Tuesday, 25 September 2012

আকাশ নীলা .....

প্ৰেম যদি আকাশ নীলা হয়.....................


আকাশ নীলা কামিজটোৱে
সুন্দৰ দেখাইছে তোমাক ।
নীলা খিনি তোমাৰ বুকু জুৰি বৈ যাওক
মই তাতে মোৰ সপোনৰ ৰামধেনু আঁকিম.......


আইনাই বাৰু সঁচা কথা কয় নে ? যদি সঁচা কথা কয় তেন্তে এই আজি এই ৰঙা সাজ যোৰে তাইক সকলোৱে থৰ লাগি চাবই । এক আত্ম সন্তুষ্টিৰে অনুৱে আইনাখনৰ আগত নিজকে ঘুৰি ঘুৰি চালে । যোৱা বছৰ মানসে আঙুঠি পিন্ধাবলৈ অহাৰ দিনা তাই এনেকুৱা এযোৰ সাজ পিন্ধোঁতে সকলোৱে ধুনীয়া লাগিছে বুলি কৈছিল । গপত ফুলি উঠিছিল সেইদিনা । নিজকে আকৌ এবাৰ চালে তাই । সম্পৰ্কীয় মামাকৰ ছোৱালী তুলতুলৰ বিয়া । সেইবাবেই এই সাজোন কাচোন । তাতে এইখন বিয়াত তাইৰ গা ৰখীয়া হৈ থাকিবলৈ মানসো নাই । তাৰ লগৰ এটাৰো বিয়া বুলে সেইদিনা , গতিকে সি সেইখন বিয়া খাবলৈ গৈছে । নহলে কতোৱে তাইক সি অকলশৰে এৰি নিদিয়ে । মানসৰ কথা মনত পৰাত অনুৰ খঙ উঠি গল, বিয়া ঠিক হৈ আছে বুলিয়ে সি কিবা তাইৰ মালিক হৈ গল নেকি । তাৰ বাবেই তাই আজি কালি কোনো লৰাৰ লগত মুকলিকৈ কথাও পাতিব নোৱাৰা হল হাতৰ আঙুলিত জিলিকি থকা আঙুঠিটোৰ বাবেই লৰাবোৰেও আগৰ দৰে তাইৰ ৰূপত মুগ্ধ হৈ তাইক মনৰ কথাও কৱ নোৱাৰা হল । বৰ দুখ লাগে তাইৰ । হওঁতে মানস লৰাটো ভালেই । চৰকাৰী চাকৰিও কৰে । পিছে আনবোৰ লৰাক ভালপোৱাৰ দৰেই তাই মানসকো ও পাতল মনেৰেহে ভাল পাইছিল, সি হে তাইৰ পিছ নেৰিলে আৰু শেষত আঙুঠি পিন্ধাই হে এৰিলে । তাই অলপ ঢিলা হৈ দিয়া হলে সিহঁতৰ বিয়াখনো হৈ গল হেতেন কিন্তু তাইয়ে দুয়োখন ঘৰত জনাই দিলে কলেজৰ ডেওনা খন পাৰ হোৱাৰ পাছত হে তাই বিয়া হব ! মানসে মাজে মাজে অনুৰ কাষত ট্ৰেজেদি ফালি কয়-যোৱা তিনি বছৰ হল তুমি হায়াৰ ছেকণ্ডেৰিটোকে পাৰ হব পৰা নাই , বি. এ পাছ কৰা লৈকে আমি দেখোন বুঢ়াই হম গৈ ! অনুৱে সেইবোৰ কথাত কাণ নিদিয়ে । পঢ়াটো যেন তেন এবাৰ বিয়া সোমালে যে এই ৰসেৰে ভৰা জীৱনটো হেৰুৱাব সেয়া তাই ভাল কৈ জানে । সিদিনা কলেজলৈ গৈ থাকোঁতে লগৰ ৰেখাই কোৱা কথা এষাৰ তাইৰ এতিয়াও কাণত বাজি উঠে-জীৱনটো উপভোগ কৰিব লাগে জান । আমি ছোৱালীবোৰ এনেও বিয়া হৈ গলে এষ্টাব্লীছ হৈয়ে যাওঁ । তথাপি কলেজলৈ আহোঁ । অকল পঢ়িবলৈকে এই ১২ কিলোমিটাৰ বাট চাইকেল চলাই কলাফুল শুকুৱাই আহোনে.......এনজয়মেণ্ট বুজিছ !
-
তোৰও দেখোন ৰংমনৰ সৈতে কিবা চলি আছিল ?
কোনোবাজনীয়ে ৰেখাক সুধিলে ।
-
এৰি দিলোঁ । এনেই এনেই কিয় লোকৰ লৰা এটাক ভাল পাই থাকিম ! যোৱাকালি অনুপমে প্ৰপজ কৰিছে । গিফট এটাও দিছে জান !
ৰেখাৰ কথাবোৰে অনুক বিন্ধি গৈছিল । তাই যেন বন্দী হৈ গল ।
-
হেৰৌ ধুনতী , আৰু কিমান দেৰি লাগিব তোৰ ? দুখন তামোল খোৱা বাট , তাকো খোজেৰে যাম ,পাহৰিলি হবলা । ইফালে ককাইদেউ মই যোৱালৈ বাট চাই থাকিব পায় ।
মাকৰ গালিখিনি শুনি অনুৱে নিজৰ ভাববোৰৰ পৰা ওলাই লৰালৰি কৈ বাকী থকা কামখিনি কৰি ললে ।

-
তোৰ আজি ওলাই হব নে ?
বজ্ৰপাতৰ দৰে মাকৰ মাতষাৰ আহি তাইৰ কাণত আঘাত কৰিলেহি । এই মাকবোৰ জানো কিয় এনেকুৱা হয়, অকল তাইৰ মাক বুলিয়ে নহয় তাইৰ লগৰ বোৰেও কয় নহয় মাকবোৰে কেনেকৈ অলপ ষ্টাইল কৰিলেই জীয়েকবোৰ কাৰোবালৈ পলাই যাবই বুলি ভয় কৰে ।
-
সোনমণী , অলপ খৰ কৰ অ....বিয়া ঘৰত কাম ঢেৰ ওলাব পায় ।
মাকে এইবাৰ অলপ কোমল মাতেৰে চিঞৰিলে কলে । সোনমণী ভোৰভোৰাই উঠিল । যোৱা সাত দিন ধৰিতো তাই তুলতুলবাৰ বিয়া কামেই কৰি আহিছে । বৰতাকৰ জীয়েক হলে কি হব তুলতুলক টো তাই নিজৰ বায়েক বুলিয়ে ভাবে । বিয়াখন বিয়াঘৰত যিমান লাগিছে সিহঁতৰ ঘৰটো সিমানেই লাগিছে । মাথো আজি বিয়াৰ দিনা তাই অলপ সাজোন-কাচোন কৰিছে । বিয়া ঘৰৰ পৰা বিহু গান এটা ভাহি আহিছে । মনটো কিবা লাগি গল তাই । কেইদিনমানৰ পৰা তাইৰ বুকুত কিবা এটা শিহৰণে নতুনকৈ পাহ মেলিছে । সেই যে বৰতাকৰ ডাঙৰ লৰা জানককাইদেউৰ চহৰীয়া বন্ধুজনে আহি তাইৰ সৈতে চিনাকি হৈছিল সেইদিনাৰ পৰাই সোনমণীৰ মনটো কিবা কিবি লাগি আছে । লৰাটোৱে কামৰ মাজে মাজে কেতিয়াবা বৰ অদ্ভুত ভাবে তাইৰ কাষত ৰৈ থাকে হি । সোনমণীৰ সেই সময়ত বৰ অস্বস্তি লাগে যদিও কিবা এটা ভালও লাগে । কালি বিয়া ঘৰলৈ সোনমণীয়ে নীলা ৰঙৰ চেলোৱাৰ এযোৰ পিন্ধি গৈছিল । কৰবাৰ পৰা ভুটুংকৈ আহি সি তাই কাষৰে পাৰ হৈ গ, পিছে যাওঁতে কোনেও নুশুনাকৈ তাইক কৈ গল আকাশ নীলা মোৰ প্ৰিয় ৰঙ ! সোনমণী গোটেই মানুহজনী জোকাৰ খাই গল ।
বিয়াত পিন্ধিবলৈ বহু দিনৰ আগতেই তাই কাপোৰ এযোৰ যোগাৰ কৰি থৈছিল । পিছে কালি ঘটনাটোৰ পাছত তাই সেইযোৰ কাপোৰ সামৰি থলে । মাকৰ অলপ পুৰণি নীলা বুটা বছা কাপোৰ এযোৰ আছিল সেই যোৰকে মাকক খাটি বাটি কৰি উলিয়াই ললে । সমস্যা হল ব্লাউজটোক লৈ হে । মাকৰ ব্লাউজটো তাইৰ গাত হলৌ চোলা যেন লাগিল । বেজী গুলি লৈ তাই নিজেই ব্লাউজটো ঠেকাই ললে । মুঠতে বিয়ালৈ বুলি গোটেইজনী নীলা হৈ ওলাল ।


বিয়া ঘৰত সোমাইয়ে অনুৰ মনটো ফৰকাল লাগি গল । ইফালে সিফালে ঘুৰি তাই সোনমণীহতৰ কাষ পালেগৈ । গাওঁৰ গোটেই ছোৱালীগাল লগ লাগি চাহ বনোৱাৰ চলেৰে আড্ডা পিটি আছিল । সিহঁতৰ হাঁহিত ৰভা উৰি যাওঁ যাওঁ হৈছে । মাজে মাজে পিলিঙাবোৰেও তাত যোগ দিছে হি । অনুৱে পীৰা এখন বিচাৰি সিহঁতৰ কাষতে বহি লে । তাইৰ আজি নিজকে কইনা কইনা লাগি গৈছে । কাষৰে যোৱা প্ৰত্যেকজন চিনাকি অচিনাকি চাৱনিয়ে তাইক চুই গৈছে । হঠাতে পাছফালে কাৰোবাৰ মাতত তাই ঘুৰি চালে, চকুহাল থৰ হৈ গল ।
-
সোনমণী , ৰিচেপচনত থকা লৰাখিনিক চাহ একাপ দিব লাগিছিল ।
আকাশ নীলা কামিজ পিন্ধি থকা এটা আকৰ্ষণীয় চেহেৰাৰ ডেকা লৰা । মনটো কিবা লাগি গল অনুৰ । সোনমণীয়ে কি উত্তৰ দিলে তাই নুশুনিলে । অলপ ৰৈ লৰাটো গুছি গল । বিয়া ঘৰৰ উদুলি-মুদুলি পৰিবেশ, লগৰ ছোৱালীবোৰৰ উশৃংখল হাঁহি এই সকলোবোৰ যেন তাই কাণেৰে নুশুনা হৈ গল । লৰাটোৰ মাতষাৰ তাই কাণত বাৰে বাৰে ভাহি থাকিল । নাই নাই এইয়া পাপ । তাই মানসৰ ভাবী পত্নী হৈ আনৰ কথা ভবাই ভুল অনুৱে নিজৰ মনটোক শাসন কৰিলে । পিছে কিমান সময় , সময়বোৰ যিমানেই আগবাঢ়িছে সিমানেই লৰাটোৰ চাৱনীয়ে তাইক দুৰ্বল কৰি আনিলে । তাই যতে কিবা কাম কৰি আছে লৰাটো তাতেই অলপ সময়ৰ বাবে হলেও ওলাই গৈ । একো নকয় , মাথো অলপ সময় ৰৈ গুছি যায় । তাইৰ লগতে ছাঁটোৰ দৰে থকা সোনমণীক তাৰ কথা সুধিম বুলিও লাজতে সুধিব পৰা নাই । কি বুলি ভাবিব তাই । নালাগে তাতকৈ এনেকৈয়ে ভাল । কাৰোবাক ভাল লগাটো বেয়া কথা নহয় । তাতে এনে পৰিবেশত ! এইয়া পাপ নহয় । আৰু আজি সবেই তাইক যিমান ধুনীয়া লাগিছে বুলি কৈছে লৰাৰ মন খাবই । অলপ চেনী খালে নো কাৰ কি ক্ষতি হব । নিজকে সমালোচনা আৰু যুক্তিৰে বিচাৰ কৰি জয়ী হোৱাৰ পাছত অনুৰ মুখত এটা বিজয়ী হাঁহি জিলিকি উঠিল ।

দৰা আহিল । বিয়াঘৰ ওখল-মাখল লাগিল । কইনাৰ ককায়েকে দৰাক আনি ৰভাৰ তলীত বহুৱালেহি । সোনমণীহতৰো ব্যস্ততা বাঢ়িল । চাহ দিয়াৰ দায়িত্ব সিহঁতৰ । চাহ দিছে ,তাৰ মাজে মাজে দৰাঘৰীয়া ডেকা লৰাবোৰৰ লগত মুখও চলাইছে । কইনাৰ সখিয়েক, ভনীয়েক সকলক দৰাঘৰীয়া লৰাই নোজোকালে বিয়া বিয়া যেন নালাগেই । অনুৱে পিছে এইখিনি সময়ত সুবিধা নাপালে । মামীয়েকে তাই নি কইনা লগত দিব লগা বস্তু বাহিনীবোৰ চিজিল কৰিবলৈ লগাই দিলে ।
-
কি নাম তোমাৰ ?
সোনমণী হাতৰ পৰা চাহৰ কাপ এটা লৈ দৰাঘৰীয়া ডেকা এজনে খুব ভদ্ৰ ভাৱে সুধিলে ।
-
সোনমণী ।
লাজকুৰীয়া হাঁহি মাৰি তাই উত্তৰ দিলে । সোনমণীৰ হাঁহিটো যেন লৰাজনৰ বুকুৰ ইপাৰ সিপাৰ হৈ গল । এনেও তাৰ গাটো বিয়া বিয়া লাগি আছিলেই তাতে ইমান ধুনীয়া ছোৱালী এজনী দেখিলে প্ৰেমত পৰো যেন নালাগিব নে ? কাষতে বহা লগৰটোক খোঁচ মাৰি কলে-সেই নীলা চাদৰ মেখেলা পিন্ধা ছোৱালীজনীক চা না... ইমান মৰম লাগিছে পতাব পাৰিম যেন লাগিছে !
-
ধুৰৰৰ কাম নাই তোৰ ।
লগৰটোৱে দোৰল খোৱা জিভাৰে তাক ধমকী দিলে ।
-
হেহ কিনোঁ হব অ...বিয়া বুলি অলপ সময় এনজয় কৰিম আৰু ।
সি নিৰাশ নহৈ পুনৰ কলে ।
-
আৰু তোৰ সিজনীয়ে যদি গম পায়...তেতিয়া ?
-
কেনেকৈনো গম পাব । আৰু কেতিয়াবা কাৰোবাক হঠাতে ভাল লাগিবও পাৰে বুজিছ, সেইটো একো কথা নহয় বুজিছ । তই বহ । মই ছোৱালীজনীৰ খবৰ লওঁ ।
লগৰটোৱে কি কলে সেইবোৰলৈ সি কান নিদিলে । কইনা ঘৰৰ ছোৱালীবোৰৰ মাজত চিনাকি হোৱাৰ চলেৰে সোনমনীক বিচাৰি গল ।

হাঁহি মুখেৰেই কাম বন কৰি আছে যদিও সোনমণীৰ মনটো ভাল লগা নাই । ইমান আশাৰে তাই বিয়ালৈ বুলি সাজোন কাচোন কৰি আহিল , সিটো তাইক এবাৰো ভাল লাগিছে বুলি কোৱা নাই ।
-
সোনমণী....
হাতত বটা এটা লৈ অনু সোনমণীৰ কাষতে থিয় হলহি ।
-
অনুবা তোমাৰ কামবোৰ কৰি শেষ হল নে ?
-
, মামীজনী যে কি কামবোৰত লগাই দিয়ে । তোমালোকে চাগৈ তামাম স্ফূৰ্তি কৰিলা ন ?
-
অলপ চলপ ।
অনুক উত্তৰ দি সোনমণীয়ে সমুখলৈ চালে ,সি ৰৈ আছে ! সোনমণীৰ বুকুখন চিৰিং কৰি উঠিল । সোনমণীলৈ নোচোৱা কৈয়ে সি শুন-নুশুন মাতেৰে কিবা এষাৰ কৈ গুচি ল ।

অলপ পাছফালৰ চোঁতাল লৈ আহিবাচোন ! বিনয়ে কৈ যোৱা কথাষাৰে অনুক উতলা কৰি গল । মামীয়েক এজনীৰ পৰা তাই খবৰবোৰ গোটাইছিল নীলা কামিজৰ লৰাটোৰ নাম বিনয় । ভাল চাকৰিও কৰে বোলে । অন্তত মানসত কৈ বহুত ভাল । অনুৱে ভাবিলে লৰাটোৱে যদি এতিয়া তাইক ভালপোৱাৰ প্ৰস্তাৱ দিয়ে তাই তাক নিৰাশ নকৰে । পাছত মানসক বুজাব , নুবুজিলেও নাই । ইমান ভাল লৰা এটাক নেওচি তাই মানসৰ কথা ভাবিব নে ? ইচাত-বিচাত কৰি তাই পাছ চোঁতাললৈ বুলি খোজ আগবঢ়াইছিল হে ৰবাৰ পৰা ভুতৰ দৰে মাকজনী আহি সমুখত ওলাল হি । মাকে কোৱা কথাষাৰ শুনি তাইৰ মনটো বেয়া লাগি গল । পিছে এইসময়ত তাই এইবোৰ ভাবি মন বেয়া কৰিলে নহব । বিনয়ে তাইক মাতিছে যেতিয়া প্ৰথমে তাৰ কথা শুনি লোৱাটো ভাল ।

ইতিমধ্যে পুৰোহিতে বিধি পাঠ আৰম্ভ কৰি দিলে । কান্দি কান্দি লেবেজান হৈ পৰা কইনা জনীক সখিয়েকে ধৰি ধৰি আনি দৰাৰ কাষত বহাই দিলেই । সকলোৰে চকু দৰা কইনাৰ ওপৰত । পিছে দৰাৰ সেই লগৰ জনৰ চকুৱে তেতিয়াও সোনমণীক হে বিচাৰি ফুৰিছিল । ইতিমধ্যে সি সোনমণীৰ খবৰ যোগাৰ কৰিছে । অমায়িক ভদ্ৰ ছোৱালী বুলি গাওঁত তাইৰ নাম আছে হেনো । ছোৱালীজনীৰ পৰা কিবা এটা আশাজনক সঁহাৰি পালে বাকী কাম খিনি সি ঘৰৰ পৰা কৰি পেলাব । অৱশ্যে এজনীৰ সৈতে তাৰ বিয়া ঠিক হৈ আছে । কিন্তু সোনমণীয়ে যদি হা কৰে সি সেই বিয়া ভাঙি দিব । হঠাতে চিনাকি মানুহ এগৰাকী দেখি সি নিজৰ চকুহাল নিয়ন্ত্ৰণ কৰিলে । মানুহ গৰাকীৰ সৈতে কথা পাতি থাকোঁতেই সি দেখিলে সোনমণী পাছফালে খৰখেদাকৈ গৈছে । সি মানুহ গৰাকীৰ কোনোমতে ফালৰি কাটি সোনমণী যোৱা ফালে লৰালৰিকৈ গল । এইয়াই সুবৰ্ণ সুযোগ , এতিয়া বিধি পাঠ এৰি কোনো মানুহ পাছ চোঁতাললৈ নাহে । সিও সুযোগ বুজি সোনমণীক নিজৰ কথা কব গৈ ।


পাছফালৰ চোঁতালখনৰ অলপ আগত গোহালিটো আছে । সেই ঠাইখিনি অলপ এন্ধাৰ হৈ আছে । অনু খুপি খুপি গোহালিটোৰ ফালে আগবাঢ়িল । গোহালীটোৰ বেৰ এখনতে আঁউজি তাই বিনয়লৈ অপেক্ষা কৰি ৰল । দুই মিনিট মানৰ পাছত বিনয় সেইফালে আহিল । অনুক লক্ষ্য নকৰাকৈয়ে সি গোহালিটোৰ অলপ আতৰত ৰ গৈ । মনৰ উলাহতে অনুৱে যাবলৈ লৈছিল হে সেইফালে আকৌ কাৰোবাক অহা দেখি তাই ৰৈ দিলে । কোন হব পাৰে বাৰু ? মানুহজন আহি গোহালিটোৰ সিটো মুৰে লুকাই পৰিল । হয়তো সৰুপানী চুবলৈ কোনোবা আহিছে বুলি ভাবি তাই বিনয়ৰ কাষলৈ যাব লৈ লৈছে হে তেনেতে বিনয়ৰ কাষত কাৰোবাক দেখি অনু শিল পৰা কপৌৰ দৰে ৰৈ গল । এইজনী সোনমণীচোন !!! তাৰ মানে অত দেৰি বিনয়ে তাইক নহয় সোনমণীৰ পাছত হে লাগি আছিল । আৰু সোনমণীৰ কাষত ৰৈ থাকোঁতে তাইক নহয় সোনমণীক হে পাছ চোঁতাললৈ মাতিছিল । সৌন্দৰ্যৰ অহংকাৰৰ পৰা হুৰহুৰাই খহি পৰিল তাই । চলচলীয়া চকুৰে সিহঁতহাল লৈ চালে-পাতলীয়া এন্ধাৰৰ মাজত আকাশলৈ চাই বিনয় ৰৈ আছে । নিৰৱে কাষতে ৰৈ থকা সোনমণীৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ বিনয়ে লাহে লাহে কবিতাৰ সুৰৰে কলে-
আকাশ নীলা কাপোৰ জোৰে
সুন্দৰ দেখাইছে তোমাক ।
নীলা খিনি তোমাৰ বুকু জুৰি বৈ যাওক
মই তাতে মোৰ সপোনৰ ৰামধেনু আঁকিম.......
মই তোমাৰ নীলা খিনিৰ প্ৰেমত পৰিছো সোনমণী ! গভীৰ ভাবে । জানো তুমিও প্ৰেমত পৰিছা ..............

অনুৱে আৰু শুনিব নুখুজিলে , শোক এটা উজাৰ মাৰি তাইৰ বুকুত খুন্দিয়াইছে হি । যাবলৈ বুলি গোহালিটোৰ পৰা ওলায়ে তাই দেখিলে খুঁটা এটাৰ আঁৰত মানস ৰৈ আছে ! তাৰো চকু তেতিয়া বিনয় আৰু সোনমণীৰ ওপৰত । ভয় খাই গল তাই । সি একো দেখা নাইতো !! অলপ আগত মাকে লগ পাই তাইক মানসৰ কথাই কৈছিল । সি যে দৰাৰ লগত আহিছে তাকো কৈছিল । তেতিয়া ভাবিছিল মানসক অলপ পাছত লগ কৰি কথা পাতিব । পিছে সি এতিয়া ইয়ালৈ কিয় আহিছে ? এক অজান আকাংশাত তাই কঁপি উঠিল ।

অনুক দেখি মানসেও ভয় খালে । বিয়া ঘৰত সোমোৱাৰ পৰা সি সোনমণীৰ পাছে পাছে লাগি থাকোঁতেই গৈছে । ভাবী শাহুৱেকে লগ পাই অনুও বিয়ালৈ আহিছে বুলি কোৱাৰ পাছতো সি সোনমণীৰ পাছত হে লাগি আছিল । আৰু সেই সোনমণী জনীও এতিয়া বেলেগ লৰা এটাৰ লগতহে প্ৰেমালাপ কৰি আছে । অনুৱে যদি কেনেবাকৈ এইবোৰ কাণ্ড গম পায় , সি আৰু ভাবি নোৱাৰিলে ...একদম সহজ ভাবেই অনুৰ কাষলৈ গৈ মাত লগালে-অনু.....
অনুৱে কঁপা কঁপা মাতেৰে সুধিলে-তুমি ইয়াত যে মানসদা ?
মানস আকৌ থতমত খাই গল । সি নিজকে চম্ভালি অনুলৈ চালে । বৰ ধুনীয়া লাগিছে তাইক । তাইৰ দৰে ইমান ধুনীয়া ছোৱালী এজনী তাৰ প্ৰেমিকা হিচাপে থকাৰ পাছতো কিয় মূৰ্খৰ দৰে বেলেগ ছোৱালীলৈ চাব লাগে বাৰু । অনুতাপেৰে অনুৰ কাষ চাপি গৈ সি লাহেকৈ কলে-ৰঙা ৰঙটোৱে তোমাক খুব ধুনীয়া লাগিছে অনু । এনে লাগিছে আজিয়েই যেন পলুৱাই নিম তোমাক ।
মানসৰ কথাখিনি শুনি পলকতে অনুৰ মনৰ জড়তা খিনি নাইকিয়া হৈ গল । লাজৰ আভা এটাই তাইৰ গালে মুখে বিয়পি পৰিল । নিজ লৈকে খঙ উঠিল , এই লৰাটোকে আঘাত কৰিবলৈ গৈ আছিল তাই । মানসৰ আৰু কাষ চাপি তাই কলে-মইও এটা কথা ভাবিছোঁ মানসদা, আৰু নপঢ়োঁ । তুমি ঘৰত বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ কোৱা ।

ৰভাৰ তলীত তেতিয়া বিধি পাঠ শেষ হৈছিল । আয়তীৰ জাউৰী জাউৰী উৰুলিৰ শব্দই আহি যেন সিহঁত হালকহে আগুৰি ধৰিলে

No comments:

Post a Comment