Wednesday, 2 May 2012

শব্দৰ সৈতে এদিনৰ ডায়েৰি


শব্দৰ সৈতে এদিনৰ ডায়েৰি

বৰষুণৰ টুপ টুপ শব্দতো মোৰ প্ৰিয় শব্দ । যিদৰে মাৰ মুখৰ হাঁহিটোৰ শব্দটো , মোৰ আপোনজনৰ উশাহৰ শব্দটো । শব্দ আৰু শিহৰণৰ মাজত কিবা সংযোগ আছে নেকি বাৰু .... নহলে কিয় মই মোৰ আপোনজনৰ উশাহৰ শব্দত ৰোমাঞ্চিত  হৈ পৰো ....কিয় বৰষুণ জাকে মোক উন্মনা কৰি তুলে ?
বহুদিনৰ মুৰত মমৰ পোহৰত ডায়েৰি লিখিছোঁচগা এজনী জলি থকা মম ডালত পৰি গল । ফট কৰি শব্দ এটা হ'ল । সেয়াও এক শব্দ । স্বাধীনতাৰ নামত ডেকাতে জীৱনতো এৰি গুছি যোৱা আমাৰ গাৱৰ সেই ল'ৰা কেইজনৰ চিতা জুইকুৰাতো চাগৈ এনে এক শব্দই হৈছিল । কোনে জানে মাঘৰ বিহুৰ আগত পুলিচে মৰিয়াই মৰিয়াই মৰা শিৱসাগৰৰ হৰ্ষজ্যোতিৰ আৰ্তনাদবোৰে চাগৈ এটা এটা বিস্ফোৰক শব্দ হৈয়ে ওলাইছিল । এই শব্দবোৰৰ সৈতে বাৰু শিহৰণৰ কিবা সম্পৰ্ক আছে নে । কেনে লাগে বাৰু তেনে শিহৰণ ...????????

No comments:

Post a Comment