Wednesday, 2 May 2012

তোমাৰ সৈতে চিনাকি নোহোৱা হলে


তোমাৰ সৈতে চিনাকি নোহোৱা হ'লে
মই হলোহেঁতেন পৃথিৱীৰ আটাইতকৈ সুখী প্ৰাণীটো
গুণ-গুণাই ঘুৰি ফুৰিলোঁহেঁতেন
নিৰ্জনতাৰ প্ৰতিতো গলিতে ।
তুমি মোক নোচোৱা হলে লাজুকী লতাৰ দৰে জঁই নপৰিলোঁহেঁতেন
আবেগ অনুভূতিৰ কাষত
এতিয়া কিৰীলিয়াই  উঠিব নোৱাৰোঁ
ভালপোৱাৰ অলপো বিশৃংখলতাত ।
সহিব নোৱাৰোঁ নিজকে কেৱল শূন্যতাৰ সৈতে ।
তুমি নহা হলে ভ্ৰমেৰে আক-বাক কৰিলোঁহেঁতেন
জীৱনৰ এক অস্পষ্ট ছবি ।
অন্তত একো নাপালেও নিজকে হেৰুৱা সুযোগ নাথাকিলহেঁতেন
তুমি ধৰা দিয়াৰ পাছত মই হেৰুৱাই পেলাইছোঁ মোৰ স্বাভাৱিকতা
কঠিন হৈ পৰিল মোৰ জীৱনৰ চিনাকি বাট
ভাল লগা বেয়া লগা অনুভূতিৰে ।
এইয়াই যদি ভালপোৱাৰ সাক্ষৰ
তেন্তে মই তোমাৰ প্ৰেমত পৰিছোঁ হৃদয়ৰ সমগ্ৰ সততাৰে ।           

No comments:

Post a Comment