Wednesday, 2 May 2012

নবীনৰ দশা

বেঙা নবীনে কি জানিব ……ঘৈণীয়েকে কালি কোৱা কথাষাৰৰ বাবে নবীনৰ মূৰটো আজিও গৰম হৈ আছে। সি কালিয়ে তাৰ জীৱনৰ চৰম সিদ্ধান্তটো ললে। লগতে কাগজ এখনত নাম এসোপাও লিখি লৈছে, যাতে তাৰ শত্ৰুবোৰৰ নামবোৰ পাহৰি নাযায়। এইবাৰ সি মৰিবই। কোনে ইমান লাঞ্ছনা সহি থাকে। আৰু মৰিয়ে সি ভূত হৈ প্ৰথমে সেই কাটাৰত থকা ডাক্তৰজনক টেঁটু চেপা দিবগৈযিজনে তাৰ নাম লৈ ইমান লৰা-ধেমালি কৰি দিলে। তাৰ পাছত সেই বাকীসকলক….হুহ লাইক কৰিবলৈ আহে। আৰু একেবাৰে শেষত তাৰ এই ঘৈণীজনীকএই সিহঁতৰ কথা-বতৰাবোৰ পঢ়ি তাক যিমান বেছি ঠাট্টা কৰিলে..তাৰ এটা এটা প্রতোশোধ লব। জীৱন্তে তাইক দিম বুলিও ভয়তে দিব নোৱাৰা ফলাখৰিৰ কোবকেইটা ভূত হৈ দিব। লাগিলে কৰবাৰ পৰা মাইকী ভূত দুজনীমান হায়াৰ কৰি তাইক ভয় খুৱাই খুৱাই মাৰিব……
নবীনে চব প্লেনীং কৰি ঘৰৰ পৰা ওলাইছেহে….পাছফালৰ শাঁখিনীজনীয়ে দিলে নহয় মাত,
-
হেৰি, লৈ যায় হয়….. ?
-
মৰিবলৈ…..এইবাৰ তোক বাঁৰী ভাত খুৱাইহে এৰিম….
-
বাঁৰী ভাত পাছে পৰেও খামআজি মাছৰেহে খাম বুলি মাছ এটা লৈ থৈছোঁআহকচোন মাছটো কাটি-বাচি দিয়ক ।
ইমান ডাঙৰ কথাষাৰো ঘৈণীয়েকে পাতল ভাবে লোৱাত নবীনৰ মাথাতো আৰু বেয়া হৈ ল। তোৰ মাছ তয়ে খাবুলি কৈ দর্জাখনতে গোৰ এটা মাৰি ঘৰৰ সি পৰা অলপ আঁতৰত থকা দিখৌ নৈখনৰ ফালে গুছি গল।
দুঘণ্টা মানৰ পাছত সেমেনা-সেমেনি কৈ নবীন আহি তাঁত-শালত বহি থকা ঘৈণীয়েকৰ কাষত ৰৈ কলে
হেৰা ভাত দুটামান দিয়াহিচোনবৰ ভোক লাগিছে
-
হে হৰি মৰিবলৈ যোৱা মানুহজন আক উভতি আহিল কিয় ?
নবীনে এইবাৰ ঘৈণীয়েকৰ ঠাট্টাসূচক কথাষাৰ সহজ ভাবে লৈ কলে
-
দিখৌখন বৰ বাঢ়িছে জানাগৰাৰ ওপৰলৈকে পানী…….

No comments:

Post a Comment