Tuesday, 5 June 2012

লৰালি


মোৰ বয়স তেতিয়া দহ বছৰ মান হৈছিল । আৰু মোৰ গ্ৰুপটোৰ বাকী সদস্য কেইটাৰ বয়স প্ৰায় ৭-৯ বছৰ মান । মই গ্ৰুপৰ দলপতি । মই যি কওঁ বাকী কেইটাই তাকে শুনে । গ্ৰুপটোত আমাৰ ঘৰৰ কাষৰে কৃষ্ণ বুলি ল'ৰা এজনেও আছিল । তাৰ মাক দেউতাক নাই । দৌতিয়েকৰ সৈতে থাকে । সেইবাৰ আমাৰ গাঁওত অ.এন.জি.চিৰ ডাঙৰ খাদ এটা বহিল । গাঁওৰ গাতে লাগি থকা পথাৰৰ বিৰাট অংশ এটা বেৰি অ.এন.জিচিৰ কাম আৰম্ভ হ'ল । গাড়ীয়ে গাড়ীয়ে শিল বালি ইটা পৰিবলৈ ধৰিলে । গাঁওৰ বহুত মানুহে তাতেই ৱাল সজা , ৰাস্তা বনোৱা আদি কামত লাগিল । তেতিয়া ফাগুন মাহ আছিল । পথাৰখনো উদং । আমাৰ ঘৰৰ পাছফালেই গলেই খাদটো দেখোঁএদিন মই মোৰ গ্ৰুপটোৰ সৈতে পথাৰত ক্ৰিকেট খেলি থাকোঁতে কলো –ব'ল আজি খাদৰ পৰা কিবা চুৰ কৰো গৈ । গাঁওৰ মানুহবোৰে দেখা নাই সদায় শিল বালি চুৰ কৰে । আমিও কিবা আনো গৈ বল । সিহঁত গোটেই কেইটা লগে লগে মান্তি হ'ল । পিছে চুৰ কৰিম কি.....বহুত দেৰি ভবাৰ পাছত সিদ্ধান্ত হ'ল –আমি ইটা চুৰ কৰিম । যিয়ে যিমান পাৰে সিমান আনিম ।
ভৰ দুপৰীয়া, তাতে উদং পথাৰ ....খাদৰ চাৰিওফালে বহুত মানুহে কাম কৰি আছে । আমি পথাৰৰ আলিবোৰৰ আঁৰে আঁৰে পেট পেলাই চুঁচৰি গৈ ইটা এদমৰ কাষ পালো গৈ । পিছে এচপৰাত কৈ বেছি ইটা দাঙিবই নোৱাৰিলোঁগোটেই কেইটাই ইটা কেইচপৰা দাঙি লৈছোঁ হে খাদত মহৰী কাম কৰি থকা আমাৰ বৰতা এজনে দেখিলে নহয়....দিলে খেদা....হাতত ইটা লৈয়ে দৌৰ মাৰিলোঁবৰতাই আমাক ধৰক মানে আমি আহি বাঁহনিৰ বেতঁনি এজোপাৰ পাছফালে লুকালিহি । বৰতাই বকি বকি গুছি গ'ল গালিখিনি কেৱল মোৰ বাবেহে আছিল । কাৰণ সেইসময়ত ঘৰৰ মানুহবোৰৰ এটাই কথা আছিল-কৰবাত ল'ৰা-ছোৱালীবোৰৰ বাবে যদি কিবা ঘটনা ঘটিছে, তাৰ কাৰণ ময়ে । লাগিলে মই সেই ঠাইখনত নাথাকোঁৱেই
বৰতা গুছি যোৱাৰ পাছত আমি বেতঁনিৰ পৰা ওলাই আহিলো । অলপ সময় নিজৰ সফলতাৰ বাবে স্ফূৰ্তি কৰিলোঁ
কিন্তু তাৰ পাছতে মোৰ মুৰত আকৌ বুধি খেলালে নহয়....ভাইটি কেইটাক কলো-এতিয়াতো আমাক ধৰিবলৈ পুলিচ আহিব...কি কৰিবি হয়নে....?
পুলিচৰ কথা শুনিয়ে কৃষ্ণৰ দেহা চেঁচা পৰি আহিল । মই কলো-চবেই নিজৰ নিজৰ লুকুৱা ঠাই বিচাৰি লগৈ যা । নহলে পুলিচে পালে ৰাইডাং বেতে আমাক কোবাব । খাদৰ ইটা তাতে পেলাই কৃষ্ণই ঘৰলৈ দৌৰ দিলে । মই আমাৰ ঘৰৰ পোৱালী কেইটালৈ চালো.....সিহঁতৰ চকুত বিস্ময়পুলিচলৈ আমি কোনেও সিমান ভয় নকৰো কাৰণ আমাৰ ঘৰখনতেই পুলিচ আছিল । মই সিহঁতক কলো পাছৰ খেল খিনি চাবি না...এতিয়া মনে মনে থাক । মাহঁতক নকবিধূলি বেলিকা কৃষ্ণক পদুলি মুখতে লগ পায় সুধিলোঁ-তই অথনি কত লুকালি অ'......
কৃষ্ণহতৰ ঘৰখন পথাৰৰ নিচেই কাষতেই  । পথাৰত আমাৰ এটা ডাঙৰ পুখুৰী আছিল । যিটো লাহে লাহে বাম হৈ আহিছিল । আৰু সেইসময়ত পুখুৰীটোত আমিবোৰে বিন্দাছ সাঁতোৰিছিলো । কৃষ্ণই হেনো গোটেই আবেলিটো সেই পুখুৰীটোতে পৰি থাকিল । খাদলৈ গাড়ী অহা শব্দ শুনিলেই সি পানী ডুব মাৰি দিয়ে.....
কৃষ্ণই এতিয়া বিয়া পাতিলে । এতিয়াও গোটেই কেইটাই লগ হলে সেই কথাটো লৈ হাঁহো । সি যে ইমান অঁকৰা আছিল তাকে কৈ তাক জোকাওঁপিছে সিহঁত কেইটাও মোক জোকাই-ইটা চোৰৰ দলপতি বুলি !!

No comments:

Post a Comment