈ চকুকেইটা মোহাৰি তালৈ চালে
-মই নাখাওঁ । তুমি নিজে চাহ কণ কৰিবাগৈ নে মই কৰি দিব লাগিব ?
-তুমি নালাগে দিয়া ।
মানুক বাধা দি ৰাতুলে পাকঘৰলৈ বুলি খোজ আগবঢ়ালে । মানুৱে ভালেই পালেই । তাইৰ আচলতে একো কৰিবলৈ মন যোৱা নাছিল । এই বিচনাখনতে যেন তাই পৰি ৰব এনে লাগিছিল । আচলতে আজি অলপ দিনৰ পৰা মানুৰ মনটো ঠিক নহয় । অলপ দিন মানে যোৱা সপ্তাহত শিৱ দললৈ যোৱাৰ দিনাৰ পৰাই মানুৰ মনটো কিবা-কিবি খেলিমেলি ভাৱে ক্ৰিয়া কৰি আছে
বহুদিনৰ মূৰত সিদিনা শিৱ দললৈ বুলি ওলাইছিল পূজাৰ থালি খন লৈ শিৱ দলৰ খটখটী কেইটাত ভৰি থৈছিলহে ,ৰাতুলৰ হাতত ধৰি জপিয়াই  জপিয়াই আগত যোৱা মৰমে চিঞৰি উঠিছিল-মা মা সৌ পাগলীজনীলৈ চোৱা ,কেনেকৈ মাটিত বাগৰি বাগৰি হাঁহিছে ।
মৰমৰ চিঞৰত মানুৰ চকু আপোনা-আপুনি সি আঙুলিয়াই দেখুৱাৰ ফালে গল । সঁচাই ফটা-ছিটা কাপোৰ পিন্ধা পাগলী এজনীয়ে খিলখিলাই হাঁহি আছিল । পাগলীজনীলৈ অলপ চাওঁতেই তাইৰ চকুৱে চকুৱে পৰিলত মানু চক খাই উঠিল !

-মা,দেতাই নহয় মোক কাৰ্টুন চাবলৈ দিয়া নাই ।
মৰমৰ মাতত মানু ভাৱৰ ৰাজ্য পৰা ঘুৰি আহিল ।
-দেতাক কবা যোৱা তুমি যদি মোক কাৰ্টুন চাবলৈ নিদিয়া মই তোমাক আজিৰ পৰা নামাতো আৰু ।
মাকৰ পৰা বুধিটো পাই মৰম বাপেকৰ ওচৰলৈ দৌৰ মাৰিলে । মানুৰ মুখত মিচিকিয়া হাঁহি এটা বিৰিঙি উঠিল । প্ৰায়েই এইদৰে মৰমে বাপেকৰ বিৰুদ্ধে গোচৰ দিয়ে হি । যেন গোচৰ বিচাৰ কৰা দায়িত্ব কেৱল মানুৰ হে আছে ।

গোচৰৰ বিচাৰ কৰা দায়িত্ব ৰিতুৰো আছিল । মানুহঁতৰ সময়ত সিহঁতৰ কলেজৰ হোষ্টেলখনৰ সকলোতকৈ জনপ্ৰিয় আৰু স্পষ্টবাদী ছোৱালীজনীয়েই আছিল ৰিতু । কাৰোবাৰ ৰুমমেটৰ সৈতে বা আন কাৰোবাৰ সৈতে কিবা থৈয়া-নথৈয়া লাগিল, সোপাই আহিব ৰিতুৰ কাষলৈ । কাৰোবাৰ গা বেয়া ,ডাক্তৰৰ ওচৰলৈ নিব লাগে , কাৰোবাৰ হোষ্টেলৰ মাহেকীয়া ফিজ দিবলৈ টকা নাই, কিহৰ চিন্তা, ধনীৰ বাপেকৰ জীয়েক ৰিতু আছে নহয় । মুঠতে ৰিতুক প্ৰতিটো কামতেই লাগে । সেই সময়ত ৰিতুৰ জীৱনৰ প্ৰতি থকা দৃষ্টি ভংগী দেখিলে মৰি যাব খুজা মানুহো জীয়াই উঠিলহেঁতেন চাগৈ । সৰুতেই মাকক হেৰুৱা ৰিতুক দেউতাক আৰু ককায়েক দুজনে বৰ আলফুলে ডাঙৰ কৰিছিল । ৰিতুৰ ভাল বান্ধৱী হোৱা বাবে মানুৱে কেইবাবাৰো সিহঁতৰ ঘৰখনলৈ গৈছিল । ঘৰখনত ৰিতুৰ প্ৰভাৱ দেখি মানু আচৰিত হৈ গৈছিল । ৰিতুৰ শোৱনি-কোঠাতোতো সিহঁতৰ লগৰ সোপাৰ বাবে সপোনৰ কোঠা আছিল । সেইজনী ৰিতুৰ বিয়ালৈকে মানু যাব নোৱাৰিলে । মানুৰ গৰ্ভত মৰম আছিল । তাতে মানুহঁত তেতিয়া অলপ দূৰৈৰ চহৰতো আছিল । ৰিতুৱে অৱশ্যে তাইৰ অসুবিধাটো বুজিছিল । তাইক বেয়া পোৱা নাছিল । বিয়াৰ প্ৰথম এবছৰলৈকে ৰিতুৱে ফোনৰে খুব সঘনাই সিহঁতৰ সৈতে যোগাযোগ কৰি আছিল । তাইৰ জীৱনটোক লৈ তাই কিমান সুখী সেইয়া তাইৰ মাত কথাতে বুজা গৈছিল । পিছে লাহে লাহে তাইৰ সৈতে ফোনৰ যোগাযোগ কমি আহিল । আৰু এটা সময়ত একেবাৰে বন্ধ হৈ পৰিল । মানুৱে লগৰ ইজনী সিজনীৰ পৰা ৰিতুৰ দুই এটা খবৰ পাইছিল । কিন্তু খবৰবোৰে তাইক হতাশ কৰিছিল । এদিন লগৰ এজনীৰ পৰা এটা খবৰ পাই মানুৱে আৰু সহিব নোৱাৰিলেৰাতুলক লগত লৈ ৰিতু মাকৰ ঘৰখনত ওলালগৈ । মানুৰ বাবে তাত এটা ভয়ংকৰ সত্যই ৰৈ আছিল ।
ৰিতুৰ দুয়োজন ককায়েকে কেতিয়াবাই বিয়া পাতিছিল । ডাঙৰজন দূৰৈৰ চহৰ এখনত থাকে । সৰুজনহে মানুৱে চিনিপোৱা ৰিতুৰ পুৰণা ঘৰখনত থাকে । ইতিমধ্যে ৰিতুৰ দেউতাকো ঢুকাইছিল । মানুৱে নিজৰ চিনাকী দিয়াৰ পাছতে ৰিতুৰ বৌয়েকে ভোৰভোৰাই উঠিল-ডাঙৰজনেটো উভতিও নাচায় । আমাৰ এইজনক অঁকৰা পাই এওঁৰ মূৰতে সকলোৱে বোজাবোৰ জাপি দিয়ে । ওপৰতে কবলৈ বৰ সহজ কিন্তু যাৰ ঘৰত এনেকুৱা মানুহ থাকে সেইঘৰখনেহে বুজি পাই কিমান কষ্ট হয় ।
-তুমি অলপ মনে মনে থাকাচোন । এওঁ ইমান দূৰৈৰ পৰা আহিছে ।
ৰিতুৰ ককায়েকে ঘৈণীয়েকক ভেকাহি মাৰি উঠিল । তাৰ পাছত অবাক হৈ চাই থকা মানুলৈ চাই কলে
-বলা ।
মন্ত্ৰমুগ্ধৰ দৰে মানু ৰিতুৰ ককায়েকৰ পাছে পাছে আগবাঢ়িল । ৰাতুলে মৰমক লৈ বহা কোঠাতে থাকিল । চিনাকী যেন লগা কোঠা এটাৰ সমুখত মানুৱে ৰৈ যোৱা দেখি ৰিতুৰ ককায়েকে কওঁ নকওঁকৈ কলে-সেইটো কোঠাত আজিকালি মোৰ ডাঙৰ লৰাটো থাকে ।
মানুৱে মানুহজনৰ চকুলৈ চালে । মানুৰ চকুৰ দৃষ্টি  সহিব নোৱাৰি তেওঁ চকু তল কৰিলে ।

-মই ককাইদেউহঁতক কৈ দিছোঁ ,মই বিয়া হৈ আনৰ ঘৰলৈ গলেও মোৰ কোঠাটো মোৰ হৈয়ে থাকিব কিন্তু ।
সৰু ককায়েকৰ ডিঙিত ওলমি ৰিতুৱে কৈছিল । সেইদিনা তাইৰ জন্মদিনৰ উপলক্ষে মানু আৰু তাইৰ লগৰকেইজনী মান ৰিতুৰ ঘৰলৈ আহিছিল

আজি সেইজনী ৰিতুৰে কোঠাতো তাইৰ ভতিজাকে দখল কৰি ললে ।
-আহা ।
বস্তু জমা কৰি থোৱা কোঠা যেন লগা কোঠা এটাৰ দৰজাখন খুলি ৰিতুৰ ককায়েকে মানুক মাতিলে । ৰুমটো পাতলীয়া আন্ধাৰে ভৰি আছিল । পোহৰৰ পৰা অহাৰ বাবেই মানুৱে একো মুনিব নোৱাৰিলে । ককায়েকেও কথাটো বুজিব পাৰি বেৰত থকা চুইচ বৰ্ডখনত হাত বুলাই লাইট জ্বলাই দিলে । প্ৰখ্যাত লেখিকা মামণি ৰয়চম গোস্বামীৰ বাইদেৱে নিজৰ লেখাবোৰত ব্যৱহাৰ কৰা সেই বিশেষ শব্দ কেইটা যেন মানুৰ বাবে ৰৈ আছিল ।
বিস্ময়কৰ ! বিস্ময়কৰ !!
খেলি মেলি হৈ থকা লেতেৰা বিচনা এখনৰ ওপৰত আউলি-বাউলি চুলিৰে ৰিতু বহি আছিল । চকুত  ভয়াৰ্ত্ত চাৱনি । যেন কোনোবা দস্যুৱে তাইক খেদি আহিছে । মানু কাষলৈ আগবাঢ়ি যাব খুজিছিল কিন্তু ককায়েকে মানুৰ হাতখন খামোচি ধৰি কলে-নাযাবা । তাই মানুহলৈ ভয় কৰে । আক্ৰমণ কৰি দিব পাৰে ।
টলং-ভটং খোজেৰেই মানু কোঠাটোৰ পৰা ওলাই আহিল । কান্দিব খুজিও যেন তাই কান্দিব পৰা নাই । তাইৰ অৱস্থাটো দেখা পাই ৰিতুৰ বৌয়েকে লৰালৰিকৈ পানী এগিলাচ আনি দিলেহি । প্ৰায় বিশ মিনিট মানৰ পাছতহে মানু স্বাভাৱিক ৰূপলৈ আহিল । তাইক সুস্থ হোৱা যেন দেখা পাই ৰিতুৰ ককায়েকে নিজেই আৰম্ভ কৰি দিলে
-ভণ্টীকটো তোমালোকেই ভালদৰেই জানিছিলা । কিমান সৰল আছিল । আমি বিচৰামতেই ককাইদেউৰ বন্ধু পৰাণ সৈতে বিয়াত বহিছিল । পৰাণকটো তাইৰ বহু আগৰে পৰাই চিনি পাইছিল । গতিকে বিয়াত একো আপত্তিও কৰা নাছিল । আৰু আপত্তি কৰিবইনো কিয় পৰাণ দেখাই শুনাই ভাল লৰা আছিল ধনী ঘৰখনৰ একমাত্ৰ লৰা । বিয়াখন হৈ গল । প্ৰথম দুবছৰ মান ঠিকেই গল । তাৰ পাছতহে মন কৰিলোঁ তাই ঘৰলৈ আহিলে প্ৰায়েই মন মাৰি থাকে । আমাকো একো নকয় । এদিন বৌয়ে পেৰি পেৰি সোধাত কলে বোলে তাইৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই । আৰু সেইবাবেই পৰাণৰ ঘৰখনে তাইক কিবা কিবি শুনাই থাকে । কথাটো আমি যিমান গুৰুত্ব দিব লাগিছিল সিমান নিদিলোঁ । সেইখিনিতেই আমাৰ ভুল হৈ গল । হয়তো তেতিয়াই আমি কিবা পদক্ষেপ লোৱা হলে ভণ্টীৰ এনে অৱস্থা নহলহেঁতেন । এনেকৈ আৰু এবছৰ মান গল । এদিন পৰাণৰ মাক দেউতাকে আমাক জৰুৰী ভাৱে মাতি পঠিয়ালে । ককাইদেউ আৰু মই গলো । গৈ দেখোঁ ভণ্টীয়ে প্ৰায় পাগলামী আৰম্ভ কৰি দিছে । পৰাণৰ মাক দেউতাকে কলে যে সিহঁতে এনেকুৱা পাগলী বোৱাৰী নিবিচাৰে । সিহঁতি বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা বুলিও কলে । ভণ্টীক আমি লৈ আনিব খুজিলোঁ পিছে তাই কোনোমতেই সেই খন ঘৰ এৰি আহিব নুখুজিলে । উপায়হীন হৈ তাইক তাতে এৰি আহিব লগা হল । আৰু এদিন পৰাণে নিজেই তাইক ঘৰত থৈ গলহি । ছমাহ মানৰ পাছত সিহঁতৰ বিবাহ বিচ্ছেদো হৈ গল । পৰাণে ঘৰত থৈ যোৱা সময়খিনিলৈকে ভণ্টী সিমান অস্বাভাৱিক হোৱা নাছিল । কথা বতৰা কমকৈ পাতিছিল যদিও ইফালে সিফালে ওলাইও গৈছিল । কিন্তু বিবাহ বিচ্ছেদৰ পাছত মানসিক ভাৱে একেবাৰে ভাঙি পৰিল । এতিয়া তাই নিজকো চিনি নাপায় । কেতিয়াবা ঘৰৰ পৰা ওলাই কৰবালৈ গুছি যাব খুজে । সেইবাবেই ৰুমত বন্ধত কৰি থব লাগে । খোৱা-বোৱাৰো কোনো থান-থিত নাই । কেতিয়াবা খাই ,কেতিয়াবা ভাতৰ কাঁহী মানুহৰ গালৈকে দলিয়াই দিয়ে ।
-তাইৰ একো চিকিৎসা কৰা নাছিল নেকি ?
-বহুত কৰিলোঁ । অলপ দিন ভাল হয় আকৌ উকাই । এতিয়া ভাগৰি গৈছোঁ ।
-বৰ ককায়েকে নিজৰ লগত নাৰাখে । নিজৰ জীয়ৰী ছোৱালী আছে বোলে । ঘৰতে পাগলী এজনী আছে বুলি গম পালে কোনে তেওঁৰ ছোৱালী বিয়া কৰাব হেনো ।
ৰিতুৰ বৌয়েকে সুবিধা বুজি আকৌ মাত মাতিলে । তেওঁ হয়তো নিজৰ অপৰাধবোৰ ঢাকিবলৈ চেষ্টা কৰিছিল ।

ভাঙি চিঙি ছাৰখাৰ হৈ যোৱা মন এটাৰে মানু ৰিতুৰ ঘৰৰ পৰা উভতি আহিছিল । আনকি ৰিতুক দ্বিতীয়বাৰ বাবে চাবলৈ যাবলৈও তাই সাহস গোটাব পৰা নাছিল । সময়বোৰ তেনেকৈয়ে পাৰ হৈ গৈছিল । ৰিতুৰ অস্তিত্বই দিয়া ঘাঁ টুকুৰা শুকাবলৈ ধৰিছিল হে তেতিয়াই  সিদিনা শিৱ দলৰ কাষত মৰমে চিঞৰি উঠিছিল- মা মা সৌ পাগলীজনীলৈ চোৱা ,কেনেকৈ মাটিত বাগৰি বাগৰি হাঁহিছে ।
ৰিতুৱে পাগলীজনীৰ কাষলৈ গৈ ভালদৰে চাইছিল । হয়,সেইজনী ৰিতুৱেই হয় । জুটুলা জুটুলি চুলিত লেউ লেউ ওকণীৰে ,ফটা-ছিটা কাপোৰ পিন্ধি বস্তা এখন বহি থকা সেইজনী সিহঁতৰ মৰমৰ ৰিতুৱেই হয় । জীৱনৰ প্ৰতি সদায় এক ধনাত্মক দৃষ্টি লৈ নিজৰ লগতে পলকতে আনৰ মনো সজীৱ কৰিব তুলিব পৰা এইজনীয়েই সেইজনী ৰিতু যি এতিয়া নিজকো চিনি নাপায় ।  কাষৰ মানুহবোৰক অবাক কৰি মানু তাতে কান্দোনত ভাগি পৰিছিল । সেইদিনা আৰু দলত পূজা দিয়া নহল । ঘৰলৈ অহা উৰে বাটটো মানু উচুপিয়ে থাকিল । ৰাতি শুবৰ পৰত ৰাতুলে লাহে লাহে তাইৰ চুলিত আঙুলি বুলাই কলে-কাষৰ দোকানী এজনক সুধিছিলোঁ, ৰিতুক বোলে তিনি মাহ মানৰ আগৰ পৰা তাত দেখিছে । ককায়েকহঁতে হয়তো নিজৰ ঘৰত ৰাখিব নোৱাৰিলে ।
ৰাতুলৰ কথা শুনি মানু আকৌ উচুপি উঠিল । ৰাতুলে এইবাৰ মানুক নিজৰ বুকুত সোমোৱাই কলে-মই বুজি পাইছোঁ তোমাৰ কিমান দুখ লাগিছে । গাঁৱত থকা মা দেউতাৰ সৈতে আমাৰ এই সৰু সংসাৰখনৰ বাবে মোৰ সৰু চাকৰিটোৰ দৰমহাৰে কিমান জোৰা টাপলি মাৰিব লগা হয় সেয়া তুমি ভালদৰেই জানা মানুমোৰ যদি আৰু অলপমান আৰ্থিক স্বচ্ছলতা থাকিলহেঁতেন তাইক মই আমাৰ ঘৰলৈকে লৈ আনিলোঁহেঁতেন । মোক তুমি বেয়া নাপাবা ।
মানুৱে মুৰটো অলপ জোকাৰি আকৌ কান্দোনত ভাগি পৰিল ।

-মা,মা নুঠা নেকি ?
মৰমৰ চিঞৰত মানু খকমক খাই উঠিল । ৰিতুৰ কথা ভাবি থাকোঁতে কেতিয়া জানো টোপনি আহিল গমেই নাপালে । নিজৰ চকুহাল চুই চালে । তেতিয়াও ভিজি আছে । বাথৰুমত সোমাই মুখ হাত ধুই তাই পাকঘৰত সোমাল । চাহ কাপ কৰি থাকোঁতেই তাই নতুনকৈ কথা এটা ভাবিলে । কথাটো ভাবি মনটো অলপ পাতল পাতলো লাগিল । চাহ দুকাপ লৈ বাৰাণ্ডালৈ ওলাই আহিল । ৰাতুলে তেতিয়া বাৰাণ্ডাত বহি কিবা কিতাপ এখন পঢ়ি আছিল ।
-অহা দেওবাৰে আকৌ দললৈ যাম দিয়া ।
ৰাতুলে সমুখত চাহ কাপ থৈ তাই কলে । ৰাতুলে কৌতুকেৰে মানুলৈ চোৱাত তাই মুখত হাঁহি এটা লৈ পুনৰ কলে
-কান্দিবলৈ নাযাওঁ বাৰু । যোৱাবাৰ চাকি গজ জ্বলোৱা নহল নহয় ,এইবাৰ জ্বলাম গৈ ।
কথাষাৰ শুনি ৰাতুলে সন্তুষ্টিৰে মূৰ দুপিয়ালে । মানুৱে চাহ কাপত শোহা এটা মাৰি ক্ৰমান্বয়ে আন্ধাৰ হৈ আহিব খুজা আকাশখনলৈ চালে । এৰা ,তাই দলত শৰাই দিবলৈ যাব , ভগৱানৰ ওচৰত মূৰ দোৱাবলৈ যাব কেৱল ৰিতুৰ বাবেই । এই স্বাৰ্থপৰতা আৰু অসহায় মানুহৰে ভৰি থকা পৃথিৱীখনত যে তাইৰ দৰে নিষ্পাপ মনৰ মানুহৰ কোনো প্ৰয়োজন নাই তাকে ভগৱানক জনাবলৈ মানু দললৈ যাব । তাইৰ ৰিতুৰ মৃত্যু কামনা কৰি ভগৱানৰ ওচৰত মূৰ দোৱাবলৈ যাব !!



Wednesday, 25 September 2013

নামঘৰ






১)

মানসে বৰ সাৱধানে গাঁত কেইটালৈ চালে । তিনিটামানে মূৰ উলিয়াই আছে । সি ৰচি ডাল লাহেকৈ সেইফালে আগবঢ়াই দিলে । পিছে সেই সময়তেই ভৰিত মহ এটাই কামোৰাত তাৰ হাতখন লৰালৰিকৈ ভৰি পালেগৈ । ফলত হাতৰ লৰচৰ দেখি গোটেই কেইটা পোক গাঁতৰ ভিতৰত লুকাই পৰিলমহজনীক মুখৰ ভিতৰতে গালি দুটামান পাৰি সি আকৌ ইফালে সিফালে চালে ।
প্ৰায়ে পাচবেলা মানসে চোতালত এইদৰে চোতাল পোক বিচাৰি ফুৰে । চুটি মাৰি এডালত মাকৰ তাঁতৰ শালৰ পৰা সূতা অকণ লৈ বৰশীৰ দৰে গাঁঠি দি সূতাৰ আগটো থুৰেৰে গোটা কৰি চোতাল পোক ওলাই থকা গাঁতটোলৈ আগবঢ়াই দিব । দিয়াৰ লগে লাগে পোকটোৱে কিবা খোৱা বস্তু বুলি ভাবি টপককৈ সূতা ডালত ধৰিব আৰু তেতিয়াই বৰশীটো টানি দিব লাগে । পোক আহি বাহিৰত পৰিবহি ।
-হয়নে বোপাই কিমান টা ধৰিলি ?
বাৰাণ্ডাতে বহি কিতাপ এখন পঢ়ি থকা বৰুৱা উকীলে মৰমেৰে মানসলৈ চাই সুধিলে ।
-পাঁচটা দেউতা । এইবাৰ চাব মই গোটেই চোতাল চাফা কৰি দিম । মাহঁতৰ ভৰি তলুৱাবোৰ আৰু এই চোতাল পোকে খাব নোৱাৰে ।
মানসে মাকৰ ওখোৰা-মোখোৰা ভৰি তলুৱা খনলৈ মনত পেলাই  উৎসাহেৰে উত্তৰ দিলে ।
-বাৰু দেউতা,ভেটো ক্ষমতা মানে কি নো ?
-উৱা ! তোক আক ভেটোৰ বিষয়ে কোনে কলে !
মাষ্টৰে অলপ আচৰিত হৈয়ে সুধিলে ।
-আজি ককাইদেৱে বাইদেউক কৈ আছিল ,ভেটো ক্ষমতা কাক বোলে নজনাৰ বাবে বোলে সিহঁতক আজি স্কুলত কোবালে ।
-ভালেই কৰিলে দে ।  
-ভেটো মানে কি নো দেউতা ?
মানসে বৰশীটো পেলাই আহি বাপেকৰ কোঁচত বহিলহি ।
-এই যে তহঁত তিনিটাওৰে লগ লাগি মই কিবা এটা কৰাৰ বা কৰবালৈ যোৱাৰ সিদ্ধান্ত লওঁ আৰু তেতিয়াই যে তহঁতৰ মাৰে নহব বুলি কৈ চব পণ্ড কৰি পেলায় ,সেইটোকে ভেটো ক্ষমতা বোলে বুজিছ ।
-লৰাক আৰু ওলোটা-পুলোটা কথা শিকাওক । এনেই আজি স্কুলৰ হেড পণ্ডিতে বাটত লগ পাওঁতে ঠাট্ৰা কৰি কোৱা নাই-এইটো লৰা বোলে ডাঙৰ মানুহ হব । ইয়াৰ লক্ষণ আছে !
কোন সময়তনো আহি বৰুৱানী পাছফালে ৰলহি বৰুৱাই কবই নোৱাৰিলে ।
-এহ ! হেড পণ্ডিতে অলপ বেছি কৰে হে পোনাৰ মাক । পিছে ই নো আজি আকৌ কৰিলে ?
-তাকে সোধক । সি কব নহয় আপোনাক ।
ভোৰভোৰাই বৰুৱানী ভিতৰলৈ সোমাই গল । বৰুৱানীৰ খঙ উঠিবৰে কথা । বাকী দুয়োটা লৰা ছোৱালী প্ৰথমৰ পৰাই পঢ়া শুনাত চোকা । এই পেটমোচা মানসটোহে কেনেকৈ জানো গাধ ওলাল । স্কুললৈ যোৱা দুবছৰ হল আজিলৈকে বৰ্ণমালা কেইটাকে ভালদৰে লিখিব পৰা নাই ।
বৰুৱানী যোৱাৰ ফালে বৰুৱাই লাহেকৈ মানসৰ চুলিখিনি হাত বুলাই সুধিলে
-আজিনো স্কুলত কি সুধিছিল বোপাই ?
-মৌখিক আছিল দেউতা । চাৰে সুধিলে বোলে চৰাই এজনীৰ নাম ক ?
-তই কি বুলি কলি ?
-বাইদেৱে দুজনীমানৰ নাম শিকাই পঠাইছিল । পাহৰি থাকিলোঁ । সেইবাবেই নিজে জনা জনীৰ নামকে কলো-হুইততিতিওওও
-হুইততিতিও !! সেইজনী কি চৰাই অ!
-পথাৰত দেখা নাই কি কিবা । হুইততিতিও হুইততিতিও কৈ চিঞৰি থাকে ।
মানসে নকলেও বৰুৱা উকিলে ভালদৰেই বুজি পালে সি কোনজনী চৰাইৰ কথা কৈছে ।
-তাৰ পাছত !
-তাৰ পাছত সুধিলে বোলে সৰু চৰাই এজনীৰ নাম ক । মই টিপটিপি বুলি কলো । চাৰে আক টিপটিপি চৰাই দেখাই নাই বোলে ।
-তাৰ পাছত ..
-ডাঙৰ আলি এটাৰ নাম সুধিলে । মই আমাৰ বৰদেউতাৰ ঘৰৰ পাছফালে থকা আলিটোৰ কথা কলো । একেবাৰে শেষত সুধিলে বোলে ডাঙৰ মানুহ এজনৰ নাম কমই বীৰেণ নিচাদেউৰ কথা কলো । তেওঁতকৈ ওখ মানুহ কিবা আমাৰ গাঁৱত নাই বুলি চোন আপুনি সদায়েই কয় ।
-হেৰা !! পণ্ডিতে ঠিকেই কৈছে বুজিছা । আমাৰ ই সঁচায়ে ডাঙৰ মানুহ হব ।
পুতেকৰ কথাবোৰ শুনি বৰুৱা উকীলে চিঞৰি চিঞৰি কলে ।

২)
গেলা বিল । চহৰৰ পৰা প্ৰায় বিশ কিলোমিটাৰ মান দূৰৈত গাঁও খন ।গোটেই গাঁওখনৰ এটা মূৰে গেলা বিলখনে আগুৰি আছে । বিলখনৰ বাবেই গাঁওখনৰ নাম গেলা হল নে গাঁওখনৰ বাবে বিল খনৰ নাম গেলা হল সেয়া এতিয়া চামৰ কোনেও নাজানে । গাঁওখন দক্ষিণৰ পৰা পশ্চিমলৈ যোৱা আলিটোৰ কাষে কাষে গঢ় লৈ উঠিছিল । আলি এপাৰে বিল আৰু আন পাৰে ঘৰ দুৱাৰ ,হাবি বননি আৰু পথাৰ । চহৰৰ পৰা অহা আলিটো গাঁওখনৰ ঠিক সোঁমাজতেই লাগিছেহি । তাতেই গাঁৱৰ একমাত্ৰ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আৰু নামঘৰটো আছে । মেল মিটিং বহিব পৰাকৈ ডাঙৰ পথাৰ এখনো আছে । আগতে গোটেই গাঁৱৰ মানুহে তাতে বিহুৰ ভোজ ভাত খাইছিল । কিন্তু বিশ বছৰ মানৰ আগতে কিবা খেলি মেলি লাগি গাঁৱৰ মানুহখিনি দুটা খেলত ভাগ হল । আজিকালি দক্ষিণৰ খিনিয়ে দক্ষিণৰ ফালে নিজৰ কামকাজ কৰে আৰু পশ্চিমৰ খিনিয়ে পশ্চিমৰ ফালে কেৱল নামঘৰৰ কাম কাজতহে গাঁওখন লগ লাগে ।

৩)
-কাকুলিৰ মাক ! তই চিন্তা নকৰিবি । এই গেলা বিলত দ্বিতীয় এটা মতা নাই । তই চিন্তা নকৰিবি বুজিছ কাকুলিৰ মাক । মাত্ৰ খিচিক,খিচিকহে শুনিব আৰু ।
গধূলি হোৱাৰ লগে লগে মুহিধৰৰ মাতষাৰ দক্ষিণ চুকত গমগমাই উঠিল । মুহিধৰৰ এইটো দৈনন্দিন চিঞৰ-বাখৰ । দিনৰ দিনটো কাম কৰিব আৰু ৰাতি হোৱাৰ লগে লগে ডিঙিলৈকে মদ এগাল গিলি আহি ঘৰৰ চোতালত দপদপাই থাকিব ।
মুহিধৰৰ কথা লিখিবলৈ গলে এখন মহাভাৰতেই হব । তাৰ লৰা ছোৱালী তাৰ বাপেকে এৰি যোৱা খেতিৰ মাটিতকৈ বেছি । ছোৱালী কেইজনী ডাঙৰ আছিল । বিয়া দি আজৰি হল । বিয়া মানে নিজে নিজে দৰা বাচি গল । মুহিধৰে ভালেই পালে । ছোৱালী কেইজনী বিয়া দিয়াৰ পাছত খোৱা পেট কমাত মুহিধৰহঁতৰ অলপ সুখ হৈছিল হে বিশ বছৰীয়ামান ডাঙৰ লৰাটোৱে এজনী আনি ঘৰ সুমুৱালেহি । মুহিধৰে প্ৰতি বছৰে নিজৰ মাটি কেইডৰাৰ লগতে পশ্চিমৰ চুকৰ কেশৱ শইকীয়াৰ ঘৰৰ মাটিখিনি আধি খেতি কৰে । পিছে বিয়া পতাৰ পাছত ডাঙৰটোৱে আৰু আধি খেতি কৰি খাবলৈ ভাল নাপালে । গাঁৱৰ আন কেইটামান লৰা সৈতে সি কেৰালালৈ গল । তাত হেনো সহজে চাকৰি পায় । মেট্ৰিক পাছ নকৰাৰ লৰাই তাত কি চাকৰি পায় সেয়া ভগৱানেহে জানে । তথাপি মাহেকে মাহেকে পুতেকে পঠিওৱা টকা কেইটা লৈ ভালেই পালে ।
খেতিৰ সময়তে ডাঙৰটো তেনেকৈ গুছি যোৱা সৰু পুতেককে সাৰথি কৰি খেতিটো কৰিম বুলি ভাবিছিল যদিও সৰুটোৱে গৰগৰাই উঠিল ।
-দেউতা,মোৰ কলেজলৈ অহা যোৱা কৰিব লাগে ।খেতি কৰি থাকিলে নহয় নহয় । আৰু খেতি কৰি লাভনো কি । যিমান কষ্ট হয় সিমান জানো লাভ পোৱা যায় । তাতে আমিচোন তিনিটকীয়া চাউলো পাওঁ । ককাইদেৱেও পইচা দিছে । গতিকে আপুনি অকলে ঘৰৰ কেইডৰাকে কৰক ।
বচ ! পুতেকহঁতৰ কথা মতেই মুহিধৰে বছৰ বছৰ ধৰি কৰি অহা কেশৱ শইকীয়াৰ মাটিখিনি এৰি দিলে । কেশৱ শইকীয়াই অলপ বেয়া পাইছিল । কিন্তু সেইবোৰ বাচ-বিচাৰ কৰি চলিলেতো নহব ।

-কাকুলিৰ মাক ! তই চিন্তা নকৰিবি । এই গেলা বিলত দ্বিতীয় এটা মতা নাই । তই চিন্তা নকৰিবি বুজিছ কাকুলিৰ মাক ।  খিচিক,খিচিকহে শুনিব আৰু ।
মুহিধৰে পুনৰ একেটা সংলাপকে গালে । পাকঘৰত বোৱাৰীয়েকৰ সৈতে ৰন্ধা-বঢ়াত ব্যস্ত থকা ঘৈণীয়েকে এস ! হৈছে আৰু সামৰক বুলি কওঁ বুলি ভাবিছিলহে তেনেহে পদূলিত আন এটা মাত গৰগৰাই উঠিল ।
-মতা ওলাবলৈ আহিছপদূলিৰ বাহিৰলৈ আহচোন ।


৪)

মহেনক দক্ষিণ চুকৰ যতিনে বোলে মাৰ ধৰ কৰিলে ! কথাটো শুনাৰ লগে লগে কেশৱ শইকীয়া ফোঁ-ফোঁৱাই মহেনৰ ঘৰ পালেগৈ । মহেন তেতিয়া ঘৰৰ বাৰাণ্ডাতে বহি আছিল । কাষতে বহি ডাঙৰ পুতেকে কপালৰ ওলাই থকা তেজবোৰ তিতা কাপোৰ এখনৰে মচি আছিল । আশে পাশে গোটেই চুকটোৰ ডেকা বুঢ়াই ভিৰ কৰি আছিল । কেশৱ শইকীয়াই বেলেগ এজনৰ পৰাই ঘটনাটোৰ বাতৰি ললে ।
মহেন বোলে আজি তিনিটকীয়া চাউল আনিবলৈ গৈছিল । কিন্তু দোকানত দোকানীয়ে জনালে যে মহেনৰ ঘৰখনৰ নামত অহা তিনিটকীয়া চাউলখিনি বন্ধ হৈ গল । সিহঁতৰ ঘৰৰ সলনি দক্ষিণৰ চুকৰ এঘৰে বোলে চাউল পাইছে । মহেনৰ পুতেকে যে যোৱা বছৰ চৰকাৰী চাকৰি পালে,আৰু সিহঁতৰ মাটি সম্পতিও যে জোৰাই খাব পৰা সেয়ে বোলে চাউলখিনি বেলেগলৈ বুলি সলনি কৰি দিলে । চাউল যে নাপাব কথাটো দোকানীয়ে কেইবামাহৰ আগতেই মহেনক শুনাই থৈছিল । মহেনেহে সিমান গুৰুত্ব দিয়া নাছিল । চৰকাৰে দিয়া চাউল কাটিবলৈ কাৰনো শকতি আছে বুলিয়েই ভাবি আছিল । কিন্তু এতিয়া নাপাবই বুলি শুনি  মূৰ গৰম হৈ গল । খঙতে দোকানীকে দুষাৰ মান শুনালে । বোলে সিহঁতৰ বাপেকৰ ঘৰৰ পৰা মোক চাউল দিয়া নাই নহয় ,মোৰ চাউল কাটিবলৈ । পিছে দোকানীক গালি পাৰি কি লাভ ,চাউল নাহিলে তেওঁ দিব কৰ পৰা ? আৰু বাকী কথাবোৰ তেওঁ হেনো সেইবুলি শুনিছেহে । বিতং বাতৰি লবলৈ বুলি গাঁওৰ বাৰ্ড মেম্বৰ যতিনক সুধিবলৈ কলে । যতিনৰ নামটো শুনাত মহেনৰ খঙৰ মাত্ৰা চৰিল হে ।
মহেন গৈ যতিনৰ ঘৰৰ পদূলি পাওঁতে সি কেনিবা যাবলৈ ওলাই আহিছিল হবলা । মহেনক দেখি ককাই দেখোন আহ বুলি কবলৈ পালেহে , মহনে আঙুলি টোৱাই টোৱাই গালি পাৰিবলৈ ধৰিলে । দহমিনিট মানৰ পাছতেই কাজিয়া ইমান গুৰুতৰ ৰূপ ললেগৈ যে মহনে খঙৰ ভমকত নঙলাডাল খুলিয়েই খেদি গল । কথা বিষম দেখি যতিনেও উভতি ধৰিলে । চিঞৰ বাখৰত যতিনৰ ভায়েক ককায়েকহঁতো গোট খালে । সোপাই লগ লাগি মহেনক লপা-থপা কেইটামান দি পঠাই দিলে বোলে ।

-যিমান হলেও দদায়ে প্ৰথমে তেনেকৈ খেদি যাব নালাগিছিল । কথাটো ভালকৈয়ে সুধি চাব পাৰিলহেঁতেন ,কিজান যতিনদাই কৰাই নাছিল !
কোনোবা এটা ডেকাই মহেনক উদ্দেশ্যে কথাষাৰ কবলৈ পালেহে মহেন জাঙুৰ খাই উঠিল
-কথা নকবি । সি কুকুৰে নকৰিলে কোনে কৰিব ? যোৱা বছৰ তাৰ ঘৈণীয়েকৰ অসুখ হওঁতে মোৰ ওচৰলৈ টকা বিচাৰি আহিছিল ,মই দিব নোৱাৰাৰ বাবে সি তাৰে প্ৰতিশোধ লৈছে । মোৰ তিনিটকীয়া চাউল কাটি ঘৰৰ মানুহক দিয়ে...চাই লম তাক । কেছ দিম !
-যতিনদাইও বোলে কেছ দিবলৈ লৈছে ।
আন কোনোবা এটাই মাত লগালে ।
-এহ ! এইবোৰ চোন বৰ ডাঙৰ কথা হৈ গৈছে কেছ কিয় দিব লাগে । মহেন তইও নিদিব । মিছাতে পুলিচৰ জঞ্জালবোৰ কিয় চপাই লব লাগে । বলচোন বল,কেইটামান বল । সিহঁতৰ ঘৰৰ পৰা আহোঁ । অলপ বুজাই থৈ আহোঁ ।
কেশৱ শইকীয়াই ঘটনাৰ ৰূপ দেখি মহেনক বুজাই মেলি থৈ ককাই ভাই দুজন মান লৈ দক্ষিণৰ চুকলৈ বুলি লৰালৰিকৈ গল । পিছে যিটো আশাৰে তেওঁলোক যতিনৰ ঘৰলৈ বুলি গৈছিল সেয়া যতিনৰ চোতালত ভৰি থৈয়ে শেষ হৈ গল । যতিনে একপ্ৰকাৰে অপমান কৰিয়েই তেওঁলোকক পঠাই দিলে । পশ্চিমৰ চুকৰ মানুহে বোলে দক্ষিণৰ চুকৰ মানুহৰ উন্নতি সহিব নোৱাৰা হৈছে । সি হেনো কেছ দিবই । লাজে অপমানে যতিনৰ ঘৰৰ পৰাৰ ওলাই আহিছিল হে তেনেতেই যতিনৰ কাষৰ ঘৰৰ মুহিধৰে নঙলা মুখলৈ আহি চিঞৰি উঠিল- কাকুলিৰ মাক ! তই চিন্তা নকৰিবি । এই গেলা বিলত দ্বিতীয় এটা মতা নাই । তই চিন্তা নকৰিবি বুজিছ কাকুলিৰ মাক ।  খিচিক,খিচিকহে শুনিব আৰু ।
খেতিৰ ভৰপক মৰাৰ সময়তে খেতি কৰিব নোৱাৰো বুলি কেশৱ শইকীয়াক বিপদত পেলোৱা মুহিধৰৰ প্ৰতি তেওঁৰ মনে মনে খঙ এটা আছিলেই । মূৰামূৰিকৈ নো নতুন হালোৱা , নতুন আধিয়া কত পাব । তাতে চৰকাৰ ঘৰৰ পৰা কম দামতে চাউল পাই মানুহবোৰ যিমানহে এলেহুৱা হৈছে । নাপালে । ফলত এইবাৰ ঘৰৰ আধাখিনি মাটিখিনি চন পৰি থাকিল । আৰু সেইটো মানুহেই এতিয়া যদি তেওঁলোকলৈ চাই এনেকৈ দম-দমাই, সহিব থাকিব পাৰিনে ?
-মতা ওলাবলৈ আহিছ । পদূলিৰ বাহিৰলৈ আহচোন কুকুৰ তোক আজি চাই লওঁ ।
কেশৱ শইকীয়াই উগ্ৰমূৰ্তি ধৰি মুহিধৰক আক্ৰমণ কৰিলে ।

কেশৱ শইকীয়া আৰু মুহিধৰৰ কাজিয়াখন যতিন আৰু মহেনতকৈ ডাঙৰহে হল । মুহিধৰৰ ঘৰৰ এডালো নঙলা নাবাচিল । সোপাই পিছদিনা দা কটাৰী নলগোৱাকৈয়ে ভাত ৰান্ধিব পৰা হল ।
পিছদিনাই গাঁৱলৈ দুয়ো পক্ষৰ গোচৰৰ ভিত্তিত পুলিছ আহিল । লাভৰ মূৰত দুয়োপক্ষৰে টকা অলপ পানীত পৰিল । কেছ মিটমাট হল । কিন্তু গাঁৱত এক উত্তেজনাই বিৰাজ কৰি থাকিল । দুয়োফালৰ পৰাই গাঁওখন ভাগ হোৱাটোৱেই কামনা কৰিলে । ভাগ হোৱানো কি,আগৰ পৰাই দেখোন দুটা খেল আছিলেই । এতিয়া মাথো নামঘৰটো ভাগ কৰিলেই হৈ যাব ! পিছে কেণা সেইখিনিতে লাগিল । দক্ষিণৰ চুকৰ মতে নামঘৰটো সিহঁতে পাব লাগে । কিয়নো নামঘৰৰ মাটিখিনি দক্ষিণৰ চুকৰ চেপেতা বুঢ়াই দান দিছিল । পশ্চিমৰ চুকৰ মতে আকৌ মাটি দান দিলে কি হব নামঘৰটো সাজিবলৈ যিমান টকা পইছা লাগিছিল তাৰ সৰহ ভাগ পশ্চিমৰ চুকৰ শইকীয়াৰ পৰিয়ালহে দিছিল । তাতে নামঘৰীয়াও পশ্চিমৰ চকুৰ । গতিকে নামঘৰ পশ্চিমৰ চুকৰ । মুঠতে আকৌ খেলি-মেলি । উপায় নাপায় গাঁৱৰ গাঁওবুঢ়াক মাতি মেল এখনকে আহ্বান কৰিলে । মেলত যি সিদ্ধান্ত লয় তাকে বোলে দুয়োপক্ষই মানি লব ।

৫)
-দেউতা ?
-কি ?
মানসৰ মাতত বৰুৱা উকীলে ভাতৰ পাতৰ পৰা মূৰ তুলি তালৈ চালে ।
-মেললৈ যদি যায় তাত হলে একো মাত নামাতিব । গাঁওখন অধঃপতনে যাবলৈ লৈছে । তাৰ সমভাগী নহব আক ।
-মই জানো নহয় ।
পুতেকৰ কথাত বৰুৱা উকীলে মুখখন বিকটাই কলে ।
এইটো মানস তাহানিৰ সেই চোতালৰ পোক ধৰা মানস হৈ থকা নাই । সময় বাগৰি সেই মানসটো আহি পাহুৱাল ডেকা হলহি । পিছে স্কুল হেড পণ্ডিতে ঠাট্ৰা কৰাৰ দৰে মানস একেবাৰে ডাঙৰ মানুহ নহলেও কলেজীয়া শিক্ষা সাং কৰি ঘৰতে পুখুৰী কেইটামান খান্দি মাছৰ ব্যৱসায় আৰম্ভ কৰিছে । বৰুৱা উকীলে সি চাকৰি নিবিচৰা দেখি ভালেই পালে কিয়নো ডাঙৰটো লৰা চাকৰি বাবে ইতিমধ্যে বিদেশ পালেগৈ । অন্তত এটা লৰা তেওঁলোকৰ বুঢ়া বয়সত ঘৰত আছে ভালৰহে কথা ।
বৰুৱানীৰ হাতৰ পৰা তামোলখন লৈ বৰুৱা উকীল মেললৈ বুলি ওলাল । স্কুলৰ পথাৰত হোৱা মেলখন ইতিমধ্যে আৰম্ভ হলেই । বৰুৱাই ইফালে সিফালে চকু ফুৰাই চালে ,অদূৰত মানস আৰু তাৰ লগৰ কেইটামানো ৰৈ আছিল ।
মেলখন আৰম্ভ হোৱাৰ পৰাই দুয়োটাই পক্ষই ইটোৱে সিটোৰ বিৰুদ্ধে গোচৰ দিবলৈ লাগিল । মহেন,যতিন,মুহিধৰ আৰু কেশৱ শইকীয়াৰ কাজিয়াখন কৰবাতে পৰি ৰল । দুয়োটা চুকৰ অভিযোগবোৰ দেখি বৰুৱা উকীলৰ এনে লাগিল যেন অত দিনে দুয়োটা চুকেই যেন কোনোবা নৰকৰ বাসীৰ সৈতেহে লগ লাগি আছিল । গাঁওবুঢ়াৰো একে অৱস্থা । কাক এৰিব ,কাক ধৰিব ।
-আপোনালোকে অলপ সময় মনে মনে থাককচোন । আমাকো কিবা কবলৈ সুযোগ দিয়ক ।
মানসৰ গলগলীয়া মাতত মানুহবোৰ চুপ হৈ গ এইটো আক ইয়ালৈ কিয় আহিল বুলি ভাবি বৰুৱা উকীলৰ কপালৰ গাঁঠি কেইডাল মান কোঁচ খাই আহিল । চকুৰে তাক ইংগিত দিব খুজিলেও সি বাপেকৰ ফালে নোচোৱাই হল ।
মানসৰ সৈতে আৰু দুটামান ডেকা আগবাঢ়ি আহিল । মানসেই আৰম্ভ কৰিলে
-আচলতে কাজিয়াখন আৰম্ভ হৈছিল কাৰ পৰা ? মহেন দদাই ,যতিন ককাইদেউ, কেশৱ বৰতা আৰু মুহিধৰ দদাইদেউ পৰা নহয় জানো ?  গাঁওখন বাৰু আজি ভাগ হৈ যাব , এতিয়া আপোনালোক চাৰিজনেই কওকচোন,( মানসে তেওঁলোকলৈ চাই সুধিলে) ভবিষ্যতে যেতিয়া সকলোৱে জানিব এই গাঁওখন দুভাগ হোৱাৰ আৰম্ভণি কৰিছিল আপোনালোকৰ কাজিয়াখনেই ,তেতিয়া আপোনালোক নাথাকিলেও আপোনালোকৰ পৰিয়ালে সেইটো শুনি ভাল পাব নে ?
মানসৰ প্ৰশ্নত কেইবাজনো মানুহে দাং খাই উঠিব খুজোঁতেই আকৌ এটি ডেকাই মাত লগালে । এইটি মুহিধৰৰ নকৈ ডেকা হোৱা সৰু লৰাটো
-আপোনালোকে আমাৰ কথাটো শুনি লওকচোন । বাৰু মহেন বৰতা, যতিনদাই বাৰু আপোনাৰ চাউল কেনেকৈ কাটিব ? যিখন ঘৰৰ প্ৰতি সাঁজ ভাতৰ চাউলৰ বাবে দোকানলৈ যাবলৈ লাগে সেইখন ঘৰৰ মানুহজনে আজিলৈকে নিজৰ নামত তিনিটকীয়া চাউলৰ কাৰ্ড এখন কৰিব নোৱাৰিলে তেনে স্থলত  আপোনাৰ চাউল কেনেকৈ কাটিব পাৰিব বুলি ভাবিলে বাৰু ?
মুহিধৰৰ পুতেকৰ কথা শুনি মহেন তলমূৰ কৰিলে । মুহিধৰ পুতেকে এইবাৰ কেশৱ শইকীয়াৰ ফালে চালে ।
-মোৰ দেউতাই সদায়েই তেনেকৈ বকি থাকে, সেইয়া আপুনি আগতেও শুনিছে বৰতা । তথাপি দেউতাৰ হৈ ময়ে আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ । অনুগ্ৰহ কৰি গাঁওখন ভাঙিবলৈ নিদিব ।
মানস আৰু মুহিধৰৰ পুতেকৰ কথা শুনি উত্তপ্ত মেলখন চেঁচা পৰি গল । যতিন,মহেন,মুহিধৰ আৰু কেশৱ শইকীয়াই যেন মূৰটো মাটিত হে ভৰাই দিব তেনেকৈ তল মূৰ কৰি থাকিল ।
-আজি এইবোৰ কথাকে লৈ গাঁৱত দুটা নামঘৰ হওক । কালিলৈ আকৌ কিবা লাগি চাৰিটা হওক । এইদৰে গৈ থাকিলেচোন এদিন প্ৰত্যেকৰে নিজা নিজাকৈহে নামঘৰ থাকিব ! সমাজ বুলি একো নাথাকিবই চোন ! গুৰুজনাই আমি যাতে একতাৰ ডোলৰে বান্ধ খাই থাকিব পাৰোঁ তাৰ বাবে নামঘৰৰ আৰ্হি দেখুৱাই থৈ গল । আৰু আমি সেই নামঘৰটোকে আগত লৈ ভাগ ভাগ হব খুজোঁ ! আচৰিত ! ইমানৰ পাছতো যদি আপোনালোকে নামঘৰ ভাগ কৰিব খুজিছে,গাঁওখন ভাগ কৰিব খুজিছে,কৰক । মাথো আমাৰ ডেকাখিনিক কোনো কামতে নিবিচাৰিব ।
মানসে কথাখিনি কৈয়ে তাৰ পাৰ গুছি গল । তাৰ লগে লগে দক্ষিণ আৰু পশ্চিম চুকৰ সোপাই ডেকা লৰাও গুছি গল ।
পাঁচমিনিট মান সময় নিতাল মাৰি থকাৰ পাছত গাঁওবুঢ়াই মাত লগালে-গাঁও ভঙা পতা কৰিবলৈ আহিবলৈ আমাৰো ভাল নালাগে । তথাপি এৰিব নোৱাৰিহে আহিছিলোঁ । গাঁৱৰ ডেকা সকলেটো নিজৰ মত দি থৈ গলেই । তাৰ পাছতো যদি আপোনালোকে গাঁওখন ভাগ হোৱাটো বিচাৰে.....
গাঁওবুঢ়াৰ কথা শেষ হবলৈ নাপালেই , প্ৰথমে বৰুৱা উকীলে মাত লগালে । তাৰ পাছত মহেন ,যতিন,মুহিধৰ ,কেশৱ শইকীয়াকে আদি কৰি সকলোৰে মাতবোৰ গুমগুমাই উঠিল ।

উপসংহাৰঃ বৰুৱা উকীল আহি ঘৰ সোমোৱাৰ লগে লগে বৰুৱানীয়ে সুধিলেহি-হেৰি ! বৰ নামঘৰটো কোনে পালে হয়নে ?
তামোলৰ পিকখিনি চোতালৰ একাষে পেলাই আহি বৰুৱাই মাত দিলে-মনত আছে তাহানিৰ হেড পণ্ডিতে আমাৰ মানসৰ বাবে কোৱা কথাষাৰ, সি যে ডাঙৰ মানুহ হব বুলি পেংলাই কৰিছিল ...বুজিছা,আমাৰ মানস সঁচায়ে ডাঙৰ মানুহেই হল । তাৰ দৰে মানুহ থকাৰ পাছতো গাঁওখন ভাগ হব বুলি ভাবিছা নে ? গাঁও ভাগ নহয় বুজিছা, আগৰ খেল-চেলবোৰো ভাগি এক হে হল ।।