Wednesday, 2 May 2012

নিশাবোৰ নষ্ট কৰি


নিশাবোৰ নষ্ট কৰি প্ৰতিদিনে তুমি এটা নতুন সপোন হৈ আহা
আলফুলে সাৱটি ধৰা মোক
উশাহবোৰ জোনাকী হৈ উৰি নোযোৱালৈকে ।
মোৰ চকুৰ তলৰ কলা দাগবোৰ এতিয়া
তোমাৰ প্ৰেমৰ পৰিচয় হৈ থিয় দিছে ।
নকলোৱে যেনিবা তোমাক ভালপাওঁ বুলি
সেইবুলি ভালনোপোৱাকে  থাকিব পাৰিছোঁ জানো তোমাক....
কামনা নকৰাকৈ আছো জানো
তোমাৰ নিবিড় স্পৰ্শ...
মোৰ চকুলৈ চাবাচোন
তাত নিজকে দেখা পাবা............   
   

 

No comments:

Post a Comment