নতুনকৈ ছোৱালী এজনীয়ে লাঠ
মৰা পাছত নবীনক ডাক্তৰ দাদাই খুব গালি দিলে । চব দোষ বোলে তাৰ গাত হে । বেয়া
সংগবোৰ লৈ হেনো সি আজি কালি বেয়া হৈ গৈ আছে । মনৰ দুখতে নবীনে ঘৰৰ পৰা ওলোৱা বন্ধ
কৰি দিলে । আন দিনাৰ দৰে সিদিনাও সি ঘৰতে সোমাই আছে ,তেনেতে দুৱাৰত কোনোবাই নক
কৰিলে । নবীনে পট্টাই নিদিলে । সি মুঠতে কাকো লগ নিদিয়ে, বিশেষকৈ সেই বন্ধু কেইটাক
। দৰজাত নক কৰিয়েই আছে ......শেষত উপায়হীন হৈ দৰজা খুলিলে....সমুখত তাৰ সেই বন্ধু
কেইটা ৰনজিত অপূৰ্ব আৰু অনজন । অপূৰ্বই গৰগৰাই উঠিল-ইমান দেৰি ক'ত মৰি আছিল...দুৱাৰ
খোলা নাছিলি কিয় ...
নবীনে মনৰ বিৰক্তি মনতে
লুকুৱাই লাহেকৈ ক'লে –মই আক মানুহ অহা বুলিহে ভাবিছিলোঁ । তহঁত আহিছ বুলি গম নাপাওঁ নহয় !!!
*************************************************************************************
জেঠমহীয়া , আইতাৰ বাৰীৰ আম
কঁঠালবোৰে মোক খা মোক খা কৰি আছে । ৰনজিত সেইফালে দি নবীনৰ সৈতে গৈ আছিল । এনেতে কঁঠালৰ ফুৰফুৰীয়া গোন্ধ এটা তেওঁৰ নাকত লাগিল হি
। পেটতো কলমলাই উঠিল । নবীনক ক'লে-ব'ল কঁঠাল এটা খাওঁ গৈ । লোকৰ বাৰী লোকৰ কথা , তেনেকৈ মনে
মনে গৈ কঁঠাল খাবলৈ নবীনৰ মন নাই । তাতে সি আজি লৈকে চুৰ কৰি পোৱা নাই । পিছে
ৰনজিতৰ অনুৰোধ পেলাব নোৱাৰি গ'ল আৰু । লতা মেকুৰী বাঘৰ দৰে খপখপাই ৰনজিত কঁঠাল গছৰ
ওপৰত উঠিল গৈ । উঠাৰ আগতে নবীনক কৈ গল –মই ভাল চাই কঁঠাল এটা ওপৰৰ পৰা পেলাই
দিম...তই কেচ ধৰিবি । নবীনে ও বুলি কৈ ওপৰলৈ চাই আছে । ৰনজিতে এবাৰ ইটো কঁঠাল টুকুৰিয়াই
চাই ...এবাৰ সিটো ...চব ভাল লাগিছে তেওঁ । পিছে এনেকৈ কঁঠাল চাই থাকোঁতে এপাকত
শুকান পচা ডাল এটাত ভৰি থলে নহয়.....নবীনে কেচ ধৰিবলৈ নাপালেই...ৰনজিত পকা কঁঠাল
সৰাদি মাটিত পৰিল হি । নবীনে মাথো আয়ৈ আই বুলিহে শুনিলে ।
লৰালৰিকৈ ডাক্তৰৰ ওচৰলৈ
নিয়া হ'ল । বাও ভৰিটো আঁঠুৰ তলতে ভাগিল বোলে । খা বাপ্পেকে কঁঠাল । মস্ত ডাঙৰ প্লাছটাৰ এটা লগাই ৰনজিত ঘৰলৈ ঘুৰিল । ওচৰ চুবুৰীয়া মানুহবোৰ খবৰ ল’বলৈ আহিল । সকলোৱে আহিয়ে
সুধে বোপা কেনেকৈ ভাঙিবলৈ পালেহে । নবীন কাষতে আছিল । সি যিয়ে সুধে তাকেই কঁঠাল
কাহিনীটো আগৰ পৰা গুৰিলৈকে অকণো নুলুকোৱা কৈ বৰ্ণনা দিয়ে । মানুহবোৰে প্ৰথমে ইছ আছ
কৰে...পাছত কয়, বোপাই অ' লোকৰ বস্তু তেনেকৈ হাত দিলে কি হয় দেখিলি ...আজিৰ পৰা
নকৰিবি দেই । ৰনজিতে লাজতে মুৰ দাঙিব নোৱাৰা হ'ল গৈ । নবীনে কৈয়ে আছে....ৰনজিতৰ
ঘোপা চকুকো আওকাণ কৰি । শেষত ৰ'ব নোৱাৰি তাক বিৰাট জোৰেৰে ধমকি এটা দি ক'লে-তই যদি
এতিয়াই চুপ নাথাক...তোক গুৰিয়াই গুৰিয়াই কাটাৰত থৈ আহিম গৈ !
নবীনে গহীনাই উত্তৰ
দিলে-এটা ঠেং ভাঙি বিচনাত লাং খাই পৰি আছ ....আগে তোৰ ভৰিটো ভাল হৈ লওক চোন...তাৰ
পাছত যাম !!!
*************************************************************************************
এইটো আগৰ যুগৰ কথা বোলে ।
ৰনজিত অপূৰ্ব আৰু নবীন সেই জনমত আফ্ৰিকাৰ বাসিন্দা আছিল । তিনিও বিৰাট ভাল বন্ধু
আছিল (আজিৰ দৰেই ) । এদিন তিনিও ফুৰিবলৈ ওলাই যাওঁতে বাটতে পালে নহয় পৰী এজনী ।
একদম ভৰিতে লুটি খাই পৰিল । পৰীয়ে ও তিনিজনৰ ভক্তিত সন্তুষ্ট হৈ কলে-বাচা কি বৰ
লাগে কোৱা.....
ৰনজিতে লগে লগে মাত
লগালে-দেৱী মোক গাখীৰৰ দৰে বগা কৰি দিয়ক ।
পৰীয়ে তথাস্তু বুলি কলে লগে
লগে ৰনজিত নিগ্ৰোৰ কয়লা হেন কালাৰৰ পৰা
ইউৰোপীয়ান যেন হৈ পৰিল ।
অপূৰ্ব তাকে দেখি ক'লে-দেবী
মোক গাখীৰৰ দৰে বগা কৰি দিয়ক ।
পৰীয়ে তথাস্তু বুলি কোৱাৰ
লগে লগে তেওঁ ও ইউৰোপীয়ান পাহোৱাল ডেকা যেন হৈ পৰিল ।
এইবাৰ নবীনৰ পাল পৰিল । সি
লাহেকৈ মাত লগালে-দেৱী মোৰ বন্ধু দুজন আগতে যেনেকুৱা কলা আছিল তাতকৈ অলপ বেছি কলা
কৰি দিয়ক যাতে এন্ধাৰৰ সৈতে সিহঁত একেবাৰে মিলি যায় ।