Tuesday, 5 June 2012

আঁহতৰ তলৰ ভুত জনী.....


টেত টেত টেত টেত……ন কৈ ওলোৱা পোৱালী কেইটাক টিউবেলৰ কাষত গোটখোৱা অকণমান পানীতে মাকে চৰাইছে । আটাইতকৈ সৰু পোৱালীটো অলপ আঁতৰি গৈছিল, মাকে তাক ধমক দি কাষলৈ মাতিলেক'ব নোৱাৰি তো কোন সময়ত আহি ৰাক্ষসী কাউৰীজনীয়ে থপিয়াই নিব ।
ধৰ ধৰ নিলে অ’….. বলো ঐঐঐ ….ধৰ ধৰ……..জহনীজাতি কাউৰী, মোৰ হাঁহ পোৱালী কেইটাত হে তোৰ চকু নে?” হঠাতে অকণৰ মাকৰ বাঁহফলা চিঞৰটো শুনি চক খাই কাউৰীজনীয়ে থপিয়াই লোৱা পোৱালীটো এৰি পলালে । হাঁহজনীয়ে গমেই পোৱা নাছিল যে কেতিয়ানো তাইৰ ডাঙৰ পোৱালীটো গৈ কাউৰীৰ মুখত সোমাইছিল গৈ ভাগ্য অকণৰ মাক ওলালহি । তাই লৰালৰিকৈ পোৱালীকেইটা কাষ চপাই ললে ।
নবৌ….নিলে নেকি ৰবাৰ বলো নামৰ আদহীয়া মানুহজন ওলালহি ।
নাই নিবলৈ নাপালে । তই আজিয়ে বাটলু গুটি অলপ বাত বুজিছ | নহলে হাঁহ পোৱালী গৈ কাউৰীৰ পেটতহে ডাঙৰ হ'ব গৈ ……
'…হ'ব বাৰু । বলোৱে মুৰ দুপিয়ালে । পাকঘৰলৈ যাবলৈ লৈও অকণৰ মাক থমকি ৰ'ল
অ হেৰি নহয় বলো, ই অকণ কলৈ গ'ল বাৰু….পুৱাই সেই সান্দহ এবাতি খায়ে যি ওলাই গ'ল….তাক বিচাৰি আন গৈ যাচোন….এই লৰাটোৰ পৰা আৰু উপায় নাই……
অকণৰ মাকৰ পাছৰ কথাখিনি ভোৰভোৰনি হিচাপেহে ওলাল । বলোৰো সেইবোৰ শুনিবলৈ সময় নাই । ধেৰ কাম আছে তাৰ । অকণক বিচাৰি সি বড় তলৰ ফালে গুছি গ'ল ।
ৰংপুৰীয়া গাঁৱৰ বেথাৰামে যেতিয়া একেখন গাঁওৰে মাখনীক ভালপাওঁ বুলি মাকৰ আগত কৈছিল, ঘৰখনত এখন ডাঙৰ যুদ্ধই হৈছিল । ধনেধানে ভৰা ঘৰখনৰ একমাত্ৰ লৰালৈ কত ঘৰে ছোৱালী দিবলৈ মন কৰি আছেঅথচ সি আনিব খোজে সেই উৰুখা চালৰ তলত ডাঙৰ হোৱা মাখনীক ! পিছে লৰাৰ জেদৰ আগত মাকপিতাক সৈমান হব লগা হল । মাখনী দিহিঙীয়া পৰিয়ালৰ বোৱাৰী হৈ আহিল । দুবছৰ মান পাছত ল'ৰা এটা জন্ম হ'ল আইতাকে মৰমতে নামটো অকণ থলে । অকণৰ দহ বছৰ মান বয়স হওতেই আগাপিছাকৈ শহুৰশাহু দয়োজন ঢুকাল । ঘৰখনৰ মানুহৰ সংখ্যা কমি আহিল । বলো নামৰ সৰুতেই দিহিঙীয়া পৰিয়ালত আশ্ৰয় লোৱা ঘাট মাউৰা ডেকা জনকে লগত লৈ বেথাৰামে ঘৰৰ খেতিখোলা চম্ভালি ললে । মাখনীও সলনি হ'ল । পুৰঠ দেহাত বয়সৰ চাপ বহিল । মাখনী জনী হেৰাই সকলোৰে বাবে অকণৰ মাক হৈ পৰিল ।
হেৰা…..ক'ত গলা হে….
হাতৰ খালৈতো বাৰাণ্ডাতে থৈ বেথাৰাম মাটিতে বহি পৰিল । গাঁৱৰ সিমুৰে থকা জান খনত বান পাতিছিল । তাকে চাবলৈ গৈছিল তেওঁ ।
উৱা….গা পা নুধুৱাকৈ তেনেকৈ বহিল যে….মাছ পালে নে
অকণৰ মাকে আহি খালৈটো জুমি চালে । মাছে ভৰি আছিল ।
চাহপানী এবাতি দিয়াহে….তাৰ পাছত গা ধুম গৈ ।
অ' দিছোঁ ৰ'ব, মই পানী বহায়ে থৈছিলোঁ ।
গিৰিয়েকক চাহপানী এবাতি দি তামোল পানৰ বটাতো লৈ অকণৰ মাক কাষতে বহিল । কুমলীয়া তামোল, বাকলি অলপ ৰাখি নাকাটিলে পলকতে শেষ হৈ যাব । গতিকে অকণৰ মাকে খুব মন দি তামোলটো কাটিলে ।
অকল খেতি খোলাকে চাই থাকিব নে কেতিয়াবা ঘৰলৈও চাব হয় নে
অকণৰ মাকৰ কথাষাৰ শুনি বেথাৰামে প্ৰশ্নবোধক দৃষ্টিৰে চালে ।
বোলো আজি কেইবাদিনো হল অকণটো মুজুৰা মাৰি থকা হৈছে । ভাত পানীও ভালকৈ নোখোৱা হল । বলোৱে দুদিন তাক সেই নৈ পাৰৰ আঁহতজোপাৰ তলত দুপৰীয়া বহি থকা দেখিছে বোলে । বাপেকটো হৈ যদি লৰাটোৰ খবৰ এটা নলয় কেনেকৈ হব হয় নে
অকণৰ মাকে অলপ খঙেৰেই কলেই । সঁচাই যোৱা এমাহ মান অকণৰ ভাব ভংগী বহুত সলনি হল । আন কালৰ দৰে দেউতাকৰ সৈতে কাম কাজতো লগা নাই । মাথো মুজুৰা মাৰি থাকে । মাকে সুধিলেও একো নকয় । এটাই লৰা । একো অভাব অনাটন নোপোৱাকৈ ডেকা কৰিলে | সি তেনেকৈ মন মাৰি থাকিলে কোনজনী মাকৰনো মন ভালে থাকিব ।
বেথাৰামে অলপ সময় কিবা এটা ভাবিলে । মানুহটোৱে এনেও খুব কম কথা কয় । তাৰ পাছত বাৰাণ্ডাৰ ডোল ডালৰ পৰা তিয়নী এখন লৈ গা ধুবলৈ বুলি গুছি গল । যোৱাৰ আগত ঘৈণীয়েকক কৈ থৈ গ'ল ল'ৰা ডেকা হ'ল বুজিছা । মাজে মাজে এনেকৈ মুজুৰা মাৰিবই । তুমি মিছাতে চিন্তা কৰি মৰিছা । সময়ত চব ঠিক হৈ যাব ।
গিৰিয়েকৰ কথা ষাৰ শুনি অকণৰ মাকৰ খঙটো টিকিচবিকিচ কৈ উঠি আহিল । কিবা এটাতো উপায় দিব পাৰিলেহেঁতেন । সেই দেও লগা আঁহতজোপাৰ তলত ভৰ দুপৰীয়া লৰাটো বহি থাকে….সেইটো কথা মনেই নিদিলে । আউ বেলি আঘোণীৰ পুতেকটো সেইজোপা গছৰে দেও লাগি পাছত জ্বৰ হৈ মৰা নাছিলনে । নাই নাই এইদৰে নহতাই কালিলৈয়ে কলিমন বেজৰ ওচৰত চোৱাবগৈ । যি বিধি বিধান লাগে চব কৰিব ।
পিছদিনা দুপৰীয়া সকলোকে ভাত পানী দি আজৰি হৈ অকণৰ মাক কলিমন বেজৰ ঘৰলৈ বুলি ওলাল । হাতত তামোল পান এটা আৰু টকা বিশটা ললে । গাঁওৰ এটা মুৰে থকা বেজৰ ঘৰ পায়গৈ মানে গোটেই মানুহজনী ঘামেৰে জুৰুলিজুপুৰি হল । হওক তেওঁ বেজজন ঘৰতে আছিল । অকণৰ দুৰ্দশা শুনি বেজে বহু দেৰি মাটিতে আঁচ টানি কিবা কিবি বকিলে । তাৰ পাছত অকণৰ মাকলৈ চাই কলে বুজিছা বোৱাৰী, কথা বিষমেই আছিল, ভাগ্যে তুমি মোৰ কাষলৈ আহিলা । ল'ৰাক সেই আঁহতৰ তলৰ জনীয়েই পালে । ঘৰত ভালকৈ নাম এষাৰ পাতিব লাগিব বুজিছা । আৰু সেই গুৰু ভকত দুজনমানক পাৰিলে ভালকৈ এসাজ খুৱাবা । মই ল'ৰাৰ বাবে তাবিজ এটা দিওঁ, তাক কঁকালত পিন্ধি থাকিবলৈ কবা । বৰ বেয়া কথা হ'ল দেই….
বেজৰ কথা শুনি অকণৰ মাকৰ মুখ শুকাই গ'ল । হৰি হৰি ভালেটিহে ভগৱানে তাইক বেজৰ ওচৰলৈ আহিবলৈ সুমতি দিলে । নহলে যে পুতেকৰ কি হলহেঁতেন । তাই জানে বাপেকপুতেকে সেইবোৰ বিশ্বাস নকৰে । আৰু ঘৰত যে নাম এষাৰ পাতিবলৈ টকাপইচা দিব সেয়াও হৈছে আৰু । তায়ে কিবা এটা কৰিব লাগিব । অকণৰ মাকৰ বেজৰ ঘৰৰ পৰা ঘুৰি আহোতে বাটটো তেনেই চুটি চুটি লাগিল । উৰি অহা দি আহি তাই ঘৰ পালেহি । চোতালৰ পৰাই তাই পুতেকক চিঞৰিলে । তাবিজটো সোনকালে পিন্ধাই দিব লাগিব ।
অকণ, অ' অকণ….
পিছে তাইৰ চিঞৰত অকণ নহয় বলো হে এৰাল দিয়া ছাগলী কেইটা লৈ বাৰীৰ পাছফালৰ পৰা ওলালহি ।
নবৌ, অকণ নাই নহয় । সেই আপুনি যোৱাৰ পাছতেই ওলাই গল । ৰাতি নাহিবও পাৰে বোলে ।
নাহিব পাৰে মানে…..সি গল কলৈকত থাকিব …..তই বাধা নিদিলি কিয় ।
অকণৰ মাকৰ মূৰতো গৰম হৈ গল ।
বলোৱে ফিচিক কৈ হাঁহি এটা মাৰি কলেডেকা লৰা, মোৰ কথা নো কত শুনিব নবৌ । আপুনি মিছাতে মূৰ নঘমাব ।
মূৰ নঘমামহেৰৌ এটাই লৰা তাৰ যদি গা মূৰ ভাল নহয় মই কেনেকৈ সহি থাকিম হয়নে….তই জলদি তাক বিচাৰি যা । এই ছাগলী কেইটা দে, ময়ে গড়ালত ভৰাই থওঁ গৈ ।
বলোৱে হাতৰ এৰাল কেইডাল অকণৰ মাকৰ হাতত দি অকণক বিচাৰি ওলাই গ'ল । এৰাল কেইডাল খামুছি মানুহজনী তাতে ডৰক লাগি ৰ'ল । নামষাৰ সোনকালে পাতিব লাগিব । বাপেকৰটো খবৰেই নাই । তায়ে কৰবাৰ পৰা টকা দুটামান গোটাব লাগিব । তাৰ পাছত তাই ছাগলী কেইটালৈ চালে । অহএই পঠাটোকে চোন বিকি নামষাৰ পাতিব পাৰি । কালিলৈ বজাৰৰ বাৰ । বলোৰ হাতত এইটোক বিকিবলৈ পঠাব লাগিব । কথাবোৰ ভাবি অকণৰ মাকৰ মনটো অলপ হলেও পাতল লাগিল । অন্তত গিৰিয়েকৰ ঠাট্টা নসহাকৈয়ে তাই নামষাৰ পাতিব পাৰিব ।
ৰাতি দহটা বাজিল । আমটো নাইয়ে, ফৰ্মুটিও নোলালহি । এইবাৰ বেথাৰামৰো চিন্তা হল । ৰাতি দহ বজা মানে গাঁওত মাজনিশা । ইমান দেৰিলৈকে অকণতো নায়ে বলোও নোলাল হি । চকুপানী, নাকৰ পানীৰে একাকাৰ হৈ অকণৰ মাকে ঘনাই নাক উজাবলৈ ধৰিলে । তাৰ লগে লগে গিৰিয়েকক উদ্দেশ্যি মুখখনো চলি থাকিল । ৰাতি বাৰ বাজিল । জ্বলি থকা চাকিটোৰ তেল শেষ হৈ নুমাওঁ নুমাওঁ হল । তেনেতে পাছফালৰ চোঁতালত অকণৰ মাতষাৰ শুনি মানুহ হাল চকমক খাই উঠিল ।
মাঐ মাদুৱাৰখন খোলচোন । চেপা মাতেৰে অকণে মাকক মাতিলে ।
অকণৰ মাকৰ খঙটো ভমককৈ জুই জ্বলা দি জ্বলি উঠিল । ইয়াক আজি সুদাই নেৰো ভাবত দৰজাখন খুলি মানুহজনী ৰৈ গল । বাহিৰত তিনিটা মানুহ ঠিয় হৈ আছিল । আন্ধাৰৰ মাজতো মানুহজনীয়ে নিজৰ পুতেক আৰু বলোক চিনি পালে । পিছে সিটো কোন ….আইএইজনী দেখোন ছোৱালীহেতাৰ মানে….
ককাইদেউ, নবৌ ….এইজনী সিখন গাঁৱৰ মনো শইকীয়াৰ ছোৱালী ৰূপা হে…..ই আজি তাইক পলুৱাই আনিলে ।
বলোৱে বেথাৰাম আৰু অকণৰ মাকক সাঁথৰটো ভাঙি কলে ।
পলুৱাই আনিলে মানে…….তাইৰতো কোনোবা চাকৰিয়াল এটাৰ লগত বিয়া ঠিক হৈছিল বুলি শুনিছিলোঁ …..
মাকৰ কথাৰ মাজতেই অকণে মাত লগালে
তই ঠিকেই শুনিছিলি মা….সেইবাবেই এইক পলুৱাই আনিলোঁ….বাপেকে হেনো খেতি কৰা ল'ৰালৈ নিদিয়ে । তহঁতি মোক ভুল নুবুজিবি……
অকণৰ মাকে এবাৰ ল'ৰাৰ মুখলৈ চালেতাৰ পাছত চাকিটো দাঙি কইনা জনী চালে । ছোৱালীজনী ৰুপে গুণে অতুলনীয় বুলিয়ে শুনি আহিছিল । তাৰ মানে অত দিনৰ আঁহতৰ তলৰ ভূতজনী এইজনীয়ে আছিল …….এইজনীকে লগ কৰিবলৈ বুলি পুতেকে গৈ সেই নদী পাৰত ৰৈ থাকে ! এইজনীৰ বাবে সি জুপুকা মাৰি আছিল ! মানুহজনীয়ে এইবাৰ গিৰিয়েকৰ মুখলৈ চালে । গিৰিয়েকে মিচিকমাচাক হাঁহি আছিল । অ’….তাইনো বাৰু ইমান পাহৰিব লাগে নে….বিয়াৰ আগতে সিহঁতিওতো সেই আঁহতজোপাৰ তলতেই লগ হৈছিল মনটো ভাল লাগিল । লৰাই বিয়া পাতিলে…..কালিলৈ ৰাইজক ভোজ এটাও খুৱাব লাগিব …..মাংস অলপো লাগিব নহয়….নামষাৰ পাতিবলৈ বেচিম বুলি ভবা পঠাটো আছে নহয়..হৈ যাব । অকণৰ মাকৰ গাতো সাতখন আঠখন লাগি গল । পুতেকবোৱাৰীয়েকক নীতি নিয়মেৰে আদৰিবলৈ বুলি তাই ইচাটবিচাট কৈ ভিতৰলৈ সোমাই গল ।

No comments:

Post a Comment