Wednesday, 2 May 2012

প্ৰতি বৰষা


                              তাৰিখ-২৭.১.২০১২
প্ৰতি বৰষা,                   
মাৰফত-ৰীতা চৌধুৰী
মহাজীৱনৰ আধাৰশিলা ,
  বৰষা, এজাক বৰষুণৰ বাবেই মাথো.....কাৰ মুখ এখনি আনি যে ক'ত লগাই চাওঁ...দুচকু জলমলাই কাৰ বাবেই জানো বিৰিঙাও ওঁঠত এক মিচিকিয়া হাঁহি.... 
বৰষা, বহু বাৰ সন্মুখীন হৈছোঁ তোমাৰ সৈতে । বহুবাৰ হ'ব খুজিছোঁ তোমাৰ দৰে.... হ'ব যে নোৱাৰিলোঁ....বৰ দুখ লাগে জানা কান্দিবলৈ লৈও হাঁহি ওলালে । বৰপুখুৰীৰ উতলা পানীত জাহ যাব নোৱাৰিলে....তোমাৰ ঠাইত নিজৰ মাজত আন কাৰোবাক আৱিষ্কাৰ কৰিলে !!
কিয় মানুহ মানুহৰ দৰে হ'ব নোৱাৰে.... কিয় মানুহ তুমি হ'ব নোৱাৰে...কিয় ভালপোৱা, আন্তৰিকতাতেই শেষ হৈ যাব নোৱাৰে জীৱন এটা...কিয় পাপ বোধে চুই যায় আমাক.....বৰষা, কোন খন নদীৰ পানীত ডুব মাৰিলে নিজকে তোমাৰ দৰে পৰিষ্কাৰ কৰিব পাৰিম বাৰু....নালাগে বুলি ক'ব নোৱাৰি নে এনে এটা জীৱন...
তোমাৰ নামতো কাৰোবাক দি চাইছিলোঁ, কিন্তু মণিময় নাই যে তেওঁৰ কাষত । তুমি ৰবই নুখুজিলা । মণিময়ক এৰিতো বৰষা সম্পূৰ্ণ হব নোৱাৰে ।
মোৰ কাষত মণিময়, অনিৰুদ্ধ, নীলাভ সকলো আছিল বৰষা, তথাপি তুমি মোক দেও দি গুছি গলা । মই জানো তুমি কিয় গুছি গলা । নিজকে বিচৰা নাপালা..কেনেকৈ থাকিবা মোৰ মাজত.....
                                   
           ইতি
         মাধুৰীমা            

     

No comments:

Post a Comment