Wednesday, 2 May 2012

অংক


তুমি জাভা শিকালে মোৰ টোপনি ধৰে
একেদৰে তোমাৰো ঘনাই হামি আহে
তোমাক লৈ লিখা মোৰ কবিতাবোৰ পঢ়ি শুনালে ।
তুমি ত্ৰিকোণমিতিৰে জীৱনটো পৰীক্ষা কৰি ভালপোৱা
আৰু মই ভালপাওঁ এলজেব্ৰাৰে সপোনবোৰ ন কৈ আঁক-বাঁক কৰিবলৈ
যদিও আমাৰ ভাললগাৰ বাহু নিমিলে
তথাপি ভালপোৱাৰ ব্যাসাৰ্ধ ওলায়
প্ৰেমৰ দৃঢ়তাৰ সূত্ৰেৰে..............   

No comments:

Post a Comment