Tuesday, 5 June 2012

প্ৰেচাৰ কুকাৰৰ কাহিনী




"৭০ বছৰৰ আগত.......
নগৰত চাকৰি কৰা সিদ্ধেশ্বৰ কাইটিয়ে লটাৰিত প্ৰেচাৰ কুকাৰ এটা পালে । গাওঁত কথাটো লগে লগে প্ৰচাৰ হৈ গ'ল । মধু আইতিয়েও কৰবাত কথাটো অলপ শুনিয়ে ঘৰলৈ দৌৰ মাৰিলে । আৰু পদুলিৰ পৰাই টেটুফালি মাকক চিঞৰিলে...
অ'..আই..শুনিছ....সিদ্ধেককাই বোলে অটাৰিত পেচা কুকুৰা এটা পালে...ভাগ কৰিব চাগৈ..আমা ঘৰলৈও এভাগ আনিবি না...
মাকে ভেকাহি মাৰি ক'লে-ৰ' চোন বাপেৰক পথাৰৰ পৰা আহিবলৈ দে । এই খৰে খাতি ইভেশ্বৰী জনী আক কলৈ গ'ল !
ইভেশ্বৰীয়ে কচুৱনিৰ মাজৰ পৰা মাত দিলে-আই অ' মই ইয়াত । মাংসৰ লগত লগাই দিবলৈ ডাল কচু অলপ ছিঙিছোঁ"

ইফালে সিদ্ধেশ্বৰ দদাইটিৰ গাওঁৰ ঘৰখনতো উখল-মাখল পৰিবেশ । কাইটিৰ বাপেক যগেশ্বৰে এবাৰ ৰাস্তালৈ চাইছে ,কেতিয়াকৈ বা পুতেক ঘৰ পাইহি । আৰু এবাৰ তেওঁলোকৰ কাষৰ ঘৰৰ শাক পাচলিৰে  নদন-বদন হৈ থকা বাৰীখনলৈ চাই নিজৰ মাজতে ভোৰভোৰাইছে- এইবাৰ মোৰ সীমা ঠেলি তোক শাক পাচলি কৰি খুৱাম ৰহ ...পোনা আহি পাওঁক...কুকুৰাটো পোনেই তোৰ বাৰীলৈ খেদি দিম...চব তহিলং কৰি পেলাব !!!

No comments:

Post a Comment