Tuesday, 10 July 2012

ইটো –সিটো-১










সাথ নিভানা সাথিয়া,
সাথ নিভানা সাথিয়া
অফিচৰ পৰা আহি ঘৰত সোমাই যে বৰুৱাৰ মুৰ গৰম হৈ গল । বেড ৰুমৰ পৰা টিভিৰ মাত ভাহি আহিছে । সমুখত বৰুৱানী, গতিকে খঙটোতো দেখাব নোৱাৰি সেইবাবে মুখত হাঁহি এটা ফুটাই বৰুৱানীক সুধিলে-তুমি হবলা চিৰিয়েল চাই আছিলা ।
-ও । আপুনি মুখ হাত ধুই আহক মই চাহ বাকো ।
বৰুৱাই মুখ হাত ধুৱে মানে বৰুৱানী চাহ আৰু কিবা কিবা লৈ বেড ৰুমত হাজিৰ । টিভিৰ চাউণ্ডটো অলপ কমাই বৰুৱানীয়ে সদায় সুধাৰ দৰে সুধিলে–অফিচ ঠিকে ঠাকে গল নে
-ও ।
-আজি ভন্টিয়ে ফোন কৰিছিল ।
ভন্টি মানে বৰুৱাৰ  একমাত্ৰ ভনীয়েকজনী । হোষ্টেলত থাকি এম এ পঢি আছে ।
-কি কলে তাই
-অহা মাহত ইয়ালৈ দুদিনমান থাকিবলৈ আহিব বোলে । মোৰ শুনিয়ে মনটো ভাল লাগি গল ।
-মেল মাৰিবলৈ লগ পাবা যে ভাল লাগিবই ।
বৰুৱাৰ কথা শুনি বৰুৱানীয়ে মিচিকিয়াই হাঁহি এটা মাৰিলে । বৰুৱাৰ গাটো ৰিম জিম কৰি গল । বৰুৱানীক নিজৰ কাষ চপাই আনিবলৈ বুলি হাত খন মেলিছিল হে টিভিত কিবা বিষাদৰ দৃশ্য ওলাল হবলা  বৰুৱানীয়ে ইছ আছ কৰি সেইফালে মন দিলে । লগতে টিভিৰ চাউণ্ডটো বঢ়াই দিলে । বৰুৱাৰ খঙটো ভমককৈ উঠি আহিল । মুখ ফুটাই একো কৱ নোৱাৰি ভোৰভোৰাই উঠিল-এই চিৰিয়েল বোৰ বাবেই কোনোবা দিন টিভিটো ভাঙিব লাগিব যেন পাইছোঁঅফিচৰ পৰা কিমান আগ্ৰহৰে আহে ঘৈণীয়েকৰ সৈতে অলপ আড্ডা পিতিব বুলি  , এই চিৰিয়েলবোৰৰ পৰা একো নহয় গৈ । বৰুৱাই খঙতে গৈ লেপটপটো খুলি ললে ।
বৰুৱাৰ হতৰ বিয়াৰ প্ৰথম বছৰটো পিছে এনেকুৱা নাছিল । অচিনাকি চহৰৰ ভাড়াঘৰত দিনৰ দিনটো আমনি লাগিব বুলি ছয় মাহ মানৰ পাছত বৰুৱানীৰ বাবে ইন্টাৰনেট কানেকচন এটা লৈ দিছিলবেচেৰীয়ে তেতিয়া দিনটো কিতাপৰ মাজতে ডুব গৈ বৰুৱা অফিচৰ পৰা অহালৈ বাট চাই থাকে । একতা কাপুৰৰ চিৰিয়েল সেই সময়ত উভতিও চোৱা নাছিল । বৰুৱাই নিজেই বৰুৱানীক ইন্টাৰনেটৰ লিংলাং বোৰ শিকাই দিলে । একদম ভালৰ পৰা বেয়ালৈকে ! ফেচবুক, অৰকুট এই চচিয়েল চাইটবোৰত একাউণ্টও খুলি দিলে । কম সময়তে বৰুৱানী সকলোতে পাৰদৰ্শী হৈ উঠিল , লগতে জনপ্ৰিয়ও .। পিছে এই জনপ্ৰিয়তাৰ বাবে বৰুৱাই বৰুৱানীক আগৰ দৰে নিবিড় ভাবে লগ নোপোৱা হল । আজৰি সময় পালেই মানুহজনী বৰুৱাৰ কাষত নবহি ইন্টাৰনেটত হে বহে গৈ । শেষত বৰুৱাই নাকী লগালে । পিছে খঙেৰে নহয় ইমচনেল ব্লেকমেইল-মই থকা সময় খিনিত তুমি অন্য কিবাত বিজি থাকিলে মই কষ্ট পাওঁ সোন ।
বচ বৰুৱানী জব্দ হৈ গল । সেই দিন ধৰি নেট বন্ধ হৈ গল । দুদিনমান ঠিকেই চলিল । তাৰ পাছত আকৌ দুমাহ মান পয়মাল লাগিল । আইপিল আৰম্ভ হল কি নহল বৰুৱানীয়ে নতুন এলচিডি টিভি এটা ক্ৰেডিট কাৰ্ডৰ সহায়ত কিনি আনিলে । বৰুৱানীয়ে আক কলেজ লেভেলত ভাল ক্ৰিকেট খেলিছিল । গতিকে ক্ৰিকেটৰ প্ৰতি বিৰাট দুৰ্বলতা আছে , বিশেষকৈ শচীন তেণ্ডুলকাৰৰ প্ৰতি । যিদিনাই মুম্বাই ইন্ডিয়ানছৰ খেল থাকে সেইদিনাই বৰুৱাই অফিচৰ পৰা আহি ৰান্ধনী ঘৰত সোমাব লগা হয় , ভাত ৰান্ধিবলৈউপায় নাই কাৰণ বৰুৱানীয়ে বৰুৱাক সাৱধান কৰি থৈছে যে আই পি এলত যদি বৰুৱাই তেওঁক সহায় নকৰে ইয়াৰ পাছত আহিব লগা ইউৰো কাপ চাবলৈ বৰুৱাক সুবিধা নিদিব । বৰুৱানী কথা মানেই সেইয়াই হবই । গতিকে বৰুৱাই নিজৰ প্ৰিয় খেল খনৰ কথা ভাবি পাকঘৰত সোমায় । আৰু যিমান পাৰে ভগৱানক যাতে শচীন তেণ্ডুলকাৰ সোনকালে আউট হয় । তেতিয়া অন্তত বৰুৱানী দুখতে টিভি বন্ধ কৰি পাকঘৰত সোমাবহি ।
আই পি এল শেষ হল । মুম্বাই ইন্ডিয়ানছ কোৱাটাৰ ফাইনেলত হাৰিল । বৰুৱানীয়ে সেইদিনা দুখতে ভাত চুই হে চালে । ইফালে বৰুৱাই সিদিনা দুগৰাহ মান বেছিকৈ খালে ।
তাৰ পাছতেই এই একতা কাপুৰৰ চিৰিয়েল বোৰৰ মোহত পৰিল । এই মোহটোৰ পৰাহে বৰুৱানীক আঁতৰাব পৰা নাই ।
-কম্পিউটাৰটো খুলি কিনোঁ ভাবি আছে..
বৰুৱানীৰ মাততহে বৰুৱা অতীতৰ পৰা ঘুৰি আহিল ।
-নতুনকৈ কাৰোবাৰ প্ৰেমত পৰিছে নেকি...?
বৰুৱানীয়ে মৰমেৰে বৰুৱাৰ নাকটো চেপি সুধিলে । মানুহজনীৰ এই ধেমালিবোৰেই বৰুৱাৰ ভাল লাগে । লাহেকৈ তেওঁ বৰুৱানীক কাষ চপাই আনিলে । বৰুৱানীৰ চুলিত নিজৰ মুখখন ঢাকি কলে-তুমি দেখোন চিৰিয়েল চাই আছিলা । মোক চাবলৈতো তোমাৰ সময়ে নাই । সেইবাবেই তেনেকৈ আছিলোঁ
-উৱা, কিবা মন গলেই মোক কলেই হলচোন....মই কিবা কোনোবাদিন না কৰিছো নে ?
বৰুৱাই দেখিলে মানুহজনীক এইসময়তে পতাব পাৰিব । এবাৰ কথা দিলে মানুহজনীয়ে কেতিয়াও সেইবোৰ নাচায় ।
-সোণ কিনো এই চিৰিয়েলবোৰ চাই থাকা । মই থকাৰ সময়ত এইবোৰ নাচাবা চোন । বেয়া লাগে.....
কিবা যেন ভুত হে দেখিলে, বৰুৱানীয়ে উচাট মাৰি বৰুৱাৰ বুকুৰ পৰা ওলাই আহিল ।
-নেট চাব নালাগে বুলি কলে নাচালোঁঅনবৰতে কিতাপ পঢ়িব নালাগে বুলি কলে নপঢ়োঁৰাতি ৰাতি ডায়েৰী লিখাৰ সময়কণও আপুনি লৈ থলে । মই একো মাত নামাতিলোঁএতিয়া আকৌ মই টিভিটো চোৱাও হিংসা দেখিছে ।
বৰুৱানীৰ জকজকনী দেখি বৰুৱা ভয় লাগি গল । মানুহ জনীৰ এনে খঙ তেওঁ কোনো দিনে দেখা নাই । মাতত যিমান পাৰে কোমলতা লৈ তেওঁ কলে-সোন মই তোমাক দিনত নাচাবলৈ কোৱা নাই নহয় । দিনত তুমি কি কৰা কৰি থাকিবা । মাথো ৰাতি মই থকা সময় খিনিহে মোক দিবলৈ কৈছোঁ
পিছে লাভ নহবৰুৱানী আকৌ বাণ মাৰি পঠালে-কিহৰ সময় হা কিহৰ সময় ? দিনৰ দিনটো বাট চাই থাকো মানুহজন আহিব ,  লগত অলপ সময় কটাম । ঘৰত অলপ সময় বহে কি নবহে মেলি লব সেই লেপটপ ডাল । সুধিলে কব অফিচৰ কাম । কেতিয়াবা ৰাতি দেৰি কৈ আহিব , কব লগৰ লৰাই পাৰ্টি দিলে । মই কোনোবাদিনা আপোনাক কৈছোঁ নে অফিচৰ কাম ঘৰত নকৰিবলৈ, পাটী কৰি ঘুৰি ফুৰা সময়খিনি মোক দিবলৈ ....একঘণ্টা সময় টিভিটোৰ কাষত বহোঁ তাতো জ্বলে .....নবহোঁ আজিৰ পৰা টিভিৰ কাষত । নবহোঁ বুলিছোঁ নহয় নবহোঁএকো নাচাওঁ, একো নকৰো আজিৰ পৰা ।
বৰুৱাই দেখিলে কথা বিষম । শপত খোৱাতো তেওঁ বিচাৰিছিল , পিছে এইদৰেতো নহয় । এইয়াতো এটা সুপ্ত আগ্নেয়গিৰি যিটো যিকোনো সময়ত আকৌ ফুটিব পাৰে । পিছে কৰিবলৈ তেওঁৰ হাততো একো উপায় নাছিল । ৰাতি কাৰো ভাত পানী খোৱা নহবহু ৰাতি লৈকে বৰুৱাই মানুহজনীৰ উচুপনি শুনি থাকিল ।
পুৱা শুই উঠি দেখিলে , পৰিবেশ শান্ত । বৰুৱাই জীৱটো ঘুৰি অহা যেন পালে । বৰুৱানীৰ এই ক্ষেত্ৰতে ভাল । খঙবোৰ বেছি দেৰি ধৰি ৰাখিব নোৱাৰে । ভাল দৰেই কথা পাতি বৰুৱাক চাহ দিলে । পিছে অফিচলৈ ওলাবৰ সময়ত হে বৰুৱাই দেখিলে টিভিটো বৰ ডাঙৰ কাপোৰ এখনে ঢাকি থৈছে । মানে !
খঙটো মাৰ যোৱাই নাই । দিনটো অফিচত মন নবহিল । সহকৰ্মী শইকীয়াই কিবা এটা ধৰিব পাৰিলে হবলা টিফিনৰ সময়ত বৰুৱাক খোঁচ মাৰি সুধিলেহি-কি হল হে বৰুৱা বৰ চেনতি ফালি থকাৰ দৰে লাগিছে ?
বৰুৱাই কিবা এটা উপায় পোৱাৰ আশাৰে শইকীয়াক ঘটি যোৱা ঘটনাবোৰ বিৱৰি কলে । কথাবোৰ শুনি শইকীয়াই মিচিকিয়াই হাঁহি কলে-হেহ মোৰ ঘৰত এয়া নিতৌ হয় বুজিছা । আজিকালি মাকৰ লগত জীয়েকেও চাবলৈ লৈছে নহয়, গতিকে মই একো পাত্তাই নাপাওঁ সিদিনা কিবা বডে অচ্ছে লগতে হেই নে কি বুলি কয় সেইখনৰ সেই নায়িকাজনী জেলত সোমাল , দুই মাক জীয়েকৰ কি দুখ ! মই বোলো হেৰা লোকৰ মাইকীয়ে নিজৰ গিৰিয়েকৰ বাবে চৈধ বছৰ জেল খাতিব পাৰে , মোৰ সুখৰ বাবে তুমি দুদিনমানৰ বাবে মাৰাৰ ঘৰলৈ যাব নোৱাৰা নে ...আই অ যেনে দৰেহে উচাট মাৰি কলে বোলে সেইজনীৰ গিৰিয়েকে তাইক লাগ বুলাটোৱে দিয়ে, সেইবাবেই গৈছে , আপুনি মোক কোনোবাদিন বিচৰা কিবা এটা কাজিয়া নলগাকৈ দি পাইছে নে..... একো পাত্তা নোপোৱা বুজিছা । এইবোৰত লাগি লাভ নাই । ষ্টাৰ প্লাছ জি টিভি এইবোৰে আমাৰ মানুহজনী হতক টেঙৰ কৰি তুলিলে ।
নাই শইকীয়াই একো উপায় দিব নোৱাৰিলে । বৰুৱাই নিজৰ মুৰতে জোৰ দিলে কি কৰিলে ভাল হব । অফিচৰ পৰা যাবৰ সময় হল একো মনত খেলোৱা নাই । হঠাতে টিং কৈ বৰুৱাৰ মুৰত বুধি এটা খেলালে । বঢ়িয়া হব ! সাপো মৰিব লাঠিও নাভাঙে
বৰুৱাই ঘৰ পায়ে দেখিলে বৰুৱানী এন্ধাৰে-মুন্ধাৰে বাৰাণ্ডাতে বহি আছে সহজ ভাবেই বৰুৱাক মাতিলে ।
চাহ কাপ খায়ে বৰুৱাই অস্ত্ৰ পাত উলিয়ালে ।
-হেৰা খেলো আহা
-কি এইবোৰ ?
-উৱা চিনিয়ে নোপোৱা হলা নে ..মোক দেখোন কৈছিলা কলেজত পঢ়ি থাকোঁতে হোষ্টেলত খুব খেলিছিলা !
-কলেজত পঢ়ি থাকোঁতে আপুনি ফুটবল খেলিছিল , সেইবুলি এতিয়াও খেলিবলৈ যাব নে কিবা...মই সেইবোৰ নেখেলোঁ
বৰুৱাই দেখিলে ঘিউ গলাৰ সম্ভাৱনা কম । তথাপি বৰুৱানীৰ হাত এখনত ধৰি  ট্ৰাই কৰি কলে- অলপ সময় খেলিম আহা না ...প্লীজ
এইবাৰ বৰুৱানী কাষ চাপি আহিল ।
-টুৱেন্টি নাইন খেলিম দেই । বৰুৱাই তাচ জোৰ বাচি বাচি কলে
-মই সেইবোৰ নাজানোঁ
-এহ মই শিকাই দিম নহয়
বৰুৱাই ভাল কৈ জানিছিল যে তাচৰ প্ৰতি বৰুৱানীৰ দুৰ্বলতা আছে । সেয়েহে অফিচৰ পৰা আহোঁতে দোকানত সোমাই অস্ত্ৰ জোৰ লৈ আনিছিল ।
-এই জেটোত কিমান নম্বৰ পাম ।
নিৰস ভাবেই বৰুৱানীয়ে প্ৰশ্নটো কৰিলে ।
-সেইটো জে বুলি নকয় সোনজনী গুলাম বুলি কয় । এইজনীক মেম আৰু সৌটোক চাহাব । তোমালোকে কিবা সেইবোৰ নাম নাই শুনা নেকি?
-আমি জেটো জে কেটো কে বুলিয়েই কৈছিলোঁএইবোৰ চাহাব মেম বুজি নাপাওঁ
-হব তুমি যি বুলিয়ে কোৱা কবা । চাৰিভাগ কৰি খেলিম দেই, চোৱা.....
কম সময়ৰ ভিতৰতেই খেলখন জমি উঠিল । বৰুৱানীক আচলতে ভাল জুৱাৰী  আখ্যা দিব পাৰি । নহলে ইমান সোনকালে তাছৰ টিংলিং টালাং বোৰ বুজি পোৱা সম্ভৱ নহয় । প্ৰথমে বৰুৱাই ইচ্ছা কৰিয়ে হাৰি দিছিল , যাতে বৰুৱানীৰ খেলত মন বহে । পিছে বৰুৱানীয়ে গম পাই জাঙুৰ খাই উঠিল- জিকিলে নিজৰ বলত জিকিম । এনেকৈ হাৰি দিলে মই হলে নেখেলোঁ
তাছৰ মহিমাই বৰুৱানীৰ খঙটো আঁতৰাই নিলে । পিছে তাৰ পিছ দিনাৰ পৰাই বৰুৱা অফিচৰ পৰা অহাৰ লগে লগে চাহকাপৰ লগত তাছজোৰো লৈ বৰুৱানী হাজিৰ হৈ যায় । বৰুৱাৰ কিবা অফিচিয়েল কাম থাকিলেও কৰিব নোৱাৰে । বৰুৱা একদম দোণ পিন্ধা শিয়ালৰ দৰে হল গৈ । আগতেই চিৰিয়েল বা নেটত বহি থাকিলে বৰুৱাই মন গলে নিজৰ কামবোৰ নিয়াৰিকৈ কৰি লব পাৰিছিল । এতিয়া লাভলৈ চাওঁতে সেই কণৰ মুদাও মৰিল । বৰুৱাই বৰ আশাৰে ভনীয়েক অহালৈ বাট চাই ৰল । অন্তত তাই আহিলে বৌয়েকে লাজতে তাচৰ নাম নুলিয়াব । লাগিলে আকৌ নেটকে খোলক, একতা কাপুৰৰ চিৰিয়েল চাওক ।
অৱশেষত ভনীয়েক আহিল । বৰুৱানীৰ সেইদিনা বিৰাট স্ফূৰ্তি । কথাৰ বকলা মেলোঁতে তাচ খেলাৰ কথা পাহৰিয়েই গল । বৰুৱাই যেন জীৱটো ঘুৰাই পালে । তাৰ পিছ দিনাও একেই গল । তৃতীয়দিনা বৰুৱা অফিচৰ আহি বেডৰুমত সোমায়ে থৰ হৈ গল-বিচনাত ভনীয়েক বহি আছে, তাচজোৰ লৈ ! ককায়েকলৈ চাই তাই কলে-দাদা আজি মইও খেলিম দেই । আমি হোষ্টেলত বিৰাট খেলো নহয় । তই বেয়া পাৱ বুলিহে ইমান দিনে কোৱা নাছিলোঁ
মিচিক-মাচাকে হাঁহি বৰুৱানীয়ে কলে-যোৱা মুখ হাত ধুই ফ্ৰেছ হৈ লোৱা । তাৰ পাছত আজি ভালকৈ বহিম । নে কি কোৱা ভন্টি
বৰুৱাই এবাৰ ভনীয়েকৰ মুখলৈ আৰু এবাৰ বৰুৱানীৰ মুখলৈ চাই জোখত কৈ বেছি ভাগৰুৱা খোজেৰে বাথৰুমলৈ সোমাই গল ।




No comments:

Post a Comment