Wednesday, 2 May 2012

আমাৰ ভাল লগাবোৰ


আমাৰ ভাল লগাবোৰ

-সোণ অফিচৰ পৰা আহিলি ..বৰষুণ দিছে নেকি অ' তাত
ফেচবুক লগ অন কৰা লগে লগে অসমৰ বাহিৰত থকা  বায়েকে লিখা বাক্যবোৰ স্ক্ৰীণত টুক টুক শব্দ এটা কৰি ওলাল ।
-দিছিল ...মই অলপ তিতিব লগা হ'ল ।
-নিতিতিবি..জ্বৰ হলে আকৌ মাহঁতৰ টেনচন হ'ব ।
-ও        
-কি ও...নিতিতিবি
-বা...

প্ৰথম দৃশ্য-চত মহীয়া, ফুলেৰে ভৰি পৰিছে কঠীয়ানিৰ এজাৰজোপা । তাতে আকৌ গছ জোপাৰ যি চাৰিটা ডাল আছে তাতে বহি অঘাইটং চাৰিটাই আৰাম কৰিছে । বতাহে গছজোপা হাওলাই পেলাইছে । তালৈ সিহঁতৰ কাণ সাৰ নাই । একান্তমনে গোটেই কেইটাই বিড়ি সোপাত লাগিছে । এজনী ছোৱালী আৰু বাকী কেইটা লৰা । বয়স বাৰ বছৰত কৈ বেছি নহ
-বা....
ওপৰৰ ডালত বহি থকা লৰা যেন লগা ছোৱালী জনী লৈ চাই এটাই মাত লগালে ।
-কি হ'ল ?
চকু দুটা জপায়ে তাই ৰজাৰ দৰে সুধিলে ।
-এই চাহপাতৰ বিড়িবোৰ খাই আমনি লাগিছে আৰু...ডাঙৰ মানুহে যে খাই সেইবোৰ পালে ভাল লাগিল হেতেন ।
-একে মাৰে মৰিবি । সেইবোৰ বেয়া বস্তু বুজিছ । আৰু আজি যে এইটো খাইছোঁ মোৰ কাহে ধৰিছে বাবে হে খাইছোঁতহঁতক এটা এটা দিলোঁ...আৰু নিবিচাৰিবি ।-গৰগৰাই উঠিল মহাৰাণী, লগতে খুক খুক কৈ মিছা কাহ এটাও মাৰিলে । আকৌ ক'লে
-আজি জা'ন বৰতাই আমাৰ বৰশীবোৰ কাটিলে
-কি !!!-তিনিও টা ল'ৰাৰ চুলি ডাং খাই গ'ল ।
-ও..এই বৰতাটো বেছি হৈছে । নিজে কিবা বৰশী নাবাইছিল নেকি ।
-কিবা এটা কৰিম ৰ'...অ' শুন....
চাৰিওটাই গোপন আলোচনাত মগ্ন হ'ল । তাৰ পাছত ঘৰলৈ লৰ দিলে । এক ঘণ্টা মান গোটেই ঘৰ. গোহালি, ভঁৰালৰ তলে ওপৰে বিচাৰি পাঁচজনী চুক ভেকুলী বিচাৰিলে সদায় কৰাৰ দৰে ভেকুলী কেইজনী প্ৰথমে নাৰি-ভু উলিয়াই অপাৰেচন কৰিলে । তাৰ পাছত কোনেও নেদেখাকে ভেকুলী কেইজনী বৰতাক জনৰ ঘৰৰ নঙলা ডালৰ খুঁটাকেইটাৰ  ফাঁকত ভৰাই থৈ আহিল । দুদিন মানৰ পাছত গেলা গোন্ধৰ কোবত সেইফালে কোনো যাব নোৱাৰা হ'ল । কিন্তু বহুত বিচাৰিও গোন্ধটো কৰ পৰা আহিছে বৰতাকজনে ধৰিব নোৱাৰিলে ।

দ্বিতীয় দৃশ্য-
শিৱসাগৰ টাউনৰ বডিং ৰডৰ এটা ভাৰাঘৰ । ঘৰ বুলি কবলৈ হ'লে পাকঘৰটোক এৰি দুটা সৰু ৰুম ।
-বা তোক বিচাৰি পাৰ্থদা আহিছিল ।
তিতি থা চুলি খিনি তাৱেলৰে মচি মচি বাথৰুমৰ পৰা উলাই অহা বায়েকক চাই সোণে কলে ।
-তই নকলি কিয় গা ধুই আছে বুলি....
-জানে ক'লে কিবা এটা..তাৰ পাছত দেৰিকৈ আহিম বুলি কৈ গুছি গল ।
সোণে আলোচনী এখন চাই থকা দদায়েকৰ লৰা জানলৈ আঙুলিয়াই দেখুৱালে ।
-তই কি বুলি কলি ঐ গাধ ।
জানে প্ৰথমে মিচিকিয়াই হাঁহি এটা মাৰিলে । তাৰ পাছত গহীন হৈ ক'লে
-কলো আক জলহস্তীয়ে জলকেলি কৰি আছে...এতিয়াই ক'ত ওলাব..।
-কুকুৰ..ৰ আজি ভাত বনাই খোৱাম ।
কিতাপ এখন লৈ বায়েকে তাক খেদি গ'ল । পিছে সি আকৌ তাইক জোকাৰি ক'লে
-যা...হোটেলত খাম গৈ । তই বন্ধা কবি ৰান্ধিলে যেনে গোন্ধ ওলাই মাংস ৰান্ধিলেও সেই একেই গোন্ধ ওলাই ।
   
সোণ !!
সোণ !!
সোণ...কি হ'ল...ব্যস্ত হৈ আছ নেকি ?-পুনৰ বায়েকে লিখা শব্দ কেইটাই এটা যুগৰ পৰা যেন সোণক ওভতাই আনিলেআবেগবোৰক কোনো দিনে চল নিদিয়া লৰাটোৱেই চলচলীয়া চকুৰে ফেচবুকৰ চাট স্ক্ৰীণত লিখিলে-বা তোক বিৰাট মিছ কৰিছোঁ অ । মিছ কৰিছোঁ আমাৰ সময়খিনিক....আমি বহুত দূৰলৈ গুছি আহিলো নেকি বাৰু...
সোণে জানে ফেচবুকৰ আনটো মুৰত থকা বায়েকৰো চকুপানী ওলাইছে ।

http://www.xahitya.org/2012/03/15/%E0%A6%86%E0%A6%AE%E0%A6%BE%E0%A7%B0-%E0%A6%AD%E0%A6%BE%E0%A6%B2-%E0%A6%B2%E0%A6%97%E0%A6%BE%E0%A6%AC%E0%A7%8B%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A6%BF%E0%A6%AE%E0%A6%BE/ 





No comments:

Post a Comment