Tuesday, 25 September 2012

বজাৰ



ডাকৰ বচন এশাৰি আছে-
ভাল বাৰী নষ্ট হয়
মাজেদি দিলে বাট
ভাল তিৰী নষ্ট হয়
ঘনাই বেহালে হাট ।

মই পিছে প্ৰায় প্ৰতিদিনেই চক্কৰপুৰ বজাৰত পাক এটা মাৰো । সদায় যোৱা প্ৰথম কাৰণ মোৰ  ভাঁটৌটোৰ বাবে গোমধান আনিব লাগে । অৱশ্যে তাতকৈ বেছি ময়ে খাওঁ । দ্বিতীয় কাৰণ চানা আৰু ৫ টকাতে পোৱা পানীয় বিধ খাবলৈ ।
আজি বজাৰলৈ সোমাই য়ে দেখিলো ডাল কচু । মোৰ প্ৰিয় শাক বিধ । পিছে মই কলা ডাল কচু খাইহে বেছি ভাল পাওঁ । এইবিধ বগাযিয়ে নহওঁক দোকানীক সুধিলোঁ কেনেকৈ দিছে বুলি –কলে এমুঠিত ৮ টকা । মোৰ চকু ডাঙৰ হৈ গল কাৰণ মুঠিটোত কেঞা আঙুলিটোৰ সমান মাত্ৰ ১১ ডাল কচুহে আছিল !! উপায় নাই লৈ আনিলোঁআজি দকচি দকচি খাম !

বিলাহী লবলৈ ললো পোৱা ১৫ টকা ! কোনো কথা নাই ললোমোতকৈ আগৰে পৰা এগৰাকী মহিলাই বিলাহী বাচি আছিল । অথচ সেই বিলাহীখিনিত বেয়া বুলিবলৈ নাছিল । দোকানীজনৰ খঙ উঠিল হবলা-মানুহগৰাকীক সুধিলে কিমান ল'? তেওঁ কলে ১০ টকা । দোকানীয়ে আকৌ সুধিলে –খুচুৰা আছে ? তেওঁ ক'লে –নাই । এশ টকা আছে । দোকানীয়ে তেতিয়া তেওঁৰ হাতৰ খৰাহিটোৰ পৰা বিলাহীখিনি দম কৰি থকা বিলাহী খিনিৰ ওপৰত ঢালি ক'লে –তৌ হম নহী দেংগে । যাইয়ে ।
মোক অবাক লাগি চাই থকা দেখি দোকানীজনে কলে –আপোনাৰ এপোৱা বাচিবলৈ কিমান সময় লাগিল ৫ মিনিট....এইগৰাকীয়ে যোৱা ২০ মিনিট ধৰি সেই চাৰিটা বিলাহী বাচি আছে !!!
এইবাৰ ঠেলা এখনৰ কাষ চাপিলোঁ , পটল লবলৈআধা কেজি পটল মাত্ৰ ১৫ টকা । বাকীবোৰ বেপাৰীক সুধোতে ২০ টকা বুলি কৈছিল । পটল ললো । ৫ টকাৰ খুচুৰা পইচা আছিল , বেপাৰীজনক দিয়াত খুব কোমল ভাবে ক'লে-চুকতা দেনে কে লিয়ে ধন্যবাদ বেটা !
প্ৰায় সকলো খিনি লোৱাৰ পাছত মই ৫ টকীয়া পানীয় বিধ খাবলৈ সোমালোঁআজি তাত ১০ বছৰীয়া মানৰ ল'ৰা এটা বহি আছিল । মই ৫ টকাৰ কক গিলাচ মুখলৈ নিছোঁহে কৰবাৰ পৰা হালি জালিকৈ কথা পাতি ১৩-১৪ বছৰীয়া মান ছোৱালী দুজনী তাত ৰলহিল'ৰাটো মুখলৈ চালে নে নাই ধৰিব নোৱাৰিলোঁ , এজনীয়ে ক'লে –আংকল, দৌ মেংগ দিজিয়ে ...
মই  চৰচৰনি খাই গ'লো । লগে লগে ল'ৰাটোলৈ চালো-সি একদম চকু ঘোপা কৰি ছোৱালী দুজনীলৈ চাইছে । ছোৱালী দুজনীও থতমত খাই গ'ল আৰু তৎক্ষণাত্ ক'লে-চৰি !
একেবাৰে শেষত আহি ঘৰৰ কাষৰ দোকানখনত সোমালোঁহি । দোকানত আজি দোকানীৰ মাক বহি আছিল । এই মানুহগৰাকী বহি থাকিলে মই বৰ দিগদাৰী পাওঁ । তেওঁ হিন্দীৰ বাহিৰে একো ভাষা নাজানে । আৰু মই হিন্দীৰ চব কথা নাজানোঁ , বৰ দিগদাৰী হয় । এদিন বজাৰ কৰি সুধিলোঁ কিমান হ'ল বুলি ...তেওঁ ক'লে একশ ষাত । মই ভাবিছোঁ মাত্ৰ এশ সাত টকা ! ইমান কম হ'ব নালাগেতো । আকৌ সুধিলো –কিয়া ৱান জিৰ চেভেন হোৱা ?  আইতাই ক'লে কিয়া...একশ সাতএজনীয়েও এজনীৰ কথা বুজি পোৱা নাই । শেষত আইতাৰ নাতিনীয়েক জনী অহাত হে  দুইজনী বাচিলোঁ
আজি আক কণী আনিবলৈ সোমাইছিলোঁমই ক'লো মোক ডিম লাগে । আইতা কাণখন আগবঢ়াই ক'লে-কিয়া ? মই এইবাৰ ক'লো ইগ চাহিয়ে....
তেওঁ আকৌ মুৰ জোকাৰি ক'লে কিয়া..... ?  হে হৰি ! মোৰ মুৰতো কৰবাত মাৰি দিওঁ যেন লাগিছিল । তাৰ পাছত হে  মনত পৰি ক'লো-মুঝে অন্ডা চাহিয়ে...
আইতাই এইবাৰ ফিচিককৰে হাঁহি ক'লে-তৌ এইচে বৌল,না !


No comments:

Post a Comment