Wednesday, 2 May 2012

মন...


এই যে বয়সটো নকৈ সজাল ধৰিব খোজা আহিনৰ ধানগছৰ গোছাটোও নহয় । ভটিয়নি সোঁতত টলবলাই থকা পালতৰা নাওখনো নহয় । অথচ ভাল লাগিছে বুলিয়ে সলাই পিন্ধিছোঁ নিতৌ ন ন সাঁজ ।
এই সময়ত ডায়েৰিত লিখিব পাৰি অবৈধ বুলি প্ৰমাণিত কৰিব নোৱাৰাকৈ  আবেগৰ প্ৰতিতো জোৱাৰ । চিলমিলীয়া টোপনিতো  লুকা-ভাকু খেলিব পাৰি সপোনৰ সৈতে । দোষ জানো দিব পাৰি বয়সৰ দোহাই...
এইতো মনেই তিৰস্কাৰ কৰি যাব পাৰে বাল্মীকিৰ সৃষ্টিৰ ৰামৰ ঈশ্বৰত্ব...মন গলে অস্বীকাৰ কৰিব পাৰে কৃষ্ণক ভগৱান বুলি বুকু ডাঠি কৱ পাৰে আলফা আৰু ছাত্ৰ সংগঠনবোৰে অসমক ক্ৰমশঃ শূন্যতালৈ টানি নিছে । এৰা এইটো  মনেই অমাত জীৱৰ মাজত বিচাৰি পাব পাৰে পূৰ্ণতাৰ অফুৰন্ত ভাণ্ডাৰআকাশৰ বিশালতাৰ মাজত বিলীন কৰি দিব পাৰে নিজকে ।
তেন্তে...কেৱল ভালপোৱাৰ দোষতেই বা কেনেকৈ দোষী কৰিম এই মনক...       

No comments:

Post a Comment