Wednesday, 2 May 2012

সৰল ৰেখা


এডাল সৰল ৰেখা আঁকিবাসেই ৰেখাৰে বিয়পাই দিয়া তোমাৰ চৌপাশৰ অস্তিত্বআঘাতৰ উপৰিও আঘাত পাবা । এটা বৃত্ত সাজা হৃদয়ৰ প্ৰলেপেৰে, সৰলতাই ওপচায় পেলোৱা তাৰ ভিতৰখন তোমাক অপ্ৰাণী আখ্যা দিব । তুমি ভালপোৱাক ভালপোৱাৰ মৰ্যদা দিবলৈ যোৱা সেয়া বিশ্বাসঘাতকতা হৈ পৰিব । তুমি চুই চোৱা পক ধৰা আঘোণৰ পথাৰখন....ধানবোৰ জঁই পৰি যাব । তথাপি তুমি জীয়াই আছা । চুব খুজা আকাশ । গাত মেৰিয়াই লৱ খুজা পৃথিৱীৰ গোটেই সেউজীয়া খিনিধুমুহা অথবা হীনমন্যতাই উভালিব নোৱাৰে তোমাৰ দৃঢ়তাৰ শিপা । নষ্ট কৰিব নোৱাৰে তোমাৰ ভাৱৰ ফুলনি । একো অৰ্হতা নাথাকিলেও মানুহ পৰিপূৰ্ণ হৈ থাকিব পাৰে সেয়া তুমি জানা । জানা বাবেই মুৰ তুলি চাব পাৰা আকাশলৈ । এৰা তুমি যে ঈশ্বৰৰ সন্তানসেয়াতো তুমি আজিও বিশ্বাস কৰা ।    

No comments:

Post a Comment