Wednesday, 2 May 2012

ভাল লাগে....


ভাল লগাবোৰ
        
তুমি ভাল লাগে বুলি ক'লে
লাজত ৰঙা পৰি উঠে মোৰ গাল
অথচ তুমি ভাল লাগে বুলি কোৱালৈকে
 বাট চাওঁ মই অধীৰ আগ্ৰহেৰে
তোমাৰ বাবেই সাজোন কাচোন মোৰ
অহা যোৱা কৰো বতাহ এজাক আঁচলত বান্ধি
কিন্তু তুমি তাত হাত বুলালে
জঠৰ হৈ পৰো মই
আবেগত নে শিহৰণত
নে কিবা এটা মধুৰ ক্ষণ ধৰি ৰাখিব নোৱাৰা যাতনাত
নাজানোঁ.........
তোমাক বুজাৰ বাহিৰে একোকে জানিবলৈ নিশিকিলোঁ যে মই
কিয়......
হয়তো সেয়াও নাজানোঁ....

No comments:

Post a Comment