Wednesday, 2 May 2012

কেৱল তোমাৰ বাবেই


      কেৱল তোমাৰ বাবেই      
মন যায় দোপালপিটা বৰষুণত তিতিবলৈ অজান দেশৰ অচিন কৰবাত হেৰাই যাবলৈ মন যায় মোৰ প্ৰতিতো উদাসীন সন্ধিয়া ধ্বংস কৰিবলৈ বাসনা জন্মে চুই চাবলৈ....তেওঁক...যাৰ বাবে বৈৰাগী হব খুজিছে মোৰ মনটো । কিয় এনে হয়...ক্ষোভ, অভিমানবোৰ ভুৰুংকৈ উৰা মাৰে
জীৱনৰ মোহত পৰিব নুখুজা মনতো শিহৰণত কঁপি হৈ উঠেভালপোৱা-ভাললগা জোনাকীৰে তিৰবিৰাই উঠে....মোৰ এন্ধাৰ নিশাবোৰকেৱল তোমাৰ চকুত চকু থোৱাৰ কথা ভাবিলেমোৰ ভৰসাৰ আনটো পাৰত তুমি....মোৰ স্পৰ্শৰ বহু যোজন আঁৰত তুমিকোনোদিনেই কাষ নচপাৰ কথা দি আঁতৰি গলামই তোমাক বুজি পোৱাৰ বহু যুগৰ আগতেই ।   

No comments:

Post a Comment