Wednesday, 2 May 2012

মৰমৰ মুন


প্ৰতি

মৰমৰ
মুন      
আজি তোমাৰ জন্মদিনৰাতি বাৰ বজাত এটা ফোন কৰি তোমাক শুভকামনা জনাইছিলোঁ১৪ মাৰ্চত মোৰ আন এগৰাকী আপোনৰ জন্মদিন আছিল । শুভকামনা জনাব নোৱাৰিলোঁভালপালো বুলিয়েইতো সকলোবোৰ সম্ভৱপৰ নহয় ।
            জন্মদিন মাথো এটা উপলক্ষ্যতোমাক মই কিমান ভালপাওঁ সেয়া প্ৰকাশ কৰা অথবা আমাৰ বাবে তোমাৰ প্ৰয়োজনীয়তা কিমান তাক উদঙাই দিয়া ।
মই শুভকামনা নজনালেও তুমি লহপহকৈ ডাঙৰ হবামই শুভকামনা নজনালেও তুমি জীয়াই থকাৰ বাবে উশাহৰ ওচৰত ধৰুৱা হবাতথাপিতো কোনোবাখিনিত প্ৰয়োজন হয় চাগৈ মোৰ শুভকামনা হাওলি পৰোঁতে , উজুটি খাওঁতে , দুচকু সজল হৈ উঠিলে নতুবা অট্টহাস্য কৰিবলৈ কাৰণ মই যে তোমাৰ আপোন । ইতিহাস লুটিয়াব নালাগে । আপোনত্বৰ সংজ্ঞা চকু মুদিলেই পোৱা যায় । সেই যে বতাহত কঁপি থকা আঘোণৰ নৰাণিৰ মাজৰ লেছেৰি কেইডাল ..... খৰালিৰ শুকাই যোৱা জানখন.....ফাগুনত ফুলৰ ভৰত হালি পৰা পলাশৰ ডাল কেইটা , সেউজীয়াৰে ভৰপুৰ হৈ থকা মোৰ লৰালিটো.....তাত বিচাৰিলেই আপোনত্বৰ এটা নিভাঁজ সুৰ বিচাৰি পাব পাৰা । অৱশ্যে তুমি সকলো সময়তে নাছিলা । তথাপি তুমি মোৰ আপোন । আপোন হবলৈতো পৰিধি , চিনাকি অথবা সময় নালাগে । লাগে মাথো এখন হৃদয় যি কাহানিও বঞ্চনা নকৰে । আন্তৰিকতাত উপলব্ধি কৰিব পৰা এটা মন । যিটো তোমাৰ আৰু মোৰ গৌৰৱ কৰিব পৰাকৈ আছে, নহয় জানো ।
      কেৱল এইবাবেই অধীৰ আগ্ৰহৰে ৰৈ থাকো এই দিনটোলৈ .....তোমাক শুভকামনা জনাবলৈ ।
জন্মদিনৰ মুঠি মুঠি শুভকামনাৰে
ইতি
তোমাৰ
মাধুৰীমা (টিকিৰি)
৩০.৩.২০১২

No comments:

Post a Comment