Saturday, 3 November 2012

আকাশ সৈতে....




      
      


       


অৱশেষত কোনোমতে বিয়াখন হল গৈ । কমবোৰ বিধি পথালি আহিল নে, প্ৰথমে মানুৰ মাক বাপেকে নামানে । পাছত যেতিয়া সৈমান হৈ বিয়াৰ দিন বাৰ ঠিক হল বুমনৰ বেমাৰী মাকজনী ঢুকাল । সংসাৰত আপোন বুলিবলৈ তাৰ বিয়া দিয়া বায়েক কেইজনীৰ পাছত  সেই মাকজনীয়েই আছিল ,দেউতাকটো সিহঁত সৰু থাকোঁতেই ঢুকাল ।  এতিয়া মাক ঢুকুৱাৰ পাছত বিয়াখন আকৌ এবছৰলৈ পিছুৱাই গল । তাৰ পাছত যেনিবা সৰু কৈ হলেও হল গৈ ।
বাচনখিনি ধুই মানুৱে এবাৰ শোৱা ৰুমলৈ ভুমুকি মাৰি চালে , বুমনে লেপটপটো লৈ কিবা কামত ব্যস্ত হৈ আছে । বেচেৰা, যোৱা চাৰিদিন ধৰি বহুত কষ্ট হৈছেবিয়াখন সুৰ কৈ পাতিলেও বায়েক ভিনিয়েককে ধৰি গোটেই আলহী খিনিক সি নিজেই চম্ভালিব লগা হৈছিল । আজি আলহীবোৰ গৈ শেষ হল । মানুৰ মুখত এনেই হাঁহি এটা বিৰিঙি উঠিল ,বিয়া হৈ গলে কি হব আলহীৰ হেঁচাত এই কেই দিন বুমনক অন্তৰংগ ভাবে ভালদৰে লগেই পোৱা নাই । আজিৰ পৰা আৰু সেই অসুবিধা নহ !
জোনটি ওলালে তৰাটি ওলাব.....সু-মধুৰ কণ্ঠৰে মানুৰ ফোনটো বাজি উঠিল । তাই ফোনটো লৈ চালে নীলাই ফোন কৰিছে । দুষ্টালি হাঁহি এটা মাৰি তাই ফোনটো উঠাই কলে
-ঐ গৰু ক...
- কি ক....? আজিটো তহঁতৰ ৰাতি নুপুৱাই চাগৈ ন...গোটেই ৰাতি মিছ কল দি থাকিম চাবি ।
সিফালৰ পৰা মানুৱে আশা কৰাৰ দৰেই নীলাই চিঞৰিলে ।
-মই ফোন অফ কৰি থম ।
-ধেই কটা......শুন কালিলৈ মোক চব ক'ব লাগিব আক ...কবিনে নকৱ ক...?
-উহ ভগৱান কম কম । এতিয়াটো ফোনটো থ ।
-আয়ৈ বৰ খৰধৰ হৈছে ন...যা যা....কালিলৈ মনত ৰাখিবি ।
ফোনটো কাটি দিলে তাই । মানুৰ আকৌ হাঁহি উঠি গল । কি যে ছোৱালী এইজনী ।  আগতে বুমনে কেতিয়াবা কৰবাত তাইক লগ কৰিবলৈ মাতিলে নীলাক লগ ধৰিলেই কয় তই অকলেই যা দেই মই তহঁতৰ কাষত বহি বৰ হবলৈ নাই নীলা এবাৰেই যি গৈছিল আৰু হোষ্টেললৈ ঘুৰি আহি গোটেই দিনটো তাইক গালি পাৰি থাকিল । হেৰৌ, তই সেইটো লৰাৰ লগত কেনেকৈ জীৱন কটাবি হয়নে ? সি দেখোন পঢ়াৰ বাদে একো ভাবিয়েই নাপায় ! লগৰ বাকী বোৰ ছোৱালীকো মাতি আনি কৈছিল –এই জান সাইলাখ কালিদাস এটা পালে !
-মানু.........................
বুমনৰ মাতত মানু চক খাই উঠিল ।
-অ কিবা কবা ?
-তুমি আজৰি হোৱাই নাই নেকি ?
-এই হৈছোঁ আৰু ৰবা ।
পাকঘৰৰ দুৱাৰ খন বন্ধ কৰি মানু শোৱা ৰুমলৈ সোমাই আহিল । বুকুখন অলপ কঁপিও উঠিল । হওঁতে ফুলশয্যাৰ নিশা হিচাপে এটা নিশা পাৰ হৈ গল কিন্তু যিমান হলেও এনে লাগিছে আজি নিশাটোহে যেন বুমনৰ সৈতে প্ৰথম নিশা । ডীম লাইটটো জ্বলাই তাই লাহেকৈ বুমনৰ কাষতে বিচনাত বহিল গৈ । বুমনৰ চকু তেতিয়াও লেপটপটোত । মানুলৈ নোচোৱাকৈয়ে সি এহাতেৰে মানুক কাষ চপাই আনিলে । মানুৰ গাতো পুহ মহীয়া জাৰত কঁপাৰ দৰেই কঁপি উঠিল ।
-মানু ?
-হমমমম….
-তোমাৰ পৰা মই কি বিচাৰো জানা ….
-কি ?
-মই বিচাৰো তুমি নিজৰ চিনাকি নিজেই হোৱা, যদি কালিলৈ কয় কোনোবাই কয় এইয়া বুমনৰ পত্নী তেতিয়া মোৰ যিমান ভাল লাগিব তাতোতকৈ বেছি ভাল লাগিব যেতিয়া কাৰোবাৰ আগত মই গৰ্বৰে কৱ পাৰিম মই তোমাৰ স্বামী ! বুজিলা নে ?
-ও.......তুমি কি চাই আছা নো ?
-কেইবাদিনো নিউজবোৰ চোৱা নাই অ চাই লৈছিলোঁ
-অ’ !
-মানু , এই গুগুলত যে কথাবোৰ থাকে মাজে মাজে পঢ়িবা চোন বৰ ইনটাৰেষ্টিং জানা
কথাষাৰ কৈয়ে সি লেপটপত খুচৰি খুচৰি ফটো কিছুমান উলিয়ালে ।
-মানু চোৱাচোন...মোৰ এই ঠাইতে ঘৰ এটা বনাবলৈ মন আছে জানা । চোৱা কিমান ধুনীয়া ঠাই ।
মানুৱে ফটো খন জুমি চালে । বৰ ধুনীয়া ঠাই ।
-কোন ঠাইৰ ফটো এইখন ?
-কেলফনীয়া !
-হা !! সেই টু টাউজেণ্ড টুৱেলভ নামৰ চিনেমাখনত দেখাই যে সেই ঠাইখন নে....??
-ও
-হে হৰি !! বাবা তোমাৰ সপোনবোৰ কিয় ইমান দূৰলৈ শিপাই হয় নে......?
-আৰে সপোন দেখাত আপত্তি কি ?
-দস্তুৰমত আপত্তি নাই..কিন্তু তুমি যি ঠাইৰ নাম ললা সেই ঠাইত সেই ঠাইত মই সপোনতো ঘৰ নবনাও ।
-হাৰে কিয় ?
-কিয় মানে সেই চিনেমাখন দেখোৱা মনত নাই  পৃথিৱী ধ্বংস হলে বোলে প্ৰথমে সেইবোৰ ঠাইয়েই ধ্বংস হব !!
-মানু !!
-আৰু শুনা মই এতিয়া সপোন দেখোঁ আমাৰ গাওঁত এটা ঘৰ হব । যত সেই চিনেমাখনত দেখোৱাৰ দৰে ডাঙৰ বানপানী আহিলেও আমি নমৰো....কিয় মৰিম কিবা আমি ভীম কলৰ ভুৰ সাজি লম নহয় । চব ডুবিলেও ভীম কল কেতিয়াও নুডুবে জানা ।
মানুৱে দুষ্টালিৰ হাঁহি এটা মাৰি বুমনৰ নাকটো জোকাৰি কলে । মানুৰ কথাত সিও হাঁহি উঠিল । দুহাতেৰে মানুক জোৰেৰে আকোৱালি লৈ কলে- তুমি এনেকৈ থাকিবা মানু । তোমাক মোৰ এনেকৈ ভাল লাগে ।
-সঁচা নে...বিদ্যা শপত খাই কোৱা ?
-বিদ্যা শপত...আৰু কোনোবা ভগৱানৰ নামত শপত খাব লাগে যদি কোৱা শপত খাই দিম । তোমালোকৰ আকৌ ধেৰ ভগৱান নহয়....আনকি সেই আকাশৰ গ্ৰহ কেইটাকো বাদ নিদিলা । .............গ্ৰহৰবোৰৰ বিষয়ে জানে নে মানু...?
-নাজানোঁ ! তথাপি আজি ক'ব নালাগে ।
-কিয় ?
-বৰ নকৰিবা না বাবা.......
এইবাৰ বুমনে মানুৰ নাকটো জোকাৰি হাঁহিলে ।

দিনবোৰ ভালপোৱা ,ভাললগাৰ আবেশেৰেই পাৰ হৈ গৈ থাকিল ।
সেইদিনা দেওবাৰ । দেওবাৰ আবেলিটো বুমনৰ বৰ ভাল লাগে । মানুৰ সৈতে যে সময় কটাবলৈ পায় । দুপৰীয়া ভাত খাই কিতাপ এখন লৈ সি বাৰাণ্ডাতে বহি আছিল । কাম বন কৰি আজৰি হৈ মানুও তাৰ কাষতে বহিলহি । কুটুৰ কুটুৰ কৈ চফ দুটামান চোবাই নিজৰ স্বভাৱ সুলভ ভংগীৰে তাই নিজৰ মুখ খুলিলে
-বাবা জানা ?
-হুওওও…. মই জানিলে চোন তুমি নোকোৱাই ।
-ধেত ধেমালি এৰাচোন ।
-কোৱা
-কালি মায়ে আমাৰ হৈ কোনোবা বাবা এজনক কিবা চোৱাইছিল হেনো ।
-অ.....
-মই জানো তুমি বিশ্বাস নকৰা , তথাপি মায়ে কবলৈ কৈছে কাৰণে কৈছোঁ তোমাৰ শনি গ্ৰহটো বেয়া চলি আছে বোলে । মোৰ বিৰাট ভয় লাগিছে । তোমাক কিবা ধাতু এটাৰ আঙুঠি এটা পিন্ধিবলৈ কৈছে জানা । সেই বাবাৰ তাতে পাব বোলে ।
মানুৰ কথা শেষ হবলৈ পালে কি নাপালে বুমনে হো হোৱাই হাঁহি উঠিল । বুমনৰ হাঁহি দেখি মানুৰ মুখখন ফুলি বেলুনৰ দৰে হৈ পৰিল । তাকে দেখি বুমন অলপ শান্ত হল ।
-মানু....মোৰ পত্নী হৈও তুমি এইবোৰ বিশ্বাস কৰিলে কেনেকৈ হব নো....তুমিচোন সকলোবোৰ জানাই...
বুমনে মানুৰ চকুত চকু থৈ কলে ।
-জানো জানো তথাপি কেতিয়াবা কিবা ভয় লাগি যায় অ...তুমিয়ে যে মোৰ প্ৰাণ, মোৰ ক্ৰেডিট কাৰ্ড , এটিম !
-হব হব, হব দিয়া মই আজি তোমাক সেই শনি গ্ৰহ সেইবোৰৰ কথা কম । শুনিবাতো ?
-ও কোৱা ।
বুমনৰ প্ৰস্তাৱটো শুনি মানুৰ ভিতৰি ভিতৰি খঙ উঠিল যদিও সমুখত সেয়া নেদেখুৱালে । আচলতে তাই বজাৰ কৰিবলৈ যোৱা প্ৰগাম বনাইছিল । বিগ বজাৰত বোলে বহুত কিবা কিবি ডিচকাউণ্ট দি আছে ।  এতিয়া নিজেই নিজৰ গলৰ জৰী বান্ধি ললে । বুমনৰ কথা নুশুনিলেও সি বেয়া পাব । গতিকে তাই চোফাখনত লেপেটি কাঢ়ি বহি ললে ।
বুমনে লেপটপটো আনি অন কৰি ললে । তাৰ পাছত ফটো অলপ দেখুৱাই কৈ যাবলৈ ধৰিলে-তুমি জানা নে বিশ্বব্ৰহ্মাণ্ডখন ইমানেই ডাঙৰ যে তাত হাজাৰ হাজাৰ  তাৰকা ৰাজ্য আছে আৰু তেনে এখন তাৰকা ৰাজ্যৰ এটা সৰু অংশ হল আমাৰ সৌৰজগত । এইখন বুধ গ্ৰহৰ ফটো চোৱা । এই গ্ৰহটোত কেৱল আইৰন আছে । বহুত বেছি গধুৰ । সেইবাবে তাৰ মাধ্যাকৰ্ষণ শক্তি বহুত বেছি ।
-অ তেতিয়া হলে বাবাজীবোৰে বুধ গ্ৰহ বেয়া হলে বুলি কলে মুৰত কিবা বোজা পৰা কথা কয় হবলা !
চকুৰ আগত বুধ গ্ৰহৰ সলনি বিগবজাৰ দেখি থকা মানুৱে বুমনৰ কথাত মাত লগালে । মানুৰ কথাত মিচিকিয়া হাঁহি মাৰি বুমনে আকৌ কলে
-এইটো বৃহস্পতি । ই বৰ ডাঙৰ গ্ৰহসেইবাবে তাৰ মাধ্যাকৰ্ষণ শক্তি বহুত বেছি । আৰু সেইবাবে তাৰ উপৰিভাগ জুলিয়া হৈ থাকে । তালৈ যদি মানুহ যায় তেতিয়া মানুহটোৰ ওজন ইমান বাঢ়ি যাব যে থিয় হবই নোৱাৰিব ।
-আয়ৈ.... বাবা মোৰ যদি কিবা চুপাৰ পাৱাৰ থাকিলহেঁতেন তেতিয়া পৃথিৱীৰ গোটেই পাপী আত্মাবোৰ তাতে থৈ আহিলো গৈ হেতেন ।
-হয়নে ....বাৰু এইটো শুক্ৰ গ্ৰহ । ইয়াক এংগৰি গডেছ বুলিও কোৱা হয় তাৰ উপৰিভাগৰ উষ্ণতা প্ৰায় ৫০০ ডিগ্ৰী ছেলছিয়াছৰ আশে পাশে থাকে । তাত অনবৰতে হাজাৰ হাজাৰ আগ্নেয়গিৰি উদগীৰণ হৈ থাকে । শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত বহুত বেছি ছালফাৰ গেছৰ এটা আবৰণ আছে যাৰ বাবে তাক অতি উজ্জল দেখা যায় ।
-অ'....তেতিয়াহলে শুক্ৰ গ্ৰহ বেয়া হলে তাবিজ বা আঙুঠি পিন্ধাই ভাল দেই বাবা .....
মানুৱে এইবাৰো নিজৰ ব্যাখ্যা নেৰিলে ।
-ওওও তোমাৰো যে এই মুখ মানু ! বাৰু এইটো চোৱা শনি গ্ৰহ । ই আচলতে এটা ডাঙৰ গেচৰ বল । আৰু শনিগ্ৰহৰ চাৰিওকাষে আবৰি থকা আঙুঠিটোত দেখিছা যে তাত আচলতে  হাজাৰ হাজাৰ বৰফৰ টুকুৰা আদিয়ে তাৰ চাৰিওফালে ঘুৰি ফুৰে   আৰু সেই আঙুঠিৰো কিমান বহল জানা-আমাৰ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কৈ বেছি ।
এইবাৰ মানুৰ মুখ মেল খাই গল । চকু দুটা ডাঙৰ কৰি তাই কলে-বাপৰে বাবা শনিটো কমতি বিপদজনক নহয় দেই.....তুমি জলদি আঙুঠি পিন্ধিবা হলে । নহলে তাৰ শিল এটাই যদি আমাৰ ঘৰত পৰেহি...তেতিয়া ?
-হেহ এইজনী...তাৰ এটুকুৰা বৰফ কিছুমান আমাৰ এখন এখন ৰাজ্যৰ সমান ডাঙৰ হয় ।
-উৱা !!
-উৱা ক'ব নালাগে এইফালে চোৱা এইটো ইউৰেনাচ, ই বহুত বেছি ঠাণ্ডাআৰু এইটো নেপচুন, অশান্ত গ্ৰহ । শুক্ৰ গ্ৰহৰ নিচিনা একেই কিন্তু সিমান গৰম নহয় এই গ্ৰহটোৰ নাম টাইটান । শনি গ্ৰহৰ উপগ্ৰহ । বহুত ঠাণ্ডা । ৰাতি হলে উষ্ণতা   প্ৰায় মাইনাছ ১৫০ ডিগ্ৰী ছেলছিয়াছত থাকে । ইয়াৰ উষ্ণতা যদি পৃথিৱীৰ দৰে হৈ যায় তাত মানুহ থাকিব পাৰিব পাৰে বুলি বিজ্ঞানী সকলে কৈছে জানা । তুমি জানানে মানু যিকোনো এটা বস্তু মাইনাছ ২৭৩ ডিগ্ৰী উষ্ণতা থাকিলে বস্তুটো নোহোৱা হৈ যাব । লাগিলে সেয়া একো একোটা ডাঙৰ গ্ৰহেই হওক ।
-................মই ইমান দিনে ভাবি আছিলোঁ কেতিয়াবা যদি কৰবাত ভগৱানক লগ পাওঁ আলাউদ্দিনৰ চাকিটো খুজিম । পিছে এতিয়া তোমাৰ কথাবোৰ শুনি যি দেখিছোঁ মাইনাছ ১৭৩ ডিগ্ৰী উষ্ণতা সৃষ্টি কৰিব পৰা ঝাডু কী চড়ী এডাল খুজিম । তেতিয়া মই এই দেশৰ ৰাণী হৈ যাম ....ন বাবা......!
-মানু.....!!!
-কি ?
-মই কেতিয়াবা কি ভাবো জানা মই কি সপোন দেখোঁ, তুমি মোতকৈ সাত গুণ বেছি জানা ।
বাবাৰ কথাত মানুৱে তাৰ পিঠিত ভুকু এটা মাৰি কলে
-তোমাৰ সংগদোষ বাবা ।
-অকে অকে ...চবতকৈ ডাঙৰ কথা টো নুশুনা নেকি ?
-কোৱা কোৱা .....তোমাৰ কথা শুনিম বুলিয়েইতো কাণত মিঠাতেল ঢালি বহি লৈছোঁ
-এটা হীৰাৰ গ্ৰহ পোৱা গৈছে জানা .....
-কি....... !! ইমান দেৰি সেইটোৰ কথাকে কোৱা নাই কিয় ! তুমি মিছাতেই ইমান পঢ়া শুনা কৰিলা । জলদি কিবা যান এখন বনোৱা আমি সেই হীৰাৰ গ্ৰহটোলৈ যাম.....মানে সপোনত সোনটো  কোৱা কোৱা কত পাইছে ?
-Cancer constellation পোৱা গৈছে । পৃথিৱীৰ পৰা ৪০ আলোক বৰ্ষ দূৰৈত । ইয়াৰ উপৰি ভাগ হীৰা আৰু গ্ৰেফাইটেৰে গঠিত । ইয়াৰ উষ্ণতা ২,১৫০ ডিগ্ৰী ছেলছিয়াছ !
-ছেহ ! বৰ বেছি দূৰৈত পালে ন বাবা....কোনোবা গলেও ঘুৰি আহি পৃথিৱীখন পাইনে নাপায় ঠিক নাই ....আৰু গৈ পায় মানে সেই গ্ৰহটো পাই গৈ নে নাপায় তাৰো ঠিক নাই !  ব্লেক হলবোৰে যিমানহে গ্ৰহবোৰ গিলে !
-বাহ ! মানু তুমি শিকিছাচোন ।
মানুৰ কথা শুনি বুমনে মুখ খন উজলি উঠিল ।
-শিকিছোঁ সোণটো....নহলে জানো তুমি মোক সুদাই এৰিবা । এতিয়া উঠা বজাৰলৈ ওলোৱা । মই নাযাওঁ আৰু তুমিয়ে যোৱা । মিছা মাছ পালে আনিবাচোন 
মানুৰ কথাত বুমন বজাৰলৈ বুলি ওলাল । বজাৰৰ পৰা ঘুৰি আহোঁতে অকল মিছা মাছেই নহয় আৰু এবিধ ডাঙৰ মাছ লৈ উভতিল । ঘৰত সোমাইয়ে সি মানুক কলে
-মানু আজি মাছৰ জোল কণ মই ৰান্ধিম দেই ।
বুমনে ভাল ৰান্ধে গতিকে মানুৱে একেষাৰে সন্মতি দিলে । ৰাতি মানুৱে পাকঘৰত নিজৰ ৰান্ধিব লগীয়া খিনি ৰান্ধি বুমনক মাতিলে । বুমন লগে লগে হাজিৰ । মানুৱে পাকঘৰতো তাক গতাই দি টিভিৰ আগত বহিল গৈ ।
-মানু মোৰ হৈ গল ।
আধা ঘণ্টামানৰ পাছত বুমনে পাকঘৰৰ পৰা ওলাই আহি কলে  মানু তেতিয়া ছিৰিয়েল চোৱাত ব্যস্ত ছিৰিয়েলখন শেষ হোৱাৰ পাছত তাই পাকঘৰত লাহেকৈ সোমাল গৈ । বুমন পাকঘৰত সোমালে গোটেই পাকঘৰটো ছেদেলি-ভেদেলি কৰি পেলাই । তাই প্ৰথমে সেইবোৰ চিজিল লগাই ললে তাৰ পাছত ডাইনিং টেবুললৈ ভাত আঞ্জাবোৰ কঢ়িয়ালে মিছা মাছখিনি ভাজি থোৱা বাতিটো টেবুলত থবলৈ লৈহে মানুৰ কপাল খন কোঁচ খাই গল । বুমনে মিছা খাই ভাল পাই , সেইবাবে সি পাকঘৰত সোমাৱা সময়ত তাই সেইটো একাষৰীয়া কৈ থৈ আহিছিল যাতে সি ৰান্ধি থাকোঁতেই সেইখিনি খাই শেষ নকৰেএতিয়া খালি হৈ থকা বাতিটো দেখি তাইৰ অলপ খঙ উঠিল । পিছে মুখেৰে একো নকৈ বুমনক মৰমেৰে ভাত খাবলৈ মাতিলে ভাত খাই থাকোঁতেই তাই লাহেকৈ মাত লগালে-জানা বাবা আজি আমাৰ পাকঘৰত ব্লেক হল এটা সৃষ্টি হল !
মানুৰ কথা একো বুজিব নোৱাৰি বুমনে প্ৰশ্নবোধক দৃষ্টিৰে তাইলৈ চালে । মানুৱে মুখত একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি বুমনৰ কাঁহীত মিছা মাছ দুটামান দি কলে-মানে এই ব্লেক হলটো মাজে যতে ততে সৃষ্টি  হয় , আজি এই মিছা মাছৰ বাতিটোত হল । চোৱাচোন এপোৱা মাছৰ এশ গ্ৰামেই নাই !
বুমনে মুখলৈ নিব খোজা মিছা মাছটো আধাতে ৰৈ গল । তাকে দেখি মানুৱে হাঁহি এটা মাৰি কলে-আয়ৈ মোৰ একমাত্ৰ নক্ষত্ৰটো ৰৱ নালাগে খোৱা খোৱা , মাছ কেইটাটো মই সেইটি ব্লেক হলৰ বাবেই ভাজিছিলোঁ, গতিকে খোৱা ।
-মানু...
বুমনে কিবা এটা কৱ খুজিছিল পিছে মানুৱে হাতখন ধোৱাৰ চলেৰে আঁতৰি গল । তাক সুবিধাই নিদিলে । ভাত খাই বুমনে শোৱা ৰুমত তাইৰ বাবে বৰ আগ্ৰহেৰে ৰৈ থাকিল ।  আজৰি হৈ মানু ৰুমত সোমোৱা লগে লগে বুমনে তাইক সাবটি ধৰিলে ।
-মানু....
-কোৱা আক মই দিনক দিনে বৰ টেঙৰ হৈ গৈছোঁ
মানুৱে চকু দুটা পিৰিকিয়াই ওলোটাই তাকেহে সুধিলে । তাৰ পাছত তাৰ হাতৰ মুকলি হৈ কাষৰ টেবুলৰ পৰা কিবা এটা আনিলে । এখন চি়ডিসেইখন বুমনৰ হাতত দি কলে
-মোকটো আজি বজাৰলৈ যাবলৈ সুবিধাই নিদিলা । কিমান যে কি ভাবি থৈছিলোঁভাগ্য এইখন ডাউনলোড কৰি চিডি বনাই থৈছিলোঁ দা জাৰ্নি টু দা এইডজ অফ দি ইউনিভাছ (Journey to the Edge of the Universe) আকাশৰ কথা ! প্ৰথম বিবাহ বাৰ্ষিকীৰ শুভকামনা জনালোঁ বাবা !
বুমনেও পিঠিৰ ফালে লুকুৱাই ৰখা উপহাৰটো মানুৰ হাতত দি চকুত চকু থৈ কলে-আমাৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ শুভকামনা তোমাকো জনালোঁ মানুমোৰ বাবে তুমিয়েই যে মোৰ বাবে আকাশ ।
মানুৱে বুমনক সাৱটি ধৰি ক'লে-আৰু মোৰ বাবে তুমি মোৰ আকাশেই নহয় মোৰ ইউনিভা্ৰ্ছ , গেলেস্কী সকলোবোৰ জানা ।
বুমনৰ আৰু মানু দুয়োৰে মুখত এটা হাঁহি বিৰিঙি উঠিল । এই হাঁহিয়েই সেই হাঁহি যি প্ৰাপ্তিৰ সাক্ষৰ কঢ়িয়াই লৈ ফুৰে ।।






মাধুৰীমা ঘৰফলীয়া-





পকা ধানৰ মাজে মাজে (দুই )




শুৱনি আমাৰ গাওঁখন অতি
শুৱনি গছেৰে ভৰা,
ডাল ভৰি ভৰি ফল ফুল লাগে
ত পাওঁ তলসৰা।
সাৰৌপ, সাৰৌপ……..মা ঐঐঐঐঐঐঐঐঐ আয়ৈ ঐঐঐঐঐঐঐ…..
টেটুফলা চিঞৰ এটা মাৰি আইজনীয়ে ভিতৰলৈ লৰ মাৰিলে। বাপেকে তেতিয়াও হালোৱা এছাৰি ডাল জোকাৰিয়ে আছিল !
-
ঐ হাইজাত মৰা , লআজনীয়ে পঢ়ি আছিল তইনো বাউ তাইক তেনেকৈ কোবাব লাগে নে……কিহৰ হাতৰ খজুৱতি লাগি আছে হয় নে….খবৰদাৰ আজিৰ পৰা লআৰ গাত হাত দিবি খুন্দনা মাৰি মুৰ ফালি দিম ….
কথা নাই বতৰা নাই আইজনীক তেনেকৈ কোবোৱা দেখি আইতাক জকজকাই উঠিল।
-
তই মনে মনে থাক আই , নিজেতো ক ৰ চুক কেইটা তাকে নাজান, নাতিনীয়েৰে হতকো তেনে কৰিব নালাগে।
-
ক নাজানিলে কি হ'ব তোৰ দৰে আমি মুৰুখমতি নহয় নহয়। আয়ৈ লআজনীয়ে ইমান শুৱলা কৈ পঢি আছিল, সি কেঁচাই-খোৱাই আহি তাইক কন্দুৱালেহি।
-
তোৰ সেই লআজনীয়ে যে বৰ নেওঁতাখন মেলি লৈ কবিতা পঢি আছিল সেইয়া জানো তই জান আই ?
-
তাৰ পৰানো কি হ'ল , নেওতাত কিবা কবিতা থাকিব নাপায় নেকি……
মাকৰ অঁকৰামিখিনিত দেখি ৰংমনৰ হাঁহি উঠি গ'ল। হাঁহি হাঁহিয়ে ক'লে
-
পায় পায়….পিছে শুৱনি আমাৰ গাওঁ খনি নেওঁতাত নাথাকে, তাত এক এক গুণ এক হে থাকে।
মাকৰ মুখখন মেল খাই গল। মাকক তাতে এৰি সি নাদৰ ফালে গল। পথাৰৰ পৰা আহি ভৰি হাত ধুৱা হোৱাই নাই।
-
আইজনীৰ মাক ঐঐ.. গামোচাখন দে চোন।
ৰংমনৰ মাতত ভিতৰৰ পৰা গামোচাখন লৈ আইজনীৰ মাক নামৰ শৰীৰটো ওলাই আহিল। সেইটো শৰীৰত এতিয়া দগমগীয়া গাভৰু সোনমণীৰ অলপো চিনচাব নাই। ঘৰ সংসাৰত পৰি এতিয়া সেই শৰীৰ ৰংমনৰ বাবে আইজনীৰ মাক হৈ পৰিছে, আন কাৰোবাৰ বাবে বোৱাৰী, ল'ৰা-ছোৱালী হালৰ বাবে মা…….সোনমণীৰ ঠাইত শৰীৰটোৱে বিভিন্ন জনৰ বাবে বিভিন্ন পৰিচয় হৈ পৰিছে। হয়তো সোনমণীয়ে নিজেও পাহৰি পেলাইছে তাই যে এসময়ত সোনমণী আছিল, তাইৰো নিজৰ বুলি, একান্তই নিজৰ বুলি মন এটা আছিল। এইবিলাক কথা লৈ মুৰ ঘমাবলৈও সিহঁতৰ সময় নাই।
-
সৰুকনৰ বাপেক আহিছিল, পৰহিলৈ বোলে সিহঁতৰ ন ভূই। হালখন খুজিছে….
ৰংমনক গামোচাখন দি আইজনীৰ মাকে কথাটো ক'লে।
-
তই পিছে কি কলি ?
-
মইনো কি কম, আমাৰ ন ভুইৰ দিনাও টো সিহঁতি লাগি দিবহি লাগিব, গতিকে মহেনে হাল লৈ যাব বুলি কলো।
মহেন ৰংমনৰ ঘৰৰ হালোৱা ল'ৰাটো নাম।
-
ভালে কলি দে….ই বিটু ক'ত গ'ল ?
-
ভিতৰতে আছেবায়েকে মাৰ খোৱা দেখি টেপেচা লাগি আছে।
-
'…..হেৰি নহয় চাহপানী এবাটি দে মই বাৰীতে অলপ লাগো। বাঁহনিৰ ফালৰ তামোল কেইজোপা বাঁহ কেইজোপামানে হেঁচি ধৰিছে ,সেই কিজোপা কাটিয়েই পেলাওঁ।
আইজনীৰ মাকে সন্মতিসূচক ভাবে মুৰ দুপিয়াই পাকঘৰলৈ সোমাই গল। ৰংমনে পীৰা এখন লৈ বাৰাণ্ডাতে বহি পৰিল। নিজৰ হাতখনলৈ চালে সি, নাঙল , কোৰৰ নাল ধৰি ধৰি হাতখন দিনে দিনে খহটা হৈ পৰিছে। হয়তো কৰবাত মনটোও খহটা হৈ পৰিছে। মনৰ কথা ভাবিবলৈ আজি কালি সময়ে নোহোৱা হল দেখোন ! বাপেক ঢুকুৱাৰ পাছত উত্তৰাধিকাৰী হিচাপে সিয়েই গাওঁৰ গাঁওবুঢ়া হ'ল। মাটি বাৰীৰ হিচাপত আনৰ সমানেই হ'লে কি হ'ব , তথাপি সি গাঁওবুঢ়া। মান মৰ্যদা অলপ হ'লেও আনত কৈ বেছি। তাতে ল'ৰা ছোৱালী এহাল হোৱাৰ পাছত তাৰ দায়িত্ববোধো বাঢ়িল।
-
লওক।
ৰংমনৰ ভাবত খেলিমেলি লগাই আইজনীৰ মাকে চাহপানী এবাতি তাৰ কাষতে দি মাত লগালে।
চাহপানী বাতি খাই ৰংমন দা খন লৈ বাঁহনিৰ ফালে গল। বাঁহ কেই জোপা কাটি মহেনক চিঞৰ এটা মাৰি বাঁহ কেইটা মুকলি লৈ টানি উলিয়াবলৈ কৈ সি পুনৰ পথাৰৰ ফালে গল। মহেনে পথাৰৰ মাজৰ কঠীয়ানি এখনতে হালোৱা গৰু হাল এৰাল দি থৈছিল , এৰাল ডাল অলপ লৰাই দিলে ভাল হব বুলি সি ভাবিলে। ৰদটো চৌ চৌৱাই দি আছিল। ৰোৱনীবোৰ তেতিয়াও পথাৰতে আছিল।
আয়ৈ খালেঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐ………..
নিজৰ ভাবতে মগ্ন হৈ গৈ থকা ৰংমন চক খাই উঠিল। ইফালে সিফালে চাই দেখিলে ৰোৱনী এজনীয়ে তালফাল লগাই পথাৰৰ কেঁচা আলিবোৰ ভাঙিছে। ৰংমনৰ হাঁহি উঠি গল। জোক লাগিব পাই। জোকলৈ ইমান ভয়য়ে যদি ৰুবলৈ নো কিয় আহে এইবোৰে….ৰংমন লৰালৰিকৈ সেইফালে আগবাঢ়ি গল। ইতিমধ্যে ৰোৱনী জনীৰ লগত থকা কেইজনীও তাইক সহায় কৰক চাৰি ভয়ে ভয়ে আলিত উঠিল গৈ।
-
জোকলৈ যদি ইমান ভয়ে ৰুবলৈ আহনো কিয় অ'…
ৰংমনে ৰোৱনীজনীৰ ভৰিটো থাপ মাৰি ধৰি কলাফুলৰ পৰা মস্ত ডাঙৰ জোক এটা এৰুৱাই আনি দূৰলৈ দলিয়াই দি কলে। জোকটো দেখি বাকী কেইজনী ভয়তে কোচ-মোচ খাই গল।
-
ভয় লাগে বুলিয়েই নুৰুলে হে হ'ব। জোকটো এনেও এৰিলেহেঁতেন , তোক কোনে এৰুৱাবলৈ আহিবলৈ কৈছিল
জোক লগা গৰাকীৰ খেচখেচনী শুনিহে ৰংমনে তাইৰ মুখলৈ চালে। জয়া !!! ৰংমনে ভেবা লগা দেখি জয়াও থতমত খাই গল। তাই লৰালৰিকৈ বিশৃংখল হৈ পৰা কঠীয়াৰ ফেৰাটো চিজিল কৰাত লাগিল।
-
তাই তেনেকৈ কলে কি হব ৰংমন কাই….জোকটো তই নেৰুৱা হলে তাই আজি গোটেই পথাৰৰ আলি ভাঙি শেষ কৰিলেহেঁতেন। হো ল তামোল এখন ল ….
মামণী নামৰ ৰোৱনী জনী হাঁহি হাঁহি কথাটো কৈ ৰংমনক তামোল এখন দিলে। ৰংমনেও পৰিবেশটো পাতল কৰিবলৈ কলে-এৰা ভালৰ দিন নাইকিয়া হল বুজিছ মামণী। দে দে তামোলকে খাওঁ। পিছে এইবাৰ যদি জোক লাগে মানুহৰ নাম ধৰি চিঞৰিবি দেই।
ৰংমনৰ কথা শুনি জয়াৰ বাহিৰে গোটেই কেইজনী ৰোৱনী খিলখিলাই হাঁহি উঠিল। পানীত জপং জপং শব্দ কৰি ৰংমন আঁতৰি গল। তাৰ ফালে পিঠি দি ৰৈ থকা জয়াই তালৈ উভতিও নাচালে , পিছে জপং জপং শব্দটোৱে তাইৰ বুকুত এক অদ্ভুত ঢৌ তুলি থৈ গল। মামনীহতৰ খিল খিলনিবোৰ তাইৰ কানত যেন সোমোৱাই নাই। মনটোৱে বাৰে বাৰে কিবা কিবি বোৰ ভাবিবলৈ ধৰিলে। কিমান দিন হল বুকুখন এনেকৈ কঁপি উঠা নাই….কিমান দিন হল শৰীৰৰ মাজেৰে গৰম বতাহ এজাক বৈ নোযোৱা ! সেই যে তাইৰ মনৰ কথা নুবুজাৰ বাবেই সি সোনমণীক পলুৱাই নিছিল সেইদিনাৰ পৰাই টো অলপ অলপ কৈ তাই মৰি গৈছিল। চকুপানীবোৰ শুকাই গৈছিল। মাক বাপেকে বৰ জোৰ কৰাতো তাই কাৰো সৈতে বিয়াত নবহিল। ৰংমনৰ সৈতে বাটে পথে দেখা দেখি হলেও কেতিয়াও মাতবোল নকৰে। চকুলৈও নাচাই। জোৰ কৰিয়েই তাই সেই আবেগবোৰ মাৰি পেলাইছিল। সেইখিনি আবেগেই আজি ৰংমনৰ অলপ স্পৰ্শতেই যেন আকৌ পাহ মেলি উঠিছে। জয়াৰ কঠিয়া গুজি থকা হাতখন কঁপি উঠিল।
গৰু হালৰ এৰাল দিয়া ঠাই সলনি কৰি দি ৰংমন কঠীয়ানি খনতে থকা গছ এজোপাৰ ছাঁতে বহি পৰিল। দূৰৈত ৰুই থকা জয়াহঁতলৈ চালে সি। হুমুনিয়াহ এটা ওলাই গল। ছোৱালীজনীয়ে বিয়াত নবহিলেই। হয়তো তাই তাক বহুত ভাল পাইছিল। পিছে কৱ নোৱাৰা দোষতেই তাই চিৰ জীৱনৰ বাবে অকলশৰীয়া জীৱন এটা আকোৱালি ললে। সোনমণীক আকোৱালি লবলৈ যাওঁতে সি দেও দি যাব লগা হল তাইৰ মৌন ভালপোৱা , হয়তো সিহঁত দুয়োটাই দেখা সপোনবোৰ। এক অজান দুখ বোধে ৰংমনক চুই গল।
-গাটো বেয়া নেকি আপোনাৰ ?
আইজনীৰ মাকৰ মাতত ৰংমন চক খাই উঠিল।
-
ন..হ..য়..!!
-
তেতিয়া হ'লে ভাত কেইটা লিৰিকি বিদাৰি আছে যে….?
এইবাৰ ৰংমনে একো উত্তৰ নিদিলে। কাষতে থকা চৰিয়াটোতে হাতখন ধুই ভাতৰ পাতৰ পৰা উঠি আহিল। সেই দুপৰীয়াৰ পৰাই তাৰ মনটো কিবা লাগি আছে। নাভাবোঁ বুলি ভাবিলেও বাৰে বাৰে জয়াৰ মুখখনে তাক আমনি কৰিছেহি।
-
দুপৰীয়া বোলে আপুনি জয়াহঁতৰ পথাৰলৈ গৈছিল…..
আইজনীৰ মাকে তামোলৰ বটাটো লৈ ৰংমনৰ কাষতে বহি লৈ সুধিলে। মানুহজনীৰ কথাষাৰ শুনিয়েই কিয় জানো ৰংমনৰ খঙটো ভমককৈ জ্বলি উঠিল।
-
অ' গৈছিলোঁ তাৰ পৰা তোৰ কি হ'ল ? মই জয়াক সাবটিও ধৰিলোঁ ? তাই তোৰ সতিনীয়েৰে যে গাত লাগিল ন……কোন কুকুৰক মোৰ পাছত লগাইছ হা….কাটি দুচেও কৰিম চিনি পোৱা নাই। মোক সন্দেহ কৰিবলৈ আহিছ
আইজনীৰ মাকক আচৰিত কৰি ৰংমন দপদপাই ঘৰৰ পৰা ওলাই গ'ল। যাওঁতে ভৰিটোৱে বটাটোও গুৰিয়াই থৈ গল ! ৰংমনৰ আচৰিত খঙটো দেখি মানুহজনী তাতে দৰক লাগিল !
দুভাগ নিশা কৰবাৰ পৰা ঢলংপলং কৈ আহি ৰংমন ঘৰত সোমাল হি। ঘৰত সোমায়েই সি দৰজাখনত প্ৰচণ্ড গোৰ দুটামান সোধাই আইজনীৰ মাকক গালি পাৰিবলৈ ধৰিলে- বইজ্জাত মাইকী ,গিৰিয়েক সন্দেহ কৰিবলৈ আহিছ, গিৰিয়েৰৰ পাছত চোৰাংচোৱা লগাইছ, ডিঙি চেপি দিখৌত উটুৱাই দিম গম পোৱা নাই ! তোৰ বাবেইতোৰ বাবেই মই জয়াক এৰিলোঁ, সেই হেন ৰূপৱতী ছোৱালীজনীক এৰি তোক আনিলোঁ আকৌ তই মোক সন্দেহ কৰিবলৈ আহিছ…..পিঠিত বৰ কাঁহ বজোৱা নাই যে তেল ফাটিছে তোৰ। ৰহ ৰহ তোৰ তেল ফটাম ,ৰহ……. জয়াক..জ….
বকি বকি বৰঘৰৰ মাটিতে ৰংমন শুই পৰিল। পাকঘৰৰ দুৱাৰমুখত এন্ধাৰে-মুন্ধাৰে ৰংমনলৈ বুলি অপেক্ষা কৰি বহি থকা আইজনীমাক তাতে জঠৰ হৈ পৰিল। মানুহজনীৰ বাবে যেন গোটেই পৃথিৱীখনে এটা নতুন ৰূপলৈ লাহে লাহে সলনি হব খুজিছে ..সেই ৰঙ এন্ধাৰ, গাঢ় এন্ধাৰ !!
পিছদিনা পুৱা দোকমোকালিতে উঠি ৰংমনে নিজেই হালখন লৈ পথাৰ গল। মহেনে কোৰ খন লৈ কুকুৰ খুজীয়া খোজেৰে তাৰ পাছে পাছে গল। গোমোঠা মুখেৰে হাল বাই থকা ৰংমনক দেখি ৰঙীয়াল মহেনেও নিৰৱে আঁচ কুৰিবলৈ ধৰিলে। বিটুৱে আহি পথাৰত চাহপানী দি গল হি। আন দিনাৰ দৰে ৰংমনে তাক পঢ়া শুনাৰ বিষয়েও একো নুসুধিলে। পথাৰলৈ ৰোৱনীবোৰ এজনী দুজনী আহিবলৈ ধৰিলে। ৰংমনে আঁৰ চকুৰে জয়াহঁতৰ মাটিৰ ফালে চালে তাই অহাই নাই ! কালিৰে পৰা ৰংমনৰ মনত যেন কিবা এটা জেদ সোমাইছে ….আইজনীৰ মাকে তাক যদি সন্দেহেই কৰিব পাৰে, তেন্তে সি কিয় একো কৰিব নোৱাৰিব….আজি সুবিধা পালেই সি জয়াক সুধিব-তাইৰ যদি এতিয়াও তালৈ মন আছে সি তাইক লৈ আনিব ! কতই তেনেকৈ দুজনী বিয়া কৰাইছে…!! যোৱাকালি মাজনিশা লৈকে লখেৰ ঘৰৰ চেৰাপ ভাটিত বহি দেউতিৰ সৈতে তাকে পাতিছিল। প্ৰথমজনী ঘৈণীয়েক ৰহেদৈ গ্ৰহণীত মৰাৰ পাছত দেউতিয়ে আকৌ এজনী আনিলে। ৰহেদৈৰ ফালৰ দুটা লৰা আছিল। দেউতিৰ বোলে আৰু এজনীৰ সৈতে মন খাইছে ! এতিয়া ৰংমনৰ কথা শুনি সি জপিয়াই উঠিল। লগে লগে তাক আগৰ দৰেই উৎসাহ দিলে।
-
হাল বাইছ নে পথাৰত থকা মাছ গন্তি কৰিছ….?
-
হা !!!!!!!!!!
-
মুখখন মেলি কি চাইছ….হো তামোল ল
ৰংমনে গৰু হাল ৰখাই প্ৰথমে চকু দুটা মোহাৰিলে….তাৰ বিশ্বাস হোৱা নাইসঁচাই এইজনী জয়াই নে….নিজকে চিকুটি চালে সি..অ সঁচা দেখোন !
-
তইনো এইফালে ক'ত ৰুৱলৈ যাৱ ?
কোনোমতে নিজকে চম্ভালি ৰংমনে সুধিলে।
-
বৰদাইৰ ঘৰৰ আজি ন ভূই বুলি নাজান নেকিতালৈকে যাওঁ।
-
অ'….পিছে আজি যে হাইঠা মাটিত পৰিলকথাটো কি….?
-
হাইঠা মাটিত পৰা নাই আগৰ দৰেই গছতেই পৰি আছেতই দিনকণা যে নেদেখ !
বুকু জ্বলি যোৱা হাঁহি এটা মাৰি জয়া যাবলৈ ওলাল। পিছ মুহুততে কিবা এটা ভাবি ৰৈ কলে- কালি আবেলি বৰদাইৰ ঘৰত সোনমণীক লগ পাইছিলোঁ। তাইৰ আগত বৰ্ণনা দিলোঁ বোলো তই কেনেকৈ মোৰ ভৰি জোক এৰুৱালি আৰু মই যে তোক এনেই গালি পাৰিলোঁ তাকো কলো। তোক বেয়া নাপাবলৈ কৈ পঠাইছিলোঁতাই ক'লে গৈ নে বাৰু…..?
জয়াক লগ পাই ৰংমনৰ যিমান ভাল লাগিছিল এতিয়া এই কথাষাৰ শুনাৰ পাছত সেই ভাল লগা খিনি লগে লগে চেঁচা পৰি আহিল। ইছ ! সি মানুহজনীক এনেই ইমান গালি শপনি পাৰিলে। বেচেৰীয়ে কিজান এই কোৱা কথা খিনি কে তাক ক'ব খুজিছিল ! ছিঃ ছিঃ সি যে কিমান তললৈকে ভাবিব পাৰে।
-
কি হল আকৌ ভেবা লাগিলি যে…..লাগি থাক মই যাওঁ। পিছে তোৰ মানুহজনী হলে বৰ ভাল দেই , তাইৰ গিৰিয়েকে পুৰণি প্ৰেমিকাক সাৱটি ধৰা বুলি কলতো গা নজ্বলিলবিয়া পাতি নিলেও চাগৈ একো নকব বুজিছ।
খিল খিলাই হাঁহি জয়া গুছি গল। ৰংমন ৰৈ থকাতে ঠাইতে থাকিল। জয়া কি বুজাব খুজিছে সি বুজিছে, সি অলপ আগত ভাবি থকাখিনিকে হয়তো জয়াই কৈ গ'ল। তথাপি সি বুজিব খুজা নাই। ঘৰত তাৰ বাবে এজনী মানুহ ৰৈ আছে, তাৰ মৰমৰ মাতষাৰৰ বাবে ৰৈ আছে, এই মুহুতত সেইটোত কৈ ডাঙৰ কথা তাৰ বাবে একো হ'ব নোৱাৰে। মহেনৰ হাতত হাল খন গতাই ৰংমন লৰা-লৰি কৈ ঘৰলৈ উভতিল।।