Wednesday, 2 May 2012

জোন


জোন,
আপোনাৰ বাবে এইয়া মোৰ প্ৰথম চিঠি । চিঠি লিখি ভাল পাওঁ মই অথচ আপোনাৰ বাবে কোনোদিনে লিখা নহহয়তো আপোনাক কাষত পালে কথাবোৰ হেৰাই যায় বাবে..হয়তো আপুনি খুব বেছি প্ৰেকটিকেল হোৱা বাবে । যদিও বা মই জানিছিলোঁ মোৰ কবিতাবোৰ বুজিবলৈ চেষ্টা কৰাৰ দৰে মোৰ চিঠিখনো আপুনি বুজিবলৈ চেষ্টা কৰিলেহেঁতেনতথাপি লিখা নহআবেগবোৰে ভৰাই পেলালোঁ মোৰ প্ৰতিখন ডায়েৰি । চাৰি পাচ মাহ মানৰ পাছত যেতিয়াই আপোনাক লগ পাইছিলোঁ...আপুনি নিজেই হাতত তুলি লৈছিল মোৰ ডায়েৰিখন । তেতিয়া মই আপোনাৰ মুখখন লক্ষ্য কৰিছিলোঁ....চুব পাৰিছেনে মোৰ অনুভৱে আপোনাক....
কোনোবাখিনিত মোৰ আজিও বোধগম্য হোৱা নাই মনে বিচৰা জনে শিৰত সেন্দুৰ কণ দিলে আবেগবোৰে পাৰ ভাঙি যায় নেকি...নে তেওঁৰ প্ৰথম স্পৰ্শতনাজানোএতিয়া জানিবও নোখোজে । জানো মোৰ সকলো অনুভূতিয়ে এতিয়া আপোনাক কেন্দ্ৰ কৰি এটা নতুন কক্ষ পথ নিৰ্মাণ কৰি লৈছে । কি পালে মাধুৰীমা নামৰ ছোৱালীজনী প্ৰকৃত অৰ্থত সুখী হব পাৰে সেয়া মই নিজেও নাজানোঁকিন্তু আজি অলপ দিনৰ পৰা মই অনুভৱ কৰিছোঁ, মই যেন সকলো সুখৰে উৰ্দ্ধত ।
আজি হেনো প্ৰেমৰ দিৱস । মনত আছে যোৱাবাৰ এই দিনটোৰ আৰম্ভণিতে মই আপোনালৈ এটা মেচেজ দিছিলোঁকিন্তু দিনতো বাট চোৱাৰ পাছতো আপুনি একো উত্তৰ দিয়া নাছিল...অৱশেষত দিনতো শেষ হোৱাৰ আগত মোক ভালপোৱাৰে জুৰুলি-জুপুৰি কৰি এটা মেচেজ দিছিল-তোক ভাল পাওঁ বুলি জনাবলৈ মোক প্ৰয়োজন নাই নতুনকৈ এটা দিৱসৰ...আমি দুটা জীয়াই থকালৈকে আমাৰ প্ৰতিতো দিনেই আমাৰ বাবে প্ৰেমৰ দিন হৈ থাকিব.....
     জান.... 

No comments:

Post a Comment