Tuesday, 25 September 2012

সপোন

দিল্লীলৈ অহাৰ পাছত এনে এটা দিন নাই যিদিনা সপোনত মই ঘৰত ঘুৰি ফুৰা নাই । আৰু এনে এটা দিনো নাই যিদিনা সপোনত দিল্লী দেখিছোঁসেই সপোনৰ চেনতি খিনি পুৱাই পুৱাই হজম কৰা মোৰ গৃহস্থ জোনলৈ মৰমৰে...
              

-চিফ....
-য়েছ ....কোৱা সেনাপতি ?
-আমাৰ টাৰ্গেটোৰ পৰা শত্ৰুক ফালৰি কাটি লৈ যোৱা হল ।
সেনাপতিৰ কথা শুনি চিফে হাত  চাপৰি বজাই উঠিল ।
-বৰ সুখ পালো সেনাপতি । পিছে কাম ফেৰা আমাৰ কোনজন অফিচাৰে কৰিলে...
-জান বোলাজনে ।
জানে গৰ্বত হাঁহি এটা মাৰি কলে-শত্ৰুক মই কাষলৈ গৈ কলো আপোনাৰ মহাৰাণীয়ে আপোনাক খাদ্য গ্ৰহণ কৰিবলৈ মাতিছে...তেওঁ লগে লগে গল গৈ ।
-ভাল কথা । তোক এই কামৰ সফলতাৰ বাবে টাৰ্গেটৰ এক অংশ বেছিকৈ দিম । এতিয়া অপাৰেচন চুৰুওওওওওও
চিফৰ লগে লগে বাকী কেইজনেও হেৰি পটাৰত দেখোৱাৰ দৰে ঝাৰু এটাত উঠি টাৰ্গেটৰ ফালে উৰা মাৰিল ! পিছে টাৰ্গেট পোৱাৰ আগতে বাঁহ এজোপাত লাগি গোটেই কেইটা মাটিত ধুপুচ কৈ খহি পৰিল । চিফে লগে লগে জাদু কী চডী এডাল উলিয়াই বাহ জোপাৰ ফালে টোঁৱাই জ্বলি যা বুলি কলে পলকতে বাঁহজোপা জ্বলি ছাই হৈ গল । পুনৰ ঝাৰু উঠি কেউটাৰে যাত্ৰা আৰম্ভ হল । এইবাৰ পিছে বাটত ধুমুহাই পালে । ধুমুহা বুলিও একেবাৰে নাৰ্নিয়াত দেখাৰ দৰে মায়াবী ধুমুহা । চিফে কিবা কৰাৰ আগতেই সেনাপতিয়ে মামী খন চাই মামী এটাৰ  পৰা চুৰ কৰি অনা তৰোৱাল এখনে ধুমুহাবোৰ কাটি কাটি খাচতাং কৰি খেদি দিলে ।
-ৱেল ডান সেনাপতি ।
চিফে খুছ হৈ সেনাপতিক প্ৰশংসাই কৰি দিলে । অৱশেষত টাৰ্গেটৰ কাষ পালেহি ।
চিফে এইবাৰ স্পাইডাৰ মেনৰ দৰে হাতখনৰ পৰা মকৰাৰ জাল উলিয়াই টপ টপাই টাৰ্গেটৰ ওচৰলৈ উঠি গল । ইতিমধ্যে এজন সেনাই অৱতাৰ খনৰ মাজত সোমাই বিৰাট ডাঙৰ কলপাত এখন আনিলে । পিছে অঘটন টো তেনেকুৱাতে ঘটিল, চিফৰ হাতৰ পৰা টাৰ্গেট খহি পৰি তলত থকা লেতেৰা জুলীয়া খিনিত পৰিল গৈ । সকলোৰে মনটো মৰহি গল । চিফেও ভয় খালে । এই টাৰ্গেটো যদি ভাল কৈ সকলোৰে হাতত দিয়া নহয় তেওঁৰো চকী যাব । গতিকে তেওঁ লগে লগে এম আই বিৰ ফৰত দেখা সেই টাইম মেচিনৰ গৰাকীজনৰ ওচৰলৈ গল । সেইজনে প্ৰথমে না নুই কৰিছিল যদিও চিফৰ হাতত হেংদাঙ এখন দেখি ভয়তে টাইম মেচিনৰ কাষলৈ লৈ গল । চিফে এইবাৰ টাইম মেচিনৰ সহায়ত সেই একে সময়খিনি পালেগৈ আৰু টাৰ্গেটৰ তলত এখন মকৰা জাল তৈয়াৰ কৰি থৈ আহিল । টাইম মেচিনৰ পৰা আগৰ সময়লৈ ঘুৰি আহে দেখে যে টাৰ্গেট মকৰা জালখনৰ ওপৰত পৰি আছে । চিফে এইবাৰ টাৰ্গেটো লৈ তলৰ কলপাত খনৰ থলেহিতেনেতে আকৌ আহিল নহয় ২০১২ ৰ দৰে প্ৰলয় কাৰী বানপানী । চিফৰ মুৰ গৰম হৈ গল । থৰখনৰ পৰা আনি থোৱা হাঁতুৰীটো লৈ মাটিতে এনেকুৱা এটা প্ৰচণ্ড মাৰ সোধালে নহয় বসুমতীয়ে ভয়তে গোটেই পানীখিনি শুহি থলে ।
 -কঁঠালটো খাবলৈ বৰ ভাল অ সৰুবা ।
খুকুৱা সেনাপতিয়ে নিজৰ অস্তিত্ব পাহৰি চিফ ওৰফে বায়েকক উদ্দেশ্য কৰি কলে । চিফে কিবা কবলৈ মুখ মেলিছিল হে জানেও নিজৰ খিনি জহাই কলে-মই বৰতাক বৰমাই মাতিছে বুলি ঘৰলৈ নপঠোৱা হলে বৰতা এতিয়াও পুখুৰীৰ পাৰৰ এই কঁঠাল জোপা ৰখি বহি থাকিলহেতেন জানহয়নে সৰুবাই ....
-চুপ থাক । মই এতিয়াও তহঁতৰ চিফ হৈয়ে আছো বুজিছ । খেলখন শেষ হোৱাই নাই কিবা ,পাহৰিলি নেকি আমজোপাতো উঠিবলৈ আছে.....
-হেৰা উঠা হে.....
-নুঠোঁ মই । আম গছত তহঁতি কোনোবা এটা উঠ
চিফ গৰগৰাই উঠিল ।
-হেৰা....কোনে তোমাক আম গছত উঠিবলৈ কৈছে হয় .....দেওবাৰ বুলি ইমান শুব নাপায় আৰু দিয়া ।
কোনোবাই জোকাৰি দিয়াত চিফ ওৰফে মাইনা সাৰ পাই বিচনাত বহিল । চকু দুটা মোহাৰি তাই ইফালে সিফালে চালে । কত আছে তাই ।
-হে হৰি তুমি হবলা আকৌ গাওঁৰ ঘৰত আছিলা গৈ ন...ছৰি দেই তোমাক আমনি কৰি তুলি দিলোঁ
মিচিকীয়া হাঁহি এটা মাৰি মাইনাই গিৰিয়েকলৈ চালে গিৰিয়েকেও তাইলৈ চালে আৰু লগে লগে হাতযোৰ কৰি কলে-প্লীজ তোমাৰ সপোনটো পিছত শুনিম । প্ৰথমে চাহ একাপ খাই লওঁ । এঘাৰটা বাজিল !!!

No comments:

Post a Comment