Wednesday, 2 May 2012

ক'ত আছা তুমি


ক'ত আছা তুমি...নাৰেংগী  ?
নাই নাই নাৰেংগী মই চিনি নাপাওঁ
চান্দমাৰীৰ ব্ৰিজৰ তলেৰে যায় নেকি ?
সেইখন ব্ৰিজ যত জাবৰৰ মাজত লুকা-ভাকু খেলে বহুতো অনাথ শিশুৱে
ওখ-চাপৰ ফুটপাথে এ.ডি.চি লৈ আহিছিলা তেন্তে
আবতৰীয়া বৰষুণতো ডুব যোৱা টিভি চেন্টাৰতো নো কি নতুনত্ব দেখিবা
তাতোতকৈ গণেশগুৰি অভাৰ ব্ৰিজৰ তলত অলপ সময় ৰোৱা
চল্লিশ ডিগ্ৰী গৰমতো গাত কম্বল লৈ ফুৰা নতুন পাগল দুটামান দেখিবা
বিগ বজাৰলৈ যোৱা নাই   !!!!
ধেত  যোৱা আক...
আমিও গৈছিলোঁ....পিছে বজাৰ কৰিবলৈ নহয়
এ চিৰ হাওৱা নো কেনে তাক জুতি লবলৈ
দীঘলী পুখুৰীলৈ যাবা নেকি.....
সোনকালে ঘুৰি আহিবা
ছয় বজাৰ পাছত তাত যৌনতাৰ বেহা বহে
যৌনতাৰ বেহা পাণবজাৰতো বহে
পিছে সেয়া ফ্ৰি নহয়
নিজৰ সৈতে মুখা-মুখি হব খুজিলে
আদাবাৰীৰ লৈকে চিটি বাছত যাবা
তাৰ পৰা খোজ কাঢ়িবা শৰাইঘাটৰ দলঙৰ আনটো পাৰলৈকে
সেই দলঙখনৰ মাজতে ৰৈ এদিন মই হেৰাই যাব খুজিছিলোঁ
নোৱাৰিলোঁ....
বৰ অদ্ভুত অ' তাৰ বতাহ জাক
যাবা তালৈ....কাহানিও নেদেখা শিহু দেখিব পাৰা
যিদৰে মই দেখিছিলোঁ

No comments:

Post a Comment