Wednesday, 2 May 2012

জন্মদিন


ক'ৰ পৰা আহে জানো হৃদয়ৰ তাগিদা
জানো কাৰ নিৰ্দেশত বলে এজাক অনামী বতাহ
অচিন কোনোবাজনোও সাঙুৰ খাই পৰে
প্ৰাণৰ সৈতে....
কিয় আহিছিল সেইদিনতো
সেয়া আমি জানিব নুখুজোঁ
ৰদ দিছিল নে বৰষুণ দিছিল
সেইয়াও আমাৰ বিচাৰ্যৰ বাহিৰত
মাথো এক মধুৰ নতুনত্ব ৰাখি গ'ল
আমাৰ বাবে.....
আপোনাৰ মাৰ আঁচলৰ আঁৰত আপোনাক এৰি......

No comments:

Post a Comment