Wednesday, 2 May 2012

অতীতৰ সৈতে অলপ আলাপ...


            অতীতৰ সৈতে অলপ আলাপ...
                
হে অতীত, মোৰ বুকুত সিঁচি থৈ নাযাবা পাহৰিব নোৱাৰা ফুলৰ সুবাস নতুনৰ ৰাগীত ৰাগীয়াল হব খুজা পৃথিৱীখনৰ বাসিন্দা হব পৰাকৈ মোক সাহসী কৰি তোলা । চহকী কৰি তোলা মোৰ হৃদয়ৰ প্ৰতিতো কোণ ।
     মই.........মই যদি পাৰোঁ আকৌ এবাৰ সেউজীয়া হম । যদি পাৰোঁ চিলা এখন সাজি সপোনবোৰ তাতে গাঁঠি দি উৰুৱাম । আৰু যদিহে চিলাখনৰ সূতা চিঙি যায়...ভৰ বাৰিষাৰ বৰষুণ জাকলৈ বাট চাম মোৰ প্ৰিয় বৰষুণ জাকৰ সৈতে নামি আহিব চিলাখন.....। মই আশাবাদী হম । ফাগুন ফাগুন লগা সময় বোৰলৈ বাট চাম । বাট চাম বৰপুখুৰীৰ উতনুৱা বতাহ জাকলৈ ।
     হে অতীত...মই যদি পাৰোঁ এইবাৰ এখন ছবি আঁকিমনিজৰ । জীৱনৰ প্ৰতি থকা মোহখিনিও তাতে সাঙুৰি দিম । দায়িত্ববোধেৰে আঁকবাঁক কৰা ছবিখনৰ ওঁঠত এটা জান-নিজান হাঁহি আঁকিমসেই হাঁহি, যি হাঁহি বসন্তৰ আগমনত জন্মে 

                             

2 comments: