Wednesday, 2 May 2012

শ্ৰদ্ধাৰ অঞ্জনা তামুলী বাইদেউ


শ্ৰদ্ধাৰ
অঞ্জনা তামুলী বাইদেউ....
নমস্কাৰ গ্ৰহণ কৰিব । মই নাজানোঁ আপুনি কোন অনামিকাৰ বাবে আপোনাৰ চিঠিখন লিখিছিল । জানিবও খুজা নাই । মাথো আপোনাৰ চিঠিখন পঢ়ি উত্তৰ দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁতাৰ বাবে যদি মই আপোনাৰ কাষত অপৰাধী হলো...তেন্তে ক্ষমা কৰি দিয়ে যেন ।
আপুনি লিখিছিল মানুহ কিয় ইমান স্বাৰ্থপৰনিজকে চাওঁকচোন....আপুনি মইও জানো মাজে মাজে  স্বাৰ্থপৰ হৈ নপৰোঁ আচলতে কি জানে এই যে ভালপোৱা, আপোনত্ব এই সকলোবোৰ স্বাৰ্থপৰতাৰে বান্ধ খাই থকা এটা এটা আলফুলীয়া আবেগ ।
তুমি মোক ভালপোৱা, বিনিময়ত মই তোমাক ভালপাম....বছ কথা সিমানেই । আপুনি ন দি দাবী কৰিব পাৰিবনে ভালপোৱা জনৰ পৰা ভালপোৱাৰ বিনিময়ত আমি ভালপোৱা নিবিচাৰোঁ বুলি....নিবিচাৰিলে জানো আপোন বুলি ভবা এজনে কৰা আঘাতত আমি চটফটাই থাকো ।
তোমাক ভালপাওঁ বাবেই তুমি মোক আঘাত কৰিব পাৰা, মই তোমাক আঘাত কৰিব পাৰোঁ..অথবা সন্দেহো কৰো.....
              এতিয়া আহোঁ পাছৰ প্ৰসংগলৈ....বিশ্বাস আছে বাবেই আজিও পৃথিৱীত নোহোৱা হৈ যোৱা নাই ভাল পোৱা । আজিও মাজে মাজে এনে এজাক বৰষুণ আহে যি পলকতে চিজিল কৰিব পাৰে সম্বন্ধৰ বিশৃংখলতা । মাথো অলপ অপেক্ষা কৰিব লাগে । বিশ্বাস ৰাখিব লাগে নিজৰ আবেগৰ ওপৰত । দৃঢ়তা হেৰুৱাব নালাগে জীৱনৰ প্ৰতি থকা অগাধ মোহৰ ওপৰত ।
আপুনি হয়তো এতিয়া ভাবিব পাৰে....মোত কৈ আপুনি বেছি অভিজ্ঞ । জীৱনতো বেছি দেখিছে । হয়তো আপোনাক কিবা এটা কৱ পৰাকৈ মই উপযুক্ত হৈ উঠা নাই । তথাপি কওঁ...কোনোবা এজনে দিয়া আঘাতৰ বাবে নিজকে মৰা-শৰ দৰে কৰি পেলোৱা অধিকাৰ কাৰোৱে নাই । অন্তত সেই সকলৰ, যি দুহাত মেলিলেই আশ্ৰয় দিবৰ বাবে আগবাঢ়ি আহিব পাৰে বহুত আপোন ।
শেষত এটাই কথা কওঁ...আপুনি যদি সত্যৰ পূজাৰী , আনৰ মন্তব্যই আপোনাক নষ্ট কৰিব নোৱাৰে । যদি কেনেবাকৈ চুই যায়, উভতি চাব পাছলৈ...দেখা পাব আপোনাক ভালপোৱা সকলে আপুনি হালি পৰাতো নিবিচাৰে । আচলতে মানুহ তেনেকৈ হে সুখী হব পাৰে...জীয়াই থাকিব লাগে সেইসকলৰ বাবে যি আপোনাক লৈ জীয়াই থাকিব খুজে । 

ইতি
মাধুৰীমা          

No comments:

Post a Comment