Saturday, 9 June 2012

জীৱনে যেতিয়া হেৰুৱাই ইয়াৰ চিনাকি বাট .....




কাকোৱে হেৰুৱাব নুখুজিলেও হেৰাই যায়
আচলতে ভালপোৱাই কাকো ধৰি ৰাখিব নোৱাৰে
ভালপোৱাৰ প্ৰতি কিবা আকৰ্ষণ থাকিলে
নিজেই ৰৈ যায়
কোনে জানে......
কোনে জানে কোনোবাদিন আকাশৰ সীমাহীন ভালপোৱা দেও দি
হেৰাই যাব পাৰে ইয়াৰ নীলা খিনি......
*************************************************

-পলী.....
-হু...
মৌমনৰ মাতত পলীয়ে তালৈ মুৰ দাঙি চালে । পিছে তাৰ দুচকুৰ তীব্ৰতাখিনি সহিব নোৱাৰি তাই তল মুৰ কৰিল । যোৱা এক ঘণ্টা সময় তাই মৌমনৰ সৈতে জয়সাগৰ পুখুৰীৰ পাৰত বহি আছে । পাঁচবছৰৰ পাছত লগ পোৱা লৰাটোক যে কবলৈ তাইৰ কিমান কথাই আছিল । অথচ কথাবোৰ যেন কৰবাত ঠেহ পাতি বহি আছে । কৱ খুজিও তাই একো কব পৰা নাই ।
-মোৰ লগত কথা নাপাতিম বুলিয়ে শপত খাই আহিছিলা নেকি....
পৰিবেশতো পাতল কৰিবলৈ য়ে মৌমনে পলীক জোকালে । তাইৰ মুখত জান নিজান হাঁহি এটা ফুটি উঠিল । পলীৰ হাঁহিটোৱে মৌমনৰ বুকু ভেদি গল ।
-তেনেকৈ নাহাঁহিবা পলী ।
-কিয় ?
-ভাল নালাগে ।
- ভাল লগা বোৰ হেৰুৱাই পেলালোঁ যে মৌমন !
-তথাপি জীয়াই থাকিব লাগিবতো....জীয়াই থাকিবলৈ য়ে নিজকে সুখী কৰিব লাগিব ।
-জীয়াইতো আছোৱেই...যদিও নিজেই জানো ইয়াক জীয়াই থকা বুলি নকয় । মন গলেই হাঁহো । পিছে সেয়া জীয়া মানুহৰ দৰে হাঁহো নে মৰাশৰ দৰে হাঁহো সেয়াহে গম নাপাওঁকোনোবাই আঙুলিয়াই দিলেহে গম পাও ...তোমাৰ দৰে ।
-মই সেইবোৰ নাজানোঁমোক তোমাক সেই আগৰ ৰূপত লাগে ।
-বিচাৰিলেই সকলো পাই জানো মৌমন.....মই যে নাপালোঁ ...তুমি পাবা বুলি নো কেনেকৈ কম ।
-পাই পাই....তোমাৰ পৰা আঁতৰি পাছত যোৱা  পাঁচ বছৰে মই অনুভব কৰিছোঁ...মনৰ সকলো আবেগেৰে তোমাক ভালপোৱা হলে তোমাক মই আজি এই অৱস্থাত দেখিব লগা নহলহেঁতেনমইও প্ৰতিটো পলতে তোমাক হেৰুৱাৰ যন্ত্ৰনাৰ ভাৰ বব নালাগিলহেঁতেন কেৱল নিজৰ বাবেই নিজকে নষ্ট কৰি দিয়া অধিকাৰ তোমাৰ নাই ।
-হমম......কেনে আছা তুমি  ?
-মোৰ কথা নালাগে, তোমাৰ কথা কোৱা.....এনে কি হল যাৰ বাবে তুমি নিজকে হেৰুৱাই পেলালা ?
-কৰ পৰা আৰম্ভ কৰিম মৌমন...মই যে আঁত হেৰুৱাই পেলাইছোঁ ...
- য  মই জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিছিলোঁএৰি আহিছিলোঁ তোমাক অকলশৰে.....সেই সময়ৰ পৰাই কোৱা.......
-অত দূৰ তুমি কেৱল এইবাবেই ঢপলিয়াই আহিছা মৌমন !! কিন্তু সেইদিনা সেই ভালপোৱা কত গৈছিল যিদিনা তুমি কেৱল শৈশৱৰ ধেমালি বুলি পঢ়াৰ অজুহাত দেখোৱাই মোৰ পৰা আঁতৰি গৈছিলা....সেইদিনা কত গৈছিল এই ব্যাকুলতা ??
-সেই ভুলৰ শাস্তি যোৱা পাঁচ বছৰে ভোগ কৰি আছো পলী । পঢ়া আৰু নতুনকৈ চাকৰিৰ পোৱা ব্যস্ততাৰ বাবে মই ইচ্ছা কৰিও তোমাৰ কাষলৈ আহিব পৰা নাছিলোঁ  কিন্তু এনে এটা দিন নাছিল যিদিনা তোমাৰ অনুভবে মোক জুৰুলা কৰা নাছিল । যেতিয়া আহিব লৈ ললো  গম পালো তোমাৰ কাৰোবাৰ সৈতে বিয়া ঠিক হৈ গল ।
পলীয়ে অলপ সময় কিবা এটা ভাবিলে । যেন কিবা অলপ জুকিয়াই ললেতাৰ পাছত মৌমন লৈ চাই এখিলা দুখিলা কৈ নিজৰ ইতিহাসখন খুলিলে ।
-হমমম..আমাৰ ভালপোৱাক নষ্ট কৰি তুমি অসমৰ বাহিৰলৈ পঢ়িবলৈ গুছি যোৱা অলপ দিনৰ পাছতেই পলাশ নামৰ তোমাৰ লগৰ এজনেই মোক প্ৰেমৰ প্ৰস্তাৱ দিলে ।  তোমাৰ পৰা উপেক্ষিত হৈ মই অলপ জেদি হৈ পৰিছিলোঁ , সেই জেদতেই পলাশৰ প্ৰস্তাৱক আকোৱালি ললো । প্ৰতি দিনে সোঁৱৰণী হৈ ভিতৰি ভিতৰি  তুমি মোক যন্ত্ৰনাৰে ক্ষত-বিক্ষত কৰিছিলা ,  অথচ বাহিৰত মই সম্পূৰ্ণ ৰাংধালী হৈ পলাশৰ সৈতে প্ৰেমৰ অভিনয় কৰিছিলোঁ এটা সময়ত কি হল নাজানোঁ, তোমাক অতীতলৈ ঠেলি তাক মই সঁচাকৈয়ে ভাল পাই পেলালোঁদুয়োখন ঘৰেই আমাৰ প্ৰেমক আকোৱালি ললেমোৰ বাৰ বিয়াৰ পাছতেই আমাৰ বিয়াৰ কথাবোৰ আগবঢ়াব বুলি আমাৰ ঘৰখনে পলাশহতৰ ঘৰখনক জনাই দিলে । তুমিতো মোৰ বাক জানাই, কিমান সহজ-সৰল । হঠাতে এদিন বাৰ বাবে এটা প্ৰস্তাৱ আহিল । ভাল লৰা, ঘৰখনো ভাল । লৰাজনৰ বোলে বিয়ালৈ দহদিন থাকোঁতেই কইনাজনী বেলেগ লৈ পলাই গল । গতিকে লৰাৰ ঘৰৰ পৰা সেই একে তাৰিখতে বিয়া পাতিবলৈ কইনা বিচাৰিছে । বাক তেওঁলোকৰ মনে খাইছে হেনো । সাতদিনৰ ভিতৰতে বাৰ বিয়া হৈ গল । আঠ-মঙলা বাবে বা ঘৰলৈ আহোঁতে মই মন কৰিছিলোঁ মোৰ আকাংক্ষিত ভিনদেউ জন যেন বাৰ পৰা আঁতৰি থাকে । কিবা ঘৰুৱা প্ৰবলেমৰ বাবেও তেনে হব পাৰে বুলি মই কথাবোৰ মনৰ পৰা আঁতৰাই বাৰ সৈতে ধেমালি কৰিছিলোঁ-জান বা, তোৰ যেতিয়া লৰা-ছোৱালী হব, সিহঁতৰ নাম জোনাক কোমল, প্ৰিয়ম পৰাশ...এনেকুৱা ফটুৱা নামবোৰ নিদিবি দেই ।
বায়ে হাঁহি হাঁহি সুধিছিল-কি থম তেতিয়া হলে....
-ৰতন ,মদন এনেকুৱা নামবোৰ থবি আক ।
বাই মোৰ গালত টুকুৰিয়াই কৈছিল –হব দে, তয়ে তোৰ ভাগিনহঁতৰ নাম থবিপিছে তোৰ যেতিয়া লৰা ছোৱালী হব সিহঁতৰ নাম ও এনেকুৱাই থবি নে...পলাশে দিব নে ?
-হিঃ হিঃ হিঃ....সি নিদিলে হব নে । মই পিছে ইয়াত কৈ অলপ আনকমন নাম থম । যেনে ধৰ ন, দহ, এঘাৰ.....
-হব হব....যেতিয়া এশ হব গৈ তই তোৰ সেই উৎপাদন প্ৰক্ৰিয়া সামৰিবি গৈ....
খিলখিলাই হাঁহি উঠিছিল মোৰ একমাত্ৰ আদৰৰ বাজনী । সেইয়াই শেষ বাৰৰ বাবে মই তাইক তেনেকৈ হঁহা দেখিছিলোঁ
পলীয়ে উশাহটো ঘুৰাই অলপ ৰল ।
-তাৰ পাছত ।
-আঠ-মঙলাৰ দুমাহ মানৰ পাছতেই এদিন গধূলি বেলিকা ভিনদেউৰ ঘৰৰ পৰা ফোন আহিল বাৰ গা ভাল নাই বুলি । দেউতাক ঘৰ ৰখীয়া হিচাপে থৈ গাড়ী ভাৰা কৰি লৈ মা আৰু মই ৰাতিয়েই সিহঁতৰ ঘৰ ওলালোঁ গৈ । আমি গৈ পাওঁতে বা শুই আছিল । ভিনদেউ হতৰ গোটেই ঘৰখনত গমগমীয়া পৰিবেশ এটাই বিৰাজ কৰি আছিল । বাৰ শাহুৱেকেই কলে দুপৰীয়া ভিনদেউৰ লগত কিবা কথাত কাজিয়া লাগি বাই বোলে ফেনাইল এবটল খাই দিলে । ভাগ্য তেওঁ দেখিলে । লগে লগে ডাক্তৰৰ কাষলৈ নিলে । এতিয়া ভাল পাইছে যদিও কাৰো সৈতে মাত বোল নাই কৰা । যোৱা অলপ দিনৰ পৰা তাই এনেকৈয়ে জুপুকা মাৰি থকা হৈছে । ভিনদেউহঁতৰ ঘৰখনে বাকে দোষ দিছে । সৰু সৰু কথাতে যদি মৰিবলৈ ওলাই কেনেকৈ হব । মই পিছে ভিনদেউৰ মুখলৈ চাই আছিলোঁসিহঁতৰ কথা শুনি শুনি এসময়ত খঙ উঠি মানুহটোক বাহিৰলৈ টানি আনি প্ৰায় ধমকিৰ সুৰতে সুধিছিলোঁ-বিয়াৰ চাৰিমাহৰ পাছত এজনী ছোৱালী কেৱল সপোনৰ মাজতে উটি-ভাহি ফুৰে, জীৱনৰ প্ৰতি মোহটো বহুত বাঢ়ি যায় । মোৰ বাই কিয় মৰিবলৈ বিচাৰিছিল.....মোক সেই উত্তৰ লাগে । ভিনদেৱে একো উত্তৰ নিদিলে । খঙত মই ফাটি পৰিছিলোঁকিন্তু কৰিব একো নোৱাৰিলোঁদুদিন মান থাকি বা অলপ সুস্থ হোৱাত গুছি আহিলো । এমাহ মানৰ পাছত আকৌ ফোন আহিল-বাৰ বোলে আকৌ গা ভাল নাই । এইবাৰ মই যুঁজিম বুলিয়ে সাজু হৈ মা-দেউতাৰ লগত ওলালোঁ  বাৰ ঘৰ পায় তাইক দেখি আমাৰ মুখৰ মাত সৰিল । গোটেই আকাশখন যেন এসোপা দুখৰ সৈতে আমাৰ মুৰত ভাগি পৰিছিল । মা-দেউতাৰ প্ৰথম আলসুৱা সন্তানটো কোঁচ মোচ খাই বিচনাৰ চুক এটা বহি আছিল । হাজাৰ দুখতো চকুত চকু পানী নেদেখা মাই আল-ফুলে তাইৰ মুৰতো মোহাৰি দিওঁতেই তাই অবাক চকুৰে আমালৈ চাইছিল । বিয়াৰ আগলৈকে দেউতাৰ পাছে পাছে থেনথেনাই ঘুৰি ফুৰা ছোৱালীজনীয়ে দেউতাক তাইৰ কাষ চপা দেখি ভুত দেখা দি পিছুৱাই গৈছিল । তাই আমাক কাকো চিনি পোৱা নাছিল । নিজকে পাহৰি পেলাইছিল তাই । মাজে মাজে অচেতন হৈ নিজৰ জ্ঞান ঘুৰাই পাইছিল । আকৌ অচেনত হৈ পাহৰি গৈছিল । কেনে লাগিব পাৰে বাৰু সেইসময়ত তুমিয়ে ভাবা চোন মৌমন । মই ভিতৰি পাগল দৰেই হৈ গৈছিলোঁবাক লগে লগে মেডিকেলত ভৰ্ত্তি কৰালোপ্ৰথমবাৰ যেতিয়া তাইক চক দিয়া হৈছিল তাইৰ চিঞৰ শুনি মা যেন মৰি গৈছিল মৌমন । তুমি অনুমান কৰিব নোৱাৰিবা সেই সময়ত যে আমি কেনেকৈ নিজকে নকন্দা কৈ ধৰি ৰাখিছিলোঁবাৰ দুখতকৈ মোক মা-দেউতাৰ মুখখনে বেছি জ্বলাইছিল । ভিনদেউহতে খবৰ লবলৈকে এৰিছিল । তেও লৈ বোলে আমি পাগল ছোৱালী এজনী বিয়া দি দিছিলোঁডাক্তৰৰ সৈতে কথা পাতিছিলো মহিলা ডাক্তৰৰ এগৰাকীয়ে মোক অকলশৰে পাই কৈছিল-দৰা পালেই বুলি ছোৱালী বিয়া দিব নালাগে বুজিছা । বা লাহে লাহে ভাল হৈ আহিছিল । তাই মুখ খুলিছিল , যিবোৰ কথা তাই ঘৰত মাহতে দুখ পাব বুলি কোৱা নাছিল , সেইবোৰ কথা কৈছিল । মোৰ সেইদিনা ভিনদেউক মাৰি পেলাব মন গৈছিল । বিয়াৰ প্ৰথম নিশাৰ পৰাই সি বাক উপেক্ষা কৰি আহিছিল । বাৰ প্ৰতি অকনো সহানুভূতিও নাছিল তাৰ । কেতিয়াবা বা তাৰ কাষ চাপিব খুজিলেও সি ধমকী দিছিল । স্পষ্ট ভাবেই সি কৈছিল সি হেনো বাক ভাল পাব নোৱাৰে । বহু চেষ্টা কৰি বায়ে যেতিয়া তাৰ কাৰণ বিচাৰিছিল পাইছিল বাৰ মুৰে কাম নকৰা হৈছিল । নিজৰ বৌয়েকৰ সৈতে তাৰ অবৈধ সম্পৰ্ক আছিল । কেৱল লোক লজ্জাৰ বাবেহে সি বাক বিয়া পাতিছিল । দুখবোৰ থূপাই থওঁতে থওঁতে বাই যে কেতিয়া নিজকে হেৰুৱাই পেলালে ধৰিবই নোৱাৰিলে । গোটেই কথাবোৰ জনাৰ পাছত মই এদিন ভিনদেউহতৰ ঘৰলৈ গৈ ভাল কৈ সিহঁতক জাৰি আহিলো । যি খন ঘৰে তাইক পগলা সজাই ডাইভোচ দিয়াৰ কথা কৈছিল , সেইখন ঘৰত মই বাৰ হৈ ডাইভোচ পেপাৰ খন দলিয়াই আহিলো গৈ....
-বাৰ এতিয়া ভাল নে...
-ভাল । আগত কৈ বহুত ভাল মৌমন !!
-আৰু পলাশ.......

            পলাশ.....বা মেডিকেলত থাকোঁতে মাই এদিন মোক কৈছিল-নাজানোঁ কি দুখ কৰিছিলোঁযাৰ ফল মোৰ ছোৱালীজনীয়ে ভোগ কৰিছে । মৰিও নাযায়.......
কিমান দুখ পালে এজনী মাকে নিজৰ সন্তানৰ মৃত্যু কামনা কৰিব পাৰে তুমি নিজেই ভাবিব পাৰা । বা ভাল হোৱাও নাছিল । কেতিয়াবা মানুহে তাইৰ অস্বাভাৱিক কাণ্ডবোৰ দেখি হাঁহে । এদিন মই সেই মানুহবোৰক য়ি টি গালি দি আছিলোঁ, হঠাতে মাই কলে-  কাৰ কিমান মুখ বন্ধ কৰিব পাৰিবা তুমি । কালিলৈ যদি তোমাৰ বিয়াৰ সময়তো এনে কিছুমান প্ৰশ্ন আহি পৰে .... মই আচৰিত নহ
মোৰ হৃদয়খনে হাহাকাৰ কৰি উঠিছিল । মাৰ হাতখন খামোচ মাৰি ধৰি কৈছিলোঁ-তেনে কথা নকবা মা । যি খন ঘৰে মোৰ বাক পগলা বুলি আঙুলি টোঁৱাই মোক বিয়া কৰাবলৈ অমান্তি হব , তেনেখন ঘৰলৈ মইও যাব নুখুজোঁ
মাৰ কথাষাৰেই ফলিয়ালে । অলপ দিনৰ পাছত পলাশৰ ঘৰৰ পৰা খবৰ আহিল, সিহঁতৰ ঘৰখনে আমাৰ ঘৰৰ সৈতে সম্বন্ধ গঢ়িব নুখুজে । কাৰণ আমাৰ পৰিয়ালত বোলে পাগলৰ সঁচ আছে, তাৰ উদাহৰণ বাসেইজনী বা, যাৰ হাতৰ চাহকাপ, ভাত সাঁজৰ প্ৰশংসা কৰি পলাশৰ মাক-দেউতাক ভাগৰি পৰিছিল । যাক সিহঁতি সৰুৰে পৰা দেখি আহিছে....এজনী ভাল ছোৱালী হিচাপে । পলাশেও মুৰ-পোলোকা মাৰিলে । এদিন ঘৰত কোনো নথকাৰ সুযোগত বাই নিজৰ গাত কেৰাচিন ঢালি জুই লগাই ললে । বাৰ মৃত দেহটো লৈ মা-দেউতাই হিয়ালি-জিয়ালি কৈ কান্দিছিল । মই কিন্তু কন্দা নাছিলোঁহয়তো মই শিল হৈ গৈছিলো হয়তো মোৰ আবেগ-অনুভুতিবোৰ সেইদিনাই বাৰ লগতেই জ্বলি গপুৰুষৰ অবিহনে নাৰী কি পূৰ্ণ হব নোৱাৰে নেকি ? এজন পুৰুষেই কি নাৰীৰ শেষ আশ্ৰয় হব পাৰে নেকি ? মোৰ বাই সেই প্ৰশ্নৰ সমাধান হোৱালৈ বাট নাচালে । ভয়াতুৰ আছিল তাই । পিছে মই ভয়াতুৰ নহয় । মই জীয়াই থাকিব খুজোঁমোৰ মা-দেউতাৰ বাবে । নাৰীৰ আবেগৰ সৈতে খেল খেলা প্ৰতিজন মানুহৰ শত্ৰু হিচাপে । অকলেই জীয়াই থাকিব পৰা এটা জীৱন্ত উদাহৰণ হিচাপে ।

        পলীৰ দুচকুৰে চকুপানী বৈ আহিছিল । একেৰাহে কথা কৈ তাই কিবা এটা অজান আবেগত ফোঁপাই উঠিল । মৌমনে লাহেকৈ তাইৰ চকু পানীবোৰ মোহাৰি দিলে । নিজৰ হাতৰ মাজত পলীৰ হাত দুখন ভৰাই অলপ সময় ৰল । তাৰ পাছত  তাইলৈ চাই কলে-ইমান দুখে তোমাক ধুমুহাৰ দৰে কোবাই গল, মই গমেই নাপালোঁসময়ত তোমাক মাত এষাৰ দিব নোৱাৰিলোতথাপি তোমাৰ কাষত ভিক্ষা কৰিছোঁ পলী...মোক মোৰ পলীজনী ঘুৰাই দিয়া ।
-মৌমন, ভিক্ষা খুজি মোক অপমান নকৰিবা । পৰা হলে মই তোমাৰ কাষলৈ উভতি গলোহেঁতেনমোৰ বাবে সেইদিন আৰু নাই, যি দিনত মই কেৱল ভালপোৱাৰ বাবেই জীয়াই থাকিব খুজিছিলোঁযি দিনবোৰৰ প্ৰতি নিশাতে মই কামনা কৰিছিলোঁ আপোন কোনোবা এজনৰ উপস্থিতি । মোক ক্ষমা কৰিবা ।
পলী লাহেকৈ মৌমনৰ কাষৰ পৰা উঠি ঘৰলৈ বুলি খোজ ললে ।
-সেই দিন যদি কেতিয়াবা আহে............কোনোবা ক্ষণত যদি আহিব খুজে..........তেতিয়া.....
মৌমনৰ প্ৰশ্নত পলীয়ে তালৈ উভতি চালে । পৃথিৱীৰ গোটেই ভালপোৱা খিনি যেন তাৰ চকুত থুপ খাইছিল হি । পলীয়ে কাষ চাপি গৈ তাৰ হাতখন চুই কলে-সেই দিন নাহে ।  যদি কেতিয়াবা আহে.....তোমাক কথা দিছোঁ মৌমন , সেই দিনটোৰ পাছৰ প্ৰতিটো দিনেই মই কেৱল তোমাৰ বাবে জীয়াই থাকিবলৈ লম । কথা দিছোঁ !!

মৌমনৰ মুখখন পুৱাৰ বেলিটোৰ দৰে উজলি উঠিল ।

No comments:

Post a Comment