Wednesday, 2 May 2012

ৰীতা চৌধুৰীৰ মহাজীৱনৰ আধাৰশিলাৰ বৰষাৰ বাবে...... :


ৰীতা চৌধুৰীৰ মহাজীৱনৰ আধাৰশিলাৰ বৰষাৰ বাবে......    :
   তোমাক ভাল লাগে বৰষুণত ডুবু ডুবকৈ থকা
    এযোৰ বিষণ্ণ চকুৰ সৈতে
    নদীৰ শুকান এৰা সূঁতিৰ দৰে
    চকুৰ তলত কলা দাগবোৰ থাকিলে
    তুমি হাঁহিলে জনজনাই ভাঙি পৰে
    পৃথিৱীৰ নিৰ্জনতা     
    ৰৈ যাব খুজে কোনোবা কবিৰ
    শব্দৰ অলংকাৰৰ সোঁত
    বৰষা তুমি স্বাভাৱিক হলে কোনো পাৰ্থক্য নাথাকিব
    মৰা আৰু জীয়া গতিশীল মানুহৰ মাজত ।
    ভাল নালাগে.....
    সঁচাই ভাল নালাগে বৰষা
তোমাক সুখী হোৱা যেন দেখিলে ।      

No comments:

Post a Comment