Wednesday, 2 May 2012

শাওণৰ দুপৰীয়া


কিছুমান কথা নতুনকৈ ভাবি চাবৰ মন যায় । শাওণৰ দুপৰীয়া ভূঁই ৰোৱা পথাৰখনৰ মাজৰ বড়-গছজোপাৰ তলত বহি পূৰ্ণতাক নতুনকৈ আক-বাক কৰিব মন যায় । আইতাৰ সাধু কথাৰ ভৰুণ পথাৰখনতো নহয় এইয়া...মহ জোক এৰোৱা চলেৰে গাভৰুৰ দেহ চুই কোনোবা ডেকা ৰোমাঞ্চিত হৈ উঠিব । কত দূৰ বা আঁতৰি আহিলো অকৃত্ৰিমতাৰ পৰা...কত যোজন চাগৈ আগুৱাই আহিলো তামোলৰ পিকেৰে ওঁঠত ৰং বোলোৱা গাভৰুৰ মুকলি হাঁহিটোৰ পৰা । এতিয়া...ককাদেউতাৰ দৰে বিৰিয়া নচুৱাই ধান নকঢ়িয়াই কোনেও । বাৰী চুকৰ চোকা টেঙাৰে ভৰি নপৰে কেঁচা নৰাণি ভাঙি বহা দাৱনীৰ মেলত । তথাপি কোনোবাখিনিত হয়তো আজিও কিবা এটা মিল আছে...বড়জোপাৰ তলৰ বতাহ খিনিৰ সৈতে সেই সময় বতাহৰ । নহলে জানো যান্ত্ৰিকতাৰ মাজত উশাহ ল'ব পাৰোঁ আমি । 

No comments:

Post a Comment