Tuesday, 25 September 2012

আবতৰীয়া বৰষুণ

             

চিপ চিপকৈ বৰষুণ এজাক দি আছে । আঘোণ মহীয়া আবতৰীয়া বৰষুণ  , গতিকে পৰিবেশটো চেচা কৰি পেলাইছে । গাওঁত খেতিয়কবোৰ চিন্তা  হৈছে , দাই নিয়া ধানৰ মুঠিবোৰ যে তিতিছে । কাম এটাও বাঢ়িব তেওঁলোকৰ মুঠিবোৰ ঘৰলৈ আনি শুকুৱাই হে ভঁৰালত থব পাৰিব । চাহ কাপত সোহা এটা মাৰি সৰুৱে বায়েক কাকলি লৈ চালে , বায়েকৰ মুখখন আবতৰীয়া বৰষুণজাকৰ দৰেই শেঁতা হৈ পৰিছে । অলপ চিন্তাও লাগিল তাইৰ কালি বায়েকে ফোনত কোৱা কথাবোৰ সঁচা জানো !! বায়েকজনী সৰুৰে পৰা অলপ বেছিকৈয়ে সৰল , হয়তো তাইৰ কিবা ভুলও হব পাৰে ! আগতেও তাই এনেকুৱা ওলটা-উভতা কাণ্ড কিছুমান কৰি থৈছে । হয়তো এইবাৰো তেনেকুৱা কিবাই হব পাৰে । তাতে ভিনিয়েক ৰুপম যিহে স্ফূৰ্তিমান মানুহ তেনে হোৱাতো একো অস্বাভাৱিক নহয় । তথাপি সৰুৰ চিন্তা লাগিল । কালি ফোনত তাই যেনেদৰে হে কান্দিছিলি , সৰুৱে ৰাতিয়েই গিৰিয়েক মৰমক আহিবলৈ লগ ধৰিছিল । আচলতে এই কেইদিনত মৰমে সৰুৰ খেচখেচনীত ছুটি লৈছিল দুয়োটাই কৰবাত ফুৰিবলৈ যাব বুলি । কিন্তু সৰুৱে যেতিয়া শিৱসাগৰত থকা বায়েকৰ ঘৰলৈ আহিবলৈ জোৰ দিলে, সৰুৱে জানে সি ভালেই পালেই । অন্তত টকা অলপ বাচিল বুলি । পুৱাই সৰুক একো নুসুধাকৈয়ে সি তিনিচুকীয়াৰ পৰা শিৱসাগৰ অভিমুখে গাড়ী এৰি দিলে ।
-বা, তই চিওৰ টো....
সৰুৱে বায়েকলৈ চাই এইবাৰ মুখ খুলিলে ।
-চিওৰ । ফিমেল, ফিমেল কেৰেক্টাৰ হয় ।
উত্তৰ লগতে কাকলীয়ে ইমান দেৰি দমাই ৰখা শোকটো উলাই আহিল ।
-ৰহ চোন তই কন্দা-কটা খন নকৰিবি । মৰমক মই এইবোৰ বিষয়ে একো কোৱা নাই তই ভাইটিক কলি নি ?
সৰুৱে ড্ৰয়িংৰুমৰ ফালে চাই বায়েকক সকীয়াই কলে । তাতে বায়েকৰ চাৰি বছৰীয়া লৰাটো, মৰম আৰু সিহঁত দুজনীৰ একমাত্ৰ ভায়েক ৰিংকু  বহি কিবা গেম খেলি আছে । ভিনিয়েক এতিয়াও অফিচৰ পৰা অহা নাই ।
-নাই কোৱা, মোৰ লৰাটোক চাবি দেই সৰু , মই আৰু জীয়াই নাথাকোঁ , কোনদিনা গাত কেৰাচিন ঢালি লওঁ ঠিক নাই ।
কাকলিয়ে এইবাৰ অলপ ডাঙৰকৈয়ে উচুপি উচুপি কলে ।
-তই ইমান পটকেনে ভাগি পৰিলে কেনেকৈ হব হা । বলচোন তহঁতৰ ৰুমলৈ যাওঁ তাতে কথা পাতিম । এইগালে যদি গম পাই মহাভাৰত হয় বুলিহে ভয় । মৰমৰ কথা বাৰু বেলেগ ভাইটিয়ে যদি জানে ভিনদেউৰ ওপৰত জকি উঠিব বুজিছ । এনেও সি এইবোৰ আবোল তাবোল কাম ভাল নাপায় । বল বল ।  
-ভাইটি কেতিয়া আহিল বা । সি ঘৰলৈ অহা নো কেইদিন হৈছিল । মাহঁতৰ লগতে অলপ দিন থাকি অহা হলেও হয় ।
শোৱাৰুমৰ বিচনাত বহি সৰুৱে কথাৰ বিষয় সলনি কৰিবলৈকে বায়েকক সুধিলে  । ভায়েক ৰিংকু দিল্লীত পঢ়ি আছে । বন্ধত ঘৰলৈ আহিছে
-ময়ো তাক ঘৰতে অলপ দিন থাকিবলৈ কৈছিলোঁমা-দেউতাই কিমান দিনৰ মুৰত তাক পাইছে , পিছে ভিনিয়েৰে নুশুনিলে , সিদিনা আমি যাওঁতেই তাক জোৰ কৰি লগতে লৈ আনিলে ।
বায়েকক অলপ সুস্থ হোৱা যেন দেখি সৰুৰ ভাল লাগিল । লাহেকৈ তাই পুনৰ বিষয়টো উলিয়াব খুজিলে । সৰুৱে জানে এই বিষয় টো তাই থানথিত লগাই থৈ নগলে আজলী বায়েকজনীয়ে কেতিয়া কি কৰি পেলাব ঠিক নাই ।
-বা এতিয়া কচোন এই কথাবোৰ তই কেতিয়া গম পালি ?
-সেই ঘৰলৈ যোৱা দুদিনৰ পাছতেই ।
-আমাৰ ঘৰত !!
-অ.. এদিন আমি চবেই বহি কথা পাতি আছো তেনেকুৱাতে ভিনিয়েৰৰ ফোনটো বাজিল । তেওঁ আক ফোনটো ধৰিবলৈ বুলি বাহিৰলৈ ওলাই গল । সেই সময়তে ময়ো কিবা এটা কৰিবলৈ বুলি সেইফালে গৈছিলোঁ ...তেওঁ তেতিয়া চেপা মাতেৰে কাৰোবাক ফোনত কৈ আছিল-মনালিছা মই কি কৰিম কোৱা, কি কম....নাপালে কি কৰিবা....হেহ নাপায় নহয়   মই আৰু নুশুনিলোঁআচলতে মই সিমান কাণও দিয়া নাছিলোঁ
-ভিনদেৱে তোক দেখা নাছিল নে....
-নাই দেখা ,মই কাষৰ ৰুম এটাৰ পৰা হে শুনিছিলোঁপাচত যেতিয়া কাৰ ফোন আহিছিল বুলি সুধিলো তেওঁ কলে কোনোবা লগৰ এজনৰ বোলে । মতা মানুহৰ নাম কিবা মনালিছা থকা কৰবাত শুনিছ নে তই !!
-তাৰ পাছত আকৌ কেতিয়া ফোন আহিল ?
-সেইদিনাই দুবাৰ মান ফোন আহিল । প্ৰতিবাৰেই ভিনিয়েৰে আঁতৰি গৈ ফোনটো ধৰে ।  ঘৰলৈ অহাৰ পাছতো দিনটো এবাৰ হলেও ফোন আহেই ।
-বিশ্বাস কৰিবলৈ টান লাগিছে বা, ভিনদেউৰ দৰে ইমান ভাল মানুহ এজনে এনে কৰিব নে ....
-মোকতো তহঁতি বিশ্বাস নকৰিবিয়েই । নিজৰ মানুহটো কাৰোবাৰ সৈতে ভাগ হলে কেনেকুৱা লাগে তই কি জানিবি । আনক ভিনিয়েৰে  এজনী...মই হলে সতিনী খাটিবলৈ নাই....মৰিম বুলিছোঁ নহয় মৰিমেই ।
কাকলী আকৌ এবাৰ উচুপি উঠিল ।
-হেহ ! তোক নো কেতিয়া বিশ্বাস নাই কৰা বুলি কৈছোঁ হয়নে । ইমান দিনে ভিনদেউক দেখি আহিছোঁ কেনেকৈ নো এইবোৰ কথা সহজে মানি লব পাৰি হয়নে
-আজি ভিনিয়েৰক দেখিবি নহয় গম পাই যাবি ।
-মানে ?
-মই বিয়াৰ পাছৰে পৰা কিমান বাৰ কলো বোলো সেই বুঢ়া মানুহৰ দৰে কাপোৰ কানিবোৰ পিন্ধিবলৈ এৰক নুশুনিলে । পৰহি ৰিংকুৰ লগত বজাৰলৈ গৈ ৰিংকুৱে পিন্ধাৰ দৰে চাৰ্ট পেন্ট দুযোৰ কিনি আনিছে । আৰু চাল চলনবোৰ এনেকুৱা হৈছে যেন তেওঁ নকৈ ডেকাহে হৈছে ! আৰু সেইটো টো কোনো কথা নহয়..সেইজনীয়ে ফোন কৰিলে মই যেতিয়াই সোধোঁ কাৰ ফোন আহিছে নো তেওঁ মিচিকিয়া হাঁহি এটা মাৰি আঁতৰি যায় গৈ । কালি তো সেই জনীয়ে ফোন কৰাৰ পাছত মই পাকঘৰৰ পৰা শুনিছোঁ তেওঁ মনালিছা ঐঐঐ তোক নাপালে মই মৰি যাম বুলি চিঞৰ এটাও মাৰিছিল ভাইটি সেই সময়ত তেওঁৰ কাষতে আছিল জান ।
-তই সেই ফোন নম্বৰটো ৰাখি থৈছ নেকি ?
-কত সুবিধা পাবি । আজি কালিতো ফোনটো জেপৰ পৰা নুলিয়াই । পৰহি তেওঁ বাথৰুমত থাকোঁতে সুবিধা পাই ৰি-ডায়েল কৰি চাই সুধিছিলোঁ-এইটো কাৰ নম্বৰ বুলি , সিফালৰ পৰা ছোৱালী এজনীয়ে  মনালিছা শইকীয়া বুলি কলে । মই আৰু কিবা সুধিবলৈ পোৱাৰ আগতেই সেইজন বাথৰুমৰ পৰা ওলালেই নহয় । ভাগ্য মোক ফোন কৰা নেদেখিলে ।
বায়েকৰ কথাবোৰ শুনি সৰু বাৰুকৈয়ে চিন্তাত পৰিল ।
-কিবা এটা কৰিবই লাগিবই ৰহ বা । তই চব নুসুধি ভালেই কৰিলি । ভিনদেৱে এনেও কথাবোৰ উৰুৱাই দিলেহেতেনআৰু পাৰিলে সে.....
সৰুৰ কথা আধৰুৱা হৈয়ে ৰল ।
-আৰে আজি আমাৰ কি ভাগ্য হে কাকলি সৰু আৰু মৰমক যে নমতাকৈয়ে আহিল দেখোন ।
ৰুমত সোমায়ে ৰুপম চিঞৰি উঠিল ।
-কি যে কয় আৰু ভিনদেউ মই কিবা আজিহে আহিছোঁ যেন ।
কথাষাৰ কৈ সৰুৱে ভিনিয়েকলৈ চালে , সঁচাই ভিনিয়েকৰ সাজ পাৰ,চাল চলন বোৰ সলনি হৈ গৈছে । যেন বিশ বছৰীয়া ডেকা লৰা হে । নাই নাই ভিনিয়েকৰ লগত কথা পাতিবই লাগিব । বায়েকৰ সংসাৰখন এনেকৈ নষ্ট হবলৈ দিব নোৱাৰি ।
পিছে কাকলীয়ে ভবাৰ দৰে সৰুৱে সেইদিনা ৰুপমক একো সুধিবলৈ সুবিধা নাপালে । পিছ দিনা ৰুপমে ছুটি ললে । দুপৰীয়া ভাত খাই গোটেই কেইটাই আড্ডা মাৰিবলৈ বহিল । সৰুৱে সুবিধা বিচাৰি সিহঁতৰ সৈতে কথাৰ মলহা মাৰিবলৈ ধৰিলে ।
-বুজিছা মৰম, আমাৰ বিয়াৰ আগত সৰুৱে যেতিয়া আমাৰ পিয়নৰ কাম কৰিছিল, তেতিয়া তাই সদায় মোক ব্লেকমেইল কৰিছিল, প্ৰতিখন চিঠিৰ বাবে পিয়ন হোৱাৰ আগত তাই মোৰ পৰা কিবা নহয় কিবা সৰকাইছিল । নহয় নে সৰু ?
ৰুপমে সৰু আৰু মৰমলৈ চাই সুধিলে ।
-পুৰণা কথাবোৰ উকটি নলব দেই ভিনদেউ । এনেই কিবা পিয়ন গিৰি কৰিব পাৰিনে ।
 সকলোৱে হাঁহি উঠিল ।
-মোৰ আৰু এটা কথা মনত পৰিছে...কাকলী কওঁ নে ?
ৰুপমে এইবাৰ চুপচাপ কৈ বহি থকা কাকলীক লক্ষ্য কৰি সুধিলে । পিছে কাকলীয়ে কিবা কোৱাৰ আগত মৰমেই কলে-শালপতি ৰৈ নাথাকিব কৈ দিয়ক
-এহ ! এইষাৰো আমাৰ বিয়াৰ আগৰে বুজিছা । কাকলীহতৰ গাওঁৰ শেৱালী নামৰ ছোৱালী এজনীয়ে মোৰ লগত বিৰাট লাইন দিছিল । এবাৰ বিহুত কাকলীক লগ কৰিবলৈ বুলি গলো , শেৱালী বাটতে লগ পাই সিহঁতৰ ঘৰলৈও বিহু খাবলৈ মাতিলে । কাকলিক তাকে কোৱাত মোক কলে নাযাবা । মই বোলো কিয় , মোৰ ওপৰত তোমাৰ ইমানো বিশ্বাস নাই নে !!তেতিয়া কাকলিয়ে কি কলে জানে নে-তোমাৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে পিছে সেই কলিমন বেজৰ জীয়েক শেৱালীৰ ওপৰত নাই । কি ঠিক কি দৰৱ খুৱাই তোমাক নিজৰ কৰি লব পাৰে !!
ৰুপমৰ কথাত আকৌ এবাৰ সকলোৱে হাঁহি উঠিল । সৰুৱে দেখিলে বিশ্বাসৰ কথা ওলাইছে যেতিয়া এইয়াই ঠিক সময় । তাই গহীন হৈ এবাৰ বায়েকলৈ চালে , তাৰ পাছত ভিনিয়েকলৈ চাই সুধিলে- এই মনালিছা কোন ভিনদেউ !
বজ্ৰপাত এটাহে পৰিল যেন । লগে লগে পৰিবেশতো ঠাণ্ডা হৈ গল ।
-কিয় ...কিয় সুধিলা ?
ৰুপমে এবাৰ ৰিংকু এবাৰ কাকলীৰ মুখলৈ চাই সেপধুকি কলে ।
-সুধিছোঁ আৰু .....আজি কালি আপুনি বৰ চালিয়া কাপোৰ পিন্ধিবলৈ লৈছে দেখোন কাৰণটো মিছ মনালিছাই নেকি ?
-কোনে কলে বায়েৰাই....এই মাইকী মানুহবোৰৰ এটাই দোষ বুজিছা জীৱনটো কৈ থাকিব তুমি এনেকৈ থাকিলে মোৰ ভাল লাগে তেনেকৈ থাকিলে ভাল লাগে আৰু যেতিয়া আমি বোৰে  তেনেকৈ থাকিবলৈ লম ,তেতিয়া কব তুমি আজিকালি সলনি হৈ গলা ! বায়েৰক সুধাচোন মোক চালিয়া হবলৈ কোনে সদায় জোৰ কৰি থাকে ।
ৰুপমৰ কৈফিয়ত্ মৰম আৰু ৰিংকুৱে হাঁহি উঠিল । কিন্তু সৰু আৰু কাকলী গহীন হৈ থাকিল ।
-আপুনি মোৰ আচল উত্তৰটো নিদিলে ভিনদেউ মনালিছা কোন ?
সৰুৱে পুনৰ সুধিলে
-নকয় সৰু কিয় কব সেইজনীৰ কথা  , মই কিয় মৰি যোৱা নাই অ....
কাকলীয়ে নিজকে ধৰি ৰাখিব নোৱাৰি ৰাউচি জুৰিলে । ঘটনাৰ আকস্মিকতাত গোটেই কেইজন পুৰুষ অবাক লাগিল ।  ৰুপমে কাকলিৰ কাষ চাপি আহি তাইৰ পিঠি হাত খন ৰাখি মৰমেৰে কলে-কি কৈছা এইবোৰ কাকলী ....
কাকলীয়ে গাত ভুত লগা মানুহৰ দৰে উচাত মাৰি আঁতৰি গৈ কলে- মোক নুচুব আপুনিসেইজনীৰ কাষলৈ নাযায় কিয়.....
-হে হৰি !!! সৰু কি হৈছে এইবোৰ ....
ৰুপমে একো ধৰিব নোৱাৰি সৰুলৈ উপায়হীন চাই সুধিলে ।
-মনালিছা কোন ভিনদেউ , যাৰ লগত আপুনি ফোনত কথা পাতি থাকে । যাক নাপালে মৰি যাম বুলিও হেনো কৈছে....
সৰুৱে এইবাৰ অলপ খঙৰেই ৰুপমক সুধিলে ।
-অ... এতিয়াহে বুজিছোঁ, তুমি কিয় অকস্মাত আমাৰ ঘৰত হাজিৰআজি দুদিনমানৰ পৰা এওঁ কিয় গোমোঠা মাৰি  আছে । মই বোলো মানুহজনীৰ ভাল লাগক তাকে ভাবি তেওঁ বিচৰা ধৰণে চালিয়া হবলৈ ট্ৰাই কৰিছোঁইফালে কথাৰ গুৰি কৰবাত
-আচল কথাটো নকয় কিয় ভিনদেউ ...
-কম জানো সৰু....
-নালাগে কব....মই মৰোগৈ ঐঐঐ
-হেৰা ৰবাচোন ৰবা, তুমি মৰিব গৈ নালাগে ।
ৰুপমে ভিতৰলৈ যাবলৈ লোৱা কাকলিক আগচি ধৰি কলে ।
-ভিনদেউ নকয় কিয় ....কিয় ইমান ৰং চাইছে ?
-কি কবা সৰু কলেও বায়েৰাৰ বাবেই বিপদ নকলেও দেখোন বায়েৰাৰ বিপদ ...কি কৰো হয়নে ৰিংকু ?
খুলশালীয়েক ৰিংকুৰ চকুত চকু থৈ  ধেমেলীয়া সুৰেৰেই ৰুপমে কথাষাৰ কলে ।
-ৰিংকু আক এইবোৰ মাজত কিয় সোমোৱাইছে আপুনি...সেই কুমলীয়া লৰাটোৰ আগত এইখন লিলিমাই কৰাতোৱেই হৈছে গৈ....
কাকলিয়ে ফোচফোচাই উত্তৰ দিলে ।
-আস ! কুমলীয়া লৰা !! এই একৈশ বছৰীয়া থূলন্তৰ ডেকা লৰাটোক তুমি কুমলীয়া দেখা পাইছা কাকলি.....মইহে এইবাৰ পাগল হম দেই ।
ৰুপমৰ কথা কাণ্ডবোৰ দেখি অতিষ্ঠ হৈ সৰুৱে কলে ।
-ভিনদেউ এইবোৰ নাটক এৰক । আচল কথালৈ আহক ।
ৰুপমৰ কথা কাণ্ডবোৰ দেখি অতিষ্ঠ হৈ সৰুৱে কলে ।
-অকে অকে....ৰিংকু মই হলে তোৰ শপত ভাঙিলোঁবায়েৰাৰ আন যি বিপদেই নহওক কিয় মৰিবলৈ লোৱাটো মই কেতিয়াও নিবিচাৰোঁ দেই । আৰু শুনা ঐঐ মুৰখমতি হত....মনালিছা মোৰ একো নহয় যি হয় তোমালোকৰ ফুলকুমলীয়া ভায়েৰৰ হে কিবা হয় ।
-কি !!!
সৰুৰ আৰু কাকলি মুখ মেল খাই গল । দুইজনীয়ে  ৰিংকুলৈ পোন্দোৱাকৈ চালে, সি তল মুৰ কৰি আছে ।
-অ, সেইয়া তোমালোকৰ ভায়েৰাৰে খেলা , ফচিলো মই ।
-.....
-উৱা বিশ্বাস হোৱা নাই ...সিদিনা তোমালোকৰ ঘৰলৈ যাওঁতে আমাৰ খুলশালী মহাশয়ে মোৰ মোবাইলটো ফোন এটা কৰিবলৈ খুজিলে । তাৰ হেনো দিল্লীৰ নম্বৰ যে ৰোমিঙত ঢেৰ পইচা যায় । মই দিলোঁসিও আধা ঘণ্টা মানৰ পাছত মোক মোবাইলটো ঘুৰাই দিলেহি ।  মই মবাইলটো লৈছোঁহে তেনেতে ফোন এটা অহাত সি জুমি চাই কলে সেইটো হেনো তাৰে ফোন আহিছে । আকৌ মোবাইল নিলে । দহবাৰ মান এনেকৈ দিয়া লোৱা হৈ থাকিল । তাৰ পাছত সি কলে ভিনদেউ এই নম্বৰটোত ফোন আহিলে মই নাই বুলি কব দেই । আৰু ভুলতো মোৰ নম্বৰটো সেইজনীক নিদিব । মই বোলো কেচটো কি...বায়েৰক কম নেকি ? সি আক মোক কাকলিৰ শপত দি কলে বায়েকহতক কোৱা মানেই হেনো মহাভাৰত হোৱা ! পঢ়িবলৈ গৈ ভায়েকে ছোৱালীৰ পাছত ঘুৰি ফুৰিছে বুলি হোৱাই নোহোৱাই বকনি পাৰিব বোলে । আৰু তোমালোক দুজনী তেনেকুৱা হয়ো । গতিকে সাতে পাচে ভাবি মই তাক কথা দিলোঁপিছে সিফালৰ ফোন অহা বন্ধ হোৱা নহয় হে নহয় । তাই মোক ইয়াৰ লগৰে বুলি ভাবিলে । ৰিংকু নাই বুলি কলে মনালিছাই মোৰ লগতে কথা আৰম্ভ কৰি দিয়ে । কথা  মানে চেনতি ফালে আৰু । সি আজিকালি তাইক এৰাই চলে , তাৰ নতুন ফোন নম্বৰটোও যে তাইক নিদিয়ে , কত চেষ্টা কৰি ফেচবুকত ফেক একাউণ্ট বনাই যে তাৰ খবৰ ৰাখিছে....সেই গোটেইবোৰ বুজিছা । আৰু সেইবোৰ ফোন বাৰু মই কাকলীৰ আগত ৰিছিভ কৰিব পাৰো নে....উপায় নাপায় ৰিংকুকো ঘৰলৈকে লৈ আনিলোঁআৰু সিদিনা যে কাকলিয়ে মোৰ চিঞৰটো শুনিছিল সেয়া মই ৰিংকুক হে জোকাই আছিলোঁভুলক্ৰমে সেইটো চিঞৰ হৈ কাকলিৰ কাণত পৰিল গৈ ।
একেৰাহে কথাখিনি কৈ ৰুপম ফোপাই উঠিল । সকলোৱে তেতিয়া তালৈ কে চাই আছিল ।
-উৱা তাৰমানে তোমালোকে মোক এতিয়াও বিশ্বাস কৰা নাই !! ৰিংকুক সুধা না মনালিছা তাৰ কোন হয় ?
সৰুৱে এইবাৰ গাজনিৰ দৰে ভায়েকক মাতিলে  
-ভাইটি !!
পিছে সৰু গাজনিৰ কোপ সহিব পৰা ক্ষমতা ৰিংকুৰ নাই সেইবাবে সি তল মুৰ কৰি ৰল ।
-বাৰু যি হল হল সেইবুলিয়ে ভায়েৰক ইমান শাসন কৰিব নালাগে । তাৰ বয়সত তোমালোক দুজনীয়ে আমাৰ দুটালৈ পলাও পলাও কৈ আছিলা সেয়া হবলা পাহৰিলানিজৰ গাত চিকুট মাৰি চোৱা
ৰুপমৰ কথাত সৰুৱে লাজ পাই লগে লগে গাজনি সামৰিলে ৰুপমে এইবাৰ কাকলিলৈ চালে , তাই তেতিয়াও অবাক লাগি তালৈকে চাই আছিলধৰমৰাই সি কাকলিৰ কাষলৈ গৈ হাত এখনত ধৰি কলে-কাকলি ,তুমি মোক এতিয়াও বিশ্বাস কৰিব পৰা নাই নে ??
কাকলিয়ে ৰুপমৰ চকুলৈ চালে । তাৰ পাছত মুখত হাঁহি এটা ফুটাই কলে-তোমাক মই পুৰা বিশ্বাস কৰো ৰুপম পিছে কোনোদিনে নেদেখা, ভাইটিয়ে এৰিব খুজা সেই মনালিছা বোলাজনীক নো মই কেনেকৈ বিশ্বাস কৰিম কোৱা চোন ?
ৰুমটো পুনৰ হাঁহিৰে খল-খলাই উঠিল ।

No comments:

Post a Comment