Tuesday, 25 September 2012

দ-জোক, ফছং,জানমণী আৰু শাওণৰ এটা দিন




ঠাই সলনি হ'লেও সলনি হ'ব নুখুজে চাগৈ মোৰ ঘৰৰ পদুলি গৰকি যোৱা বাটটোৰ নাম !! আমি থকা দিল্লীৰ গলিটোৰ জনপ্ৰিয় নাম যেনেকৈ কুত্তে কী গলী । তেনেকৈ আমাৰ লগৰবোৰে আমাৰ শিৱসাগৰৰ গাওঁৰ ঘৰৰ চুকটোৰ জনপ্ৰিয় নাম এটা দিছিল কুকুৰ চুক । তাৰ একমাত্ৰ কাৰণ মোৰ আৰু আমাৰ পৰিয়ালৰ জীৱ-জন্তু প্ৰতি থকা অগাধ মৰম । আমাৰ ঘৰত অতি কমেও ১২ টা কুকুৰ থাকেই । তাৰ লগতে বিভিন্ন সময়ত সংগ্ৰহ কৰা মোৰ চিৰিয়াখানাৰ খনৰ আনবোৰ জীৱ-জন্তু যেনে নেউল, শহা , মেকুৰী এইবোৰ আছেই । কোনোবাটোৱে কৰবাত কিবা ঘমঘণ্ট লগালে সকলোৱে আহি মোক গালি পাৰেহি কাৰণ মই সকলো জীৱ-জন্তুৰে ধাই মাক । অৱশ্যে মোৰ সন্তান বোৰক গাঁওৰ মানুহে খুব মৰমো কৰে । বিশেষ কৈ মেকুৰী দুটিক । সিহঁতৰ বাবেই ওচৰ চুবুৰীয়া সকলোৰে ঘৰত নিগনি , এন্দুৰৰ পৰা পঁইতা-চোৰা , জেঠি লৈ কে শেষ হৈছে । মেকুৰী দুটিক লৈ মই বিৰাট গৌৰৱ কৰোমেকুৰী দুটি হ'ল- এজনী মাক ,তাইৰ নাম ফছং আৰু আনটো পুতেক, নামটো জানমণী । ফছং আৰু জানমণী দোষ এটাই কাৰোবাৰ ঘৰৰ জুহালত পাতত দিয়া মাছ ফুটছাইত ভৰাই থৈছে-সিহঁতি আৰামেৰে সেই টোপোলাটো এফালে কামুৰি ঘৰলৈ লৈ আহিব । ডাঙৰ এন্দুৰ এটা ধৰিলে, সেইটো মোলৈ বুলি আনি মোৰ পঢ়া টেবুলৰ তলত থৈ দিব ! মই সেইটোলৈ নাচালে মোৰ ভৰি কাষত দাঙি লৈ ঘুৰি ফুৰিব !
এতিয়া আহোঁ আচল কথালৈ । শাওণ মাহ । দদাইদেউৰ সৰু লৰাটোৰ চুলিবোৰ মাজে মাজে গুল গুল কৰি নোহোৱা হব লৈ ধৰিলে । টকৌৱে খোৱা বুলি কয় হেনো । বেচেৰাই কলেজলৈ সদায় টুপি পিন্ধি যাব লগা হল । তাক আগতেও তেনেকৈ টকৌ খাই তপা কৰি থৈছে । ডাক্তৰৰ পৰা আৰম্ভ কৰি গাৱলীয়া ঔষধো লগালে । অলপ দিন ভাল হয় পাছত আকৌ হয় । সেইবাৰ হৈ থাকোঁতে আমাৰ মামা এজন আহিছিল তেওঁ সেইবোৰ দেখি খুৰীদেউক পৰামৰ্শ দিলে বোলে দ-জোক পুৰি তাৰ ছাইখিনি নাৰিকল তেলৰ লগত মিহলাই টকৌৱে খোৱা ঠাইত লগালে টকৌৱে খোৱা ভাল হব । মামাৰ কথা আমিবোৰে বৰ গুৰুত্ব সহকাৰে ললো । খেতিৰ দিন দ জোকৰো নো কি আকাল হ'ব ।
সেইদিনা আমাৰ ন-ভূই আছিল । তাতে নতুনকৈ কিনা খেতিৰ মাটি । ৰোৱনী মতা দায়িত্বটো মই নিজেই গাত পাতি লৈছিলোঁ । ( ৰাইজক এইখিনিতে জনাই থওঁ যে ন-ভূইৰ দিনটো আমাৰ সেইফালে কেতিয়াও হাজিৰা ৰোৱনী লগোৱা নহয় । গাওঁৰ প্ৰতিঘৰে ঘৰে তামোল এখন দি ৰোৱনী , হালোৱা আৰু আচকুৰীয়া মতা হয় । ) মই ৰোৱনী মাতিবলৈ যাওঁ বোলাত মায়ে মোক সকীয়নি দি ক'লে-আমুক আমুক বৌয়েৰক কৈ দিবি সেইখিনি মাটিত জোক ওলাই বুলি । নহলে কোনোবা জনী জোক দেখি অচেতন হ'ব আৰু আমি সিহঁতক সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ । মই মাৰ কথাত হ'ব হ'ব বুলি মুৰ জোকাৰিলোঁ যদিও এজনী নবৌকো জোকৰ কথা নকলো । নবৌ হত পথাৰত নাথাকিলে চোন পথাৰলৈ গৈয়ে ভাল নালাগে । সময়ত ৰোৱনী হিচাপে বৌ দুজনী ওলালহি । সিদিনা ময়ো মা বৰমা হতৰ লগত ৰুৱলৈ বুলি পথাৰত নামিলোঁ । আধা বিঘা মান মাটি ৰোৱা হৈছে হে বৌ এজনীয়ে গগণ ফলা চিঞৰ দুটামান মাৰি আশে পাশে থকা কেঁচা আলিবোৰ মহটিয়াবলৈ ধৰিলে । বৰমাই লৰালৰিকৈ গৈ তাইক সাবট মাৰি ধৰিলে । তাই বৰমাক হেঁচা মাৰি মাৰো যেনেই কৰিলেই । বৰমাই ভালকৈ গালি দুটামান দি তাইৰ কলাফুলৰ পৰা মস্ত ডাঙৰ জোক এডাল এৰুৱাই আনিলে । নবৌ আৰু নৰল । দৌৰি দৌৰি গৈ কঠীয়ানি এখন উঠি মাক কলে- মই হলে যাওঁ দেই । মাই মোলৈ পোন্দোৱাকৈ চালে । তাৰ অৰ্থ এনে-তোক মই নকৈছিলোঁ নে....ইফালে জোক দেখি মই আৰু খুৰীদেউও পুখুৰী এটা পাৰত উঠিছিলোহি । যিমান হলে দ জোক । ভয় নালাগিবনে । তেনেতে মোৰ মামাৰ কথাষাৰ মনত পৰিল । মাক কলো মামাই যে কৈছিল গুডলাৰ(দদাইদেউ লৰাজনৰ নাম ) টকৌৱে খোৱাৰ বাবে দ জোক লগাবলৈ ইয়াতে ধৰিব পাৰিচোন ! কথা মতেই কাম , মই পাৰত বহি পলিথিন এটা লৈ আছো মাহতে বাচি বাচি ডাঙৰ ডাঙৰ চাই জোক তিনিটা মোক দিলেহি । মই সেইকেইটা লৈয়ে ঘৰমুৱা হলো । বাটত নবৌ দুজনীমানক সেই কেইটা জোককে দেখাই অলপ ভয় খুৱালোঁ । ঘৰ পাই নিজেই খৰিকা এডাল লৈ অলপ সময় জোক কেইটা শিঙিবলৈ চেষ্টা কৰিলোঁ । পিছে জোক কেইটাই যেনেকৈহে মুখখন মেলে ভয়ে লাগি গল । নিজে একো কৰিব নোৱাৰি সেইকেইটা দদাইদেউৰ ঘৰত দি আহিলো গৈ । আবেলি তিনিমান বাজিছিল , পথাৰৰ পৰা ৰোৱনীবোৰে আহি আজৰি হল । ন-ভূইৰ কাম কাজ শেষ কৰি সকলো পাছফালে চোঁতালত বহি আছো তেনেতে দেখিলো ফছঙে কৰবাৰ পৰা খৰিকা এডাল কামুৰি লৈ আহিছে । পাছে পাছে মেও মেও কৰি জানমণী । দেতাই খেদা এটা মাৰি ফছঙৰ মুখৰ পৰা খৰিকাডাল কাঢি আনি মোৰ ফালে চাই ক'লে- উৱা আজি দেখোন এই খৰিকাত দিয়া বটিয়া মাছ আনিলে ! কাৰ ঘৰৰ পৰা আনিলে বা...মাইনা তই গালি খাবলৈ সাজু দেই । দেতাৰ কথা শুনি মই খৰিকাডাল লৈ চালো হয় তিনিটা বটিয়া মাছ । হঠাতে খুৰীদেউ ওলালহি । আৰু খৰিকাডালৰ ফালে চাই ক'লে- হে হৰি নাখালে যে ! নহলে দদায়েৰে আজি তোৰ ফছঙক দুটুকুৰা কৰিলেহেঁতেন যিমান হে কষ্ট হৈছিল এই কেইটাক শিঙি খৰিকাত দিবলৈ ।
খুৰীদেউৰ কথা শুনি আমি আচৰিত হৈ তেওঁলৈ চালো । কাৰণ দদাইদেৱে যিমান যি হলেও কেতিয়াও জানমণী আৰু ফছঙৰ ওপৰত খঙ নকৰে । আজি তাতে বটিয়া মাছ তিনিটাহে চুৰ কৰিছে । তাকে কলত খুৰীদেৱে এইবাৰ হাঁহি হাঁহি কলে হেৰৌ এইকেইটা বটিয়া মাছ নহয় তই আনি দিয়া জোক কেইটা হে !!
ফছং আৰু জানমণী এতিয়াও আমাৰ ঘৰৰ দুটি এৰিব নোৱাৰা সদস্য । আজিও কৰবাত মাছ চুৰ হলে ফোনতে মোক ঘৰৰ মানুহে গোচৰ দিয়ে । আৰু দদাইদেউৰ লৰাটো...তাৰ চুলিবোৰ দ জোক লগোৱাৰ পাছতে গজিল । দ জোক লগোৱাৰ বাবেই নে আন কিবা দৰৱৰ বাবে নাজানোঁ পিচে তাৰ পাছৰে পৰা তাৰ চুলি কেতিয়াও টকৌৱে খোৱা নাই

No comments:

Post a Comment