Wednesday, 2 May 2012

এনে এটা আবেলি আছিল


এনে এটা আবেলি আছিল
তোমাৰ গোটেই সময়খিনি কেৱল মোৰ আছিল
মই বিহীন তোমাৰ উশাহবোৰ থমকি ৰৱ খুজিছিল ।
এনে এটা গধূলিও আহিছিল
মোৰ অভিমানত নষ্ট হৈছিল
তোমাৰ সহজ জীৱন যাত্ৰা
মই দুখ পালে ধ্বংস কৰিব খুজিছিলা
পৃথিৱীৰ সকলো যন্ত্ৰণা ।
এৰা এনে এটা দিনো আছিল
যিদিনা তুমি মোক ভাল পাইছিলা
মই এতিয়া তোমাক ভালপোৱাৰ দৰে ।  

No comments:

Post a Comment