Wednesday, 2 May 2012

নতুন বছৰৰ চিঠি

প্ৰতি
সমীৰণ
নতুন বছৰ এটা মাথোঁ উপলক্ষ্য। বাহ্যিকতাক প্ৰাধান্য দি কেতিয়াবা কবওতো মন যায় মোৰ কাষত আপোনাৰ প্ৰয়োজনীয়তা কিমান! শূন্যতাৰ পৰা পূৰ্ণতালৈকে মোৰ এই কষ্টকৰ যাত্ৰাত আপোনাৰ সান্নিধ্যই কিদৰে পাহৰাই পেলাইছে পথৰ ক্লান্তি !
আচলতে বহু কথাই কোৱা নাযায় । আৰু সেই নোকোৱাবোৰেই স্বৰ্গীয় হৈ পৰে আপোনত্বৰ প্ৰতিতো ষ্টেপতে । আপোনাৰ বাবে মই কি সেইটো ডাঙৰ কথা নহয়, কিন্তু আপুনি যে মোক ভাল পায় সেই বিশ্বাসেই মোৰ বাবে পূৰ্ণতাৰ বাটকটীয়া ।
আমি জানো নে কি নাপালে আমাৰ দৰে মানুহবোৰে মৰিও জীয়াই থকাৰ ভাও দিব লাগে? কি নাপালে আপুনি-মই আপ্ৰাণ যুঁজ দিব লগা হয় স্বকীয়তা জীয়াই ৰাখিবলৈ? আৰু এই নোপোৱাবোৰেই কৰবাত লুকাই গভীৰ কৰি তুলিছে আমাৰ আপোনত্বক। নহলে জানো আপোনাৰ অকণমান অনুপস্থিতিও মোৰ হিচাপৰ মাজত থাকে নে!
তবাৰ যুঁজ দিছোঁ হীনমন্যতা, উপেক্ষাৰ পৰা আৰম্ভ কৰি নিজৰ প্ৰাণৰ আপোনজনৰ ঘৃণাখিনিৰ সৈতে। কতবাৰ হৃদয় হেৰুৱাইছোঁ কেৱল ভালপোৱাক ভালপোৱা হিচাপে গভীৰভাৱে লোৱাৰ বাবেই। তথাপি বিশ্বাসৰ ওপৰত হেৰুৱা নাই বিশ্বাস । এৰা মইও যে কাৰোবাৰ আপোন সেয়াতো মিছা হব নোৱাৰে..অন্তত এই মুহূৰ্তলৈকে, আপুনি মোক ভাল পাই থকালৈকে!
কওক, এতিয়া কি কামনা কৰিব এই নৱবৰ্ষৰ প্ৰাক্‌ক্ষণত? নে নোপোৱাবোৰৰ হিচাপ কৰি পাৰ কৰি দিব আৰু কেইটামান দীঘল ৰাতি? কি দৰকাৰ ব্যৰ্থতাৰে ভৰাই এটাৰ পিছত এটাকৈ আমাৰ সম্ভাৱনাৰে পূৰ্ণ হৈ থকা দিন নষ্ট কৰি পেলোৱা। আমিও জীয়াই থাকিব পাৰোঁ নিজে বিচৰা ধৰণে যদিওবা আমি নিজকে দৰ-দাম কৰিব নোৱাৰোঁ বিশ্বাস, ভালপোৱা আৰু সততাৰ বজাৰত। বিসৰ্জন দিব নোৱাৰোঁ নিজৰ আদৰ্শক। ক নোৱাৰো আনৰ তোষামোদৰ বাবে সত্যক অসত্য বুলি। তথাপি উদ্‌যাপন কৰিবতো পাৰি, জীৱনৰ প্ৰতিটো দিন প্ৰথম আৰু শেষ দিনৰ দৰে
নৱবৰ্ষ শুভকামনা জনালোঁ ।
ইতি
মাধুৰীমা

No comments:

Post a Comment