Tuesday, 5 June 2012

নবীনৰ দান




নবীনৰ ঘৈণীয়েক তৰা আজিকালি যুগৰ বোৱাৰী । মানে মবাইল , কম্পিউটাৰ , ফেচবুক ,অৰকুট এইবিলাকত বিশাৰদ । প্ৰায়ে মবাইলত, ফেচবুকত অ'ৰ –ত'ৰ মানুহৰ লগত কথা পাতে ...নাই নাই নবীনে তাইক একো নকয় । নবীনৰ ভাবৰ এই বিশালতাক তৰাই বিৰাট শ্ৰদ্ধা কৰে । নহলে আজি কালি গিৰিয়েকবোৰে  তেওঁ অফিচলৈ যোৱাৰ পাছত ঘৈণীয়েকে কি কৰে তাৰ চোৰাংচোৱা গিৰি কৰি থাকোঁতেই যায় ।  আৰু সেইবোৰ কাৰণতেই ঘৰত কাজিয়াও হয় । নবীন আৰু তৰাৰ সংসাৰত বিয়াৰ পাঁচ বছৰৰ পাছতো তেনেকুৱা কোনো অপ-ছায়া পৰা নাই ।
সেইদিনা নবীন অফিচৰ পৰা আহি চাহ কাপ খাবলৈ বুলি বহিছে,তেনেতে তৰাৰ ফোনটো বাজিল ।
-হেৰা তোমাৰ ফোন আহিছে হে...কোনোবা প্ৰাংগনে কৰিছে....
নবীনৰ চিঞৰ শুনি পাকঘৰত ব্যস্ত হৈ থকা তৰাই লৰালৰিকৈ আহি ফোনটো ধৰিলে । তাৰ পাছত দহ মিনিট মান সময় ফোনত কিবা কিবি পাতিলে । নবীনে মাথো তৰাৰ হাঁহিৰ খিলখিলনি বোৰহে শুনিলে । ফোনটো থৈ তৰাই গিৰিয়েকৰ মুখলৈ চাই এনেই সুধিলে-তুমিও কম মানুহ নহয় দেই,তোমাৰ মানুহজনীয়ে কাৰ লগত নো কথা পাতিছে, সেয়াতো সুধিব পাৰা ...জানিবও মন নাযায় নে....?
-মোৰ কোনো দৰকাৰ নাই দেই । তোমাৰ ফোন তুমি পাতিছা আক ।
নবীনৰ উত্তৰ শুনি তৰা এক দম ভাবুক হৈ গ'ল । তাৰ প্ৰতি থকা তাইৰ প্ৰেম আৰু তীব্ৰ হৈ পৰিল । মানুহটোৱে যে তাইক কিমান ভাল পায় । এক ৰোমাণ্টিক আবেশেৰে তাই ক'লে- অ'....হয়নে...যদি কোনোবাই মোক পতাই পেলায়...........তেতিয়া..............
তৰাই চকু দুটা মুদি নবীনে কি কয় তালৈ বুলি কাণ থিয় কৰি ৰ'ল । চাহৰ কাপটো কাষতে থকা টেবুল খনত থৈ নবীনে গহীন হৈ ক'লে-নহয়নো আৰু কি....এই বয়সতো যদি তোমাৰ প্ৰেমত হাবু-ডুবু খাবলৈ মোতকৈ কোনোবা ডাঙৰ বুৰ্বক ওলাই....তেতিয়া মই তোমাক তাকে দান দি দিম !!

তাৰ পাছত আৰু কি হ'ব......নবীনক ষ্টাম্প বনাই লৈ তৰাই পাকঘৰত থকা সকলো বাচনৰে ফাষ্ট বলৰ প্ৰেকটিচ কৰিলে ।

No comments:

Post a Comment