Tuesday, 25 December 2012

ভোগালীৰ ভোগ





দৃশ্য একঃ

উদং পথাৰখন কুঁৱলীয়ে চানি ধৰিছেযেন আবুৰ নথকা গাভৰুৰ দেহাত এখন চাদৰ হে আঁৰি দিছে । সৰু সৰু লৰা-ছোৱালীবোৰে চেঁচু বিচাৰি খান্দি থকা-সৰকা কৰা আলিবোৰৰ মাজে মাজেই মানুহজনে গাই এজনী এৰালত ধৰি টানি  আগবাঢ়ি গৈ আছে । ভৰিৰ মাজত শুকান নৰা এডাল সোমাই পৰিল । চেৰেককৈ আঙুলিৰ মাজতে অলপ কাটি নিলে । আস ! আঘাত পাই মুখেৰে শব্দ ওলাই আহিল । বিহুৰ বাবে আগতীয়াকৈ ছুটি লৈ ঘৰলৈ যোৱা হালোৱাটোক উদ্দেশ্য কৰি গালি অলপ পাৰিলে । সি নথকাৰ বাবেহে তেওঁ পুৱাই পুৱাই এই নতুনকৈ অনা গৰুজনীক এৰাল দিবলৈ আহিব লগা হৈছে ! ঘাঁহ থকা আলি দুটামান চাই গৰু এজনীক এৰাল দি এৰালৰ খুটিটোতে টাঙোন ডালে ধাম ধাম কৈ কোব কেইটামান শোধালে যেন কোব কেইটা হালোৱাটোৰ পিঠিত হে পৰিছে
-দদাইদেউ দেখোন !
পাছফালে মাত এষাৰ শুনি মানুহজনে কঁকালটো পোনাই উভতি চালে । হাতত কাঁচি লৈ কনক আৰু মিনতি ৰৈ আছিল । 
-এই ধল পুৱাই তহঁত হাল কলৈ ওলালি হয়নে ?
-নৰা কাটিবলৈ যাওঁ দদাইদেউ ।
মিনতিয়ে ওৰণি টনা আঁজোৰা কৰি থকাত ব্যস্ত হোৱা দেখি কনকেই উত্তৰ দিলে ।
-অ নৰা কাটিছ নেকি, কিমান কাটিলি ?
-নাকাটিলে কেনেকৈ হব দদাইদেউ । নৰা অলপ বিক্ৰী কৰিয়েই বিহুৰ খৰচটো উলিয়াব লাগিব । তাতে নিজৰ ঘৰটোও চাব লাগিব নহয় । দুইটাই মিলি পাচশ মান কাটিলোঁ
-ভালে কৰিছ দে মোকেই নৰা অলপ লাগিছিল । এই বৰঘৰটো টিং পাতৰ হলে গৰম দিনত বৰ কষ্ট হয় অ ...তাতে গোহালিটোও চাব লাগিব । হেৰি কৰ তহঁতৰ নৰা এহেজাৰ মোকেই দিবি । কিমান কৈ লবি ?
-৪০ টকা শ ।
-এঃ ! ৩০ টকাকৈ লবি ঘৰৰে মানুহ, ইমান দাম নকৰিবিচোন । বেলেগে কোনোবাই বেছি দাম দিম বুলি কৈছে নেকি ?
-এতিয়ালৈকে কোনেও কোৱা নাই । পিছে দদাইদেউ বিহুৰ আগতে নৰাৰ পা-পইচা কেইটা দিব পাৰিলে ভাল হব ।
-হব দে তহঁতে চিন্তা নকৰিবি । তহঁতি নৰা দিবি মই লগে লগে পইচা দিম ।
মানুহজনে কথাষাৰ কৈয়ে ঘৰৰ ফালে খোজ দিলে । ইমান পৰে মনে মনে থকা মিনতিয়ে মাত লগালে –মাষ্টৰক নৰা খিনি দিম বুলি কোৱাটো বৰ ভাল নহল নেকি ..মানুহটোৱে পইচা দিবলৈ বৰ টান পাই ।
ঘৈণীয়েকৰ কথা শুনি কনকে অলপ ভেকাহি মাৰিয়েই কলে-মই নিজেই দিম বুলি কৈছোঁ নে ? কেনেকৈ নিজেই কৈছে শুনিলিয়েইচোনপা পইচা থকা মানুহ । কেতিয়াবা বিপদে আপদে লাগে । নিদিওঁ বুলি কলে বেয়া নাপাব নে ?ল বল ইয়াত কথা চেল-চেলাই থাকিলে নৰা কটা নহব গৈ ।

দৃশ্য দুইঃ

পুতুৱে কিতাপখনত নাকটো লগাই আকৌ এবাৰ শুঙিলে । ইমান ধুনীয়া গোন্ধাইছে ! কিতাপকেইখন এৰি দিবৰ মনেই যোৱাই নাই । শুকান বতৰত হঠাতে বৰষুণ এজাক আহিলে মাটিবোৰ জেকি ওলোৱা মাটি মাটি গোন্ধটো, আঘোণৰ ধাননিৰ মাজে মাজে আলিবোৰৰ ঘাঁহত নিয়ৰ পৰি ওলোৱা গোন্ধটো আৰু এই কিতাপৰ এই নতুন নতুন গোন্ধটো সি বিৰাটেই ভাল পাই । কিতাপ পঢ়িবলৈ লৈ পুৱাৰে পৰা কিতাপবোৰ লিৰিকি বিদাৰি আৰু শুঙি থাকোঁতেই গৈছে । এইবাৰ সি প্ৰাথমিকৰ পৰা হাইস্কুললৈ প্ৰমোচন পাইছে । যোৱাকালি স্কুলত কিতাপ দিছে । বৰ আলফুলে সি কিতাপখিনি আকোৱালি লৈছিল । স্কুলৰ পৰা আহি মাকৰ কথা মতে মাষ্টৰ বৰদেউতাকৰ ঘৰলৈ গৈ বাতৰি কাগজ অলপ খুজি আনিলে । বাতৰি খুজিবলৈ সি অলপ টান পাই । বৰমাকে সদায় দিও নিদিওঁ কৈ দিয়ে যেন পুৰণা বাতৰি কেইখনৰ সৈতে তেওঁৰ খুব মূল্যবান বস্তুও কেইপদ মান গুছি গৈছে । কিতাপৰ স্বাৰ্থত বৰমাকৰ সেই টেলেকা চাৱনিটোকো আওকাণ কৰি সি বাতৰি কেইখনমান আনিলেগৈ । তাৰ পাছত বাৰীৰ চতিয়না গছজোপাৰ গাত কটাৰিৰে ঘাপ দুটামান মাৰি ৰৈ থাকিল । চতিয়নাৰ গাৰ পৰা ওলোৱা ৰস খিনি কাপোৰ অকণমানত টুকি লৈ কিতাপ কেইখনত আঠা লগাই বাতৰি কেইখন লগালে । লগতে বহীৰ পৰা ফালি বনোৱা টিকট একোটাত নিজৰ নাম লিখিও  লগাই দিলে ।
-পুতু ঐ
বীৰেণৰ চিঞৰত সি কিতাপৰ মাজৰ পৰা মুৰটো উলিয়াই পদুলিলৈ চালে ।
-নাযাৱ নেকি ?
বীৰেণে তাক আকৌ সুধিলে
-কলৈ ?
-মণিচালৰ গুটি আনিবলৈ ।
-অহ ! মই পাহৰিছিলোঁৰহ ঘৰৰ দুৱাৰখন বন্ধ কৰি লওঁমা দেতা নাই নৰা কাটিবলৈ গৈছে ।
দুপদাপ কৈ দৰজা খনত দাং ডাল লগাই দুয়োটা ঘৰৰ পৰা অলপ দূৰৈত থকা বাৰীখনলৈ লৰ দিলে ।
মণিছালৰ গুটি বিচৰাৰ কথাটো কালি স্কুললৈ যাওঁতেই পাতি আহিছিল । পুৱাই মাককো কৈছিল । মাকে মাথো কৈছিল বাকলিবোৰ একে ঠাইতে থবিচুলি ধুবলৈ ভাল । এতিয়া কিতাপৰ মোহত পৰিহে পাহৰি গৈছিল । এই মাঘৰ বিহুটো কাষ চপাৰ লগে লগে সিহঁতৰ গা সাতখন আঠখন হৈ পৰে । মণিছালৰ গুটিৰে চোঁতালবোৰ ভৰি পৰে । মাজে মাজে মাৰ্বলো ওলাই । পিছে পুতুহঁতে এতিয়াই মাৰ্বল চুবলৈ পোৱা নাই । বিহুৰ দিনাহে দেউতাকে এটকা বা দুটকা কিনি দিয়ে । এই কেইদিন মাৰ্বলৰ সলনি মণিচালৰ গুটিয়েই চলাব লাগিব ।
শিঙৰি গছ এজোপাৰ কাষতে থকা গছজোপাৰ তলত মণিছাল বিচাৰি  বীৰেণে সুধিলে-তোক এইবাৰ বিহুত কাপোৰ দিব নে পুতু ? মোক দেতাই হাফ পেন্ট এটা আনি দিম বুলি কৈছে ।
শিঙৰি কাঁইট এসোপা ভৰিৰ পৰা গুচাই মুখখন হাঁহি এটাৰে বহল কৈ মেলি পুতুৱে কলে-দিব । মাই দিম বুলি কৈছে নহয় ।

দৃশ্য তিনিঃ

হাতত মোনা একোটা লৈ চেঙেলীয়া ডেকাৰ জুমটোৱে ঘৰে ঘৰে চাউল আৰু ভোজৰ চান্দা তুলি ফুৰিছে । কনকৰ ঘৰৰ পৰা ওলাই অলপ দূৰ গৈয়ে বিমানে মাত লগালে-কনক কাই টো বৰ চিকটা অ, ভোজটো বুলিও দহ টকা দিবলৈ টান পাই । কেৱল পুতেকৰ নামতহে চান্দা দিলে ।
-যোৱাবাৰ জন্মাষ্টমীতো কেৱল পুতেকৰ চান্দাহে দিছিল । মানুহটোতকৈ মানুহজনীৰ হাতখন বেছি টান ।
বিমানৰ কথা শুনি ৰমেনেও মাত লগালে । লগত থকা কেইটাও হয় হয় ভাবত মুৰ দুপিয়ালে
-যাৰ যিমান থাকে সিমানেই বিলাসিতা কৰিব পাৰে ।
কংকনে গোটেই কেইটাৰ হয় হয় ভাবটো থেকেচা মাৰি মাত লগালে ।
-যাৰ যিমান আৰ্জন সিমানেই খৰচ কৰিব পাৰে । কনক ককাইদেউহঁতৰ নিজৰ আৰ্জনৰ তুলনা এই যে ১০ টকা দিছে সেইয়া একপ্ৰকাৰৰ বিলাসিতাইসেইবাবেই তেওঁলোকক চিকটা বুলি কব নোৱাৰি ।
কংকনৰ কথা লাজ পাই সেমেনাসেমেনি কৈ লৰা কেইটা মুহেশ্বৰৰ ঘৰত সোমাল গৈ । পিছে  তেওঁলোকৰ ঘৰত সোমায়েই সিহঁতৰ মন ভাল লাগি গল । জুহালত কেইবাজনো মানুহ বহি আছে । প্ৰত্যেকৰে সমুখত সোম-ৰসৰ বাতি একোটা । কংকনৰ বাহিৰে গোটেই কেইটা গৈ সেই আড্ডাত লেপেটা খাই বহিল গৈ ।
-খুৰীয়ে আগতীয়া বিহু লগালে যেন পাওঁ ।
-হেৰৌ আজলীৰ মাক ইহঁতকো অলপ অলপ দেচোন । বিহু বুলি খাওক ।
দোৰোলখোৱাৰ জিভাৰে আজলীৰ বাপেকে ঘৈণীয়েকক আদেশ দিলে । মানুহ জনীয়েও হাঁহি হাঁহি লৰাকেইটালৈ বাটি একোটা আগবঢ়াই দিলে ।
-কংকন আঁতৰত কিয় ৰৈ আছ । আহ আকৌ
কংকনক আঁতৰি থকা আজলীৰ মাকে মাতিলে ।
-নালাগে খুৰীদেউ মই ইয়াতে ঠিকেই আছো । সিহঁতকে দিয়কচোন ।
-উৱা বিহু বুলি অকণমান খাবা আহা একো নহয় ।
-নালাগে নালাগে খুৰিদেউ
কংকনৰ কথা শুনি আজলীৰ মাকৰ লগতে বাকী সকলেও হাঁহি উঠিল ।

গধূলি ।
বাহিৰত বিহুৰ খদমদম । আজলীয়ে জুহালত বহি তিল পিঠা পুৰিছে । সোমৰসৰ নিচাত মতলীয়া হৈ থকা বাপেকে কেতিয়াবাই ঘুৰ ঘুৰাই শুলে । আজলীৰ মাকৰহে শান্তি নাই । পুৱাতেই মেজিৰ কামত লাগো গৈ বুলি ওলাই যোৱা লৰাটো এতিয়ালৈকে উভতাই নাই । ভোকে লঘোনে কত বা কি কাম কৰি ফুৰিছে । হঠাতে পদুলিৰ নঙলাডাল কেৰকেৰাই উঠাত চাকি এটা লৈ মানুহজনী লৰালৰিকৈ ওলাই গল । চাকিটোৰ ধিমক ধিমাক পোহৰতে দেখিলে কোনোবা এটা নঙলা এডাল ভাঙি পদুলিতে শুই আছে । মানুহজনী আগবাঢি গল ।
-বিহু বুলি অকণমান খালো অ মা ।
ফুটা নুফুটা মাতেৰে লৰাটো মাত মাতিলে ।

দৃশ্য চাৰিঃ

পুৱাৰে পৰা মিনতিয়ে ইফালে সিফালে কাম কৰি ফুৰিছে বিহু বুলি ব্যস্ততাবোৰ এনেই বাঢ়ি যায় । জা জলপান বেছি কৰা নাই । চিৰা এদোন , সান্দহ একলহ , আৰু তেল পিঠা এক কেজি । তিল পিঠা অলপো পুৰিবলৈ মন আছিল পিছে গুৰ আৰু তিলৰ নামত টকা খৰচ কৰিব নোৱাৰি । কনক নাই । মাষ্টৰৰ ঘৰলৈ গৈছে । নৰা এহেজাৰ নি মানুহজনে পইচা দিয়া নাই । আজি দিম বুলি কৈছে । পুৱাই কনক তেওঁলোকৰ ঘৰলৈ গল । তাৰ পৰা আহিয়েই বিহুৰ বজাৰলৈ যাব । মিনতিয়ে হাঁহ এটা বান্ধি থৈছে । হাঁহ এহালেই আছে । তাৰে এটা বিকিবলৈ তাইৰ মন নাছিল, পিছে উপায় নাই । সেই টো বিকি বিহুৰ বজাৰখিনি কৰিব লাগিবমাষ্টৰৰ ঘৰৰ পৰা পইচা কেইটা পালে পুতুলৈ কিবা এটা আনিবলৈ ককনকৰ গেঞ্জীটোও ফুটা ফুটা হল । গেঞ্জী এটাও আনিবলৈ কব লাগিব । পইচা হলে তাইলৈ ব্লাউজ এটাও আনিবলৈ কব লাগিব । পুতুলৈ চালে । সি গাত তেল টেঙা সানি বাপেকলৈ বাট চাই আছে । বাপেকৰ সৈতে বজাৰলৈ যাব বোলে । বজাৰৰ পৰা তোলৈ নখ পলিচ এটা আনিম দে –পুৱা কনকে কোৱা কথাষাৰ মনত পৰি তাইৰ মুখত হাঁহি এটা ফুটি উঠিল । এতিয়া আৰু তাইৰ নখ পলিচ ঘঁহাৰ বয়স নে । জেতুকাবোৰ নো কিয় আছে । সেইষাৰ কওঁতে আক সি কলে- জেতুকা সদায় ঘঁহ আজি নখ পলিচ লগাবি ।
ৰৈ ৰৈ আমনি লাগিছিল । ৰেডিঅটো লগাই সময়টো অনুমান কৰি ললে । ১০ টা বাজিল । মানুহজনে ইমান সময় লগাইছে । হাঁহটোও বেচিবলৈ আছে পাহৰিল নেকি ! মিনতিৰ অলপ খঙেই উঠিল । তেনেতে ভাগৰুৱা যেন দেহাৰে নঙলাডাল খুলি কনক সোমাই আহিল । কাকো মাতবোল নকৰাকৈ সি পাছ চোঁতাল পালেগৈ । কনকৰ মুখখন দেখিয়েই মিনতিৰ গা-চেবালে । তাই লগে লগে তাৰ পাছে পাছে গল ।
-কি হল ?
মিনতিৰ প্ৰশ্নত কনকে অলপ সময় তাইলৈ চালে তাৰ পাছত কলে-মাষ্টৰ দদাইদেউ বজাৰলৈ গৈছে বুলি খুৰীদেৱে মোক অলপ সময় বহিবলৈ কলে । বহিলোঁসেই পুৱাৰে পৰা অলপ আগলৈ দদাইদেউলৈকে ৰৈ আছিলোদদাইদেউ আহিল । কলে এইবাৰ দৰমহাই নাপালে হেনো । নিজৰে বজাৰ কৰা হোৱা নাই । আমাৰ পইচা কেইটা অহা মাহত হে দিব হেনো । অহা মাহত দিব নোৱাৰিলে ধানকে অলপ আনিবলৈ কৈছে !
কথাখিনি কৈ কনক মাটিতে বহি পৰিল । তাৰ চকুৰ সন্মুখত ভাহি উঠিল মাষ্টৰে বজাৰৰ পৰা কেঁকো-জেঁকোকৈ দাঙি অনা মোনা কেইটা ।
কনক দেখি কৰবাৰ পৰা লৰি আহি পুতুৱে তাক সাবটি ধৰি কলে 
-দেতা , বজাৰলৈ নাযায় নেকি ? মই অথনিৰে পৰা ওলাইয়ে আছো । এইবাৰ হলে মই বিহুৰ কাপোৰ লমেই দেই । মোৰ লগৰ চবেই নতুন কাপোৰ কিনিছে । মোক লাগিবই হলে ।
কনকে মিনতিলৈ চালে । সেই চকুত পৃথিৱীৰ সকলোতকৈ অসহায় পিতাকৰ ছবিখন ফুটি উঠিছিল । মিনতিয়ে সেই দৃষ্টি সহিব নোৱাৰিলে । পুতুক নিজৰ বুকুৰ মাজলৈ টানি আনি থোকাথুকি মাতেৰে কলে-পুতু, মোৰ সোণটো , আমাৰ বাবে বিহু নাহে নহয়, দুখীয়াৰ বাবে কোনো দিনে বিহু নাহে অ...



 

No comments:

Post a Comment