Wednesday, 2 May 2012

তোমাক মই ভাল নাপাওঁ


তোমাক মই ভাল নাপাওঁ কি...জা..ন
কিন্তু তুমি মোক মনত পেলালে মোৰ ভাল লাগে ।
মোৰ সময়বোৰত তোমাক মই নাৰাখিব পাৰোঁ
কিন্তু তোমাৰ কাষত থকা মোৰ সময় কণত
আনে দখল দিয়াটো মই পছন্দ নকৰো ।
ভাবিব পাৰা এইয়া আকৌ
ভালপোৱাৰ কেনে চৰ্ত....
সেই চৰ্ত নামানি তুমি আঁতৰি যাব পাৰা
মোৰ কোনো আপত্তি নাই ।   
যিহেতু মই দৃঢ়তাৰে ক'ব পাৰোঁ
মোৰ ভালপোৱা তুমি সদায়ে কঢ়িয়াই লৈ ফুৰিবা
পিছে মোক সেই সুবিধা দিয়াটো
তোমাৰ নিজৰ দায়িত্ব । 

No comments:

Post a Comment