Tuesday, 25 December 2012

অৰ্ধ আকাশ

ৰ পৰা আৰম্ভ কৰো! সেই নাৰীৰ পৰা নে যিগৰাকীয়ে প্ৰাপ্তিৰ সকলো সুখ অপ্ৰাপ্তিয়ে ঢাকি পেলোৱাৰ পিচতো ভাগ্যৰ ওপৰত সকলো এৰি দি ওঁঠত অনবৰতে কঢ়িয়াই ফুৰে স্বৰ্গীয় হাঁহি। যি হাঁহিয়ে পলকতে উটুৱাই লৈ যাব পাৰে তেওঁৰ আপোনসকলৰ মনৰ জড়তা। নে সেই নাৰীৰ কথা কওঁ, যি নাৰীয়ে কেৱল মৃত্যুৰ ভয়ত জীয়াই আছে, এটা শৰ দৰে! কাৰ মুখলৈ চাই প্ৰশ্ন কৰিম- তুমি জানো সঁচাই আকাশলৈ চাব পাৰিছা, ব পাৰিছা জানো কাৰোবাৰ অৰ্ধ-আকাশ! অভিযোগ কৰিবলৈও গৈয়ো ৰৈ যাওঁ, কাক দিম সেই অভিযোগ, যাৰ বাবে নাৰীয়ে পুৰুষৰ সৈতে সমানে খোজ দিয়াৰ অধিকাৰৰ পৰাও যুগে যুগে বঞ্চিত হৈ আহিছে। অভিযোগবোৰে যেন উভতি আহি আমাৰ গাতে আচাৰ খাই পৰে। কোনোবাই যেন আকাশবাণীৰ দৰে কৈছে—‘নাৰী, তুমি যদি আকাশ হব পৰা নাই তাৰ বাবেই সকলোতকৈ বেছি দোষী তুমি নিজেই।
Thomson Reuters Foundation
এ বিশ্বৰ ১৯খন দেশৰ নাৰীৰ অৱস্থিতিৰ সন্দৰ্ভত চলোৱা সমীক্ষা এটা ২০১২ চনৰ ১৩ জুনত বি বি চি নিউজত প্ৰচাৰ হৈছিল। সেই অনুসৰি ফাউণ্ডেচনৰ তালিকাত ভাৰতে শেষ স্থান লাভ কৰিছিল। উল্লেখযোগ্য যে সেই সমীক্ষাত বাংলাদেশ আৰু পাকিস্তানক অন্তৰ্ভুক্ত কৰা নাছিল। তালিকাত শীৰ্ষস্থান দখল কৰিছিল কানাডাৰ নাৰীয়ে। সমীক্ষাটোত ভাৰতীয় নাৰীৰ অৱস্থান চৌদি আৰৱৰ নাৰীৰ দৰেই প্ৰায় একেই বুলি উল্লেখ কৰা হৈছিল ।
ত চৌদি আৰৱৰ সেই মত প্ৰকাশৰ অধিকাৰ নোপোৱা নাৰী আৰু কত ভাৰতীয় নাৰী! উত্তৰ ভাৰতৰ নাৰীৰ অৱস্থা দেখিলে সমীক্ষাটো ভুল যেন নালাগে। যৌতুক, ভ্ৰূণহত্যা, গণ ধৰ্ষণ আদিয়ে নাৰীক জুৰুলা কৰি ৰখা সেই সমাজত নাৰীৰ মূল্য একোটা পোহনীয়া জীৱ-জন্তুতকৈ বেছি নহয়। লাহে লাহে সেইজাক বতাহ যেন সকলোতে বিয়পিব ধৰিছে।

…….
আচলতে দোষ কাৰ ?
বিখ্যাত সাহিত্যিক ৰবীন্দ্ৰ নাথ ঠাকুৰ দেৱৰ চৌখেৰ বালিনামৰ উপন্যাসখনৰ এটা চৰিত্ৰ আশাই তাইৰ মাহীয়েক অন্নপূৰ্ণাক সুধিছিল—‘বাৰু মাহীদেউ, মহাদেউলৈ তোমাৰ মনত পৰে নে?’
ন্নপূৰ্ণাই কৈছিলপ্ৰায় ১১ বছৰ বয়সত মই বিধৱা হৈছিলোঁ, এতিয়া স্বামীৰ স্মৃতি ধোঁৱাৰ দৰে হে আছে।
আশাই পুনৰ সুধিছিলতেন্তে তুমি কাৰ কথা ভাবা?
আশাৰ প্ৰশ্নত অন্নপূৰ্ণাই কৈছিলএতিয়া ভগৱানক স্মৰণ কৰো যাৰ মাজত মোৰ স্বামী আছে!
-
ইয়াৰ দ্বাৰা তুমি কিবা তৃপ্তি পোৱা জানো?
বিধৱা মাহীয়েকক সোধা সেই প্ৰশ্নটোৱে মোৰ মনটো বহু সময় ধৰি খলকনি লগাই থাকিল। সঁচাই জানো এনেকৈ তৃপ্তি পোৱা যায়! বিখ্যাত লেখিকা মামণি ৰয়ছম গোস্বামীয়েও বহুবাৰ বিধৱা নাৰীৰ বিষয়ে লিখি গৈছে। সময় সলনি হল। সেই নীতি-নিয়মৰ গোড়ামিয়ে ছানি ধৰা সময়খিনিৰ পৰা আজিৰ সময়ে বহুদূৰ আঁতৰি আহিল। তথাপিও সমাজৰ ফাঁকে ফাঁকে আজিও তেনে অনিয়ম প্ৰচলিত হৈ আছে। কৰবাত কোনোবা এগৰাকী বিধৱা নাৰীয়ে বিবাহপাশত আবদ্ধ হ, কোনো কোনো সমাজে সেই নাৰীক ঘৃণাৰে পুতি পেলায়। অথচ সেই একেখন সমাজেই এজন পুৰুষে পত্নীৰ মৃত্যুৰ পিছত আন এগৰাকীক বিয়া পাতিলে সেই পুৰুষক একো নকয়। আচৰিত সমাজ! কিয় এনে বৈষম্য? কিয় সকলোতে আঁহ ফালি দেখুওৱা হয়?
ঘৰ পৰিয়াল, নিজ আকাংক্ষা সকলো নেওচা দি বিয়ানামৰ ৰীতিটোক খামোচি ছোৱালী এজনীয়ে আন এখনক ঘৰক আদৰি ললে তেওঁক কোৱা হয় লক্ষ্মী বোৱাৰী। সেই একেটা কামকে যদি এজন পুৰুষে কৰে, তেতিয়া ? এজন পুৰুষে যদি নিজৰ সকলো ত্যাগ কৰি পত্নীৰ ঘৰত আশ্ৰয় লয় তেতিয়া সমাজে সেই পুৰুষজনক তিৰস্কাৰ কৰে। যেন ত্যাগ কৰা নিয়ম পুৰুষৰ বাবে নহয়, কেৱল নাৰীৰ বাবেহে!
ইমানৰ পিছতো নাৰী এগৰাকীক যৌতুকৰ মাপ-কাঠিৰে জোখা হয়। যৌতুক ননাৰ অপৰাধত, যৌতুক দিব নোৱাৰাৰ অপৰাধত প্ৰতিদিনে এগৰাকী নহয় এগৰাকী নাৰীয়ে মৃত্যুক সাবটি লবলগা হৈ আহিছে। অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতন গাত পাতি লব লগা হৈ আহিছে।
সমাজখন শিক্ষিত মানুহেৰে ভৰি পৰিছে। কিন্তু মনবোৰ যেন এতিয়াও শিক্ষাৰ সুফলৰ পৰা শত যোজন নিলগত।
সতীত্বৰ জোখ-মাখ কেৱল নাৰীৰ লোৱা হয়। পুৰুষে কিয় সেই পৰীক্ষাত অৱতীৰ্ণ হ নালাগে? জীয়াই থকাৰ কোনো অৱলম্বন নোহোৱাৰ বাবে কোনোবাই জীয়াই থকাৰ তাগিদাত বাধ্য হৈ শৰীৰ বেচে। তাৰ বাবে সেই নাৰীয়ে নাম পায় বেশ্যা। সমাজৰ পৰা এলাগী হয় তেওঁ। মৃত্যুতকৈ শৰীৰ ডাঙৰ হৈ পৰে নেকি?  জীয়াই থকাৰ শেষ আশ্ৰয়টোৱেই যদি শৰীৰ হৈ পৰে তেতিয়াহলে সেই নাৰীক কিয় বেশ্যা আখ্যা দিয়া হয় ? বেশ্যাতো সেই পুৰুষ আৰু নাৰীহে, যি কেৱল শাৰীৰিক ক্ষুধা নিবাৰণ কৰিবলৈ বজাৰত বিক্ৰেতা-ক্ৰেতাৰ ৰূপত অৱতীৰ্ণ।
কথাবোৰ যেন খেলিমেলি হৈ যায়। আকাশ চুই অহা কল্পনা চাওলা, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাষ্ট্ৰপতি প্ৰতিভা পেটেল, অলিম্পিক বঁটা বিজয়িনী মেৰি কম, ছাইনা নেহৱাল আদিৰ কথা ভাবিলে এনে লাগে যেন আজি আৰু সেই নাৰীও নাই, সেই সমাজো নাই যত পদে পদে ভিন্ন কাৰণত নাৰীয়ে যন্ত্ৰণাৰ সন্মুখীন হয়, ত নাৰীক বোজা হিচাপে গণ্য কৰা হয়। পিছে সমাজ জানো সঁচাকৈয়ে সলনি হৈছে সমাজে যে আজিও সেই পাৰ্থক্য কঢ়িয়াই লৈ ফুৰিছে যাক আঁতৰাবলৈ দিনে দিনে নতুন দল, সংগঠনৰ জন্ম হৈছে। আইন প্ৰণয়ন হৈছে। আজিও নাৰীয়ে জন্মৰ পৰা মৃত্যুলৈকে কেৱল জীয়াই থকাৰ বাবেই সংগ্ৰাম কৰিব লগা হৈছে।
কাৰ দোষত….??
শীতৰ ঠেঁটুৱৈ ধৰা জাৰত, চিৰিলা-চিৰিলকৈ ফটা গোৰোহা আৰু মাজে মাজে তেজ বিৰিঙি উঠা হাতৰ আঙুলিৰেই অহৰহ কাম কৰি যোৱা গাঁৱলীয়া নাৰীক যদি কেতিয়াবা সোধা হয়-আপুনি সুখী নে? একেষাৰেই হয়তো তেওঁ কমই সুখী। তেওঁ সুখী! অথচ সেই নাৰীয়েই বিবাহৰ পাছত পাহৰি পেলায় নিজৰ চিনাকি, নিজৰ নামটোও। কিন্তু তেওঁ সুখী। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ সুখৰ সংজ্ঞাই নাজানে। আচলতে তেওঁৰ সুখৰ পৰিসৰ সিমানেই, তেওঁ জীৱনৰ পৰা সিমানেই  বিচাৰিছিল আৰু তাক পালে বাবেই তেওঁ সুখী।
মানুহ তেতিয়াই অসুখী হয় যেতিয়া বিচৰামতে একো নাপায়, বিচৰামতে একো নহয়। উচ্চাকাংক্ষী মনত যেতিয়া কাৰোবাৰ বাধা আহি পৰে তেতিয়াই নিজকে পৰাধীন যেন লাগে। তেনে সময়তেই নাৰী পৰাধীন হৈ পৰে। কিন্তু কোনোকালে কোনো কাৰো পৰাধীন নাছিল, পৰাধীনতাৰ শিকলি মানুহে নিজেই গঢ় দি লৈছে। নিৰ্যাতনৰ কাৰণবোৰ মানুহে নিজেই সৃষ্টি কৰি লৈছে। কণ কণ বালিৰে একোটা শিল গঢ় লৈ উঠাৰ দৰে এই নিৰ্যাতনৰ কাৰণসমূহো এটা দুটা কৈ লগ লাগি আজিৰ সমাজৰ এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এই প্ৰত্যাহ্বানক প্ৰতিহত কৰাৰ একমাত্ৰ উপায় হল আমি প্ৰত্যেকে নিজৰ মনৰ পৰা সেই কাৰণসমূহ উৎখাত কৰিব লাগিব। প্ৰতি পলেই এই কথা মনত ৰাখিব লাগিব, এই নাৰীয়ে সেই নাৰী যি হাজাৰ ভুলৰ পাছতো আমাক মাতৃ হিচাপে আঁকোৱালি লয়, পত্নী হিচাপে প্ৰেমেৰে ওপচাই পেলায়, ভগ্নী হিচাপে ভালপোৱাৰ আবদাৰেৰে বুৰাই ৰাখে আৰু জীয়ৰী হিচাপে দুচকুৰ মণি হৈ উঠে। এই নাৰীয়েই সেই নাৰী, যি কাষত নাথাকিলে হাজাৰ ঐশ্বৰ্যৰ মাজতো দেউলীয়া হব পাৰে পৃথিৱীৰ প্ৰতিজন পুৰুষ। কাৰণ? কাৰণ এটাই
নাৰী যে অৰ্ধ-আকাশ !!

http://www.xahitya.org/2012/12/14/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A7%80%E0%A7%9F-%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80%E0%A6%AE%E0%A6%BE-%E0%A6%98%E0%A7%B0%E0%A6%AB%E0%A6%B2/

No comments:

Post a Comment