Tuesday, 25 December 2012

ৰাতিৰ ৰামধেনু - এমুঠি কবিতাৰ জিলমিল জোনাক..."


ৰাতিৰ ৰামধেনু - এমুঠি কবিতাৰ জিলমিল জোনাক..."


ভাষা সাহিত্য সন্মিলনী অসমৰ প্ৰথম প্ৰকাশ " অসমীয়া সাহিত্যৰ ই-সফুঁৰা "


ভোগালীৰ ভোগ





দৃশ্য একঃ

উদং পথাৰখন কুঁৱলীয়ে চানি ধৰিছেযেন আবুৰ নথকা গাভৰুৰ দেহাত এখন চাদৰ হে আঁৰি দিছে । সৰু সৰু লৰা-ছোৱালীবোৰে চেঁচু বিচাৰি খান্দি থকা-সৰকা কৰা আলিবোৰৰ মাজে মাজেই মানুহজনে গাই এজনী এৰালত ধৰি টানি  আগবাঢ়ি গৈ আছে । ভৰিৰ মাজত শুকান নৰা এডাল সোমাই পৰিল । চেৰেককৈ আঙুলিৰ মাজতে অলপ কাটি নিলে । আস ! আঘাত পাই মুখেৰে শব্দ ওলাই আহিল । বিহুৰ বাবে আগতীয়াকৈ ছুটি লৈ ঘৰলৈ যোৱা হালোৱাটোক উদ্দেশ্য কৰি গালি অলপ পাৰিলে । সি নথকাৰ বাবেহে তেওঁ পুৱাই পুৱাই এই নতুনকৈ অনা গৰুজনীক এৰাল দিবলৈ আহিব লগা হৈছে ! ঘাঁহ থকা আলি দুটামান চাই গৰু এজনীক এৰাল দি এৰালৰ খুটিটোতে টাঙোন ডালে ধাম ধাম কৈ কোব কেইটামান শোধালে যেন কোব কেইটা হালোৱাটোৰ পিঠিত হে পৰিছে
-দদাইদেউ দেখোন !
পাছফালে মাত এষাৰ শুনি মানুহজনে কঁকালটো পোনাই উভতি চালে । হাতত কাঁচি লৈ কনক আৰু মিনতি ৰৈ আছিল । 
-এই ধল পুৱাই তহঁত হাল কলৈ ওলালি হয়নে ?
-নৰা কাটিবলৈ যাওঁ দদাইদেউ ।
মিনতিয়ে ওৰণি টনা আঁজোৰা কৰি থকাত ব্যস্ত হোৱা দেখি কনকেই উত্তৰ দিলে ।
-অ নৰা কাটিছ নেকি, কিমান কাটিলি ?
-নাকাটিলে কেনেকৈ হব দদাইদেউ । নৰা অলপ বিক্ৰী কৰিয়েই বিহুৰ খৰচটো উলিয়াব লাগিব । তাতে নিজৰ ঘৰটোও চাব লাগিব নহয় । দুইটাই মিলি পাচশ মান কাটিলোঁ
-ভালে কৰিছ দে মোকেই নৰা অলপ লাগিছিল । এই বৰঘৰটো টিং পাতৰ হলে গৰম দিনত বৰ কষ্ট হয় অ ...তাতে গোহালিটোও চাব লাগিব । হেৰি কৰ তহঁতৰ নৰা এহেজাৰ মোকেই দিবি । কিমান কৈ লবি ?
-৪০ টকা শ ।
-এঃ ! ৩০ টকাকৈ লবি ঘৰৰে মানুহ, ইমান দাম নকৰিবিচোন । বেলেগে কোনোবাই বেছি দাম দিম বুলি কৈছে নেকি ?
-এতিয়ালৈকে কোনেও কোৱা নাই । পিছে দদাইদেউ বিহুৰ আগতে নৰাৰ পা-পইচা কেইটা দিব পাৰিলে ভাল হব ।
-হব দে তহঁতে চিন্তা নকৰিবি । তহঁতি নৰা দিবি মই লগে লগে পইচা দিম ।
মানুহজনে কথাষাৰ কৈয়ে ঘৰৰ ফালে খোজ দিলে । ইমান পৰে মনে মনে থকা মিনতিয়ে মাত লগালে –মাষ্টৰক নৰা খিনি দিম বুলি কোৱাটো বৰ ভাল নহল নেকি ..মানুহটোৱে পইচা দিবলৈ বৰ টান পাই ।
ঘৈণীয়েকৰ কথা শুনি কনকে অলপ ভেকাহি মাৰিয়েই কলে-মই নিজেই দিম বুলি কৈছোঁ নে ? কেনেকৈ নিজেই কৈছে শুনিলিয়েইচোনপা পইচা থকা মানুহ । কেতিয়াবা বিপদে আপদে লাগে । নিদিওঁ বুলি কলে বেয়া নাপাব নে ?ল বল ইয়াত কথা চেল-চেলাই থাকিলে নৰা কটা নহব গৈ ।

দৃশ্য দুইঃ

পুতুৱে কিতাপখনত নাকটো লগাই আকৌ এবাৰ শুঙিলে । ইমান ধুনীয়া গোন্ধাইছে ! কিতাপকেইখন এৰি দিবৰ মনেই যোৱাই নাই । শুকান বতৰত হঠাতে বৰষুণ এজাক আহিলে মাটিবোৰ জেকি ওলোৱা মাটি মাটি গোন্ধটো, আঘোণৰ ধাননিৰ মাজে মাজে আলিবোৰৰ ঘাঁহত নিয়ৰ পৰি ওলোৱা গোন্ধটো আৰু এই কিতাপৰ এই নতুন নতুন গোন্ধটো সি বিৰাটেই ভাল পাই । কিতাপ পঢ়িবলৈ লৈ পুৱাৰে পৰা কিতাপবোৰ লিৰিকি বিদাৰি আৰু শুঙি থাকোঁতেই গৈছে । এইবাৰ সি প্ৰাথমিকৰ পৰা হাইস্কুললৈ প্ৰমোচন পাইছে । যোৱাকালি স্কুলত কিতাপ দিছে । বৰ আলফুলে সি কিতাপখিনি আকোৱালি লৈছিল । স্কুলৰ পৰা আহি মাকৰ কথা মতে মাষ্টৰ বৰদেউতাকৰ ঘৰলৈ গৈ বাতৰি কাগজ অলপ খুজি আনিলে । বাতৰি খুজিবলৈ সি অলপ টান পাই । বৰমাকে সদায় দিও নিদিওঁ কৈ দিয়ে যেন পুৰণা বাতৰি কেইখনৰ সৈতে তেওঁৰ খুব মূল্যবান বস্তুও কেইপদ মান গুছি গৈছে । কিতাপৰ স্বাৰ্থত বৰমাকৰ সেই টেলেকা চাৱনিটোকো আওকাণ কৰি সি বাতৰি কেইখনমান আনিলেগৈ । তাৰ পাছত বাৰীৰ চতিয়না গছজোপাৰ গাত কটাৰিৰে ঘাপ দুটামান মাৰি ৰৈ থাকিল । চতিয়নাৰ গাৰ পৰা ওলোৱা ৰস খিনি কাপোৰ অকণমানত টুকি লৈ কিতাপ কেইখনত আঠা লগাই বাতৰি কেইখন লগালে । লগতে বহীৰ পৰা ফালি বনোৱা টিকট একোটাত নিজৰ নাম লিখিও  লগাই দিলে ।
-পুতু ঐ
বীৰেণৰ চিঞৰত সি কিতাপৰ মাজৰ পৰা মুৰটো উলিয়াই পদুলিলৈ চালে ।
-নাযাৱ নেকি ?
বীৰেণে তাক আকৌ সুধিলে
-কলৈ ?
-মণিচালৰ গুটি আনিবলৈ ।
-অহ ! মই পাহৰিছিলোঁৰহ ঘৰৰ দুৱাৰখন বন্ধ কৰি লওঁমা দেতা নাই নৰা কাটিবলৈ গৈছে ।
দুপদাপ কৈ দৰজা খনত দাং ডাল লগাই দুয়োটা ঘৰৰ পৰা অলপ দূৰৈত থকা বাৰীখনলৈ লৰ দিলে ।
মণিছালৰ গুটি বিচৰাৰ কথাটো কালি স্কুললৈ যাওঁতেই পাতি আহিছিল । পুৱাই মাককো কৈছিল । মাকে মাথো কৈছিল বাকলিবোৰ একে ঠাইতে থবিচুলি ধুবলৈ ভাল । এতিয়া কিতাপৰ মোহত পৰিহে পাহৰি গৈছিল । এই মাঘৰ বিহুটো কাষ চপাৰ লগে লগে সিহঁতৰ গা সাতখন আঠখন হৈ পৰে । মণিছালৰ গুটিৰে চোঁতালবোৰ ভৰি পৰে । মাজে মাজে মাৰ্বলো ওলাই । পিছে পুতুহঁতে এতিয়াই মাৰ্বল চুবলৈ পোৱা নাই । বিহুৰ দিনাহে দেউতাকে এটকা বা দুটকা কিনি দিয়ে । এই কেইদিন মাৰ্বলৰ সলনি মণিচালৰ গুটিয়েই চলাব লাগিব ।
শিঙৰি গছ এজোপাৰ কাষতে থকা গছজোপাৰ তলত মণিছাল বিচাৰি  বীৰেণে সুধিলে-তোক এইবাৰ বিহুত কাপোৰ দিব নে পুতু ? মোক দেতাই হাফ পেন্ট এটা আনি দিম বুলি কৈছে ।
শিঙৰি কাঁইট এসোপা ভৰিৰ পৰা গুচাই মুখখন হাঁহি এটাৰে বহল কৈ মেলি পুতুৱে কলে-দিব । মাই দিম বুলি কৈছে নহয় ।

দৃশ্য তিনিঃ

হাতত মোনা একোটা লৈ চেঙেলীয়া ডেকাৰ জুমটোৱে ঘৰে ঘৰে চাউল আৰু ভোজৰ চান্দা তুলি ফুৰিছে । কনকৰ ঘৰৰ পৰা ওলাই অলপ দূৰ গৈয়ে বিমানে মাত লগালে-কনক কাই টো বৰ চিকটা অ, ভোজটো বুলিও দহ টকা দিবলৈ টান পাই । কেৱল পুতেকৰ নামতহে চান্দা দিলে ।
-যোৱাবাৰ জন্মাষ্টমীতো কেৱল পুতেকৰ চান্দাহে দিছিল । মানুহটোতকৈ মানুহজনীৰ হাতখন বেছি টান ।
বিমানৰ কথা শুনি ৰমেনেও মাত লগালে । লগত থকা কেইটাও হয় হয় ভাবত মুৰ দুপিয়ালে
-যাৰ যিমান থাকে সিমানেই বিলাসিতা কৰিব পাৰে ।
কংকনে গোটেই কেইটাৰ হয় হয় ভাবটো থেকেচা মাৰি মাত লগালে ।
-যাৰ যিমান আৰ্জন সিমানেই খৰচ কৰিব পাৰে । কনক ককাইদেউহঁতৰ নিজৰ আৰ্জনৰ তুলনা এই যে ১০ টকা দিছে সেইয়া একপ্ৰকাৰৰ বিলাসিতাইসেইবাবেই তেওঁলোকক চিকটা বুলি কব নোৱাৰি ।
কংকনৰ কথা লাজ পাই সেমেনাসেমেনি কৈ লৰা কেইটা মুহেশ্বৰৰ ঘৰত সোমাল গৈ । পিছে  তেওঁলোকৰ ঘৰত সোমায়েই সিহঁতৰ মন ভাল লাগি গল । জুহালত কেইবাজনো মানুহ বহি আছে । প্ৰত্যেকৰে সমুখত সোম-ৰসৰ বাতি একোটা । কংকনৰ বাহিৰে গোটেই কেইটা গৈ সেই আড্ডাত লেপেটা খাই বহিল গৈ ।
-খুৰীয়ে আগতীয়া বিহু লগালে যেন পাওঁ ।
-হেৰৌ আজলীৰ মাক ইহঁতকো অলপ অলপ দেচোন । বিহু বুলি খাওক ।
দোৰোলখোৱাৰ জিভাৰে আজলীৰ বাপেকে ঘৈণীয়েকক আদেশ দিলে । মানুহ জনীয়েও হাঁহি হাঁহি লৰাকেইটালৈ বাটি একোটা আগবঢ়াই দিলে ।
-কংকন আঁতৰত কিয় ৰৈ আছ । আহ আকৌ
কংকনক আঁতৰি থকা আজলীৰ মাকে মাতিলে ।
-নালাগে খুৰীদেউ মই ইয়াতে ঠিকেই আছো । সিহঁতকে দিয়কচোন ।
-উৱা বিহু বুলি অকণমান খাবা আহা একো নহয় ।
-নালাগে নালাগে খুৰিদেউ
কংকনৰ কথা শুনি আজলীৰ মাকৰ লগতে বাকী সকলেও হাঁহি উঠিল ।

গধূলি ।
বাহিৰত বিহুৰ খদমদম । আজলীয়ে জুহালত বহি তিল পিঠা পুৰিছে । সোমৰসৰ নিচাত মতলীয়া হৈ থকা বাপেকে কেতিয়াবাই ঘুৰ ঘুৰাই শুলে । আজলীৰ মাকৰহে শান্তি নাই । পুৱাতেই মেজিৰ কামত লাগো গৈ বুলি ওলাই যোৱা লৰাটো এতিয়ালৈকে উভতাই নাই । ভোকে লঘোনে কত বা কি কাম কৰি ফুৰিছে । হঠাতে পদুলিৰ নঙলাডাল কেৰকেৰাই উঠাত চাকি এটা লৈ মানুহজনী লৰালৰিকৈ ওলাই গল । চাকিটোৰ ধিমক ধিমাক পোহৰতে দেখিলে কোনোবা এটা নঙলা এডাল ভাঙি পদুলিতে শুই আছে । মানুহজনী আগবাঢি গল ।
-বিহু বুলি অকণমান খালো অ মা ।
ফুটা নুফুটা মাতেৰে লৰাটো মাত মাতিলে ।

দৃশ্য চাৰিঃ

পুৱাৰে পৰা মিনতিয়ে ইফালে সিফালে কাম কৰি ফুৰিছে বিহু বুলি ব্যস্ততাবোৰ এনেই বাঢ়ি যায় । জা জলপান বেছি কৰা নাই । চিৰা এদোন , সান্দহ একলহ , আৰু তেল পিঠা এক কেজি । তিল পিঠা অলপো পুৰিবলৈ মন আছিল পিছে গুৰ আৰু তিলৰ নামত টকা খৰচ কৰিব নোৱাৰি । কনক নাই । মাষ্টৰৰ ঘৰলৈ গৈছে । নৰা এহেজাৰ নি মানুহজনে পইচা দিয়া নাই । আজি দিম বুলি কৈছে । পুৱাই কনক তেওঁলোকৰ ঘৰলৈ গল । তাৰ পৰা আহিয়েই বিহুৰ বজাৰলৈ যাব । মিনতিয়ে হাঁহ এটা বান্ধি থৈছে । হাঁহ এহালেই আছে । তাৰে এটা বিকিবলৈ তাইৰ মন নাছিল, পিছে উপায় নাই । সেই টো বিকি বিহুৰ বজাৰখিনি কৰিব লাগিবমাষ্টৰৰ ঘৰৰ পৰা পইচা কেইটা পালে পুতুলৈ কিবা এটা আনিবলৈ ককনকৰ গেঞ্জীটোও ফুটা ফুটা হল । গেঞ্জী এটাও আনিবলৈ কব লাগিব । পইচা হলে তাইলৈ ব্লাউজ এটাও আনিবলৈ কব লাগিব । পুতুলৈ চালে । সি গাত তেল টেঙা সানি বাপেকলৈ বাট চাই আছে । বাপেকৰ সৈতে বজাৰলৈ যাব বোলে । বজাৰৰ পৰা তোলৈ নখ পলিচ এটা আনিম দে –পুৱা কনকে কোৱা কথাষাৰ মনত পৰি তাইৰ মুখত হাঁহি এটা ফুটি উঠিল । এতিয়া আৰু তাইৰ নখ পলিচ ঘঁহাৰ বয়স নে । জেতুকাবোৰ নো কিয় আছে । সেইষাৰ কওঁতে আক সি কলে- জেতুকা সদায় ঘঁহ আজি নখ পলিচ লগাবি ।
ৰৈ ৰৈ আমনি লাগিছিল । ৰেডিঅটো লগাই সময়টো অনুমান কৰি ললে । ১০ টা বাজিল । মানুহজনে ইমান সময় লগাইছে । হাঁহটোও বেচিবলৈ আছে পাহৰিল নেকি ! মিনতিৰ অলপ খঙেই উঠিল । তেনেতে ভাগৰুৱা যেন দেহাৰে নঙলাডাল খুলি কনক সোমাই আহিল । কাকো মাতবোল নকৰাকৈ সি পাছ চোঁতাল পালেগৈ । কনকৰ মুখখন দেখিয়েই মিনতিৰ গা-চেবালে । তাই লগে লগে তাৰ পাছে পাছে গল ।
-কি হল ?
মিনতিৰ প্ৰশ্নত কনকে অলপ সময় তাইলৈ চালে তাৰ পাছত কলে-মাষ্টৰ দদাইদেউ বজাৰলৈ গৈছে বুলি খুৰীদেৱে মোক অলপ সময় বহিবলৈ কলে । বহিলোঁসেই পুৱাৰে পৰা অলপ আগলৈ দদাইদেউলৈকে ৰৈ আছিলোদদাইদেউ আহিল । কলে এইবাৰ দৰমহাই নাপালে হেনো । নিজৰে বজাৰ কৰা হোৱা নাই । আমাৰ পইচা কেইটা অহা মাহত হে দিব হেনো । অহা মাহত দিব নোৱাৰিলে ধানকে অলপ আনিবলৈ কৈছে !
কথাখিনি কৈ কনক মাটিতে বহি পৰিল । তাৰ চকুৰ সন্মুখত ভাহি উঠিল মাষ্টৰে বজাৰৰ পৰা কেঁকো-জেঁকোকৈ দাঙি অনা মোনা কেইটা ।
কনক দেখি কৰবাৰ পৰা লৰি আহি পুতুৱে তাক সাবটি ধৰি কলে 
-দেতা , বজাৰলৈ নাযায় নেকি ? মই অথনিৰে পৰা ওলাইয়ে আছো । এইবাৰ হলে মই বিহুৰ কাপোৰ লমেই দেই । মোৰ লগৰ চবেই নতুন কাপোৰ কিনিছে । মোক লাগিবই হলে ।
কনকে মিনতিলৈ চালে । সেই চকুত পৃথিৱীৰ সকলোতকৈ অসহায় পিতাকৰ ছবিখন ফুটি উঠিছিল । মিনতিয়ে সেই দৃষ্টি সহিব নোৱাৰিলে । পুতুক নিজৰ বুকুৰ মাজলৈ টানি আনি থোকাথুকি মাতেৰে কলে-পুতু, মোৰ সোণটো , আমাৰ বাবে বিহু নাহে নহয়, দুখীয়াৰ বাবে কোনো দিনে বিহু নাহে অ...



 

মানুহে কবৰ খান্দি জীয়াই নাথাকে

 










জীৱন ৰহস্যময় ।
কত কাহিনী বিশ্ববিদ্যালয়ত ।
ত সেই বটবৃক্ষবোৰ ?
মৃত্যুশয্যাত পৰি থকা অমৃতা প্ৰীতম….
জীৱনৰ নতুন পৃষ্ঠাৰ মানুহ-যিসকলৰ সৰহভাগেই পৃথিৱী এৰি গৈছে । জীয়াই থকাৰ বাসনাই অদ্ভুত ভাবে আঘাত কৰি গৈছে !! আৰু অনেক জন, যিসকলৰ অনেকেই জীয়াই আছে সেইসকলৰ অনন্য কাহিনী…… (দস্তাবেজৰ নতুন পৃষ্ঠা, আগকথা)
-
এনেদৰেই আৰম্ভ কৰিছিল তেওঁৰ দস্তাবেজৰ নতুন পৃষ্ঠা” ! সেই একেই সংবেদনশীল লেখা যি লেখাই পঢ়ুৱৈ হাড়লৈকে কঁপাই তুলিব পাৰে । ঘুৰাই লৈ ফুৰিব পাৰে আমাৰ মনটো বৃন্দাবনৰ পৰা কাঞ্চনবুৰিলৈকে কেৱল শব্দৰ মায়াজালেৰে ! তচনচ কৰি পেলাব পাৰে ভাবৰ জটিলতা ……..তেখেতেই মামণী ৰয়ছম গোস্বামী । যাক আমি হেৰুৱাই ও হেৰুৱা নাই তেওঁৰ লেখাৰ বাবেই ।
নাজানোঁ কেতিয়া কোনে মোৰ হাতত তুলি দিছিল আধা লেখা দস্তাবেজ । এক অৰ্থত বলৈ গলে মনৰ এক অস্থিৰ অৱস্থাত পঢ়িবলৈ পাইছিলোঁ সেইখন কিতাপ ।
যি সময়ত মানুহে নতুন পোহৰ ৰশ্মিৰ পিছে পিছে যাত্ৰা কৰাৰ ইচ্ছা প্ৰকাশ কৰে. সেই সময়ত মই যেন কবৰৰ লেখ জোখ লৈছিলো । যৌৱনৰ প্ৰথম অধ্যায়ত হতাশা আৰু দুঃখবোধৰ এনে যন্ত্ৰণাত কেতিয়াবা কোনোবা পৰিছিলনে ?”(আধালেখা দস্তাবেজ, পৃষ্ঠা নং-১৯)
কিয় এনে হয় নাজানোঁ ….ঠিক যেন মামণী বাইদেৱে লিখাৰ দৰেই হৈছিল সেইসময়ত । অথচ কোনেও মোক তেওঁৰ দৰে কোৱা নাছিল- এইজনী ছোৱালী বিয়া দিয়াতকৈ দুটুকুৰা কৰি কাটি পানী ভহাই দিয়াই ভাল হব ।“ (আধালেখা দস্তাবেজ, পৃষ্ঠা নং-২২) তথাপি কোনোবাখিনিত খালি খালি লাগিছিল । মোৰ আঁকোৰগোজা স্বভাৱত সততে চিন্তাত পৰি থকা মাক এদিন কৈছিলোঁ-মোৰ বিয়াৰ বাবে ইণ্টাৰভিউ নাপাতিব আককোনোবা ল'ৰাই যদি মোক পছন্দ নকৰে মোৰ ইগ'ত নালাগিব নে ? ঠিক তেনেকুৱা সময়তে আধালেখা দস্তাবেজে মোৰ মনত খলকনি তুলিছিল …. মামণী বাইদেউক সিং নামৰ অধ্যাপক জনে কোৱা কথাষাৰ যেন মোৰ বাবেই কৈছিল –“মানুহে মাথোঁ কবৰ খান্দি জীয়াই নেথাকে লগে লগে হীনমন্যতাৰ পৰা উঠি আহিছিলোঁ । আধালেখা দস্তাবেজত লিখাৰ দৰেই এটা কথা উপলব্ধি কৰিছিলোঁ মানুহে নিজৰ বাবে নহয় আনৰ বাবেহে জীয়াই থাকিব লাগে । আচলতে মানুহ তেনেকৈয়ে সুখী হয় । তাৰ পাছৰে পৰা প্ৰতি দিনেই মই তেখেতৰ লেখাবোৰ মনৰ মাজত কঢ়িয়াই লৈ ফুৰিছোঁ ।
 

২০০৪ চন । ৰাতিপুৱা হোষ্টেললৈ যাবলৈ বুলি সাজু হৈছোঁ । ঘৰত খবৰ এটা উফৰি পৰিলহি আমুকৰ মানুহজনীৰ গাত জুই লাগিল !! মাঁহতৰ লগত ময়ো দৌৰ দিলোঁ । বয়সত মোৰ সমবয়সীয়া মানুহজনী আন্ধাৰ কোঠা এটাত বহি আছিল মুখেৰে যেন ওলাই আহিব খুজিছিল মামণীবাইদেউৰ সেই শব্দটো, বিস্ময়কৰ ! বিস্ময়কৰ !! ৰাতি ১২ টা মান বজাতেই গাত জুই লগা মানুহজনী তেতিয়াও এখন কলপাতত তলমুৰকৈ বহি আছিল । গাত মাথো কাপোৰ এখন ছটিয়াই থোৱা হৈছে । মানুহজনীৰ মাত ষাৰ যেন সেই জুই কুৰাৰ লগতেই জ্বলি গ'ল !! বহুবাৰ বহুতে কিবা কিবি সোধাটো একো উত্তৰ নিদিলে । গাঁৱৰ মানুহে গিৰিয়েকজনক ইমান দেৰিলৈকে হাস্পতাললৈ নিনিয়াৰ বাবে গালি শপনি পাৰি নিজৰ মাজতে টকা পইচা গোটাই হাস্পতাললৈ লৈ গ'ল । মানুহজনী সাত মাহৰ গৰ্ভৱতী আছিল । তিনি দিন মৃত্যুৰ সতে নিৰবেই যুঁজিলে । মায়ে মোক পাচত কৈছিল-মানহজনীৰ মৃত্যুৰ পাছত মাকৰ ঘৰৰ পৰা খবৰ লবলৈ কোনো নাহিল ! ঘাট মাউৰা ছোৱালী আছিল । মোমায়েকৰ ঘৰত ডাঙৰ দীঘল হৈছিল । মানুহজনীৰ বাবে কান্দিবলৈ কোনো নাছিল ! গিৰিয়েকজনে যেন তাইক হেৰুৱাই কেৱল এটা শৰীৰ হে হেৰুৱাইছিল যিটো শৰীৰে তাৰ শাৰীৰিক চাহিদা পুৰাইছিল । সি যেন কেৱল সেইখিনি হে হেৰুৱাইছিল ।
বিস্ময়কৰ ! বিস্ময়কৰ !! ছয়টা শ্ৰমিকৰ মৃতদেহ সৌৱা তিনিশ গজ দূৰত জ্বলিব লাগিছে অথচ কোনো হাই-উৰুমি নাই । ইঞ্জিনিয়াৰৰ ইনচাৰ্জৰ গাফিলতিৰ বাবে কোনেও তেওঁক বুকুত খামুচি ধৰি বাহিৰলৈ টানি অনা নাই । চব মানি লৈছে নিৰ্বিবাদে ! এৰা , ১৯৬৬ চনৰ চন্দ্ৰভাগাৰ শ্ৰমিকে চব মানি লৈছে ।“ (আধালেখা দস্তাবেজ, পৃষ্ঠা নং-৪৩)
ইনচাৰ্জৰ গাফিলতিৰ বাবে কাশ্মীৰৰ চন্দ্ৰভাগাৰ দলঙৰ কাম কৰি থাকোঁতে মৃত্যু হোৱা শ্ৰমিক ছয়জনৰ কথা মামণী বাইদেৱে তেনেকৈ লিখিছিল । গাঁৱৰ সেই মানুহজনীকো মোৰ সেইদিনা মামণী বাইদেৱে উল্লেখ কৰা শ্ৰমিক কেইজনৰ মাজৰে এজন যেন লাগিছিল । মাথো এই সময় সেই সময়ত কৈ বহু আগুৱাই আহিল ! আৰু এই গৰাকী শ্ৰমিকে জীয়াই থাকিবৰ বাবে পত্নীৰ পৰিচয় লৈ যেন প্ৰতিদিনে জীয়াই আছিল এটা বেশ্যাৰ জীৱন !!
 

চনটো ২০০৭ আছিল হয়তো , বিবিচি নিউজ চাই আছো হঠাতে এটা বাতৰি দেখিলো এজন পিতৃক গ্ৰেপ্তাৰ কৰিছে ! অপৰাধ ……পত্নীৰ আগত কন্যাৰ মৃত্যু হ'ল বুলি কৈ নিজৰ সেই সুন্দৰী কন্যাক বন্দী কৰি ৰাখিলে এটা ঘৰত ! আৰু কন্যাৰ সৈতে জবৰদস্তি চলাই গ'ল শাৰীৰিক সম্পৰ্ক । সেই সম্পৰ্কৰ ফলত দেউতাকৰ ঔৰসত কন্যাই কেইবাটাও সন্তানৰ মাক হ'ল ! ঘটনাটো ধৰা পৰিল এনেকৈ- কন্যাৰ নুমলীয়া সন্তানটো অসুখ হোৱাৰ বাবে হাস্পতাললৈ নিব লগা হ'ল । ডাক্তৰে মাকক বিচাৰিলে ! সন্তানৰ বাবেই কিছুসময়ৰ বাবে হলেও বন্দীত্বৰ পৰা মুক্ত হৈয়ে কন্যাই নাৰ্চৰ আগতে সকলো কথা খুলি কলে !! লগে লগে পুলিচে দেউতাকজনক ধৰি লৈ গ'ল । বাতৰিটো চায়ে মোৰ মূৰ ঘুৰাই গৈছিল ! এনে দেউতাকো থাকিব পাৰেনে !? তাৰ অলপ দিনৰ পাছতেই মোৰ হাতত পৰিছিল-অপ্সৰা গৃহ । কিতাপখনৰ ৩৩ নং পৃষ্ঠাটো মোৰ চকু থৰ হৈ গৈছিল
মামণীবাইদেউ দিল্লী বিশ্ববিদ্যালয়ৰ মীৰাণ্ডা হাউছৰ প্ৰভোষ্ট হৈ থাকোঁতে এদিন ছাত্ৰী নিবাসৰ চকীদাৰে ছোৱালী এজনী লগত লৈ আহি তেওঁক কলেহি- মেডাম এয়া আমাৰ গৃহৰে দেৱবালা । ছোৱালীটিৰ পিতৃয়ে তাইক বলাৎকাৰ কৰে ।“ (অপ্সৰা গৃহ, পৃষ্ঠা নং -৩৩)
দেউতাকৰ ভয়ত পৰীক্ষাৰ পাছতো ছাত্ৰী নিবাসত থাকিবলৈ অনুমতি বিচাৰি অহা ছোৱালীজনীক মামণী বাইদেৱে সুধিছিল-বাধা দিয়া নাছিলা, ধৰ্মক দোহাই দিয়া নাছিলা ?
-
দিছিল দিছিল । মায়ে দিছিল ময়ো দিছিলো । ধৰ্মক দোহাই দিছিলো । মায়ে কান্দি কাটি বাউলী হৈছিল । ………….পিতাই সেই একে কথাই কয়,
-
কি কথা ?
-
মোৰ বীজেৰে এই গছ তৈয়াৰ হৈছে । ইয়াৰ ফল মই হে ভোগ কৰিম । আনে কি কৰিব ? “(অপ্সৰা গৃহ, পৃষ্ঠা নং -৩৩)
মামণী বাইদেৱে লিখিছিল-এই সময়ছোৱাত অন্তঃসত্ত্বা হৈছিলা নেকি ?
(….
নাই নাই এই কথা মই কোনোপধ্যে খুলি ক'ব নোৱাৰিলো ।)”(অপ্সৰা গৃহ, পৃষ্ঠা নং -৩৩)
আচৰিত লাগিছিল কথাবোৰ পঢ়ি । এটা সময়ৰ বিৰতি পাছত মই নিজৰ সমাজতে তেনে এহাল পিতৃ আৰু কন্যাক দেখা পালো ! এইবাৰ পিছে পিতৃৰ অত্যাচাৰৰ বলি নহয় , পুত্ৰ সন্তান নথকা দেউতাকৰ প্ৰচুৰ ধন সম্পতিবোৰ বাকী বায়েক ভনীয়েকহঁতে সমানে ভাগ ল'ব নোৱাৰে তাৰ বাবে লোভী জীয়েকে মাকক নথকা দেউতাকক সহজেই বশ কৰিবলৈ গতাই দিলে নিজৰ দেহ !! মৃত্যুৰ আগমুহুতত সমাজৰ আগত সেই কথা নিজেই স্বীকাৰ কৰি গ'ল সেই পিতৃয়ে ! আচৰিত সেই সমাজো যি সমাজে ৰৌটোকে ঢৌ কৰিব পাৰে সেই সমাজে পিছে সেই কথাষাৰ যেন সেইজন মানুহৰ চিতা জুই কুৰাৰ লগতে পুৰি পেলালে । আচলতে তেনে কথা বিলাই ফুৰিবলৈ সমাজৰ ইমান অধঃপতন হোৱাই নাই । তেনে কথা মুখলৈ অনাটোও সেই সমাজে পাপ বুলি ভাবে ।


তেজেৰে প্লাৱিত বিছনাত মাধু শুই আছেমূৰত তেজবুকুত তেজতেওঁৰ হাতখন মুঠি মাৰি ধৰিবলৈ মই আগুৱাই গলো ।….হাতখন স্পৰ্শ কৰাৰ লগে লগেই মই চিঞৰি উঠিলো । বৰফৰ দৰে চেঁচা হাত ।…..মাধুৰ মৃত্যু হৈছে !….মাধুৰ মৃত্যু হৈছে!!
কত যুগ যেন মূৰৰ ওপৰেদি বাগৰি গ, জীৱনৰ স্থিতিয়েই যেন ছাৰখাৰ হৈ গল ।“(আধালেখা দস্তাবেজ, পৃষ্ঠা নং-৫৯,৬০)
আপোনজন হেৰুৱাই মানুহ কিমান ভাগি পৰিব পাৰে ? স্বামী মাধুৰ মৃত্যুৰ পাছত আত্মহত্যাৰ অভিপ্ৰায়ে নিজৰ ভেনিটি বেগত নিদ্ৰাৰ বড়ি কঢ়িয়াই লৈ ফুৰা মামণী বাইদেউৰ লেখাত সেয়া স্পষ্টকৈ ধৰা পৰিছিল ।
৩০ অক্টোবৰ ২০০৮ চন । গুৱাহাটীৰ চান্দমাৰীত নিজৰ কম্পিউটাৰ ক্লাছ কেইটা কৰি চুপাৰ মাৰ্কেটত থকা নিজৰ ভাৰা ঘৰলৈ চিটি বাছত আহি আছো । সময় দিনৰ ১১.৩০ হৈছিল চাগৈ । আমাৰ বাচখনে গণেশগুৰি উৰণীয়া হেতুখনৰ তলেদি পাৰ হৈ অহা ২ মিনিট মান হৈছে চাগৈ তেনেতে এটা ডাঙৰ শব্দ ! সেই শব্দৰ সৈতে মোৰ একেবাৰে চিনাকি নাই । আমি অহা বাচখন তীব্ৰ গতিত গুছি আহিল । চুপাৰ মাৰ্কেটৰ ঘৰত সোমায়েই মই তিনিমহলাৰ ঘৰটোৰ চাদত উঠিলোঁ গৈ । আমাৰ ঘৰৰ সমুখৰ পথটোলৈ চালো যান বাহনবোৰে এনেকৈ যাব খুজিছে যেন পাছফালৰ পৰা কিবা এটাই খেদিহে আহিছে । দূৰৈত জিলিকি থকা হেঙেৰাবাৰী পথটোলৈ চালো-ছোৱালী নে বোৱাৰী নাজানো কোনোবা এজনী দৌৰি গৈ আছে….বুকুৰ চূণীখনে পথটো সাৰি নিছেসেইবোৰলৈ তাইৰ ভ্ৰূক্ষেপ নাই….তাই মাথো দৌৰিছে…..কলৈ..সেয়া হয়তো তাই হে জানে ! মই লাহেকৈ মালৈ ফোন কৰিলো-মা ইয়াত বম ফুটিছে চাগৈ( মই তেতিয়াও ভালদৰে গম পোৱা নাছিলো , আচলতে হৈছে কি) মা তেতিয়া ধাননি পথাৰত । মোৰ কথা শুনি অলপ সময় কথা পাতি মায়ে ফোনটো ৰাখিলে । সেই বাতৰিটো শুনি ধান দাই থকা মাৰ হাতখন ৰৈ নগ….মাৰ মাইনাজনী যে কুশলে আছিল !
পাৰ হৈ অহা সময়ৰ প্ৰায়বোৰ ঘটনাতেই মামণী বাইদেউৰ লেখাবোৰ সাঙুৰি চাইছোঁ, আৰু প্ৰতিবাৰেই মই এক অনন্য অনুভৱৰ গৰাকী হওঁ । মামণী বাইদেউৰ ভাষাৰে কবলৈ গলে – “প্ৰশান্ত মহাসাগৰৰ অস্ত যাব খোজা সূৰ্যৰ পোহৰ উবুৰি হৈ পৰিছিল । সেই পোহৰ ফাদাৰ বুল্কেৰ চকুৰ পৰা অহা পোহৰৰ সৈতে একে আছিল । মই সেই পোহৰৰ সৈতে মুখামুখি হৈছিলো ।“(অপ্সৰা গৃহ, পৃষ্ঠা নং -২১৬)
এৰা , বাইদেউৰ লেখাত প্ৰতিবাৰেই মইও তেনে এক পোহৰৰ সৈতে মুখামুখি হওঁ । সেই বাবেই চাগৈ তেওঁ শ্ৰেষ্ঠ ।
(কৃতজ্ঞতাৰে দাদা পৰাগ চৌধুৰী হাতত, যি জনে মই বিচৰা লগে লগেই অসমৰ পৰা মামণীবাইদেউৰ কিতাপ দুখন পঠিয়াই দিছিল । )

("জনসাধাৰণ" ২৪ মাৰ্চ ২০১৩   আৰু দিল্লী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা মামণি ৰয়ছমৰ শ্রদ্ধার্ঘ বিশেষ "নীলকণ্ঠী"ত প্ৰকাশিত ।)

http://www.xahitya.org/2012/11/15/%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A6%B9%E0%A7%87-%E0%A6%95%E0%A6%AC%E0%A7%B0-%E0%A6%96%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BF-%E0%A6%9C%E0%A7%80%E0%A7%9F%E0%A6%BE%E0%A6%87-%E0%A6%A8/